মূল্যবোধৰ শিক্ষা আৰু শিক্ষানুষ্ঠানৰ ভূমিকা
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই পৃথিৱীখনক এখন ডাঙৰ গাঁৱ(Global
village) লৈ ৰূপান্তৰিত কৰিছে । গতিকে এই গাঁৱখনৰ এগৰাকী যোগ্য নাগৰিক হ'বলৈ যি শিক্ষাৰ
প্ৰয়োজন হ'ব, নিজ সন্তানক সেই শিক্ষা প্ৰদান কৰিবলৈ প্ৰতিগৰাকী অভিভাৱকে
চেষ্টা কৰে । এতিয়া এখন গাঁও, চহৰ, জিলা বা ৰাজ্যৰ মাজত মেধা জোখাৰ সীমা অতিক্ৰম কৰি
ই পৃথিৱীলৈ পৰ্যৱসতি হৈছে । বিশ্বৰ সাম্প্ৰতিক ধ্যান-ধাৰণা, ন-ন সৃষ্টিৰ সম্পৰ্কত প্ৰতিগৰাকী
ছাত্ৰ- ছাত্ৰী অৱগত হোৱাটো বাঞ্ছনীয় ।
শিক্ষা এক
জীৱন যোৰা প্ৰচেষ্টা, এক অৰ্থত জীৱন যোৰা সাধনা । শিক্ষাৰ মাজেৰে মানুহৰ
ব্যক্তিত্ব গঢ় লৈ উঠে ।শিক্ষা আৰু ব্যক্তিত্বৰ বীজ অংকুৰিত হয় বিদ্যলয়ৰ পৰাই
। বৰ্ণ (Alphabet) ৰ লগত পৰিচিত হোৱাৰ লগে লগে শিশু এটাৰ মানসিক আৰু অন্যান্য
দিশবোৰৰ বিকাশৰ বাবে পৰিয়াল আৰু বিদ্যালয়ে সমানে দায়িত্ব বহন কৰিব লাগিব
। সৰুৰে পৰা শিশুক মূল্যবোধৰ শিক্ষাৰ লগত পৰিচয় কৰি দিব লাগিব, যিটো কালক্ৰমত
অভ্যাসত পৰিণত হ'ব, মজ্জাগত হ'ব ।মূল্যবোধৰ শিক্ষাৰ সৈতে সংপৃক্ত হৈ আছে নৈতিক
চৰিত্ৰ গঠন, ব্যক্তিত্বৰ বিকাশ, সমাজৰ এজন নাগৰিক হিচাপে দায়িত্ব পালন আৰু আধ্যাত্মিক
বিকাশ । বহুতেই ভাবে ব্যক্তিত্বৰ বিকাশ জন্মগত কথা । কিন্তু প্ৰকৃততে কথাটো সত্য নহয়
। পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, আদৰ্শ ঘৰ আৰু আদৰ্শ শিক্ষানুষ্ঠান এখনৰ
প্ৰভাৱেও ব্যক্তিত্বৰ বিকাশত সহায় কৰে । শিশুৰ আচাৰ-আচৰণ, ব্যৱহাৰ, বোধশক্তি, সংস্কাৰ
সকলোতে এনে কাৰকবোৰে প্ৰভাৱ বিস্তাৰ কৰে ।
মূল্যবোধৰ শিক্ষা সম্পৰ্কত
গান্ধীজীয়ে কৈছিল ---- "Genuine Education does not consist of Cramming a
lots of information and numbers is mind, nor it lies in passing the examination
by reading a number of books, but it lies in developing character. It is a real
education which inculcates internal virtues ( values) in human beings. If
you can develop such virtues, it will be the best education."
