header ads

ধৰিত্ৰীৰ ৰক্ষক সেউজগৃহ গেছ আৰু গোলকীয় উত্তাপ | Assamese article by Nayanmani Das

 ধৰিত্ৰীৰ ৰক্ষক সেউজগৃহ গেছ আৰু গোলকীয় উত্তাপ



          সৌৰজগতৰ বাকী গ্ৰহসমূহৰ সলনি অকল আই ধৰিত্ৰীতে জীৱৰ বসতি হোৱাৰ এক অন্যতম কাৰণ হল ইয়াৰ বায়ুমণ্ডল। বায়ুমণ্ডলে আই ধৰিত্ৰী(পৃথিৱী)ক  চাৰিওফালৰ পৰা আগুৰি আছে কাৰণেই আমি জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেন পাইছোঁ। পিছে কেৱল উশাহ-নিশাহৰ বাবে প্ৰয়োজনীয় গেছসমূহ দিয়েই বায়ুমণ্ডলে নিজৰ মৰমৰ জোলোঙা সামৰা নাই , বায়ুমণ্ডলে আমাক দিছে আৰু বহুত কিবা কিবি। তাৰ ভিতৰত অন্যতম হ'ল আমাৰ পৃথিৱীৰ উষ্ণতা জীৱন ধাৰণৰ উপযোগী হাৰত বৰ্তাই ৰখা। সূৰ্য্যৰপৰা প্ৰয়োজনীয় পৰিমাণৰ তাপহে বায়ুমণ্ডলে গ্ৰহণ কৰে; প্ৰয়োজনতকৈ অধিকখিনি আকৌ মহাকাশলৈ ঘূৰাই পঠোৱা আৰু সূৰ্য্যৰ অনুপস্থিতিত প্ৰয়োজনীয় তাপ ধৰি ৰখা কাম এই বায়ুমণ্ডলে কৰে। তাৰোপৰি বায়ুমণ্ডলে সূৰ্য্যৰ ৰশ্মিত অহা ক্ষতিকাৰক ৰশ্মিও পৃথিৱীত প্ৰৱেশ কৰিব নিদিয়ে। এই সকলো খিনি কাম কৰিবলৈ বায়ুমণ্ডলত আছে ছয়টা মূল উপাদান, যিবোৰক সেউজগৃহ গেছ বোলে। সেইকেইটা হ'ল কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, অ'জন, ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন(CFC) আৰু হাইড্ৰফ্ল'ৰ কাৰ্বন।

            নির্দিষ্ট পৰিমাণৰ সেউজগৃহ গেছৰ উপস্থিতিয়ে পৃথিৱীক সুৰক্ষিত কৰিছে। কিন্তু প্রতিটো বস্তুৰে এটা সীমা থকাৰ দৰে, ইয়াৰো এক সীমা আছে। বৰ্তমানৰ বায়ুমণ্ডলত অধিক মাত্ৰাত থকা সেউজগৃহ গেছে পৃথিৱীক প্ৰতিদিনে বিপদৰ দিশে ঠেলি আছে। ইয়াৰ ফলত প্ৰতিদিনে পৃথিৱীৰ উষ্ণতা(গোলকীয় উত্তাপ) বৃদ্ধি পায় আছে, যিয়ে অস্বাভাৱিক হাৰত গ্লেচিয়াৰ গলাইছে, সাগৰ পৃষ্ঠৰ উচ্চতা বঢ়াই আছে, বৰষুণৰ পৰিমাণত তাৰতম্য ঘটিছে, জলবায়ু পৰিৱৰ্তন হৈছে, কৃষিক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিছে। বিজ্ঞানীসকলৰ মতে এই হাৰত গোলকীয় উত্তাপ বৃদ্ধি হৈ থাকিলে অহা দুটামান দশকৰ ভিতৰতে সাগৰ পাৰত থকা কেইবাখনো চহৰ জল সমাধিস্থ হব। তাৰোপৰি অত্যাধিক গৰমে আমাক জীয়াই থাকিব নিদিব।

        মুলতঃ দুটা কাৰণত এই গেছসমূহৰ পৰিমাণ বৃদ্ধি হৈছে- ১) প্ৰাকৃতিক, ২) মানৱ সৃষ্ট।


    কিছুমান প্ৰাকৃতিক কাৰণত এই গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পায়, যিবোৰ আমি প্ৰতিহত কৰিব নোৱাৰোঁ। কিন্তু মানৱ সৃষ্ট বহুত কাৰণ আছে যিবোৰ আমি কিছু পৰিমাণে হ’লেও নিশ্চয় প্ৰতিহত কৰিব পাৰোঁ। আমি ব্যৱহাৰ কৰা বিভিন্ন অত্যাধুনিক সামগ্ৰী আৰু আমাৰ বিভিন্ন প্ৰকৃতি বিৰোধী কামে সেউজগৃহ গেছৰ উৎপাদন বৃদ্ধি কৰে। যেনে- 

    ১) খনিজ ইন্ধনৰ দহন কাৰ্য্য বিশেষকৈ গাড়ী- মটৰ, কল-কাৰখানা আদিত; যিয়ে কাৰ্বন-ডাই- অক্সাইড উৎপাদন কৰে।

    ২) ফ্ৰীজ, বাতানুকূল কক্ষ আদিয়ে ক্ল'ৰ'ফ্ল'ৰকাৰ্বন (CFC) যৌগৰ উৎপাদন কৰে।

    ৩) প্লাষ্টিক দহন কাৰ্য্যৰ ফলত সেউজগৃহ গেছৰ উৎপাদন হয়।

    ৪) তাৰোপৰি নিৰ্বনানীকৰণো সেউজগৃহ গেছ বৃদ্ধিত সহায়ক হয়।

    এই আটাইবোৰ আমাৰ আধুনিক জীৱনৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে। তথাপি সম্পূৰ্ণকৈ এৰিব নোৱাৰিলেও সীমিত ব্যৱহাৰেৰে বায়ুমণ্ডলৰ মৰমৰ উপহাৰক মৰমেৰে আঁকোৱালি লব পাৰিম নিশ্চয়, যদিহে আমি সকলোৱে বিচাৰোঁ। আমি আশাবাদী।।

                                      ***************************************



নয়ন মণি দাস
সহকাৰী শিক্ষক
১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড- ছমৰীয়া।। 





অলংকৰণ :- তন্দ্রা দে



Post a Comment

1 Comments

  1. আধুনিকতাৰ কংক্ৰিট সেউজীয়া...ক্ৰমশ আগবাঢ়িছো অথচ আমি আটায়ে জ্ঞাত... আজি প্ৰতিটো দিনেই যেন মৃত্যুৰ উৎসৱ...
    বহুত ভাল লাগিল আপোনাৰ লেখাটি পঢ়ি ছাৰ লগতে বহু কথা জানিব পাৰি সুখী হ'লো।

    ReplyDelete