অৰণ্য মানৱ যাদৱ পায়েঙৰ
সৈতে সাক্ষাৎকাৰ
আমাৰ চাৰিওফালে থকা মাটি, পানী, বায়ু আদি প্ৰাকৃতিক বাতাবৰণ এটাৰ মাজত মানৱ সমাজে জীৱন নিৰ্বাহ কৰে। মানৱ সমাজৰ বিকাশৰ বাবে প্ৰাকৃতিক ভাৰসাম্যতাৰ দৰকাৰ। পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰাত গছ-গছনিয়ে মুখ্য ভূমিকা লৈছে। গছ-গছনি অবিহনে এই সুন্দৰ পৃথিৱীখন মৰুত পৰিণত হ'ব, ধ্বংস হ'ব প্ৰাণীজগত, পৃথিৱীত নানা মহামাৰীয়ে দেখা দিব। এই বিপদসমূহৰ পৰা ৰক্ষা পাবৰ বাবে মানুহক বৃক্ষৰোপণৰ প্ৰতি সচেতন কৰিব লাগিব। আপোনালোকে বাৰু জানেনে আমাৰ অসমত এনে এগৰাকী ব্যক্তি আছে, যি গৰাকীয়ে প্ৰায় ৪০ বছৰৰ ভিতৰত ৫৫০ হেক্টৰ মাটিত গছপুলি ৰুই গঢ়ি তুলিলে এক বিশাল অৰণ্য। হয়, আজি আমি জ্ঞানমৰ বাকৰিলৈ আদৰণি জনাইছোঁ, তেনে এগৰাকী জীৱন্ত কিংবদন্তি অৰণ্য মানৱ ৰূপে পৰিচিত সমগ্ৰ বিশ্বৰ অতি মৰমৰ যাদৱ পায়েঙ ডাঙৰীয়া।
জ্ঞানম্: ছাৰ, নমস্কাৰ গ্ৰহণ কৰিব। আপুনি নিশ্চয় ভালে আছে। আজি জ্ঞানম্ পৰিয়ালৰ বাবে অতি সৌভাগ্যৰ দিন। আপোনাক লগ পাই খুব ভাল লাগিল। আমি আপোনাৰ মনৰ সেউজীয়া বননিখনৰ সেউজীয়া খিনিৰ বিষয়ে জানিব বিচাৰিম। ছাৰ, যি সময়ত মানুহে নিজৰ স্বাৰ্থৰ বাবে প্ৰকৃতি ধ্বংস কৰি সেউজীয়া ৰঙ পৃথিৱীৰ পৰা নাইকিয়া কৰিব ধৰিছে, জধে-মধে গড়, হাতী, বনৰীয়া জীৱ-জন্তু নি:শেষ কৰি সৃষ্টি কৰিছে মানুহৰ বাসস্থান, সেই সময়ত আপুনি প্ৰকৃতিৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তুলিছে। এই মহান যাত্ৰাৰ আঁৰৰ আপোনাৰ গোটেই পৰিক্ৰমাটো জনাব নেকি ?
পায়েং চাৰ: সেই ক্ষেত্ৰত প্ৰথমে শিক্ষাক অগ্ৰাধিকাৰ দিব লাগিব। মই য'ত পঢ়িছিলো, এগৰাকী বিজ্ঞানীৰ লগত থাকিছিলো। তেখেত এতিয়াও আছে, তেখেতৰ বৰ্তমান বয়স ৯২ বছৰ। তেখেতে সৰুৰেপৰাই আমাক গছ-গছনি ৰোপন কৰা, প্ৰতিপালন কৰা, চৰাই-চিৰিকটি পালন কৰা আদি কামবোৰ হাতে-কামে শিকাইছিল। সেই সময়ত মই তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁলোকৰ গাঁওলৈ গৈছিলো আৰু তাত পাণ ৰোপন কৰিব দিছিল। তাৰ বাবদ ২৫ পইচা দিছিল। ২৫ পইচাত ডেৰ কিলোমান বাদাম