header ads

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস | Assamese article by Tirthamani Deka

 ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস



         প্ৰতিবছৰে ১১ মে' তাৰিখে ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস পালন কৰা হয়। এই দিনটো ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক স্মৰণীয় দিন।১৯৯৮ চনৰ ১১ মে'ৰ দিনা ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত  তিনিটা উল্লেখযোগ্য ঘটনা সফল হৈছিল।  প্ৰথম সফলতা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ সু- পৰিকল্পনা আৰু এ পি জে আব্দুল কালাম দেৱৰ বলিষ্ঠ নেতৃত্বত সেইদিনা  ৰাজস্থানৰ পোখৰানত নিউক্লিয়াৰ মিছাইল "শক্তিৰ" সফল পৰীক্ষা সম্পন্ন কৰা হৈছিল। ভাৰত  ছয় নং নিউক্লিয়াৰ শক্তিশালী দেশ হিচাপে চিহ্নিত হয়। দ্বিতীয় সফলতা সেইদিনা Defence Research and Development Organisation ৰ উদ্যোগত মিছাইল"ত্ৰিশূল" ৰ শেষ বাৰৰ বাবে সফল উৰণ সম্পন্ন হৈছিল যি ভাৰতীয় বায়ুসেনা আৰু স্থলসেনাক শক্তিশালী কৰিছিল। ত্ৰিশূলৰ ফলাফলে পিছলৈ ভাৰতীয় পৃথৱী , আকাশ আৰু অগ্নি মিছাইল সৃষ্টিৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়াইছে। তৃতীয় সফলতা সেইদিনা বেংগালুৰুত সম্পূৰ্ণৰূপে ভাৰততে তৈয়াৰ কৰা প্ৰথম পাতল  আকাশীযান Hansa-3 ৰ সফল উৰণ সম্পন্ন হৈছিল। এই যানখন পাইলট প্ৰশিক্ষণ,আকাশমাৰ্গৰ পৰা ফটো তোলা, সুৰক্ষা নিৰীক্ষণ, উৰণ ক্লাবৰ খেলৰ বাবে আদি কামত ব্যৱহাৰ কৰা হয়। এই তিনিটা উল্লেখযোগ্য সফলতাৰ কাৰণে বাজপেয়ী দেৱে ১১ মে'ৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস হিচাপে ঘোষণা কৰিছিল। এই দিৱস উদযাপন কৰাৰ উদ্দেশ্যে -  দৈনন্দিন জীৱনত বিজ্ঞানৰ গুৰুত্ব অনুধাৱন কৰা আৰু যুৱচামক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনক নিজৰ কৰ্মক্ষেত্ৰ হিচাপে নিৰ্বাচিত কৰিবলৈ উৎসাহিত কৰা। প্ৰতিবছৰে অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন উদ্ভাৱন মূলক অনুষ্ঠান অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও Technology Development Board of India ৰ উদ্যোগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আজিৰ দিনটোত ব্যক্তি, প্ৰতিষ্ঠানক পুৰস্কৃত (১০ লাখ টকা, এটা ট্ৰ'ফী) কৰা হয়। আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত ভাৰত যথেষ্ট পৰিমাণে আগবাঢ়িছে। তথাপিও যেন কিবা আধৰুৱা হৈ আছে। ১৯৩০ চনত চি ভি ৰমণে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰাটো আছিল আমাৰ শেষ আনন্দ। আজি সেই সন্তুষ্টি লভাৰ ৯০ বছৰ হ'ল, ভাৰতীয় বিজ্ঞানীয়ে দ্বিতীয় এটা ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজি ভাৰতত অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহৰ উপৰিও প্ৰায় ১৫ খনতকৈও বেছি আই আই টি আছে। ইয়াৰ পৰা প্ৰতিবছৰে বহু সংখ্যক অভিযন্তা, বিজ্ঞানী ওলাই আছে। তথাপি ইয়াৰ মাজৰ পৰা ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হ'ব পৰা বিজ্ঞানী ওলাই আহিব  নোৱাৰাটো বিচাৰ্যৰ বিষয় ৷   আমাৰ বিভিন্ন ক্ষেত্ৰত নিশ্চয় কিছু ভুল আছে! এটা উদাহৰণ - চন্দ্ৰযান-১ ৰ লগত জড়িত অসমৰ মহান পদাৰ্থ বিজ্ঞানী জিতেন্দ্ৰ নাথ গোস্বামীদেৱৰ বিষয়ে শিক্ষিত চামক সুধিলে বহুতেই অজ্ঞতা প্ৰকাশ কৰিব কিন্তু টিভিৰ ৰিয়েলিটী শ্ব'ত অংশগ্ৰহণ কৰি বিজয়ী হোৱা জনৰ নাম শিশু, কিশোৰৰ পৰা আবল বৃদ্ধলৈ, প্ৰায় সকলোৰে মুখত। 

       ------------///-----------

 



তীৰ্থমণি ডেকা

সহ: শিক্ষক (বিজ্ঞান)

পূবপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড।

 



অলংকৰণ :- মনবীনী দাস


Post a Comment

1 Comments

  1. আজি ১১ মে' আৰু আজিৰ বিশেষ দিনতোৰ আৰম্ভণি আপোনাৰ লেখাৰে কৰিলো। বিজ্ঞান ও প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ৰ পৰা ল'ৰা-ছোৱালীক আকৃষ্ট কৰাৰ বৃহৎ চৰ্চা হব লাগে। বিদ্যালয় চৌহদত বিজ্ঞান ও প্ৰযুক্তিৰ সকলো সামগ্ৰীৰ লগতে প্ৰতিখন জিলাত থকা বিজ্ঞান সমিতিবিলাকক বিদ্যালয়বিলাকত সংযোগ কৰি এক আকৰ্ষণীয় পৰিৱেশ গঢ়ি তুলিব লাগিব। আজি বিজ্ঞান বুলি ক'লে আমাৰ ভয় লগা মানসিকতাই আচলতে বহুক্ষেত্ৰত অসুবিধা কৰিছে। মই নিজেও ভয় কৰো আৰু উপলব্ধি কৰো যদি সৰুৰ পৰাই পৰিৱেশ এটা পালোহেতেন...

    ReplyDelete