header ads

অসমৰ চহকী পৰম্পৰা: ছয়গাঁৱৰ নাওখেল আৰু নাওখেলৰ গীত | Assamese article by Sukumar Medhi

 অসমৰ চহকী পৰম্পৰা: ছয়গাঁৱৰ নাওখেল আৰু নাওখেলৰ গীত

        


        নৈ মাতৃক দেশ অসম। মহাবাহু ব্ৰহ্মপুত্ৰত মিলি বহু নৈ, উপনৈয়ে অসমীয়াৰ সভ্যতা, সংস্কৃতিক যুগ যুগ ধৰি জীপাল কৰি আগবঢ়াই লৈ গৈ আছে। অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও জাতিটোক ধৰ্ম-সাহিত্য-সংস্কৃতিৰে সংগঠিত কৰি আগবঢ়াই নিয়া কামত নৈখনক মূল যাতায়াত পথৰূপে ব্যৱহাৰ কৰিছিল অৰ্থাৎ নাওৱেই যাতায়াতৰ মূল আছিল। শক্তিশালী মোগলবাহিনী অসমত পৰাভূত হোৱাৰ পাছত  নাওৰ যুঁজত অসমীয়া সৈনিকৰ বীৰত্বৰ কথা মোগল শাসকে স্বীকাৰ কৰিছিল।

                 সভ্যতাৰ প্ৰথম বাহন নাওখন স্বাভাৱিকভাৱে যিদৰে নৈ মাতৃক দেশ এখনৰ কৰ্মসংস্কৃতি, কৃষ্টি, ব্যৱসায় আৰু যাতায়াত ব্যৱস্থাৰ মূল চালিকা অংগ, ঠিক সেইদৰে প্ৰকৃতি সৃষ্ট নৈসমূহক লৈ হোৱা সভ্যতাৰ গতিত নাওক লৈ খেলাৰ জন্ম হোৱাটোও স্বাভাৱিক পৰম্পৰা। সংস্কৃতিৰ বিৱৰ্তন, প্ৰতিকূল পৰিস্থিতি সত্বেও নাও খেলৰ পৰম্পৰা এক শক্তিশালী চহকী পৰম্পৰা।

ছয়গাঁৱৰ নাওখেল:

কামৰূপ জিলাৰ ছয়গাঁৱৰ নাওখেলৰ পৰম্পৰা হয়তো অসমৰ সৰ্বপ্ৰথম। খ্ৰীষ্টীয় দশম শতিকাতে চম্পকৰ ৰজা চান্দো সদাগৰে খেৱা পাতি (নৈত নাও খেলিব পৰা পানীৰ সমান ঠাই) নাও খেলিছিল। সেই স্থান এতিয়াও চান্দোৰ খেৱাৰূপে প্ৰখ্যাত । চান্দো সদাগৰে এহেজাৰ বছৰ পূৰ্বে বণিজৰ বাবে সিংহললৈ(বৰ্তমানৰ শ্ৰীলংকা) গৈছিল। গোৱালপাৰাৰ চান্দোৰ ডিঙা পাহাৰে এতিয়াও কঢ়িয়াই চান্দোৰ ৰাজ্যৰ নাৱৰীয়াৰ দুঃসহ কাহিনী। 

                      অসমত নাওখেল মুখ্যকৈ অবিভক্ত কামৰূপ জিলাত বেছি প্ৰচলিত আছিল। ছয়গাঁৱক কেন্দ্ৰ কৰি বৃহত্তৰ দক্ষিণ কামৰূপ, বৰপেটা, পাঠশালা, উলাবাড়ী(নলবাৰী), মুকালমুৱা, হাজো, শুৱালকুছি আদিত নাওখেলৰ প্ৰচলন আছিল। বৰ্তমান খেৱাবোৰ বাম হোৱা বাবে আৰু খেলনাওৰ সংখ্যা কমি যোৱাত প্ৰতিযোগিতা বহু কমিছে।  বৃহত্তৰ ছয়গাঁও অঞ্চলত বৰ্তমান নাওখেল প্ৰতিযোগিতাৰ স্থানসমূহ হ'ল - কুকুৰমাৰা, ১ নং জিয়াকুৰ, ২ নং জীয়াকুৰ, পাৰঘাট, কৰ্দৈগুৰী, ডাকুৱাপাৰা, কুলসী, গুমি, জাৰপাৰা আদি। চান্দো সদাগৰৰ চণ্ডিকা দেৱালয়ৰ পৰম্পৰাৰে সম্পৰ্কিত কুকুৰমাৰাৰ নাওখেল অতি পুৰণি।

                    উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাৰ বাবে গছ কটা বন্ধ হোৱাত ছয়গাঁও    অঞ্চলত খেলনাও নোহোৱা হৈছে। খেলনাও ২/৩ জন গুৰিয়াল উঠিব পৰা কৰীৰে ৮০ ফুটৰ পৰা ১১০ ফুট দীঘল আছিল। পূৰঠ, দীঘল গছ বা তক্তা নোপোৱাৰ বাবে আজি খেল নাওৰ বয়স শেষ হোৱাৰ দৰে, এতিয়া যিখিনি আছে আটাইবোৰ ডিঙি খেলনাও। ৩৫-৪৫ ফুটৰ ডিঙি খেলনাওখনত গুৰিয়াল, আগুৱাল বা কাৰীয়াল, পদতী সহিতে ১৩ ৰ পৰা ২২ গৰাকী প্ৰতিযোগী বাইচা(বঠা বোৱা মানুহ) উঠে।

নাওখেলৰ গীত: 

