"শুভ আবেলি । তোমালোক সকলোৰে ভালনে?
এতিয়া কি বিষয়ৰ ক্লাছ আছে মনত আছেনে?
অ’ সুন্দৰ! তৰুণ তুমি ঠিকে কৈছা।
আজি শুক্ৰবাৰ। প্ৰতি শুক্ৰবাৰে আমি এই সময়ত ‘চিনাকি হওঁ আহা’ শিতানত একো একোগৰাকী মনীষীৰ সৈতে চিনাকি হৈ আহিছোঁ। নহয়নে? যোৱা সপ্তাহত আমি কাৰ সৈতে চিনাকি হৈছিলোঁ?
ঠিক, জাহ্নবীয়ে ঠিকেই কৈছে নহয়নে ? যোৱা সপ্তাহত আমি কনকলতা বৰুৱাৰ সৈতে চিনাকি হৈছিলোঁ।।
আজি আমি এনে এজন মনীষীৰ সৈতে চিনাকি হ’ম -- যিজন লোক অসমৰ সকলো জাতি-জনগোষ্ঠী, সকলো ভাষা-ভাষী লোকৰ পৰম আদৰৰ। আমি তেওঁক নিজ চকুৰে দেখা নাই; হ’লেও আমাৰ সকলোৰে পৰিচিত। তেওঁ খেতি কৰা, শ্ৰম কৰা, বনুৱা, হজুৱা, লগুৱা সকলোৰে বুকুৰ আপোন। অৱশ্যেই আনক ঠগি খোৱা সকলৰ বাবে ভয়ৰ কাৰণ। তেওঁৰ এহাতে বন্দুক আনখন হাতত কলম । যেনেদেৰ তাণ্ডৱ নৃত্যৰে ধুমুহা আনে তেনেদৰে ক্ৰিকেট-ফুটবল খেলৰ পথাৰত বিপক্ষক কঁপনি তোলে। যিজন মানুহে নিজৰ ২৫০০ বিঘা মাটি বেলেগক ভগাই দি আনন্দ লভে আৰু নিজৰ চিকিৎসাৰ ধনৰ বাবে হাহাকাৰ কৰিও দুখ নকৰে। তেওঁ গীতিকাৰ, অভিনেতা, বিপ্লৱী, বিধায়ক সকলো। কোন বাৰু তেও? মনত পৰিছেনে? এৰা ঠিকেই কৈছা। তেওঁ বিষ্ণুৰাভা। বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু, বিপ্লৱী শিল্পী, সৈনিক শিল্পী, জনতাৰ হিয়াৰ আমঠু। আজি তেখেতৰ লগত চিনাকি হ’ম দেই।।
তোমালোকে চতুৰ্থ শ্ৰেণীতেই পাইছা ১৯০৯ চনৰ ৩১ জানুৱাৰী, বৃহস্পতিবাৰে ঢাকা চহৰত তেওঁৰ জন্ম হৈছিল। দেউতাক গোপাল ৰাভা সামৰিক বিভাগৰ চৰ্দাৰ পৰ্যায়ৰ চাকৰিয়াল আছিল। তেওঁ ভাল চেতাৰ বজাইছিল। কীৰ্তন পুথি সুৰ লগাই পঢ়িব জানিছিল। বিষ্ণুৰাভা আৰু তেওঁৰ ককাইদেই গোলাপ ৰাভাক দেউতাকে চেতাৰ বজাবলৈ আৰু সংগীতৰ ৰাগ শিকাইছিল। তোমালোকৰ জানি বৰ ভাল লাগিব যে- বিষ্ণুৰাভাৰ সংগীতৰ প্ৰতি থকা ৰাপ দেখি সেই সময়ৰ ঢাকা চহৰৰ শ্ৰেষ্ঠ গায়ক গহৰ জান বিবি, মোতি মিঞা আৰু ওস্তাদ কালাচান্দক সঙ্গীতৰ ঘৰুৱা শিক্ষক ৰূপে নিয়োগ কৰিছিল।তেনেদৰেই আৰম্ভ হৈছিল ৰাভাৰ সংগীত যাত্ৰা।
কি কৈছা অবিনাশ?