গুটি পায়, সেইখিনি পাণৰ লগত ৰোপন কৰিছিলোঁ। এদিনাখন তেখেতে মোক মাতি নি কৈছিল - "তোৰ হাত দুখন চাওঁচোন"; তাৰ পিছত কৈছিল- "তই এইটো কাম কৰিবি, ভাল মানুহ হ'বি। তই এই কাম কৰোঁতে বহুতো ঘাট-প্ৰতিঘাটৰ সন্মুখীন হ'ব লাগিব। যিদৰে কুকুৰে ভুকি থাকিলেও হাতীয়ে ঘুৰি নাচায়, তেনেদৰে তয়ো তোৰ কামটো কৰি থাকিবি।" ত্ৰিশ বছৰ লাগিছে মোৰ হাবিখন গঢ়ি তোলোতে। যাৰ বিনিময়ত এখনি বিশাল অৰণ্য সৃষ্টি হৈছে। বহু ঐতিহাসিক এলেকা, ভাৰতৰ অন্তিমখন যুদ্ধ , ব্ৰিটিছ আৰু মানৰ তয়া-ময়া ৰণ হোৱা ঠাইতে মোৰ জন্ম হৈছিল। সৰুতে তাত দেখিছিলো ব্ৰিটিছৰ দিনৰ জাহাজঘাট আৰু ৰেলৱে লাইন। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত হোৱা ইয়াণ্ডাবু সন্ধিৰ চুক্তি অনুযায়ী উত্তৰ পূৰ্বাঞ্চলৰ বড়ো সমাজ তেতিয়া ব্ৰিটিছৰ অধীনলৈ গৈছিল। দুৰ্ভাগ্যৰ কথা যে ১৯৭৯ চনৰ প্ৰলয়ংকাৰী বানে চীন আৰু অৰুণাচলৰ পৰা জাৱৰ-জোথৰ বোৰ কঢ়িয়াই আনিছিল আৰু ১০ কি:মি: ৰাষ্টা গঢ়া খহাই লৈ গৈছিল। লগতে আমাৰ গাওঁ খন, জাহাজঘাট, তাত থকা ৰেলৱে লাইন আটাইবোৰ উটুৱাই লৈ গৈছিল। সৰুতে দেখা গাঁওখন বৰকৈ মনত পৰিছিল। এদিন জুন-জুলাই মাহত আকৌ সেই ঠাইলৈ গৈছিলো। তেতিয়া ঠাইখন শুকান বালিময় আৰু জাৱৰ-জোথৰেৰে পৰিপূৰ্ণ আছিল। শতাধিক সাপৰ মৃত্যু হৈছিল। সাপৰ মৃত্যু বেদনাই সেই হাবিখন সৃষ্টি কৰে। নিচেই কাষত পাঁচ কিঃমিঃ আঁতৰত দেউৰী জনগোষ্ঠীৰ মানুহ আছে আৰু তেওঁলোকক সুধিলোঁ- "দেউতি, আইতা এই যে সাপবোৰ মৰিল, সাপবোৰ নমৰাৰ কিবা ব্যৱস্থা আছেনে?" তেতিয়া তেওঁলোকে বিশ্বৰ আটাইতকৈ ওখ ঘাঁহ বিধ ৰুবলৈ কৈছিল। মোৰ বয়স তেতিয়া ১৪/১৫ বছৰ। কথাবোৰ ভালদৰে বুজি পোৱা নাছিলোঁ। বিশ্বৰ আটাইতকৈ ওখ ঘাঁহ বিধ কি সোধোঁতে কৈছিল-" বাঁহ।" লগতে কৈছিল যে বাঁহ ৰুলে ছাঁ হ'ব আৰু ছাঁ হ'লে সাপ নমৰিব। তেওঁলোকে ৫০ টা বাঁহৰ মূৰা আৰু ২৫ ডাল বাঁহ দিছিল। তেতিয়া মই সাপ মৰা ঠাইখিনি ঘেৰি লৈ ৫০ টা কলহ কিনি আনি পাঁচ দিনৰ মূৰে মূৰে পানী ঢালি থকাত বাঁহ আৰু অন্য গুটিবোৰ গজালি মেলিছিল। এনেদৰে গছ পুলি ৰোপন কৰোঁতে কৰোঁতে ত্রিশ বছৰত অটব্য