header ads

শিক্ষা আৰু কৈশোৰ কালৰ দিক নিৰ্দেশনা | Assamese article by Madhab Ch Deka

 শিক্ষা আৰু কৈশোৰ কালৰ দিক নিৰ্দেশনা



        শিক্ষাৰ প্ৰকৃত অৰ্থ হ'ল জ্ঞান আহৰণ কৰা। মানুহৰ আচৰণ আৰু প্ৰবৃত্তিসমূহক যিমান পাৰি সিমান সংশোধন কৰি মানুহক এটি বিশেষ জীৱ হিচাপে পৰিগণিত কৰাটোৱেই শিক্ষাৰ উদ্দেশ্য। শিক্ষাৰ সংজ্ঞা দিয়াতকৈ ধাৰণা দিয়াটো সহজ। কাৰণ, শিক্ষাই সৰ্বশেষত প্ৰতিজন শিশুকেই মানুহ হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে শিক্ষা মানৱ জীৱনৰ অবিচ্ছিন্ন আৰু মূল অংশ। মানুহ শব্দটো অকলে ব্যৱহাৰ কৰাতকৈ এজন পৰিপূৰ্ণ মানুহ বুলি কোৱাটোহে উচিত। পৰিপূৰ্ণ মানুহৰ ধাৰণাটো হ'ল জীৱনৰ প্ৰতিটো খোজতেই নিৰ্ভুল সিদ্ধান্ত গ্ৰহণ আৰু কৰ্মৰে আগুৱাই যাবৰ বাবে যোগ্যতা অৰ্জন কৰা। অৱশ্যে শিক্ষা যে অকল মানুহৰ বাবেই নিৰ্দিষ্ট, তেনে ধাৰণা শুদ্ধ নহয়। কিয়নো আমি দেখা হিংস্ৰ জন্তুকো চাৰ্কাছত নানা ধৰণৰ শিক্ষা দিয়া হয় বা নানান বনৰীয়া জন্তুকো ঘৰচীয়া কৰি বিভিন্ন কামত নিয়োজিত কৰা হয়। আজিকালি মাখিকো শিক্ষিত কৰি চোৰাংচোৱাৰ কামত নিয়োজিত কৰাৰ কথা শুনা যায়।


    এতেকে আমি এনে এটা সিদ্ধান্তলৈ আহিব পাৰো যে, শিক্ষা এটা বিশাল কৰ্ম, যাৰ পৰিসৰ অসীম। আজিৰ পৰা ৩০/৪০ বছৰ আগলৈ আনুষ্ঠানিক শিক্ষাৰ ঘাইকৈ তিনিটা শাখাহে আছিল- কলা, বিজ্ঞান আৰু বাণিজ্য। কিন্তু আজি শিক্ষাই ইমান বিস্তীৰ্ণ ৰূপ ধাৰণ কৰিছে যে আজিৰ বিশাল পৃথিৱীত প্ৰয়োজনীয় বিভিন্ন ভাগত বিশেষজ্ঞ তৈয়াৰ কৰিবলৈ শিক্ষাৰ বহুধা বিভক্ত শাখা সৃষ্টি হৈছে। যেনে- চিকিৎসকসকললৈ চালে আমি দেখা পাওঁ যে শৰীৰৰ প্ৰায় প্ৰতিটো অংগৰ সমস্যা সমাধানৰ বাবে সুকীয়া বিশেষজ্ঞৰ প্ৰয়োজন হৈছে। শিক্ষা গ্ৰহণ আৰু শিক্ষাদানৰ এই বিশাল, জটিল, নিৰৱছিন্ন আৰু কৰ্মকাণ্ডৰ মাজেৰে শিশুৰ শিক্ষাৰ মূল কথা আৰু সমস্যাবোৰ একেই আছে আৰু একেই থাকিব। কাৰণ, নিৰোগী মানুহৰ বিকাশ আৰু চিন্তা কৰিব পৰা ক্ষমতা তথা অৰ্হতা স্হান-কাল-পাত্ৰ-অৱস্থা ভেদে থুল-মূল ভাৱে একে। তাৰোপৰি, পৃথিৱীৰ বিভিন্ন শিক্ষাবিদসকলে প্ৰকাশ কৰা শিক্ষাৰ ধাৰণাসমূহ ওচৰ চপা। যেনে-

১) "শিক্ষা হ'ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্যৰ বিকাশ আৰু সম্ভাব্য পূৰ্ণতা আনি দিয়ে।"-প্লেট'।
২) "ভুল আঁতৰোৱা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হ'ল শিক্ষা।"-চক্ৰেটিছ।
৩) "যিয়ে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰিব পাৰে, সেয়াই হ'ল শিক্ষা।"- এৰিষ্ট'টল।
৪) "মানুহৰ অন্তৰ্নিহিত শক্তিসমূহ স্বাভাৱিক সংগতিপূৰ্ণ প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা।"- পেষ্টাল'জি।
৫) "শিক্ষা হৈছে জীৱন ব্যাপি চলা এটা প্ৰক্ৰিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পুনৰ্নিমাণ কৰিব পাৰে।"-জন ডিউই।
৬) "শিক্ষাৰ মূল লক্ষ্য হ'ল অৱস্থিতিৰ লগত জীৱনৰ সামঞ্জস্য সাধন কৰা।"-ৰবীন্দ্ৰ নাথ ঠাকুৰ।
৭) " মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা।"-স্বামী বিবেকানন্দ।
৮)"শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দ্বিপাক্ষিক প্ৰক্ৰিয়াই হ'ল শিক্ষা।"- ছাৰ জন আদামছ।
৯) " যিয়ে শিশুৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশ সম্পাদন কৰে সেয়েই শিক্ষা।"-মহাত্মা গান্ধী।

