header ads

বিহুৰ চোলা | Assamese short story by Chandana Hira

বিহুৰ চোলা

              




                       
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
                             তাতোকৈ চেনেহৰ‌‌ মাকো,
                     তাতোকৈ চেনেহৰ ব'হাগৰ  বিহুটি
                             নেপাতি কেনেকৈ থাকো


        পদূলী মূখৰ আমজোপাত ফুলি থকা  কপৌ ফুলকেইপাহলৈ চাই‌ চাই চুমিয়ে যোঁজনা ফাঁকি গুণ গুণাই আইতাকক ক
লে----
: আইতা‌,যোৱাবাৰ তুমি মোক বিহুৰ চোলা দিম বুলিও নিদিলা , এইবাৰ কিন্তু দিবই লাগিব। যোৱাবাৰ মোক বিহুৰ চোলা কিয় নিদিলা আইতা?

মোমায়েকৰ ঘৰত থকা মাতৃহাৰা চুমিক  আইতাকে উত্তৰ দিলে------:

এইবাৰ নিশ্চয় দিম আইজনী।যোৱাবাৰ‌ কৰ'ণা মহামাৰীৰ কাৰণে বিহু পাতিব পৰা নগ'ল নহয়! ছয়-সাতমাহ দেখোন লক্‌ডাউন হৈয়ে থাকিল। কৰো মানুহ ক'তো যাব‌ নোৱাৰা
অৱস্থা।দোকান- পোহাৰ বন্ধ।খাব-লব নাপাই মানুহবোৰৰ পানীত হাঁহ নচৰা অৱস্থা।তেনেস্থলত বিহুৰ চোলাৰ কথা কেনেকৈ ভাবিম বাৰু কোৱাচোন আইজনী?

চুমি: কৰ
ণা মহামাৰী কিনো আইতা?

আইতা: এই কৰ'ণা ভাইৰাছ বা
ভিড‌ - ১৯ ৰোগবিধ "SARS- Cov-2" ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ ।এই ৰোগ‌ প্ৰথমে ২০১৯ চনত চীন দেশৰ য়ুহান চহৰত আৰম্ভ হৈছিল। ক্ৰমান্বয়ে এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰে।অকল ভাৰততে নহয়, আমেৰিকা, ইটালী,স্পেইন, ইউৰোপ আদি দেশবোৰো মৰিশালিত পৰিণত হয়।মুঠতে ই গোটেই বিশ্বকে গ্ৰাস কৰি পেলায়।

চুমি: ই কেনেকৈ সোঁচৰে আইতা?

আইতা : ই অতি সহজতে সোঁচৰিব পাৰে।  সেয়ে তাৰ কাৰণে আমি কিছুমান সাৱধানতা অৱলম্বন কৰা অতিকে প্ৰয়োজন।বিশেষ দৰকাৰ নহ'লে বাহিৰলৈ ওলাই যাব নালাগে। গ'লেও মুখত মাক্স পিন্ধিব লাগে। মানুহৰ ওচৰত গ'লেও কমেও দুই মিটাৰৰ দূৰত্ব বজাই ৰাখিব লাগে যাতে ইজনৰ গাৰ পৰা সিজনৰ গালৈ ভাইৰাছবিধ সহজে  বিয়পিব নোৱাৰে। তাৰোপৰি বাহিৰলৈ গৈ যিকোনো বস্তু চুলে চাবোনেৰে হাত ধুব লাগে নাইবা চেনিটাইজ কৰিব লাগে। তাৰোপৰি ঘৰলৈ আহি গা-পা ধুই কাপোৰ-কানি ভালদৰে চাবোনেৰে ধুই মেলি ৰ'দত শুকুৱাব লাগে। নহ'লে আমাৰ ক
ভিড হোৱাটো নিশ্চিত।

চুমি: অ' এতিয়াহে বুজিলো আইতা, তুমি সেইকাৰণে মোক গেটৰ বাহিৰলৈ যাব দিয়া নাছিলা আৰু আমাৰ স্কুল সেই কাৰণে খোলা নাছিল, নহয়নে আইতা?

আইতা: ও ও তুমি ঠিকেই কৈছা।

চুমি: কিন্তু তুমি মোক এইবাৰ ধুনীয়া বিহুৰ চোলা এটা আনি দিবই লাগিব আৰু মই সেইটো পিন্ধি মামাৰ লগত বিহু ফাংচন চাবলৈ যাম।

আইতা: বিহুৰ চোলা আনি দিম বাৰু।কিন্তু ফাংচন চোৱা কথাটোহে ক'ব নোৱাৰিম আইজনী। কাৰণ আমি আগৰ নিচিনাকৈ জাক্‌-জমকতাৰে বিহু পালন কৰিব নোৱাৰিম চাগৈ! কাৰণ আমাৰ দেশত এতিয়াও কৰ'ণাৰ প্ৰকোপ‌ কমা নাই।সেয়ে আমি প্ৰতিজন নাগৰিকে কৰ'ণাৰ পৰা হাত সাৰিবলৈ সাৱধানতা অৱলম্বন কৰা উচিত৷ তাৰোপৰি‌ এই ৰোগৰ পৰা হাত সাৰিবলৈ  ভেক্‌চিন লোৱাটো অতি জৰুৰী।

চুমি: হ'ব দিয়া‌ আইতা মই ফাংচন চাবলৈ নাযাওঁ বাৰু, তোমাৰ লগতে থাকিম। তুমি কেবল মোক ধুনীয়া চোলা এটা আনি দিবা।

আইতা: আই ঐ দেহি, মোৰ ছোৱালীজনীয়ে‌ ইমান বুজে !  কথাষাৰ কৈ আইতাকে তাইক সাৱটি ধৰি গালে-মুখে চুমা আঁকি দিলে।

                                      ****************************

 


চন্দনা হীৰা

সহ: শিক্ষয়িত্ৰী

বঙৰা পাছনীয়া‌পাৰা ম:বি:

ৰামপুৰ শিক্ষা খণ্ড

Ph no. -7002785923 





অলংকৰণ :- মনবীনী দাস


Post a Comment

0 Comments