অৰণ্যত পৰিণত হ'ল। ফলত শতাধিক হৰিণা, ঢেকীয়া পতীয়া বাঘ, গঁড়, হাতী, বিলুপ্ত হ' ব খোজা শগুণ, চৰাই-চিৰিকটিবোৰ হাবিত আহিছিল। তেতিয়া আকৌ হাতীৰ বাবে সমস্যা হৈছিল। ১৫০টা হাতীয়ে মানুহৰ ঘৰ-দুৱাৰ ভাঙি খাদ্য আদি খাই অনিষ্ট কৰিছিল। তেতিয়া মানুহবোৰে মোক আহি প্রতিবাদ কৰিছিল, তই যদি হাবিখন সৃষ্টি নকৰিলি হয়, হাতীবোৰে আহি আমাৰ ঘৰবোৰ নাভাঙিল হয়। গতিকে গছবোৰ কাটিব লাগে। এদিনাখন হাজাৰ- হাজাৰ মানুহে কৰত, কুঠাৰ লৈ আহিছিল গছ কাটিবলৈ। তেতিয়া মই কৈছিলোঁ - "প্রথমে মোক কাট, তাৰ পিছত গছ কাটিবি, কাৰণ মোৰ গছে কাকো অনিষ্ট কৰা নাই। হাতীৰ কাৰণে বন বিভাগ আছে।"মোৰ কথা শুনি তেওঁলোক ঘূৰি গৈছিল। অসমৰ সংবাদ মাধ্যমক ধন্যবাদ জনাব লাগিব যে তেওঁলোকে বহুত দুখ-কষ্ট অতিক্ৰম কৰি মোৰ হাবিলৈ গৈছিল ২০০৮ চনত। যাওঁতে ১৮ কিঃমিঃ খোজকাঢ়ি আহিছিল। প্রথম দিনাখন যাওঁতে সোমাব দিয়া নাছিলো, কাৰণ সেইদিনা ৯টাকৈ গৰু বাঘে মাৰিছিল। ৩০টা গড় আৰু ১৫০টা হাতী থকা বাবে চোৰাং চিকাৰী বুলি ভাবিছিলো। পিছদিনা মাঘৰ বিহু আছিল।তেওঁলোকে(সংবাদ মাধ্যমে) আহি মোক এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, ৫০০ টকা আৰু এখন মানপত্ৰ দি মোক কৈছিল, "আপোনাৰ লগত আমি আছো। আপুনি বহুত ভাল কাম কৰিছে, আপুনি আগবাঢ়ি যাওঁক ", বুলি কৈ তেওঁলোক গুচি গৈছিল। কিন্তু article টো লিখোঁতে দুই বছৰ সময় লৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ গৱেষণা কৰি প্রায় বিভাগবোৰৰ সৈতে আলোচনা কৰি বন বিভাগে ক'লে যে (পায়েং) তেখেতে ৰোৱা গছ - গছনিহে, এইটো আমাৰ বিভাগৰ ভিতৰত নপৰে। (যাদৱ পায়েং) তেখেতে ৰোৱা গছ-গছনি declare কৰাৰ লগে লগে ২০১০ চনৰ ২৫ জানুৱাৰীত ৰিতু কলিতাই article টো লিখাৰ লগে লগে DY365, দূৰদৰ্শনত আৰু Times of India-ই article টো প্ৰচাৰ কৰিলে। ২২ এপ্ৰিলত ধৰিত্ৰী দিৱসৰ দিনাখন জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে Forest Man of India সন্মান দিছিল।
জ্ঞানম:-ছাৰ, আপুুনি
যেতিয়া বিভিন্ন দেশ ভ্রমণ কৰে, তেতিয়া কি ভাষাত আপুনি ভাষণ দিয়ে?