        ওপৰোক্ত সংজ্ঞাবোৰ ফঁহিয়াই চালে এটা কথা স্পষ্ট হৈ পৰে যে প্ৰত্যেকে শিক্ষাৰ উদ্দেশ্যে প্ৰতিজন শিশুক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰি ৰখাৰ লগতে জীৱনলৈ অহা প্ৰত্যাহ্বান সুচিন্তিতভাৱে মোকাবিলা কৰিবলৈ যথোপযুক্ত ভাৱে অৰ্হতা আৰু দক্ষতা অৰ্জন কৰা বুলি মত পোষণ কৰিছে।
শিক্ষাৰ প্ৰক্ৰিয়া সম্পৰ্কে ক'বলৈ লৈ বিশিষ্ট শিক্ষাবিদ জন ডিউইয়ে কৈছিল যে শিক্ষা হৈছে এটা ত্ৰিপাক্ষিক পদ্ধতি যাক এটা ত্ৰিভুজৰ লগত তুলনা কৰা হৈছে। যি ত্ৰিভুজৰ শীৰ্ষকোণত থাকে শিক্ষক আৰু সামাজিক পৰিৱেশ। শিক্ষক আৰু সামাজিক পৰিৱেশৰ ভূমিভাগ যিমানেই বহল হ'ব, সিমানেই ত্ৰিভুজৰ শীৰ্ষবিন্দুটো ওখলৈ নিব পৰা যাব।
এই ক্ষেত্ৰত সামাজিক পৰিৱেশক কেৱল মাথোন এটা বিষয় হিচাপে চাব নোৱাৰি। এই সামাজিক পৰিৱেশত শিক্ষানুষ্ঠানৰ পৰিৱেশ, চৌপাশৰ সামাজিক অৱস্হান, অভিভাৱকৰ মানদণ্ড, অৰ্হতা, জ্ঞান, সংস্কৃতি, ৰুচিবোধ ইত্যাদি, প্ৰচলিত ব্যৱস্থাটোৰ চৰিত্র আদিৰ সামূহিক প্ৰতিফলন থাকে।
        প্ৰাথমিক শিক্ষা বা উচ্চ শিক্ষাৰ এটা মসৃণ অৱস্থা দেখা পোৱা যায়। প্ৰাথমিক শিক্ষাৰ শিক্ষাৰ্থীসকল শিশু অৱস্থাত থাকে বাবে কথা শুনাবলৈ বা বুজাবলৈ সিমান বেছি অসুবিধা নহয়। সেইদৰে উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলেও যিহেতু বুজন হয়-এনে অৱস্থাত তেওঁলোকে বহুখিনি নিজৰ দায়িত্ব নিজে পালন কৰিব পাৰে। কিন্তু উচ্চ- প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ- মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকল যিহেতু বয়:সন্ধি অৱস্থাত থাকে, এনেক্ষেত্ৰত এনে শিক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক বয়সৰ মাজত সন্তুলন বজাই ৰাখি আগুৱাই নিয়াটো জৰুৰী হৈ পৰে। বয়:সন্ধিকাল বাৰ-তেৰ বছৰৰ পৰা ওঠৰ-ঊনৈছ বছৰলৈ থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মনোবিজ্ঞানী জি. ষ্টেনলি হলে এই বয়:সন্ধি কালছোৱাক মানৱ জীৱনৰ ধুমুহা আৰু জোৱাৰৰ সময় বুলি অভিহিত কৰিছিল। ইংৰাজী ভাষাত এই বয়:সন্ধিৰ সময়ছোৱাক টিন এজ (Teen Age) বুলিও কয়। ইংৰাজী নেওঁতাখন একাদিক্ৰমে মাতি গলে দেখা পোৱা যায় যে তেৰ( Thirteen)ৰ পৰা ঊনৈছ(Nineteen)লৈ শেষৰ চাৰিটা বৰ্ণ টিন(Teen) উচ্চাৰণ হয়।
        শিক্ষা মনোবিজ্ঞানীসকলে এই সময়ছোৱাক মুঠতে পাঁচটা ভাগত বিভক্ত কৰিছে-
১) জৈৱিক বিকাশ আৰু উন্নতি(Biological growth and development)
২) অসংজ্ঞাবদ্ধ অৱস্হান(An undefined status)
৩) সিদ্ধান্ত গ্ৰহণৰ তৎপৰতা বৃদ্ধি(Increased decision making)
৪) চাপ বৃদ্ধি (Increased pressure)
৫) আত্ম পৰিচয় সন্ধান(Search for self)
মন কৰিবলগীয়া কথা হ'ল যে পাঁচোটা ভাগতেই এক আচৰিত মিল দেখা পোৱা যায়, সেইটো হ'ল - অবিৰত পৰিৱৰ্তন আৰু নতুনত্বৰ সন্ধান। এনেধৰনৰ পৰিৱৰ্তনৰ বাবে যিবোৰ বৈশিষ্ট্যই কৈশোৰৰ মনত প্ৰতি মূহুৰ্ততে ক্ৰিয়া কৰি থাকে সেইবোৰ হ'ল-
১) দৈহিক বিকাশ
২) মানসিক বিকাশ
৩) আৱেগিক বিকাশ
৪) সামাজিক সচেতনতা
৫) নৈতিক চেতনা বোধ
৬) বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ
৭) সৃষ্টিশীল কল্পনা
৮) বীৰপূজাৰ প্ৰৱণতা
৯) দু:সাহসিকতা
১০) আত্মনিৰ্ভৰশীলতা।
        এই প্ৰতিটো বৈশিষ্ট্যৰ সঠিক দিক নিৰ্দেশনাৰেই যে একো একোজন শিকাৰুৱে নিজকে জীৱনত যথোপযুক্ত ভাৱে গঢ়ি তুলিব পাৰে বা প্ৰতিজনেই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, সেই কথাষাৰ শিক্ষা মনোবিজ্ঞানীসকলে কৈ গৈছে।
        বয়:সন্ধি কালছোৱাত ল'ৰা-ছোৱালীৰ দ্ৰুত দৈহিক পৰিৱৰ্তন সংঘটিত হোৱাটো বিকাশৰ এক তাৎপৰ্যপূৰ্ণ ঘটনা। শাৰীৰিক পৰিৱৰ্তনৰ প্ৰথম অৱস্থাত কিশোৰ- কিশোৰী ওখ হবলৈ আৰম্ভ কৰে। ল'ৰাৰ ক্ষেত্ৰত দাঁড়ি-গোঁফ গজে, শৰীৰৰ নোম গজিবলৈ ধৰে, স্বৰযন্ত্ৰৰ পৰিৱৰ্তনেৰে মাত খহটা, ডাঙৰ আৰু কৰ্কশ বিধৰ হয়। ছোৱালীৰ ক্ষেত্ৰতো পৰিৱৰ্তন স্পষ্ট ৰূপত ধৰা দিয়ে। এই দশাত ছোৱালীৰ ঋতুস্ৰাৱ আৰম্ভ হয়। ছোৱালীৰ মাতত কোমলতা আৰু সুশ্ৰাব্য ধ্বনিৰ সৃষ্টি হয়। নিজৰ কণ্ঠৰ এক ধৰণৰ ঝংকাৰিত সুৰ নিজেই অনুভৱ কৰে। নিজৰ শৰীৰৰ ওপৰেদি যেন এটা বাঁহীৰ কোমল সুৰীয়া সুৰ বৈ গৈছে তেনে অনুভৱ কৰে। এই দশাত লৰা-ছোৱালীৰ গৌণ-যৌন চৰিত্ৰ স্পষ্ট ৰূপত প্ৰকাশ পায়।

