header ads

জীয়া মৌ-মাখি | Assamese poem by Saraswati Dutta

 জীয়া মৌ-মাখি



জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া ছাৰ

আহিছিল এই বাটেৰে

বোকোচাত পোহৰৰ টোপোলা বান্ধি।

তেওঁ প্ৰগতিৰ অভিযাত্ৰী

নাশিব বিচাৰে তামসী ৰাত্ৰি।

তেওঁ জ্ঞানৰ তপস্বী

শিক্ষাৰ পূজাৰী, সন্মোহিত হৃদয়ৰ গৰাকী।

নীৰৱতা আৰু নিৰাশাই আগুৰা হৃদয়ে হৃদয়ে

বিলাই ফুৰে জ্ঞানৰ বন্তি।

শৈক্ষিক সেনানীৰ তেওঁ যে

কামৰূপৰ সেনাপতি।

দিনে-নিশাই মন-মগজুত

শিক্ষাৰ প্ৰসাৰৰ বাবে নতুন নতুন নীতি।

ক'ভিডৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ

ভৱিষ্যতৰ কথা ভাবি তেওঁৰ হৃদয়

উঠিছিল নীৰৱে উচুপি।

কৰ'ণাৰ ভয়াৱহতাৰ কথা নাভাবি

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি

তেওঁ নিতৌ আহিছিল দৰবাৰলৈ বুলি।

প্ৰস্তুত কৰিছিল ঘৰৰপৰা অনলাইন যোগে

শিক্ষা লোৱা নতুন নতুন নীতি।

তেওঁ মানৱ দৰদী, মানুহক ভাল পাব পৰা

সহজ-সৰল হৃদয়ৰ গৰাকী।

নাই দুৰ্নীতি, নাই অহংকাৰ

কৃত্ৰিমতাহীন মুখত এমোকোৰা হাঁহি

ঈশ্বৰপ্ৰদত্ত শান্ত, সৌম

চহকী মনৰ গৰাকী।

নিষ্ঠা আৰু দায়িত্বশীল বিষয়া তেওঁ

বিজ্ঞান আৰু প্ৰযুক্তিৰ ধ্বজা উৰুৱাই

সকলো শিক্ষকক তেওঁ

দি যায় গতি।

সকলোৰে প্ৰেৰণাৰ উৎস তেওঁ

তেওঁৰ তপস্যাৰ ভূমি

সমগ্ৰ শিক্ষা কামৰূপৰ স্থলী।

তেওঁ মানুহৰ হৃদয় ফুলনিত

জ্ঞান-ৰস বিচাৰি ফুৰা

জীয়া মৌ-মাখি।।

-----------------------*****--------------------

  


সৰস্বতী দত্ত

প্ৰধান শিক্ষয়িত্ৰী
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড- হাজো





অলংকৰণ :-  সুৰভি দাস




Post a Comment

0 Comments