পায়েং ছাৰ:- এইটো আপুনি আমোদজনক কথা সুধিছে। পৃথিৱীত থকা ১৯৫ খন দেশৰ ১৩ খন দেশে ইংৰাজী কয়। বাকীবোৰ দেশে মাতৃভাষাত কয়। সেই কাৰণে তেওঁলোকৰ বিজ্ঞানীবোৰৰ যিটো মেচিন আছে, তাত বিশ্বৰ স্বীকৃতি প্রাপ্ত দেশৰ ভাষাবোৰ বাণীবদ্ধ কৰি থৈ দিয়ে। সেই কাৰণে মই যেতিয়া অসমীয়াত ভাষণ দিওঁ, কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে বুজি পাইছিল। সেই কাৰণে মই ভাবো ভাৰতীয় সভ্যতাটো সোনকালে develop (উন্নত) হ'বলৈ হ' লে ৰাজ্যিক ভাষাত দশম শ্ৰেণীলৈ শিক্ষা দিব লাগে, তেতিয়া মগজুৰ বিকাশ হয় আৰু মগজুৰ বিকাশ হ'লে সকলো বিলাক কথা অন্তৰৰ পৰা ক' ব পাৰে, ব্যৱহাৰিক হয়। সেয়েহে মাতৃভাষাটো জৰুৰী বুলি ভাৰতীয় শিক্ষামন্ত্ৰী, ভাৰতৰ প্রথম গৰাকী মহিলা ইঞ্জিনিয়াৰ আৰু প্রধানমন্ত্রীক ২/৩ বছৰ আগতে MGM ত কৈছিলোঁ। মাতৃভাষাৰ জৰিয়তেহেে ভাষা, কলা-সংস্কৃতিৰ উন্নতি হয়। সেইবাবে মই ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ, যাতে প্রতিখন ৰাজ্যতে দশম শ্ৰেণীলৈকে ৰাজ্যিক ভাষাত শিক্ষা দিয়ে।
জ্ঞানম: পাঠ্যক্ৰম
সম্পর্কে বিশেষকৈ Sustainable Development আৰু Ecological Development ইত্যাদি
বিষয় সম্পর্কে আপুনি শিক্ষা বিভাগক কি পৰামৰ্শ দিব?
পায়েং ছাৰ:- পৰামৰ্শটো আমাক উন্নত লাগিব। সেইবুলি প্রকৃতি ধ্বংস কৰি সেইটো কৰিব নালাগে। ভাৰসাম্য ৰাখি কৰিব লাগে। তেতিয়াহে আমাৰ দেশ ভাল হ'ব। উন্নত দেশ বিলাকে প্রকৃতি ধ্বংস কৰিব ল'লে, কিন্তু উন্নয়নশীল দেশবোৰৰ ভাৰসাম্য আছে। বাংলাদেশ, চীন, জাপান আদি দেশে ভাৰসাম্য ৰাখি কৰিছে, সেইকাৰণে সিহঁতৰ কোনো প্রভাৱ নপৰে। সেইটো আমাক Covid-19 য়ে শিকাই দিছে। এতিয়া বিশ্ববাসীয়ে সাৰ পাইছে। সেই সিদিনা মেক্সিকোত UNESCO ৰ ব্রেণ্ড এম্বেচাদৰক কোৱা হৈছে যে, সমগ্র বিশ্বই বছৰটোৰ সাত দিন লকডাউন দিব লাগে। পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ লকডাউন সাত দিনৰ বাবে বছৰটোত দিয়া জৰুৰী। কিয়নো পৃৃথিৱীলৈ বিভিন্ন ভাবুকি আহিছেে। এই ক্ষেত্ৰত পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে UNESCO য়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিৰ লগত মই ত্রিশ বছৰ চুক্তিনামাত আছিলো আৰু তাত মৌচিন টাউনত এমাহ থাকি দিনে এক লাখ ল'ৰা - ছোৱালীক গছ পুলি ৰুবলৈ শিকালোঁ। সিহঁতৰ দেশত গৈ দেখিছোঁঁ সিহঁতে আগতে ধ্বংস কৰি লৈছে, কিন্তু আমাৰ ভাৰতবৰ্ষত ভাৰসাম্য আছে, কাৰণ ভাৰতবৰ্ষ এনে এখন দেশ, যিখন দেশে আদিম যুগতে প্রথম কাপোৰ পিন্ধিছিল, গছ ৰুইছিল, তেনেকুৱা এখন দেশৰ শিক্ষা, জ্ঞান পেটফুটি ওলাই গৈছিল নেকি? আমাৰ Braindrain হোৱাৰ কাৰণে আমাৰ দেশৰ উন্নতি হোৱা নাই। সেয়েহে মাতৃভাষাত শিক্ষা দিব কৈছোঁ।
জ্ঞানম্: অৰ্থনৈতিক, ৰাজনৈতিক, ঐতিহাসিক আদি সকলো বিষয়তকৈ পৰিবেশ অধ্যয়ন বিষয়টো আটাইতকৈ উৰ্দ্ধত বুলি আপুনি কোৱা দেখা যায়। আপুনি বাৰু ভাবে নে দেশৰ প্ৰগতি তেতিয়াহে সম্ভৱ হ'ব, যেতিয়া পৰিবেশ বিষয়টোত অধিক গুৰুত্ব দিয়া হ'ব?