        এই সময়ছোৱাত মনঃস্তাত্বিক ভাবে শাৰিৰীক পৰিৱৰ্তনে শিশুকালৰ জিজ্ঞাসাক আয়ত্বলৈ আনিব বিচৰাৰ কিবা যেন বুজি পোৱাৰ অনুভৱ এটা দিয়ে ; শিশুসকলৰ পৰা দূৰৈত অৱস্থান কৰে। এই অৱস্থাত তেওঁলোক এক বিচ্ছিন্ন মানসিকতাৰ চিকাৰ হয়। সৰু আৰু ডাঙৰ কাৰো সাহচৰ্য নাপায়। একধৰণৰ নিঃসংগতা বোধ। এই সময়চোৱাত তেওঁলোকৰ ভাল-বেয়াৰ বিচাৰ কৰাৰ ক্ষমতা নাথাকে বাবে এনে সময়ছোৱাত কিশোৰ-কিশোৰীসকল বিপথে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে। কিছুমানে এই সময়ছোৱাত নানা প্ৰলোভন দেখুৱাই নানান সপোন দেখুৱাই বিভিন্ন বেয়া কামত লিপ্ত কৰা দেখা যায়। সেয়ে এই সময়ছোৱাত অভিভাৱক- অভিভাৱিকা সকলে লৰা ছোৱালীৰ লগত বন্ধুত্বসুলভ আচৰণ দেখুওৱাৰ প্ৰয়োজন আছে।

