header ads

ৰঙালী বিহুটি | Assamese poem by Dipamani Daimari

ৰঙালী বিহুটি


 

বহাগ বিহু আহিছে
ৰমকে জমকে ৰঙৰ সঁফুৰা লৈ ,
সময় হ'ল অতীতৰ দ্বেষ পাহৰি ,মৰমক আদৰিবলৈ ৷
গৰুক গা ধুৱাবলৈ লাও-বেঙেনা , মাখিয়তী-দীঘলতি যোগাৰ কৰা হ'ল ,
গৰুৰ ডিঙিত দিবলৈ তৰাৰ পঘাও তৈয়াৰ হৈ গ'ল ৷
জপাত থোৱা হ'ল সুন্দৰকৈ তাঁতশালৰ ফুলাম গামোচা ,
গামোচা যে অসমীয়াৰ মৰ্যাদা এইষাৰ কথা জানিবা ৷
নাহৰৰ ডালি অনা হ'ল মন্ত্ৰ লিখিবলৈ ,
ধুমুহা আদি বিপৰ্যয়ৰপৰা ঘৰটিক ৰক্ষা কৰিবলৈ ৷
ডেকা-গাভৰুৰ গাত তত্ নাই বিহু নাচিবৰ হ'ল ,
ডেকাহঁতৰ ঢোল পেঁপা , গাভৰুৰ হাতত জেতুকাৰ বোল ।
কপৌফুল-বৰ্হমথুৰি যে অনা হ'ল ,
সাজু কৰা হ'ল সুতুলি ,
মুগাৰ সাজযোৰ উলিয়াই অনা হ'ল আনিবলৈ বিহুক আদৰি ৷
ডাঙৰক জনোৱা হয় সেৱা , সৰুক যঁচা হয় মৰম ,
এই বিহুত খাওঁ আমি পিঠা - লাড়ু গৰম গৰম ৷
বহাগ বিহুত কৰা হয় বিভিন্ন ৰং-ধেমালি ,
সেয়েহে ইয়াৰ আন এটা নাম বিহু ৰঙালী ৷
বিহুটি আমাৰ বৰ আদৰৰ , অসমৰ জাতীয় উৎসৱ ,
বিহুতে মষিমূৰ হয় অসূয়া-অপ্ৰীতি, গঢ়ি উঠে সদ্ভাৱ ৷

*****************




দীপামণি দৈমাৰী
সহ: শিক্ষয়িত্ৰী,
বালিঝাৰ এম. ই. মাদ্ৰাছা
শিক্ষাখণ্ড : ছমৰীয়া

 


অলংকৰণ :- তন্দ্রা দে


Post a Comment

0 Comments