header ads

প্ৰতিশ্ৰুতি | Assamese poem by Parameswar Sarma

প্ৰতিশ্ৰুতি

 

প্ৰতিশ্ৰুতি

মাটিৰ প্ৰেমত অন্ধ হৈ
এবুকু শস্য সিঁচা দিনৰ কথা ,

এজন মানুহৰ জীৱনীৰে
আৰম্ভ কৰা হওঁক কথাবোৰ ,

চালি-জাৰি চোৱা হওঁক
সময়বোৰ কেনি গ'ল  ?

ভূতে ধৰা দিনত বিজ্ঞান নাছিল
পিছে বিজ্ঞানৰ দিনতো
কিয় ভূতে ধৰা হ'ল ?

পোছাক পিন্ধা মানুহবোৰো
কিয় নাঙঠ হ'ল  ?
কিয় অমানুহৰ দৰে হ'ল  ?

মানুহজনক ভূতে ধৰাও দেখোন
বহু পুৰণি হ'ল ।
পুৰণিবোৰকে কুটি-বাচি ল'ম
নে
ভূতৰ দৰে
নাঙঠ - পিঙঠ হৈ থাকিম ।

বহু প্ৰশ্নই উত্তৰবিহীন
তথাপি মানুহজনক
প্ৰতিশ্ৰুতি দিলো ।
যাবলৈ দিলো পুৰণিক ,
হাতত ঝাৰু লৈ সাজু হ'লো
অন্তৰখন নিকা কৰিবলৈ ।
 



পৰমেশ্বৰ শৰ্মা 

সহ শিক্ষক ,

জনতা হাইস্কুল , ডিমু

 



অলংকৰণ :- সংগীতা কাকতি


Post a Comment

0 Comments