        কৈশোৰ কালত নিজৰ অৱস্থানৰ অনিৰ্ণেয়তাই দেখা দিয়ে। তেওঁলোকে গম পায় যে তেওঁলোক এতিয়া আৰু শিশু নহয়। তেওঁলোকে প্ৰত্যেক মুহূৰ্ততে নিজকে জ্যেষ্ঠ বুলি গণ্য কৰি অবাধ স্বাধীনতা কাম্য কৰে। নিজৰ এটা অৱস্থান নিজে গঢ়ি তুলিব বিচাৰে।
আমি সকলোৱে কওঁ যে ঘৰখনেই শিশুৰ শিক্ষাৰ ঘাই কঠিয়াতলী । কিন্তু আমাৰ সকলোৱেই ঘৰৰ ধাৰণাটো অকল মাক-দেউতাক, ভাই- ভনী, ককা-আইতা আদি চৌহদটোকেই ধাৰণা কৰোঁ। কিন্তু শিশু বা কিশোৰ-কিশোৰীৰ বাবে ঘৰৰ পৰিসীমা বা সংজ্ঞা কিছু পৃথক হয় । ভালদৰে চালে দেখা যায় যে পৰিয়াল, পঢ়াশালি আৰু চৌপাশৰ সমাজেই হ'ল কিশোৰ-কিশোৰীৰ ঘৰ। এই তিনিওখন ঘৰৰ পৰাই তেওঁলোকে শিক্ষা লাভ কৰে। এই তিনিওখন ঘৰৰ মাজত কিশোৰ-কিশোৰীয়ে নিজক আৱিষ্কাৰ কৰিবলগীয়া হয়। তেওঁলোকক বুজাবলগীয়া হয় মানৱজীৱনৰ বাবে এই তিনিওখন ঘৰৰ মাজেৰেই তেওঁলোকে গঢ়ি তুলিব লাগিব নিজৰ জীৱন।
মনকৰিবলগীয়া কথা যে এই ঘৰৰ শিক্ষাৰ মাজেদি কিশোৰ-কিশোৰীৰ জীৱনত ভালেমান গুৰুত্বপূৰ্ণ আৰু ইতিবাচক পৰিৱৰ্তন আৰম্ভ হয়। এনেবোৰ পৰিৱৰ্তনৰ মাজত আত্মশৃংখলা, নীতি-নিষ্ঠতা, বন্ধু-বৎসলতা বিশেষভাৱে উল্লেখনীয়।
        এইখিনিতি আমি এটা কথা আলোচনাৰ মাজলৈ আনিব পাৰোঁ যে সাধৰণতে আমি কিশোৰ-কিশোৰীৰ উন্নতিৰ বাবে তেওঁলোকৰ বিভিন্ন ক্ৰুটি-বিচ্যুতি আঙুলিয়াই দিয়াতেই নিজকে সীমাবদ্ধ কৰি ৰাখো; কিন্তু আমি পাহৰোঁ যে তেওঁলোকৰ প্ৰকৃত বিকাশ তেতিয়াহে সম্ভৱ হব বা মানুহ হিচাপে গঢ়ি তুলিবৰ বাবে কৰা প্ৰয়াস তেতিয়াহে বাস্তৱিক হ যদিহে তেওঁলোকৰ অভ্যন্তৰত থকা ইতিবাচক গুণসমূহ বিকশাই তুলিবলৈ আমি সহযোগিতা আগবঢ়াওঁ। যেনে - কিশোৰ-কিশোৰীয়ে নিষ্ঠুৰ আচৰণ প্ৰদৰ্শন নকৰিবৰ বাবে তেওঁলোকৰ মনত উদাৰতাবোধ জগাই তুলিব লাগিব, বেয়া বা অশুভ প্ৰভাৱৰপৰা ৰক্ষা কৰিবলৈ তেওঁলোকৰ মনত জগাই তুলিব লাগিব সকলো অশুভ বা বেয়া প্ৰভাৱ অতিক্ৰম কৰিব পৰাৰ আত্মবিশ্বাস। সেইবাবেই মাক-দেউতাকৰ ঘৰখনত ন্যায়পৰায়ণতাৰ সাধাৰণ ধাৰণাসমূহ যদি আয়ত্ত কৰিব নোৱাৰে, তেনেহলে পঢ়াশালিত বা বন্ধু-বান্ধৱৰ সৈতে বিভিন্ন বিসংগতিৰ মুখামুখি হবলগীয়া হয়। 
নিজৰ অৱস্থান নিৰূপণৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে কিশোৰ-কিশোৰীসকলে দেখা পায় যে দ্ৰুতভাৱে তেওঁলোকে নাবালকত্ব অতিক্ৰম কৰিছে। শাৰীৰিক আৰু চিন্তাৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। কিন্তু লক্ষণীয় কথা যে শিশুসকলৰ কিছুমান বৈশিষ্ট্য-যেনে, আঁকোৰগোঁজ মানসিকতা, স্বেচ্ছাচাৰিতা, আত্মনিৰ্ভৰশীলতাৰ বাবে নিৰৱচ্ছিন্ন প্ৰয়াস, আত্মকেন্দ্ৰিকতা আদি এই সময়ছোৱাতো থাকিয়েই যায়। অৱশ্যে শিশুকালৰ বৈশিষ্ট্যসমূহ কিশোৰ-কিশোৰী অৱস্থাত ৰূপান্তৰ ঘটে। যেনে- আত্মকেন্দ্ৰিক শিশু এটিয়ে কৈশোৰকালত নিজৰ ব্যক্তিস্বাতন্ত্ৰ্য অনুভৱ কৰে আৰু প্ৰৱল আত্মবিশ্বাসৰ অধিকাৰী হয়। পৰিণামস্বৰূপে, তেনে কিশোৰ-কিশোৰীয়ে নিজকে এক সত্বা হিচাপে উপলব্ধি কৰে আৰু আত্মবিশ্লেষণৰ ক্ষমতাৰ দ্ৰুত বিকাশ হয় আৰু লগে লগে আৰম্ভ কৰে পিতৃ-মাতৃৰ প্ৰতি সমালোচনাত্মক মূল্যায়ন। কিন্তু, তেনে মূল্যায়নো স্হায়ী নহয় তাৰো দ্ৰুত পৰিৱৰ্তন ঘটে।
        কিশোৰ কিশোৰীয়ে সাধাৰণতে পৰস্পৰ বিৰোধিতা নিবিচাৰে। সেইবাবে তেওঁলোকে সামান্য কথাতে মাক-দেউতাকক শিক্ষকসকলক, কিতাপৰ নায়কসকলক, প্ৰতিষ্ঠিত ব্যক্তিসকলক সমালোচনা কৰে বা তেওঁলোকৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে। এনেবোৰ সমালোচনাৰ এটাই উদ্দেশ্য -হৃদয়ৰ সকলো ব্যগ্ৰতাৰে, অস্থিৰতাৰে কিশোৰ-কিশোৰী সকলে মনে বিচৰা এজন বীৰৰ সন্ধান কৰে আৰু তেওঁক প্ৰভাবান্বিত কৰা এজন ব্যক্তিৰ দৰে হ'ব বিচাৰে। এই স্তৰত নিজৰ অৱস্থান নিৰ্ণয় কৰিবৰ বাবে লগতে নিজৰ অৱস্থান প্ৰতিষ্ঠা কৰিবৰ বাবে-অসংখ্য ভ্ৰম আৰু ভুল বুজাবুজিৰ মাজেৰে নিজকে আত্মনিৰ্ভৰশীল কৰিব বিচাৰে। সেয়েহে, এই সময়ৰ ভুলভ্ৰান্তিবোৰ অসৎ উদ্দেশ্যপ্ৰণোদিত বা ভয়ংকৰভাৱে সমাজবিৰোধী বুলি বিবেচনা কৰা অনুচিত। কিন্তু একে সময়তে তিনিওখন 'ঘৰ'ৰ দায়িত্ব হ'ল- সাহসিকতা আৰু ধৃষ্টতা তথা স্বাধীনতা আৰু স্বেচ্ছাচাৰিতা আদিৰ মাজৰ পাৰ্থক্যসমূহ অভিজ্ঞতা আৰু উদাহৰণৰ মাজেৰে, সহনশীলতাৰ মাজেৰে বুজাই দিয়া। কাৰণ, কিশোৰ বয়সৰ বৈশিষ্ট্যই হৈছে -সকলোৰে সন্মুখত প্ৰতি মুহূৰ্ততে