নাওখেলত প্ৰধান  উপজীব্য হ'ল নাওখেলৰ গীতসমূহ। গীতসমূহ নাও খেলিবলৈ যাওঁতে, আহোঁতে আৰু প্ৰতিযোগিতাৰ সময়ত নাওখন আৰম্ভণি স্থানলৈ নিওঁতে গোৱা হয়। কুৰি শতিকাৰ সত্তৰ দশকলৈ আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহমানলৈ নিশাৰ ভাগত নাওখেলৰ গীত গাই ঘৰমুৱা সুৰবোৰে সমগ্ৰ অঞ্চলটোকে জীপাল কৰি ৰাখিছিল। মোৰ বুঢ়াপিতা প্ৰখ্যাত গুৰিয়াল থানেশ্বৰ মেধিয়ে কৈছিল যে ১৯২০-৪০ৰ ভিতৰত বৰপেটা, উলাবাৰী, শুৱালকুছিলৈ ছয়গাঁৱৰ খেলনাও যোৱাটো স্বাভাৱিক আছিল। ইমান দূৰলৈ ব্ৰহ্মপুত্ৰ বা অান উপনৈৰে উজাই বা ভটিয়াই অহা-যোৱা কৰোঁতে বাইচাসকলৰ প্ৰধান খাদ্য আছিল নাওখেলৰ গীতসমূহ। যাত্ৰা আৰু প্ৰতিযোগিতাত মানসিক, শাৰীৰিক শক্তিৰ যেন আধাৰ আছিল এই গীতসমূহ। গীতসমূহত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন, মহাদেৱ, ৰামায়ণ, বেউলা-লখিন্দাৰ, গুৰুদুজনা শংকৰদেৱ-মাধৱদেৱৰ গুণনাম, দেহবিচাৰ আদি গোৱা হয়।

                    নাওখেলৰ গীতসমূহে এখন গাঁৱক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰে। গাঁওখনত প্ৰচলিত শব্দৰ সমাহাৰ এই ক্ষেত্ৰত প্ৰধান। সেইদৰে পৰম্পৰাগত সুৰবোৰে সাংগীতিক মাধুৰ্য্যত ৰহন চৰায়। ২০০৫ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাওখেলৰ গীতক মঞ্চত ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা-কৃষ্টি-বিকাশ কেন্দ্ৰৰ জৰিয়তে উপস্থাপন কৰা হয়। ২০১১ বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে নাওখেলৰ গীতৰ কৰ্মশালা এই প্ৰতিবেদকক নিৰ্দেশকৰূপে দায়িত্ব দি অনুষ্ঠিত কৰে। ২০১৬ বৰ্ষত উত্তৰ-পূৱ-মণ্ডল সাংস্কৃতিক কেন্দ্ৰইয়ো এই প্ৰতিবেদকক গুৰুৰূপে বাচনি কৰি নাওখেলকে ধৰি কামৰূপীয়া কৃষ্টিৰ চৰ্চাত সহায় কৰে।

                  পৰম্পৰাগত ক্ৰীড়াত নাওখেলৰ আদৰ্শ শীৰ্ষত। ক্ৰীড়া আৰু কৃষ্টিৰ অপূৰ্ব সমাহাৰ নাওখেলৰ গীত প্ৰকৃতিৰ অপূৰ্ব অৱদান। ভাৰতত খেলৰ গীত বুলি ক'লে পৰম্পৰাগতভাৱে প্ৰচলিত নাওখেলৰ গীত প্ৰথম। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ড০ ভূপেন হাজৰিকাদেৱে ভাৰতত প্ৰথম এই গীত গাইছিল।  ১৯৬৯ চনত 'চিকমিক বিজুলী' কথাছবিত দিলীপ শৰ্মা আৰু ৰত্ন ওজাৰ কণ্ঠত আৰু নিজে ১৯৭১ চনত আকাশবাণীত 'অ মোৰ মলুৱাৰে' নিজে গাইছিল। অসমৰ গীতি-সাহিত্যৰ বাবেও নাওখেলৰ গীতসমূহ অতি আৱশ্যকীয় বিবেচিত হ'ব। গৰাকী যিয়েই নহওঁক, খেলনাওক গাঁৱৰ ৰাইজে অতি সন্মান দিয়ে। খেলৰ নাওখন খেলৰ বাহিৰে অন্য কামত ব্যৱহাৰ নহয়। গাঁওবাসীৰ অতি আৱেগৰ নাওখেলৰ গীতত প্ৰকাশ হয় গাঁও এখনৰ মনৰ ভাষা-সুৰ।

                    ২০২১ বৰ্ষত অসম চৰকাৰে আয়োজন কৰা পৰম্পৰাগত খেলৰ ৰাজ্যিক সমাৰোহত নাওখেলৰ গীতৰ প্ৰতিযোগিতাক এক অংগৰূপে লৈ নাওখেলৰ গীতক এক বিশেষ মান প্ৰদান কৰে। আনহাতে, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন মহাশয়ে সমাহিত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় মুকলিৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রী মহাশয়ক চেগুন কাঠেৰে সজা খেলনাওৰ প্ৰতীক উপহাৰ দি অসমৰ সন্মানৰ পৰম্পৰাগত খেলনাওকো সামৰাৰ শুভাৰম্ভ কৰে।


 ********************************

 


সুকুমাৰ মেধি

লোকশিল্পী

সদস্য, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়

 পৰিচালনা আৰু উন্নয়ন সমিতি

 




অলংকৰণ :- মনবীনী দাস


Post a Comment

1 Comments