header ads

ফল্গুধাৰা | Assamese short story by Hangsadhar Sarma

ফল্গুধাৰা



        চুমিয়ে দেউতাকৰ গাত ভেজা দি ঠেনঠেনাব ধৰিলে l দশম শ্ৰেণীত পঢ়া ছাত্ৰী চুমিৰ গৃহ শিক্ষক বিপুল l নিজে পঢ়া বিদ্যালয়খনৰো ছাৰ l ব'হাগ বিহুৰ সময় ;চুমিয়ে ৰুমালত প্ৰথম ফুল বাচিছে l

"এইখন মই ছাৰক দিম," বুলি আনন্দতে চুমি মাকৰ কাষলৈ দৌৰ মাৰি গৈ ক'লে l 

"যিহে ফুল! "মাকে ভেকাহি মাৰি ক'লে l

চুমি ঠেহ পাতি কাষতে বাতৰি পঢ়ি থকা দেউতাকৰ ওচৰ পালে আৰু......l

"ধুনীয়া ! মাৰাই কিনি অনা বোম্বে মিলৰ গামোচা বিহুৱানখনতকৈ l তুমি ছাৰক দিবা,  ছাৰে লব l" দেউতাকে মাকৰ ফালে চাই লাহেকৈ ক'লে l

"উম্ , বাপেক জীয়েক একে, এটাই আদৰাব, এটাই আদৰ ধৰিব l এতিয়া খোৱাহি, মই ৰান্ধনীশালত সোমাই থাকিব নোৱাৰোঁ ; আন কাম আছে l" চুমিৰ মাকে ক'লে l

    দ্বিতীয় দিনা চুমিয়ে বটা এখনত ৰুমালখন আনি  বিপুলক দিলে l দেউতাকো আছে l চুমিৰ মাকে হাঁহি হাঁহি আগৰ দিনাৰ কথাখিনি দোহাৰি বিপুলৰ গাত এখন গামোচা দিলে l চুমিয়ে ছাৰক সেৱা জনালে l "হ'ব হ'ব মই বাৰু বুজিলোঁ, মোৰ মৰমৰ ছাত্ৰী গৰাকীৰ কথা; পিচে পৰীক্ষাত কিন্তু.......," আটায়ে হাঁহিলে l এয়া প্ৰায় ত্ৰিশ বছৰ আগৰ কথা l

    আজি ফেচবুকত হঠাতে সাইলাখ চুমিৰ দৰে  ছোৱালী এজনীৰ ফটো বিপুলৰ চকুত পৰিল l কাষত এগৰাকী প্ৰৌঢ় l তলত লিখা আছে 'অসমীয়া মহিলাৰ আমেৰিকাত সুনাম' l বিপুলৰ মুখৰ পৰা লাহেকৈ ওলাই আহিল,..চুমি... !!!!

"হো চাহ, মোবাইলটো হাতত থাকিলে আৰু একো নালাগে, ল'ৰা-ছোৱালীৰ দৰে l" বিপুলৰ পত্নীৰ মাত l 

বিপুলে লাহেকৈ ক'লে, "এৰা অ' আজি-কালি মোবাইলটো বৰ প্ৰয়োজনীয় হৈ পৰিছে, বহু কথাই সহজে জানিব পাৰি l"

    চাহ কাপ মুখত লগাই  বিপুলে ভাবিলে তাই পঢ়াই-শুনাই বৰ ভাল ছোৱালী আছিল ! বিপুল নষ্টালজিক হৈ পৰিল l শিক্ষকতাৰ সেই দিনবোৰ ছাত্ৰ-ছাত্ৰী, মৰম-স্নেহ, ৰোহ-ফেচ, আদৰ-যতন, দাবি-ধমকি, শাসন কি যে মধুৰ আছিল সেই সময় ! বিদ্যালয়খনো যেন ৰাজ্য এখনৰ ক্ষুদ্ৰ সংস্কৰণহে l বিপুলৰ মানস পটত স্মৃতিৰ ফল্গুধাৰাৰ সোঁত এটি প্ৰৱাহিত হ'ল l হঠাতে....নীৰৱে !

********************************

হংসধৰ শৰ্মা
অৱসৰপ্ৰাপ্ত অধ্যক্ষ
বৃন্দাবন উঃমাঃ বিদ্যালয়
কৰৰা ব্লক
কামৰূপ





অলংকৰণ :- সুকন্যা ভৰদ্বাজ


Post a Comment

0 Comments