নিয়ম ভাঙি দিব বিচাৰে। পূৰ্বেই কোৱা হৈছে-কিশোৰ-কিশোৰীয়ে প্ৰতি মূহুৰ্ততে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰে আৰু নিজৰ অৱস্থান নিৰূপণ কৰিব বিচাৰে। সেয়েহে যাতে আত্মনিৰ্ভৰতাৰ প্ৰয়াস কেৱল দায়িত্বহীন বিদ্ৰোহ আৰু অৰ্থহীন আক্ৰমণলৈ অৱনমিত নহয় তাৰ বাবে শিশু কালৰেপৰা সমস্ত কৈশোৰ অৰ্থাৎ বয়ঃসন্ধি কালটোত দৈনন্দিন জীৱনৰ মাজেৰে উদাৰতা আৰু ন্যায়পৰায়ণতাৰ নিৰন্তৰ শিক্ষা দিব লাগিব আৰু এনে পৰিৱেশৰ মাজেৰে গঢ়ি তুলিব লাগিব ভৱিষ্যত মানৱ জীৱনৰ ভেটি। সিদ্ধান্ত গ্ৰহণৰ ব্যগ্ৰতা কৈশোৰ কালৰ এটা উল্লেখযোগ্য মানসিকতা। আমি পূৰ্বতেই উল্লেখ কৰিছোঁ যে স্ব-বিৰোধিতা কৈশোৰ কালত এক বিসংগতিৰ কাৰক। যেনে-ইপিনে শিয়াল, কুকুৰ, মেকুৰী, ভূত আদিৰ ভয় শিশুমনত সিঁচি দিয়া হয় আৰু কৈশোৰ কালত কোৱা হয় -শিশুক নৰ্মদাৰ পৰা বুটলি অনা হৈছে, ষ্টেচনৰ পৰা আনিছে, হস্পিতালৰ পৰা কিনি আনিছে। স্বাভাৱিকতে এই স্ব-বিৰোধিতাই শিশুৰ মনত মাতৃৰ লগত মনস্তাত্বিক দূৰত্ব অনুভৱ কৰে।এনে সামান্য 'ভুল'ৰ বাবে মাতৃৰ গৰ্ভধাৰণ আৰু প্ৰসৱৰ সকলো কষ্ট ব্যৰ্থ হৈ যায় আৰু মাতৃৰ সৈতে শিশুৱে নাড়ীৰ আত্মীয়তা অনুভৱ নকৰে।পৰিণাম স্বৰূপে, সিদ্ধান্তগ্ৰহণত বিসংগতি হয়। সেয়েহে, শিশু কালৰেই পৰা কিশোৰকাললৈ স্ব-বিৰোধিতাৰ সলনি সত্য উন্মোচনৰ নিষ্ঠাৰ শিক্ষাৰে কিশোৰকালত সঠিক সিদ্ধান্ত ল'বলৈ স্বতঃপ্ৰণোদিতভাবে আগুৱাই যাব পাৰিব। কাৰণ প্ৰতিটো শিশুৱেই বিশেষ। প্ৰতিটো শিশুকেই তেওঁৰ দৰে বিকশাই নিব পাৰিলে কিশোৰ কালত নিজকে ইতিবাচক দিশেৰে বিকশাই তুলিব পাৰিব।যাৰ জৰিয়তে ভৱিষ্যতৰ পৃথিৱীৰ নিজৰ পৰিচয় তুলি ধৰিব পাৰিব।
        প্ৰতিখন 'ঘৰেই' এনে ক্ষেত্ৰত কিশোৰ কিশোৰীক এনেদৰে শিক্ষিত কৰিব লাগিব আৰু কিশোৰ-কিশোৰীয়ে উপলব্ধি কৰিব লাগিব যে-লেখি-দেখি-ঠেকি তেওঁলোকে নিজৰ জোখাৰে লোৱা ইতিবাচক সিদ্ধান্তই ভৱিষ্যত জীৱনৰ বাবে এটা নিখুঁত ভেটি গঢ়ি তুলিব পাৰে। কিশোৰ কালৰ চতুৰ্থটো অৱস্থা হ'ল -হেঁচা বা চাপ।আজিৰ একক পৰিয়ালত সাধাৰণতে মাক-দেউতাকে নিজৰ অপূৰ্ব ইচ্ছাবোৰ, আশা-আকাংক্ষাবোৰ সন্তানৰ মাজেৰে পূৰ্ণ হোৱাটো বিচাৰে।সেয়েহে, মাক-দেউতাকে প্ৰতি মুহূৰ্ততে সন্তানক অমুক হ'লেহে তোমাৰ জীৱন সুখৰ হ'ব বুলি অহৰহ বিজ্ঞাপনী পৰামৰ্শ দিয়ে । তদুপৰি পূৰ্বতে উল্লেখ কৰা স্ব-বিৰোধিতাৰ উপৰি পাৰিবাৰিক অশান্তি বা শিক্ষানুষ্ঠানত সহমৰ্মিতাৰ অভাৱৰ লগতে বন্ধু-বান্ধৱ আৰু বাস্তৱক মাজত বিসংগতি আনি দিয়ে। যেনে-শিশুৱে বা কিশোৰ-কিশোৰীয়ে সদায়েই বিচাৰে মাক-দেউতাকৰ পৰস্পৰৰ মাজত স্নেহ, আস্থা, বুজাবুজি ইত্যাদি। যদি বিপৰীতে অনবৰতে মাক-দেউতাকৰ মাজত সংঘাতেই দেখা পায়, তেনেহ'লে কিশোৰ-কিশোৰীৰ মনত 'চাপ' সৃষ্টি হয়। এনেধৰনৰ বৰ্ধিত চাপে মনঃসংযোগ ব্যাহত কৰে - ফলস্বৰূপে, কিশোৰ-কিশোৰী হতাশাগ্ৰস্ত হয়। অইনৰ লগত বাৰে বাৰে কৰা তুলনায়ো সন্মুখৰ প্ৰতিদ্বন্দ্বিতাত স্বাভাৱিকভাৱে অংশগ্ৰহণ কৰাৰ সলনি অক্ষমতাৰ গ্লানিয়ে এনেধৰণে 'চাপ' সৃষ্টি কৰে যে প্ৰতিযোগিতাৰ প্ৰতি ভীতিগ্ৰস্ততাৰ সৃষ্টি হয়।
        আমি অভিভাৱকসকলে কিশোৰ-কিশোৰীক এনে ধৰণে আশ্বস্ত কৰিব লাগে যে তেওঁ 'বিশেষ', কাকো কাৰো লগত আমি তুলনা নকৰোঁ -কেৱল সকলোৰে প্ৰয়োজন হ'ল-গভীৰ আত্মবিশ্বাসেৰে সৰ্বোচ্চ উজাৰি দিয়াৰ মাজেৰে সকলোৱেই সফলতাৰ শিখৰ চুব পাৰে৷'চাপ মুক্ত জীৱন সফলতাৰ প্ৰথম সোপান৷চাপে শৃংখলিত ব্যৱস্থাত আঘাত কৰে, যাৰ ফলত স্বাভাৱিক গতি ব্যাহত হয়৷সেয়েহে 'চাপৰ বিপৰীতে আত্মজ্ঞানৰ উদ্ৰেক ঘটোৱাত সহযোগিতাইহে 'চাপ নিৰাময়ত সহায় কৰে। প্ৰতিজন পিতৃ-মাতৃ ,শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকে মনত ৰখা উচিত প্ৰতিটো ভাল কামৰ প্ৰতি উৎসাহ, সফলতাৰ বাবে কৰা প্ৰশংসা আৰু ইচ্ছাকৃত বা অনাহক আঁকোৰগোজালিৰ বাবে কৰা 'ভুলক নিৰুৎসাহ কৰাৰ মাজত সামঞ্জস্য বজাই ৰাখিব পাৰিলে 'চাপৰ বিপৰীতে 'প্ৰজ্ঞাৰ উদ্ৰেক হয়৷এই স্থিতি হল মুকলিমূৰীয়া পৰিৱেশৰ উদ্ভাৱন আৰু এক বন্ধুত্বসুলভ বাতাবৰণ গঢ়ি তোলাৰ আধাৰ৷এনে পৰিৱেশে শিশুৰ মনত আস্থা আৰু বিশ্বাস গঢ়ি তোলে৷কিশোৰ-কিশোৰীৰ আত্ম উপলব্ধিৰে আস্থা আৰু বিশ্বাস গঢ়ি তুলিব পাৰিলে কিশোৰ-কিশোৰীয়ে আহৰণ কৰে অপ্ৰতিৰোধ্য শক্তি, যিটো ভৱিষ্যত মানৱ জীৱনৰ এক ভেটি হিচাপে সংস্থাপিত হয়৷