পায়েং ছাৰ: হয়। পৰিবেশ অধ্যয়ন বিষয়টোত অধিক গুৰুত্ব দিব লাগিব। কাৰণ, উশাহ লবৰ বাবে অক্সিজেন লাগিব আৰু সেই অক্সিজেন গছে যোগান ধৰি আমাক জীয়াই থাকিব দিয়ে। ভাৰতবৰ্ষ এনে এখন দেশ, য'ত মহামতি অশোকে হাজাৰ-হাজাৰ মানুহ মৰাৰ পাছত ৰাষ্টাই-ঘাটে গছ পুলি ৰুইছিল ; বুদ্ধদেৱে বৰগছৰ তলত তপস্যা কৰি দিব্যজ্ঞান লাভ কৰিছে। এতিয়া আমাৰ ভাৰতবৰ্ষৰ কাৰণে বিশ্বৰ দহজন মানুহে বহুত চিন্তা কৰে। কিয়নো, বৈজ্ঞানিক তথা ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে বিশ্বত ভাৰতক ইমান ওপৰত থৈ গৈছে যে যাক আমি ভাবিব নোৱাৰোঁ। সেইবাবে বিশ্বই ভাৰতীয় আদৰ্শ মতে চলে আৰু সন্মান কৰে।
জ্ঞানম্: ধন্যবাদ ছাৰ। ছাৰ, জৈৱ বৈচিত্ৰ্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক সজাগ কৰিবলৈ কেনেকুৱা পদ্ধতি অৱলম্বন কৰিলে আপুনি ভাল হ'ব বুলি ভাবে?
পায়েং ছাৰ: জৈৱ বৈচিত্ৰ্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক ভাৱে প্ৰাথমিক স্কুলৰ পৰাই শিক্ষা দিব লাগিব। Education System-ত ছাত্ৰ-ছাত্ৰীক হাতে-কামে শিক্ষা প্ৰদান কৰিব লাগিব। ভাৰতৰ কিছু কিছু ঠাইত দিল্লী বা গুজৰাটত প্ৰাক-প্ৰাথমিক স্তৰৰ পৰাই এই শিক্ষা দিছে। নামভৰ্তি কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে এজোপা কৈ গছ পুলি ৰোৱে আৰু দ্বাদশ শ্ৰেণীলৈকে গছজোপা ডাঙৰ কৰিব লাগিব। দৈনিক স্কুললৈ অহা-যোৱা কৰোঁতে গছ জোপা চোৱা-চিতা, পানী দিয়া, যত্ন কৰা, এইবোৰ লক্ষ্য কৰিহে পৰীক্ষাত নম্বৰ দিব। আমাৰ চৰকাৰে এনেকুৱা এটা নিয়ম প্ৰৱৰ্তন কৰিছে, য'ত B.A. first semester ত গছ এজোপা ৰুই ফটো দিলে Free Admission হয়। গছজোপা ৰোৱাৰ সময়ত যদি কেমেৰালৈ চায়, তেতিয়া পৰীক্ষাত অনুত্তীৰ্ণ হ'ব। প্ৰথম গছজোপা কি ৰুইছিল, আম নে কঠাল , সেই গছজোপা কিমান ডাঙৰ হ'ল 6th Semester ত সেইটো আকৌ দেখাব লাগিব। ছাত্ৰ-ছাত্ৰীয়ে নাজানিব পাৰে, কোনো কাৰণতে ফটোগ্ৰাফাৰে কেমেৰালৈ চাওক বুলি কৈ ফটো ল'ব নালাগে। সেইখন বৈঠকত মোকো মাতিছিল, মই তাত গৈছিলো। সেইকাৰণে মই ভাবো মই অসমত জন্ম লাভ কৰি আমাৰ অসমৰ ল'ৰা-ছোৱালীক যদি শুদ্ধ পথেৰে শিক্ষা দিব নোৱাৰোঁ, বৰ লজ্জাজনক কথা হ'ব। সেই কাৰণে স্কুল, কলেজ বিশ্ববিদ্যালয় বোৰত এইবোৰৰ বিষয়ে কৈছোঁ।
জ্ঞানম্: ধন্যবাদ ছাৰ। যধে-মধে প্ৰকৃতি ধ্বংসই পৃথিৱীত হোৱা মহামাৰী, যেনে বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা ক'ভিডৰ অন্যতম কাৰণ বুলি আপুনি ভাবে নে বাৰু?
