header ads

ভেদভাৱ | Assamese poem by Rupjyoti Das

ভেদভাৱ



বিদ্যালয়লৈ যোৱা নাই

এচাৰিৰ কোবো খোৱা নাই।

কিতাপ কলম দেখাও নাই

পঢ়া- শুনা কৰাও নাই।

লগ বন্ধু বুলিবলৈও নাই

শৈশৱ কি?.. জনাও নাই।

আন্ধাৰলৈ ভয় নাই

পোহৰক যে লগেই পোৱা নাই।

একেখনেইতো ঠাই

ভেদভাৱৰ অভাৱ নাই।

এচামে ইউনিফৰ্ম পিন্ধি স্কুললৈ যায়

বাহ: বাহ: পায়,

আনচামে দিনটোলৈ বুলি এমুঠি গোটাই

কৰ্ম কৰি খায়

গোলামীৰ নামটোহে পায়.... ||

----------------------------

 


 

ৰূপজ্যোতি দাস

চৌৰাকাৰা বালক প্ৰাথমিক বিদ্যালয়,

শিক্ষাখণ্ড- কমলপুৰ।

 



অলংকৰণ :-  পল্লবী পাঠক



Post a Comment

0 Comments