        কৈশোৰ কালটোৱেই হৈছে নিজকে প্ৰতিষ্ঠা কৰাৰ সময়,আত্মপোলব্ধিৰ সময়,আত্ম-জিজ্ঞাসাৰ সময়৷যৌৱনৰ প্ৰাকমুহূৰ্তত কৈশোৰকালৰ সামৰণিৰ পিনে শাৰীৰিক বৃদ্ধি তথা গঠন সম্পূৰ্ণ হয়৷মানসিক গঠনেও শিক্ষাৰ মাজেৰে ,অভিজ্ঞতাৰ মাজেৰে বুজি পোৱাৰ এটা অৱস্থালৈ আহে৷শাৰীৰিক পূৰ্ণতাৰে নিজকে মানুহ অৰ্থাৎ পুৰুষ বা নাৰী হিচাপে পৰিপূৰ্ণ হোৱাৰ এক আনন্দ তথা উপলব্ধিয়ে ক্ৰিয়া কৰে৷ইতিমধ্যে শাৰীৰিক পেশীবোৰ শক্তিশালী হয়,মনে অহৰ্নিশে সন্ধান কৰে নতুনৰ৷পৃথিৱী আৱিষ্কাৰৰ এক জিজ্ঞাসা যেন মনৰ মাজত ক্ৰিয়া কৰি উঠে৷কেওপিনে যেন সৌন্দৰ্য্য বিকশিত হয়৷দায়িত্ববোধৰ জন্ম হয়৷চকুৰ সম্মুখত এখন নতুন পৃথিৱী উদ্ভাসিত হৈ উঠে৷
বাৰ-তেৰ বছৰত আৰম্ভ হোৱা অলেখ সংকোচ ,বিশৃংখলতা,অনিশ্চয়তা, সমুদ্ৰৰ জোঁৱাৰ আৰু ধুমুহাৰ শেষত যেন পাৰত আহি থিয় দি নিজকে আৱিষ্কাৰ কৰে - তেওঁ এতিয়াওঠৰ- ঊনৈছ বছৰীয়া হল- তেওঁ এতিয়া সৰু নহয় ৷সৰু লৰা-ছোৱালীয়ে তেওঁলোকক সমীহ কৰে ,ডাঙৰে স্বীকাৰ কৰে তেওঁলোক সঁচাকৈয়ে ডাঙৰ হল৷প্ৰতিখন ঘৰেই তেওঁলোকে কিবা নহয় কিবা দায়িত্ব লোৱাটো বিচাৰে, সিদ্ধান্ত গ্ৰহণ কৰাটো বিচাৰে আৰু এনেদৰেই তেওঁলোকে পুনৰ নিজকে পূৰঠ সিদ্ধান্ত লবৰ বাবে সাজু কৰি তোলে। কাৰণ,তেওঁলোকৰ ওপৰত অভিভাৱকে ,শিক্ষাগুৰুসকলে, সমাজে বহুতো দায়িত্ব অৰ্পণ কৰিব বিচাৰে৷কৈশোৰ কালৰ সামৰণিত তেওঁলোকে উপলব্ধি কৰিবলৈ আৰম্ভ কৰে যে পৃথিৱীয়ে তেওঁৰ পৰা কিবা বিচাৰে৷কাৰণ,তেওঁ পৃথিৱীৰো সন্তান আৰু দায়বদ্ধ সন্তানৰ কৰ্তব্য হল তেওঁৰ ওপৰত থকা দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰা৷