পায়েং ছাৰ: হয়, অন্যতম কাৰণ হ'ব পাৰে। মানুহে প্ৰকৃতি ধ্বংস কৰি লৈছে। এতিয়া ক'ভিড-১৯ হৈছে। মানুহে মানুহক চুলে মৰে নেকি? এয়া কম ডাঙৰ কথানে! ডাক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানী সকল ক'লৈ গ'ল? যদি জানে, তাৰ আগতে কিয় চিন্তা নকৰিলে যে মানুহে মানুহক চুলে মৰিব। প্ৰকৃতিয়ে মানৱ জাতিক, বিশ্ববাসীক সোঁৱৰাই দিছিল। সেইকাৰণে বিশ্ববাসীক অনুৰোধ কৰিছোঁ এতিয়া পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বছৰেকত সাত দিন লক্ ডাউন দিব লাগে। নহ'লে পৃথিৱীলৈ বহু ভাবুকি আহিছে যে এণ্টাৰ্কটিকাত বৰফ গলিব আৰম্ভ হ'ল, সুমেৰুত যেতিয়া বৰফ গলিবলৈ আৰম্ভ হ'ব, হিমালয়তো তেতিয়া বৰফ গলিব আৰম্ভ হ'ব আৰু তেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লাগিব। গঢ়াখহনীয়া, বানপানী আদি নিয়ন্ত্ৰণ কৰিবলৈ, মহামাৰী আদিৰ পৰা ৰক্ষা পাবলৈ পৃথিৱীৰ সকলো খালী হৈ থকা মাটিত গছ-গছনি ৰোপন কৰিব লাগিব। তেতিয়াহে আমি জীয়াই থাকিব পাৰিম।
জ্ঞানম্: ধন্যবাদ ছাৰ। ১৯৮০ চনত কোকিলামুখত ঔ-অনা চাপৰিত বনানিকৰণ হাতত লৈছিল। তাত এজন বনকৰ্মী হিচাপে আপুনি আছিল। কাম শেষ হোৱাৰ পিছতো আপুনি তাতেই থাকি গ'ল। কিয় বাৰু?
পায়েং ছাৰ: Social first ৰ জন্ম ১৯৮০ চনত আৰু তাত কাম কৰিছিল ২০০২ চনত । মই মাতি আনিছিলোঁ মোৰ সুৰক্ষাৰ কাৰণে । চৰকাৰে develop হৈ গ'লে তাত মানুহ বহুৱাব । সেইটো নহ'বৰ কাৰণে মই ৰাষ্ট্ৰপতিৰ লগত যোগাযোগ কৰি নাকচ কৰি মাজুলী SDOC একেবাৰে transfer কৰাই সেইখন হাবি ৰখাও । সেইবোৰ বহুতো ঘাট-প্ৰতিঘাট । Forest ৰ যিখন law আছে, সেই law বিলাক মানুহে জনা খুবেই দৰকাৰ । আমি জানিবলৈ ইচ্ছা নকৰাৰ বাবে জধে- মধে গছ কাঁটো । মানুহ কাঁটিলে তিনি মাহত জামিন পায় । গছ কাটিলে বা জীৱ- জন্তু মাৰিলে সাত মাহ সাত বছৰলৈ জেলত থাকিব লাগিব আৰু মৰালৈকে তাৰ caseটো শেষ নহয় । ইমান টান মানে এই বন বিভাগৰ আইনখন । ইমানবোৰৰ মাজতো আমি ক'লৈ গৈছোঁ, সেইটো কথা মনত ৰাখিব । আমি কেইটামান টকাৰ বাবে প্ৰকৃতি ধ্বংস কৰিছোঁ । তাৰ বাবে covid-19 য়ে বুজাই দিলে যে এশমহলীয়া ঘৰত থকাজনৰ কি হৈ গ'ল আৰু মগনীয়া জনৰ ঘৰত কি হ'ল। মই ভাৱো আমৰ ল'ৰা-ছোৱালীয়ে একো ভুল কৰা নাই, আমিয়ে ভুল কৰি থৈ গ'লো। কাৰণ আমি তেনেকৈ শিক্ষা দিলোঁ, সেইবাবে মাৰা-কাটা সেইবোৰ হৈছে । এইবোৰ নহ'বৰ বাবে শিক্ষা বিভাগে চেষ্টা কৰিব লাগে ।শিক্ষা ভ্ৰমণ পোৱা টকাৰে ধৰ্ম মন্দিৰ চাব নিব নালাগে, কিতাপত পোৱা অভয়াৰণ্য কেইখন চাব নিব লাগে। জাৰ্মানীত গছ-গছনি, হাবিবোৰ ছাত্ৰ-ছাত্ৰীয়ে সুৰক্ষা দিয়ে, চৰকাৰে নহয়। ২০২০-৫০ চনৰ ভিতৰত ভাৰতবৰ্ষত জনসংখ্যা বহুত বেছি হ'ব, তেতিয়া জলবায়ুৰ ভীষণ তাৰতম্য হ'ব; সেইবোৰ কথা ভাবি মই বননিৰ লগত আত্মীক হৈ পৰিলোঁ।
জ্ঞানম: আপুনি ছাৰ লক্
ডাউনৰ সময়ছোৱা কেনেদৰে কটাইছিল ?