অ’ অ’ ঠিকেই 'বিলতে হালিছে ধুনীয়া পদুমী'-তেওঁৰেই গান।।
‘গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি----’হয় তুমি গোৱাটোও বিষ্ণুৰাভাৰেই গীত। গানৰ কথাবোৰ পিচলৈ আলোচনা কৰিম বাৰু।।
হ’বনে তৰুণ?
ভাল। অবিনাশ, নমিতা কিমান আচৰিত জানা – সাত বছৰ বয়সতে ঢাকা চহৰত ‘ৰাজা হৰিশ্চন্দ্ৰ’ নামৰ নাটকত ‘ৰাজকোঁৱৰ’ৰ চৰিত্ৰত বিষ্ণুৰাভাই অভিনয় কৰিছিল।
সম্ভৱতঃ তোমালোকৰ মনত আছে বিষ্ণুৰাভাই ঢাকাৰ সেনা বাহিনীৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল বঙালী ভাষাত। প্ৰাথমিক শিক্ষা সাং কৰি উচ্চ প্ৰাথমিক শিক্ষাৰ বাবে তেওঁ আহিছিল তেজপুৰ চৰকাৰী হাইস্কুললৈ। তেজপুৰলৈ আহি কি হ’ল জানা জাহ্নৱী-- বঙলা ভাষাত প্ৰাথমিক শিক্ষা লোৱা বিষ্ণুৰাভাই অসমীয়া মাধ্যমত প্ৰথম বছৰ একো ভালদৰে বুজিয়েই নাপালে। ফলত প্ৰথম বছৰ পৰীক্ষাত ফেইল কৰিলে। হ’লেও বিষ্ণু হতাশ নহ’ল। বৰং তেওঁ শ্ৰেণীৰ ভিতৰতে প্ৰথম হৈ উৰ্ত্তীৰ্ণ হোৱাৰ সংকল্প লৈ পঢ়াত লাগি গ’ল।।
এই সংকল্প পূৰ কৰিবলৈ তিনিবছৰৰ দৰকাৰ হ’ল। পিছৰ বছৰ পঞ্চম শ্ৰেণীলৈ চতুৰ্থ স্থানত, ষষ্ঠ সপ্তম শ্ৰেণীত দ্বিতীয় হৈ আৰু অষ্টম শ্ৰেণীত প্ৰথম হৈ প্ৰতিজ্ঞা পূৰণ কৰিলে। কি যে মজাৰ কথা নহয়নে অবিনাশ। এনে দৃঢ়তাৰে আমিও সংকল্প লোৱা উচিত নহয় জানো?
জীৱন, সপোন, উৎপল -তোমালোকৰ দৰেই বিষ্ণুৰাভাও ক্ৰিকেট আৰু ফুটবল খেলত পাকৈত আছিল। পঢ়াৰ সমানে খেলা।। আকৌ ঠিক ৰীমাৰ দৰেই সংগীত আৰু অভিনয় প্ৰিয় আছিল তেওঁৰ। দুয়োটা দিশতে আগত।। তেজপুৰ হাইস্কুলৰ বাৰ্ষিক খেল-ধেমালিত - কি যে সুৰীয়া - দৰদী কণ্ঠত গীত গাইছিল। সকলোকে মুগ্ধ কৰি ৰাখিছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে ‘আলিবাবা’ নামৰ নাটত ‘মৰ্জিয়ানা’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ধৰিব পাৰিছানে মৰ্জিয়ানা এটা নাৰী চৰিত্ৰ !! কিমান প্ৰতিভাৰ অধিকাৰী আছিল নহয়নে?
