header ads

স্বাস্থ্য দিৱস আৰু সাম্প্ৰতিক ৰুগ্ন পৃথিৱী | Assamese article by Anurupa Choudhury

স্বাস্থ্য দিৱস আৰু সাম্প্ৰতিক ৰুগ্ন পৃথিৱী

স্বাস্থ্য দিৱস আৰু সাম্প্ৰতিক ৰুগ্ন পৃথিৱী | Assamese article by Anurupa Choudhury


        'শৰীৰমাদ্যম্ খলু ধৰ্ম সাধনম্ '।কৰ্ম কৰিবলৈ হ'লে শৰীৰো কৰ্মঠ হৈ থাকিব লাগিব। কৰ্মই ধৰ্ম। যিখন দেশৰ নাগৰিক কৰ্মহীন, সেইখন দেশ কেতিয়াও উন্নতিৰ দিশে ধাৱমান হ'ব নোৱাৰে। দেশৰ বাবে,সমাজৰ বাবে কাম কৰি যাবলৈ হ'লে আমাৰ শাৰীৰিক সুস্থতাৰ অতি প্ৰয়োজন। শাৰীৰিক সুস্থতা মানে ইয়াত কায়িক আৰু মানসিক দুয়োটা অৱয়ৱকে সামৰি লোৱা হৈছে।সুস্থ শৰীৰত সুস্থ মন এটা বাস কৰিলেহে এজন মানুহ সম্পূৰ্ণৰূপে সক্ষম হয়; যিজন মানুহৰপৰা সমাজৰো হিত সাধন হয়।


গান্ধীজীয়ে সেয়ে কৈছিল--"It is health that is real wealth, and not pieces of gold
and silver.If you have the health, nobody can stop you from achieving all the gold or silver or whatever it is,that you are after".
কিন্তু তাৰ বিপৰীতে আমি বাস কৰা পৃথিৱীখন দিনকদিনে ৰুগ্ন হৈ গৈ আছে। সকলো জীৱ-জন্তুৰ পৰা প্ৰকৃতিলৈকে বৰ্তমানৰ পৃথিৱীখন ৰুগ্ন। আমাজানৰ যি বৰ্ষাৰণ্যই পৃথিৱীৰ প্ৰায় ২০%অক্সিজেন উপহাৰস্বৰূপে যোগান ধৰিছিল;সেই বৰ্ষাৰণ্যও জীৱশ্ৰেষ্ঠ মানুহৰ লোলুপ দৃষ্টিত পৰিল। মানৱজাতিৰ উন্নয়নৰ নামত প্ৰকৃতিৰ ধ্বংসলীলা চলিল। মানুহৰ জীৱন- ধাৰণৰ মান উন্নত কৰিবলৈ গৈ নিয়ম বহিৰ্ভূতভাৱে যধে-মধে, য'তে ত'তে উদ্যোগ স্থাপন হ'ল। পৰিণতিত বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ,জল প্ৰদূষণ, খাদ্য-সামগ্ৰীত প্ৰদূষণ আদি দ্ৰুতগতিত বাঢ়ি থাকিল। এফালে মানুহৰ বিলাসী আৰামদায়ক জীৱন এটা আৰম্ভ হ'ল; আনফালে পৃথিৱীৰ প্ৰকৃতিয়ে যন্ত্ৰণাত চটফটাব ধৰিলে।
সেয়ে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ ১৯৪৮ চনত জেনেভাত অনুষ্ঠিত হোৱা প্ৰথম অধিৱেশনতেই পৃথিৱীৰ সমগ্ৰ মানৱ জাতিৰ স্বাস্থ্য সজাগতা অটুট ৰাখিবলৈ প্ৰতিবছৰৰ ৭ এপ্ৰিল তাৰিখটো 'বিশ্ব স্বাস্থ্য দিৱস' ৰূপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।সেইমৰ্মে ১৯৫০ চনত সমগ্ৰ বিশ্বজুৰি প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছিল। প্ৰতিবছৰে স্বাস্থ্য সম্পৰ্কীয় এটা বিশেষ বিষয় নিৰ্বাচন কৰি এই দিৱস পালন কৰি অহা হৈছে। ১৯৫০চনৰ নিৰ্বাচিত বিষয়টো আছিল 'Know your health services' .এই বছৰৰ (২০২১চন) বিষয়টো হ'ল 'Building a fairer, healthier world for everyone' .