পায়েং ছাৰ: লক্ ডাউনৰ সময়ত ১১ তাৰিখে কুইন এলিজাবেথে বৃটিছ হাই কমিচনাৰৰ হাতত গুৱাহাটীত এৱাৰ্ড এটা দিয়ে । তাৰ পিছত ২৪ তাৰিখে গঁড় এটা আহিছিল হাবিত। সেই গঁড়টোৰ লগত কাজিৰঙা, মাজুলী, যোৰহাটত থাকিব লগা হ'ল । তাতোকৈ ডাঙৰ কথা যোৰহাট প্ৰশাসনে মোৰ ষাঠি বছৰীয়া জন্মদিন উপলক্ষে ৫০০০ গছপুলি উপহাৰ দিছিল। সেই ৫০০০ পুলি ৰুবলৈ সক্ষম হ'লো। লক্ ডাউনৰ সময়ত জীৱ-জন্তু, চৰাই- চিৰিকটিবোৰেৰে সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছিল । লক্ ডাউনৰ বাবে সেই সুন্দৰ দৃশ্যবোৰ দেখিবলৈ সক্ষম হ'লোঁ ।
জ্ঞানম: ছাৰ আপোনাক মুলাই বুলি কিয় কয় ?
পায়েং ছাৰ: আগতে বৰ ধুনীয়া আছিলোঁ । একেবাৰে ৰঙা- বগা মুলাৰ দৰে আছিলোঁ বাবে মুলাই নাম দিয়ে ।
জ্ঞানম: পৃথিৱীৰ কোন কোন দেশত আপোনাৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে ?
পায়েং ছাৰ:
USA, টাইৱান, জাৰ্মানী, মহাৰাষ্ট্ৰ আদিত । অসমতো দিছে । ল'ৰা - ছোৱালীৰ
মগজুটো বিকাশ হ'বলৈ চাবিয়ামিম বুলি এগৰাকীয়ে কাৰ্টুনও বনাইছে মোকলৈ । আপোনালোক
শিক্ষকবোৰে কিতাপখন online book কৰি ল'ব পাৰিব ।
জ্ঞানম: শিশুসকলৰ
প্ৰতি নতুবা নতুন প্ৰজন্মলৈ আপোনাৰ আহ্বান কি ?
পায়েং ছাৰ : শিশুসকলৰ আৰু নতুন প্ৰজন্মলৈ মোৰ এটাই আহ্বান, তেওঁলোকে প্ৰাথমিক বিদ্যালয়ৰ পৰা বৃক্ষৰোপণ কৰক আৰু জন্ম দিনবোৰত কেক্ নাকাটি গছপুলি ৰোপণ কৰক আৰু গছপুলি উপহাৰ দি এই সুন্দৰ ধৰাখন সেউজী কৰক ।
জ্ঞানম : আপোনাক
আমাৰ জ্ঞানমৰ তৰফৰ পৰা অশেষ ধন্যবাদ ছাৰ ।
আপোনাক লগ পাই
খুব ভাল লাগিল । আপোনাৰ বহুমূলীয়া সময়কণ দিয়া বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত,
আপোনাৰ সু- স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি এই বিশ্ব
অৰণ্য দিৱসৰ দিনা অৰণ্য মানৱৰ আদৰ্শৰে বাট বুলিম বুলি সংকল্প লৈছোঁ।
সাক্ষাৎকাৰ : অৰণ্য মানৱ যাদৱ পায়েং
সাক্ষাৎকাৰ গ্রহণ : সৰস্বতী দত্ত
অলংকৰণ :- সুৰভি দাস
0 Comments