header ads

আমিও বিভিন্ন কামত সক্ষম | Assamese poem by Naba Das

আমিও বিভিন্ন কামত সক্ষম

 


তুমিও মানুহ          আমিও মানুহ

আমি সৱে ভাই ভাই

আহক আমি         মৰমেৰে সাজোঁ

ধুনীয়া অসমী আই ||

 

দেহৰ অংগ        আমাৰ বিকল

তথাপিও নহও নিৰাশ

আমাকো দিয়া     এধানি সঁহাৰি

প্ৰতিভা কৰিবলৈ বিকাশ ||

 

আমাৰ মনেও       পঢ়িব বিচাৰে

কৰিব বিচাৰে কাম

সহায়ৰ হাত      পালে সঁচাকৈ

জগত জিনিবলৈ যাম ||

 

আমাকো লোৱা       বুকুত সাৱটি

কৰা পুত্র সম মৰম

তেতিয়া দেখুৱাম     আমিও যে হওঁ

বিভিন্ন কামত সক্ষম  ||


******************* 



শ্ৰীনৱ দাস

সহকাৰী শিক্ষক

ৰাইপাট চাৰিগাঁও এম.ই. স্কুল

শিক্ষাখণ্ড - কমলপুৰ

জিলা - কামৰূপ ( অসম) 

ফোন- ৭০০২২৫৬৭৭৬




অলংকৰণ :- সংগীতা কাকতি



Post a Comment

0 Comments