সৰাপাতৰ দলিচাত উঠি ব’হাগ আহিল
"শুনা ঐ চ'তাই / পেপাঁটি বজাই / ৰঙালীক আহা
লৈ
পদুলি মুখত/ বাট চাই চাই/ থাকিম কিমান ৰৈ"
( মিত্ৰদেৱ মহন্ত )
সমগ্ৰ বিশ্বৰ লগতে সূৰ্য উঠা দেশৰ ৰূপহী অসমী আইৰ জনগণেও বাৰুকৈয়ে এজোলোকা খালে ক’ভিড১৯ অথবা ক’ৰ'ণা ভাইৰাচৰ সংক্ৰমণৰ বাবে | এলাহ , আমনি, উৎকন্ঠা , ভয়ত ত্ৰস্তমান ৰাইজে পাহৰি আছিল ৰং-ৰহইচ কি ? আনন্দ কি ? স্ফূৰ্তি কি ? ক’ৰ'ণাৰ ক'লা ডাৱৰ আঁতৰিল | শংকামুক্ত আকাশৰ তলত উলাহৰ জোঁৱাৰ তুলি অনাবিল আনন্দৰে হৃদয় জুৰাবলৈ অসমীয়া সাজু হৈছে বাপতি সাহোন ৰঙালীক আদৰিবলৈ | পাৰ হৈ যোৱা ক’ৰ'ণাৰ বিভিষীকাপূৰ্ণ এটা সংকটময় বছৰৰ অন্তত স্বাভাৱিক হৈ পৰা পৰিৱেশত জনগণে , বিহুবলীয়া অসমীয়া প্ৰাণে বিচাৰি পাইছে আকৌ এখন মুক্ত আকাশ | আৱদ্ধ হৈ ঘৰতে বহি ব'ৰ হৈ থাকিব নিশ্চয় কোনেও নোখোজে | ভয়াবহতাৰ ওৰণি গুচাই , শিমলু - মদাৰ, নাহৰ- পলাশ আৰু ৰঙীণ ফাগুন চ'তৰ পচোৱাৰ সৰাপাতৰ দলিচাত উঠি আমাৰ প্ৰাণৰো প্ৰাণৰ , হিয়াৰ আমঠু বাপতি সাহোন ব'হাগ কপৌৰ সুগন্ধি চতিয়াই আহিছে | এয়াবাৰু আনন্দৰ বতৰা নহয়নে ? আমি আকৌ আগৰ দৰে বিহু উদ্যাপন কৰিম | এয়া জাতিৰ বাবেই আনন্দৰ বতৰা হ'ব | কোন অসমীয়াই বিহু নপতাকৈ থাকিব পাৰে | যিমানেই আহুকাল নহওঁক , যিমানেই দুখ- দৈন্য নহওঁক , কষ্ট নহওঁক বিহু পাতিবই | সেয়ে বিহুগীতত গাইছে
"অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো |
তাতোকৈ চেনেহৰ ব'হাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো ৷৷"
কোনজন অসমীয়াই বিহু
নপতাকৈ থাকিব পাৰে বিহু যে আমাৰ হাড়ে হিমজুৱে গঠা , জন-জীৱনৰ ই সাহ | গতিকে
অসমীয়াই বিহু নপতাকৈ থাকিব নোৱাৰে | চ'তৰ খৰাঙৰ অত্যাচাৰ সহিব নোৱাৰি
লঠঙা হৈ পৰা গছ-গছনিত কুমলীয়া পল্লৱে ভূমুকি মাৰে | নতুনক আদৰাৰ স্বপ্নত বিভোৰ
হৈ পৰে গছ- বন , লতা-লতিকা, মানুহ সকলো | কৃষিৰ লগত জড়িত এই বিহু অসমীয়াই
চ'ত মাহৰ সংক্ৰান্তীৰ দিনাৰ পৰা আৰম্ভ কৰি ছয় ব‘হাগলৈ মূলতঃ পালন কৰে | সেয়েহে ব'হাগত সাত বিহু
পালন কৰে | প্ৰথম দিনা গৰু বিহু , দ্বিতীয় দিনা মানুহ বিহু , তৃতীয় দিনা
গোঁসাই বিহু , চতুৰ্থ দিনা তাঁতৰ বিহু , পঞ্চম দিনা চেনেহী বা গাভৰু বিহু
অথবা নাঙলৰ বিহু, ষষ্ঠ দিনা ঘৰচীয়া জীৱ-জন্তুৰ বিহু আৰু শেষৰ দিনা
চেৰা বিহু - এয়াই হৈছে সাত বিহু | পৰম্পৰা অনুযায়ী গৰু বিহুৰ দিনা গৰুক
মিঠাতেল , মাটিমাহ , হালধি আদি সানি নদ-নদী , বিল বা খাল-পুখুৰী
আদিলৈ নি গা ধুৱাই আৰু তাৰ পিছত বাঁহৰ চাটত সী লৈ যোৱা ঠেকেৰা , লাও , হালধি
, বেঙেনা আদিৰ টুকুৰাবোৰ গৰুৰ গাত চতিয়াই এনেদৰে গাই ---
"লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হ'বি বৰ গৰু "৷
তাৰ পিছত গৰু মেলি দিয়ে | মানুহেও গা-পা ধুই ঘৰলৈ আহে | এটা লোক বিশ্বাস
আছে যে বিহুৰ দিনা বাঁহৰ গুৰিত মাটি দিব লাগে , ঘৰৰ চাৰি চুকত মাটি
দিব লাগে , গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আৰ্শীবাদ ল'ব লাগে
| বিহুৰ দিনা পুৱা অকণমান তিতা খাব লাগে , আমৰ কোমল কলি খাব লাগে |
সন্ধিয়া যেতিয়া মেলি দিয়া গৰু ঘৰলৈ আহে তেতিয়া তুঁহ , লাই-জাবৰি, মাৰলি আদি ঘাঁহেৰে
জাগ দিয়ে , তৰা আৰু মৰাপাটেৰে বনোৱা পঘাৰে গৰু বান্ধে , নতুন বিচনী
, নতুন গামোচাৰে বিচি বিচি গাই----
"দীঘলতী দীঘল পাত
মাখি মাৰো জাত জাত" |
তেনে কৰিলে গৰুক অপকাৰী মহ মাখিয়ে অনিষ্ট কৰিব নোৱাৰে বুলি জনগনে বিশ্বাস কৰি আহিছে | বিহুৰ দিনা কলা দালি , কল-পচলাৰ আঞ্জাৰে ভাত খোৱা এটা পৰম্পৰা দক্ষিণ কামৰূপৰ লোকসমাজত প্ৰচলিত এটা নিয়ম আছে | তাৰোপৰি ব'হাগ মাহৰ ছয় তাৰিখে অৰ্থাৎ সাত বিহুৰ দিনা অন্ততঃ সাতবিধ শাকৰ ব্যঞ্জনেৰে ভাত খাব লাগে বুলিও এটা প্ৰচলিত নিয়ম আছে |
ৰঙালী বিহু মানেই আনন্দৰ বতৰ , ৰং- তামচা, স্ফুৰ্তিৰ বতৰ | ৰং- তামচা বেছিকৈ হয় বাবেই এই বিহুক ৰঙালী বিহু বোলে | ঢোল , পেপাঁ , টকা , গগনা , তাল , বাঁহীৰ সুৰেৰে ৰজনজনাই থকাৰ বাবেই ব'হাগ বিহুৰ অন্য নাম ৰঙালী বিহু |
ব'হাগ বিহুত হুঁচৰি গোৱা এটা পৰম্পৰা আমাৰ সমাজত চলি আহিছে-----
গায়ক সকলেওঁ গাইছে --- "আজি বিহুৰ উৰুকা কাইলৈ বিহুৰ ভৰুকা ঐ আইতা বিহুৱান কাটিবৰ হ'ল | গৰুৰ বিহুৰ গধুলি হুচৰি জুৰিম গৈ শৰাইখনি থবি সজাই "|
তাৰোপৰি কথিত আছে যে বিহু নাহোতেই তাতৰ গামোচা কাটিব লাগে | নহ’লে হেনো অমংগলীয়া হয় | সেয়েহে কবিয়ে লিখিছে --- বিহু নৌ আহোঁতেই কাটিব লাগিব তাত বিহু চেৰা শাল হেনো অমংগলীয়া |
ইয়াৰ উপৰিও আৰু বহু কথা , বহু পৰম্পৰা , বহু নিয়ম নীতিৰে ভৰপূৰ আমাৰ ব'হাগ বিহুৰ কথা | সেয়েহে নেকি কয়--- কৈনো কৈ থাকিলে ওৰকে নপৰে ব'হাগ বিহুৰে কথা |
ব'হাগ বিহুৰ আটাইতকৈ আকৰ্ষণীয় আৰু উল্লেখযোগ্য বৈশিষ্ট্য
হ'ল -- হুঁচৰি গোৱা | লোক- সংস্কৃতিৰ গৱেষকসকলৰ মতে আগতে ব'হাগ বিহুৰ সময়ত
ৰাজ আলিয়েদি হুঁচৰি গাই যোৱাৰ প্ৰথা প্ৰৱৰ্তিত আছিল | গৃহস্থই সপৰিয়ালে আলিবাটলৈ ওলাই
গৈ মাননি শৰাই দি হুঁচৰিৰ আৰ্শীবাদ গ্ৰহণ কৰিছিল |
"হুঁচৰি এ দলৌ চৰাই
তামোল--থোকা
পান--গুছি
ৰূপৰ শৰাই" ৷
*******************************************
সহ শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষা খণ্ড |
অলংকৰণ :- সুৰভি দাস
0 Comments