১৯২৬ চনত বিষ্ণুৰাভাই মেট্ৰিক পাছ কৰিছিল। গান-নাট-ফুটবল-ক্ৰিকেটত ধাউতি ৰখা বিষ্ণুৰাভাই মেট্ৰিক পৰীক্ষাত দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছিল। জানা তৰুণ, ইয়াৰ বাবে তেওঁ ‘কুইন এমপ্ৰেছ’ সোণৰ পদক পাইছিল।। এইখিনিতে তোমালোকক এটা বিশেষ ঘটনা কওঁ। 'কুইন এমপ্ৰেছ' বটা প্ৰদানৰ দিনা বিষ্ণুৰাভাই বঁটা ল'বলৈ যোৱা নাছিল। কিয় জানা? সেইদিনা বিষ্ণুৰাভাৰ মাক গেঁঠুৰ ভীষণ বেমাৰ। নৰীয়া মাকক এৰি বঁটা ল’বলৈ যাব বিচৰা নাছিল তেওঁ। মাকে গম পাই বিষ্ণুক বুজালে। তেতিয়াহে বঁটা ল'বলৈ গৈছিল। দেখিছানে মাকৰ প্ৰতি বিষ্ণুৰাভাৰ কিমান মৰম !!
জানা, সেই সময়ত অসমত কটন কলেজক বাদ দিলে উচ্চশিক্ষাৰ অনুষ্ঠান নাছিল। সেয়ে বিষ্ণু ৰাভাই কলিকতাৰ চেন্টপল কলেজত আই.এচ. চি শ্ৰেণীত বিজ্ঞান বিভাগত পঢ়িবলৈ লৈছিল। শুনি ভাল লাগি যায় যে-- বিষ্ণুৰাভা চেন্ট পল কলেজৰ ক্ৰিকেট দলৰ অধিনায়ক নিৰ্বাচিত হৈছিল। খেল-গান-নাটৰ সমান্তৰালভাবে ১৯২৮ চনত প্ৰথম বিভাগত আই .এচ. চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত পদাৰ্থ বিজ্ঞানত অনাৰ্চ লৈ কলিকতাৰ ৰিপন কলেজত বি.এচ.চিত নাম লগাইছিল। ১৯২৯ চনত স্নাতক প্ৰথম বাৰ্ষিকী পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। জানা তৰুণ, উৎপল! ইয়াৰ পাছৰ পৰাই বিষ্ণুৰাভাৰ জীৱনলৈ পৰিৱৰ্তন আহে।। চৌদিশে চলি থকা ভাৰতৰ স্বাধীনতা সংগ্ৰামে ৰাভাকো হাত বাউল দিয়ে। ৰাভা আছিল ৰিপন কলেজৰ সাধাৰণ সম্পাদক। ছাত্ৰ সমাজ জঁপিয়াই পৰিছিল সংগ্ৰামত। ৰাভাক পুলিচে বিচাৰিলে। পলাই গুচি আহিল কোচবিহাৰ। শিক্ষা সমাপ্তিৰ লক্ষ্যৰে নাম লগালে ভিক্টৰীয়া কলেজত। সংগ্ৰামী চেতনাৰে সমৃদ্ধ ৰাভা ভিক্টৰিয়াটো বহি থাকিব নোৱাৰিলে। ৰাজপ্ৰসাদৰ সন্মুখত আৰু ৰিজেন্ট হাটচিনচন চাহাবৰ বঙলাৰ গেটত ত্ৰিৰঙ্গ পতাকা উৰুৱাই দিলে। ৰাজভৱনৰ চৌহদৰ বেৰত লিখিলে--‘‘ ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি চাদা। ৰাজ্যেৰ যদি মঙ্গল চাও, দুইটি পাঠা বলি দাও।’’