এগৰাকী বিখ্যাত ৰুছ শিক্ষা-মনোবিজ্ঞানী আন্তন মাকাৰেঙ্কাই গুৰুত্বপূৰ্ণ কথা কৈছিল- কেৱল সুখী মাক-দেউতাকৰ সন্তানসকলেহে প্ৰকৃত সুখী হয়৷যি শিক্ষাই শিশুক আৰু শিক্ষাৰ্থীৰ আনন্দ ধ্বংস কৰে তেনে শিক্ষা নিৰৰ্থক৷
মানুহক জীৱনে সমগ্ৰ জীৱন জুৰি শিক্ষা দিয়ে আৰু ইয়াৰ সৰহখিনিয়েই নিৰ্ভৰ কৰে পৰিস্থিতিৰ ওপৰত৷কিন্তু তাতোকৈ বেছি নিৰ্ভৰ কৰে মানুহৰ নিজৰ ওপৰত৷মানুহে নিজৰ নৈতিক গুণানুৱলী যিকোনো পৰিস্থিতিত বিকাশ ঘটাব পাৰে,যিকোনো পৰিৱেশত নিজৰ যোগ্যতা প্ৰকাশ কৰিব পাৰে৷এনে কৰিব পৰাৰ মাজতেই ফুটি ওলায় ব্যক্তিত্বৰ প্ৰকৃত মূল্য৷
        অভিভাৱক,শিক্ষক-শিক্ষয়িত্ৰী,বন্ধু- বান্ধৱ অৰ্থাৎ সমাজৰ কৰণীয় হল- এই কথাখিনি দৃঢ়তাৰে কিশোৰ- কিশোৰীৰ মনত সিঁচি দিব লাগে যাতে পৈণত বয়সত অনুভৱ কৰে কৈশোৰ কালত উচিত শিক্ষাৰে তেওঁলোকে জীৱনৰ বুনিয়াদ গঢ়ি তুলিব পাৰে।