        স্বাস্থ্য সম্পৰ্কীয় সজাগতা সৃষ্টিৰ সমান্তৰালকৈ পৃথিৱীখন পৰোক্ষভাৱে ৰুগীয়া অৱস্থালৈ গতি কৰি আছে। মানৱজাতিয়ে কেবাবাৰো মহামাৰীৰ সন্মুখীন হ'বলগীয়া হৈছে। পিছে বিজ্ঞানৰ হাতত ধৰি এই মহামাৰীৰ পৰা মানৱজাতিয়ে পৰিত্ৰাণো পাই আহিছে। বিজ্ঞান তথা চিকিৎসা বিজ্ঞানে শীৰ্ষত অৱস্থান কৰি থকাৰ সময়তে শেহতীয়াকৈ ২০১৯ চনৰ শেষৰফালৰপৰা সমগ্ৰ পৃথিৱীৰ মানুহ পুনৰ এক বীজাণুৰ কৱলত বন্দী। এই বীজাণু ইমানেই সংক্ৰমক যে ইয়াক মহামাৰীৰ সলনি অতিমাৰী বুলিহে কোৱা হৈছে। মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা এই বীজাণু বিধক নাম দিয়া হৈছে 'অতিমাৰী ক'ভিড-১৯'। চিকিৎসা বিজ্ঞানে অহৰহ গৱেষণা কৰি ক'ভিড-১৯ৰ প্ৰতিষেধক উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে যদিও এইয়া এতিয়াও ফলপ্ৰসূ হোৱা নাই।যাৰ ফলত বিগত প্ৰায় ডেৰ বছৰ ধৰি মানৱ জাতি পুনৰ ৰোগৰ কৱলত। পৃথিৱী পুনৰ ৰুগ্ন। আটাইতকৈ চিন্তনীয় বিষয়টো হ'ল যে এই অতিমাৰীয়ে পৃথিৱীৰ মানুহক অকল শাৰীৰিক ভাবেই গ্ৰাস কৰা নাই ; ই মাধমাৰ শোধাইছে অৰ্থনৈতিক, শৈক্ষিক, সামাজিক ক্ষেত্ৰবোৰতো। এতিয়া আমাৰ নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক সুস্থতাৰ যত্নৰ লগতে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ চিকিৎসা, যত্নৰো বহুত প্ৰয়োজন হৈ পৰিছে।অতিমাৰীৰ প্ৰভাৱত সৃষ্ট লকডাউনে সৃষ্টি কৰা আৰ্থিক অনাটন, শাৰীৰিক অসুখ দৃশ্যমান। সকলোৰে প্ৰত্যেক্ষ দৃষ্টিত বোধগম্য। কিন্তু লকডাউনৰ ফলত চলাচল বন্ধ হৈ পৰা আমাৰ ছাত্ৰ -ছাত্ৰীসকলৰ মানসিক জগতখন ? তেওঁলোকৰ বিশৃংখল হৈ পৰা দৈনন্দিন ৰুটিন, শিক্ষা গ্ৰহণত বিজুতি, খেল-ধেমালিৰপৰা নিলগত অৱস্থান, বন্ধু বৰ্গৰ হাঁহি-ধেমালিৰপৰা বিৰত আদি অনেক অস্বাস্থ্যকৰ অৱস্থা। সেয়ে এই ৰুগ্ন পৃথিৱীত শিক্ষক সমাজৰ গধূৰ আৰু সংবেদনশীল দায়িত্ব-----ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক পাঠদানৰ উপৰি তেওঁলোকক মনস্তাত্বিকভাৱে বুজি ভৱিষ্যতৰ দিশে আগুৱাই নিয়া। এৰিষ্ট'টলে কোৱা কথাষাৰ--------"Education is the creation of sound mind in a sound body"---আজি বাৰুকৈয়ে প্ৰযোজ্য।

                                                -------------*******------------



অনুৰূপা চৌধুৰী
উপ-সচিব
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ






অলংকৰণ :-  পল্লবী পাঠক


Post a Comment

0 Comments