-- হাহাকাৰ লাগিল। কোনে কৰিলে? প্ৰমাণৰ অভাৱত ধৰা নপৰাকৈ ৰ'ল। কিবাকে মহাবিদ্যালয়ৰ পৰীক্ষাটো দি তেজপুৰলৈ গুচি আহিল। তেজপুৰ আহি পোৱাৰ সময়তে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ সংগ্ৰাম চলি আছিল। বিষ্ণুৰাভাই নেতৃত্ব দিলে। ছাত্ৰ সমাজ সকলো ওলাই আহি সংগ্ৰামত অংশ ললে ।
তৰুণ, উৎপল কি হ’ল জানা? ভিক্টোৰিয়া কলেজ কৰ্তৃপক্ষই এই খবৰ ৰাখি আছিল আৰু বিষ্ণুৰাভাক কলেজৰ পৰা বহিষ্কাৰ কৰিছিল। অৱশ্যে তেতিয়া বিষ্ণুৰাভাই চতুৰ্থ স্থান লাভ কৰি চতুৰ্থ বাৰ্ষিকলৈ প্ৰমোচন পাইছিল।।
ইয়াৰ পিছত তেওঁ নাম ভৰ্তি কৰিছিল ৰংপুৰৰ মাইকেল কলেজত। ইংৰাজী অনাৰ্চ লৈ পঢ়া আৰম্ভ কৰিলে। ৰংপুৰ কলেজত তেওঁৰ এক অন্য প্ৰতিভাৰ কথা পোহৰলৈ আহে। তোমালোকেও জানি আচৰিত হ'বা-- কলেজৰ সৰস্বতী পূজাৰ বাবে প্ৰয়োজনীয় প্ৰতিমাখন বিষ্ণুৰাভাই নিজেই সাজি উলিয়াইছিল। তেওঁৰ ভিতৰত থকা শিল্প চেতনা প্ৰকাশিত হ’ল। আচৰিত নহয়নে? কলেজখন বিষ্ণুময় হৈ পৰিল। গীত-নাটৰ কথাটো বেলেগেই কলেজখনৰ হকী আৰু ক্ৰিকেট দলৰো অধিনায়কত্ব লাভ কৰিলে। এনেদৰেই শিক্ষা জীৱন আগবাঢ়িলে; বি.এ. টেষ্ট পৰীক্ষা হ'ল। বিষ্ণুৰাভাই সকলোৰে ভিতৰত বেছি নম্বৰ লাভ কৰিবলৈ সক্ষম হ’ল।
সেই সময়ত বংগত স্বাধীনতা সংগ্ৰামে তীব্ৰ ৰূপ পাইছিল। সংগ্ৰামী সকলে ইংৰাজৰ অস্ত্ৰ ভাণ্ডাৰৰ পৰা জোৰকৈ অস্ত্ৰ কাঢ়ি আনিছিল। এই ঘটনাত বিষ্ণুৰাভাও জড়িত বুলি সন্দেহ কৰি বিষ্ণুৰ ওপৰত অত্যাচাৰ চলালে। ৰংপুৰত থকাৰ কোনো সুযোগ বাকী নৰ'ল। প্ৰতিটো মুহূৰ্ত্ত বিপদসংকুল হৈ পৰিল। ১৯৩১ চনত ৰংপুৰ এৰিবলৈ বাধ্য হ’ল। বি.এ. পৰীক্ষা আৰু দিয়া নহ’ল। ৰংপুৰে বিষ্ণুৰাভাক সজালে সংগ্ৰামৰ সেনাপতি । ৰাভাৰ মনত বগা বঙাল খেদাৰ পণ।।
বাৰু আজিলৈ এৰোঁ। অহা শুক্ৰবাৰে বিষ্ণুৰাভাৰ বৰ্ণিল জীৱনৰ আন এক জটিল সময়চোৱাৰ সৈতে চিনাকি হ'ম।"
******************
প্রেৰক: ৰাতুল চন্দ্ৰ গোস্বামী
প্ৰধান সম্পাদক
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী
অলংকৰণ- পূবালী শইকীয়া দাস
0 Comments