মাৰ্কিন ৰাষ্ট্ৰপতি তথা গণতান্ত্ৰিক ব্যৱস্থাৰ এজন অন্যতম সৰ্বজন শ্ৰদ্ধেয় প্ৰবক্তা আব্ৰাহাম লিংকনে তেখেতৰ নিজৰ সন্তানক কি কি শিক্ষাৰে শিক্ষিত কৰা উচিত, সেই সন্দৰ্ভত তেখেতৰ সন্তানৰ শিক্ষাগুৰুলৈ এখন উল্লেখযোগ্য চিঠি লিখিছিল৷যিখন চিঠি শিশু তথা কৈশোৰ কালৰ বাবে জানিবলগীয়া এখন উল্লেখযোগ্য চিঠি হিচাপে গণ্য কৰা হয়৷আমি ভাৱো এই চিঠিখনো কিশোৰ-কিশোৰীৰ বাবে জীৱন গঢ়াৰ ভেঁটিটোৰ এক অন্যতম গাঁঠনি৷সকলো শিক্ষাৰ্থী ,সকলো শিক্ষক আৰু প্ৰতিজন মানুহে এই চিঠিখন অৱশ্যেই পঢ়া উচিত৷চিঠিখন এনেধৰণৰ---

        সকলো মানুহ যে সত্যবাদী আৰু ন্যায় পৰায়ণ এনে নহয় ,সেই কথাষাৰ মই জানোঁ;কিন্তু আপুনি মোৰ লৰাটোক এইষাৰ কথা জনাব লাগিব যে এই পৃথিৱীত যিমান দগাবাজ আছে সিমান ভাল মানুহো আছে৷যিমান স্বাৰ্থপৰ আছে ,ঠিক সিমানেই আছে মানুহৰ সেৱাত নিজকে উছৰ্গা কৰা নেতা৷আপুনি তাক এইষাৰ কথাও শিকাব লাগিব যে প্ৰত্যেক মানুহৰ যদি এজন শত্ৰু আছে ঠিক তেনেদৰে এজন প্ৰকৃত বন্ধুও আছে৷যদি পাৰে তেন্তে আপুনি তাক আৰু এটা কথাও শিকাব৷মই জানো সেই কথাষাৰ তাৰ মনত দকৈ সুমুৱাই দিবলৈ কিছু সময় লাগিব৷কিন্তু আপুনি চেষ্টা নকৰাকৈ নাথাকিব৷আপুনি তাক এই শিক্ষা দিব যে- হেৰাই পোৱা বা উপহাৰ হিচাপে পোৱা পাঁচটা ডলাৰতকৈ নিজে কষ্ট কৰি উপাৰ্জন কৰা এটা ডলাৰৰ মূল্য বহুত বেছি৷আপুনি তাক হাৰিবলৈ আৰু হেৰুৱাবলৈ শিক্ষা নিদিব, লগতে জয়ৰ আনন্দ উপভোগ কৰিবলৈ শিকাবলৈ নাপাহৰিব৷যদি পাৰে হিংসা আৰু কু-চৰ্চা ,কপটতা আদি কু-প্ৰবৃত্তিবোৰৰ পৰা তাৰ মনটোক মুক্ত কৰিবলৈ আপুনি চেষ্টা কৰিব৷মানুহৰ মুখত সন্তোষৰ নীৰৱ হাঁহি বিৰিঙি উঠাৰ ৰহস্য কি সেই কথা আপুনি তাক শিকাব৷যদি পাৰে আপুনি তাক কিতাপৰ বিস্ময়ৰ আভাস দিবলৈ চেষ্টা কৰিব৷কিন্তু সি যাতে মাজে-মাজে আকাশত নীৰলে উৰি ফুৰা চৰাইবোৰৰ ,ৰদত উমলি ফুৰা মৌবোৰৰ আনন্দ আৰু সেই আনন্দৰ ৰহস্যৰ সন্ধানত মনযোগ দিব পাৰে, তাৰ বাবেও তাক অলপ সময় দিব৷পঢ়াশালিত তাক এই শিক্ষা দিব যে প্ৰতাৰণা কৰাতকৈ অকৃতকাৰ্য হোৱাটো বেছি সন্মানজনক৷সি নিজে যিবোৰ কথা চিন্তা কৰে বা সত্য বুলি ভাবে সেইবোৰক বিশ্বাস কৰিবলৈ তাক শিক্ষা দিব৷তাক লগতে এই শিক্ষাও দিব যে আন সকলোৱে তাৰ কথা ভুল বুলি কলেও সি যেন সহজতে বিচলিত নহয়৷ভদ্ৰ মানুহৰ প্ৰতি ভদ্ৰ হবলৈ অভদ্ৰৰ প্ৰতি কঠোৰ হবলৈ তাক শিক্ষা দিব৷আনৰ প্ৰচাৰত জুম বান্ধি চিঞৰ-বাখৰ কৰা মানুহক অনুসৰণ নকৰিবলৈ মোৰ লৰাটোক মনোবল দিব লাগিব৷সকলো মানুহৰ কথা মনোযোগ দি শুনিবলৈ আপুনি তাক শিক্ষা দিব৷কিন্তু লগতে তাক এই শিক্ষাও দিব যাতে সি শুনা কথাবোৰ সত্যৰ চালনীৰে ভালকৈ চালি-জাৰি চাই কেৱল মঙ্গলজনক কথাবোৰহে গ্ৰহণ কৰিব পাৰে৷যদি পাৰে বিষাদে গ্ৰাস কৰি ৰখা সময়তো তাক হাঁহিবলৈ শিকাব৷তাক এই কথাও শিকাব যে কান্দিবলৈ মানুহে লাজ কৰিব নালাগে৷নিন্দুকক নিন্দা কৰিবলৈ আৰু ছলাহী কথাত ভোল নাযাবলৈ তাক শিক্ষা দিব৷বেছি দাম দিব বিচৰাজনক তাৰ শৰীৰৰ আৰু মগজুৰ শক্তি বিক্ৰী কৰিবলৈ শিক্ষা দিব৷লগতে তাক এই শিক্ষাও দিব যাতে সি কেতিয়াও তাৰ হৃদয় আৰু আত্মা বিক্ৰী কৰিবলৈ মান্তি নহয়৷উন্মত্ত জনতাৰ নিন্দা আৰু ব্যঙ্গক উপেক্ষা কৰি নিজৰ মতত অটল হৈ থাকিবলৈ আৰু অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপুনি তাক শিক্ষা দিব৷আপুনি তাক মৰম কৰিব কিন্তু সেই বুলি তাক প্ৰশ্ৰয় নিদিব৷এই কথা মনত ৰাখিব যে জুইত লোহা ভালকৈ নিৰ্দিষ্ট অনুপাতত গলোৱাৰ পাছতহে সি তীখাত পৰিণত হয়৷আপুনি তাক আৰু এটা শিক্ষা দিব যে ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে আৰু সাহসী হবলৈ ধৈৰ্য লাগে৷নিজকে পৰিপূৰ্ণভাবে বিশ্বাস কৰিবলৈ আপুনি তাক শিক্ষা দিব৷কাৰণ তেতিয়াহে সি পৰিপূৰ্ণভাবে মানৱ জাতিক বিশ্বাস কৰিব পাৰিব৷
আপোনাক মই বিৰাট দায়িত্ব দিলোঁ৷কিমানখিনি কৰিবলৈ আপোনাৰ শক্তিয়ে কুলায়, আপুনিহে জানিব৷আপুনি চেষ্টা কৰিব৷সি যে ইমান ভাল এটা অকণমানি লৰা-- মোৰ বাছাটো৷"

                                                                                               -----আব্ৰাহাম লিংকন।


----------------////----------------

মাধৱ চন্দ্ৰ ডেকা

বিদ্যালয়সমূহৰ পৰিদৰ্শক,
কামৰূপ







অলংকৰণ :- তন্দ্রা দে



Post a Comment

0 Comments