দক্ষিণ
আফ্ৰিকা ভ্ৰমণ কালত গান্ধীজীয়ে ৰাস্কিনৰ "Unto the last" নামৰ গ্ৰন্থখন
অধ্যয়ন কৰিছিল। এই গ্ৰন্থখনে গান্ধীজীক বাৰুকৈ প্ৰভান্বিত কৰিছে । তেঁও উপলব্ধি
কৰিছিল --- এজন অধিবক্তা আৰু এজন নাপিতৰ জীৱিকাৰ পথ আহৰণৰ ক্ষেত্ৰত দুয়োৰে
গুৰুত্ব আৰু সন্মান সমান । কঠোৰ পৰিশ্ৰমেৰে জীৱন অৰ্জন কৰা সহজ- সৰল
কৃষকৰ জীৱনেই আচল জীৱন বুলি গান্ধীজীয়ে মন্তব্য কৰিছে ।
মূল্যবোধৰ শিক্ষাই
বিভিন্ন দিশ সামৰি লয় । তাৰ ভিত্তিত উল্লেখযোগ্য কেইটিমান হ'ল---
১)
কামৰ মৰ্য্যদাৰ প্ৰতি সন্মান।
২)
সামাজিক সচেতনতা আৰু দায়িত্ব জ্ঞান।
৩)
আন কৰ্মৰ প্ৰতি সহনশীলতা আৰু শ্ৰদ্ধা।
৪)
নিৰ্ভীকতা।
৫)
সত্যবাদিতা।
৬)
অহিংসা।
৭)
পৱিত্ৰতা।
৮)
সেৱাৰ মনোভাৱ।
৯)
শান্তিৰ অন্বেষণ।
ওপৰোক্ত প্ৰতিটো গুণৰ কথা বাখ্যা কৰিবলৈ গ'লে যথেষ্ট দীঘলীয়া হ'ব বাবে মাত্ৰ উল্লেখহে কৰা হ'ল। পাঠ্যপুথিয়ে এই কথাবোৰ বিস্তৃতভাৱে সামৰি নলয় বা লোৱাৰ অৱকাশ নাথাকে। কিন্তু জীৱন সুন্দৰ আৰু শান্তিময় কৰিবলৈ হ'লে উপৰোক্ত গুণসমূহ আমাৰ বাবে অতি দৰকাৰী। এইবোৰে মানুহৰ সৰ্বতোপ্ৰকাৰ বিকাশত সহায় কৰে।
শিক্ষা,জ্ঞান আৰু মূল্যবোধৰ শিক্ষা সম্পৰ্কত বিশ্ববিখ্যাত দাৰ্শনিক এৰিষ্টটলৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। দাৰ্শনিক গৰাকীৰ মতে-
"Educating the mind without educating the heart is no education at
all." পুথিগত শিক্ষাই জ্ঞান বঢ়াব পাৰে, কিন্তু চৰিত্ৰ গঠন কৰিব নোৱাৰে। হৃদয়ত
স্পৰ্শ কৰা শিক্ষাইহে স্বভাৱ আৰু চৰিত্ৰ গঠনত মুখ্য ভূমিকা লয়।
এনে শিক্ষাই আমি কৰা কোনবোৰ কাম নীতিআধাৰিত আৰু কোনবোৰ কাম নীতিবিৰূদ্ধ
তাক বুজাত সহায় কৰে। আমাৰ বেদ-বেদান্ততো কোৱা হৈছে- আত্মদীপো ভৱ: অৰ্থাৎ "আত্মদীপ"
হোৱা, নিজে নিজৰ প্ৰদীপ হোৱা। তোমাক জানি লোৱা। আত্মাৰ আহ্বান শুনা। আত্মাক জাগ্ৰত
কৰিব নোৱাৰিলে বিদ্যা বা ডিগ্ৰীয়ে এজন মানুহক পূৰ্ণতা দিব নোৱাৰিব। মহাত্মা গান্ধী,
এ. পি. জে. আব্দুল কালাম, নেলচন মেণ্ডেলা আজি বিখ্যাত কিহৰ বাবে? নিজৰ বিদ্যা বা ডিগ্ৰীৰ
বাবে নহয়, নিজৰ সু-কৰ্মৰ বাবে, মানুহৰ হৃদয় জয় কৰিব পৰা গুণৰ বাবে।
মানুহ সামাজিক প্ৰাণী। সমাজ বাদ দি মানুহ থাকিব নোৱাৰে। সেইবাবেই এক শৃংখলিত, সু-সঙ্গবদ্ধ জীৱনৰ বাবে মানুহে নিজে নীতি নিয়ম, সংবিধান ৰচনা কৰি নিজকে এইবোৰৰ মাজত ৰাখি এক নিৰাপদ জীৱন যাপন কৰে। ওপৰত উল্লেখ কৰা এই গুণসমূহৰ অধিকাৰী হব পাৰিলে ব্যক্তি এগৰাকী এজন আদৰ্শ নাগৰিক হব পাৰে। ব্যক্তিৰ সমষ্টিয়েই সমাজ। আদৰ্শ ব্যক্তি মানেই আদৰ্শ সমাজ। মূল্যবোধৰ শিক্ষা প্ৰদান কৰা শিক্ষানুষ্ঠানৰ থাকে অপৰিসীম দায়িত্ব। জুইশালৰ পৰা কমাৰশাললৈ আহে শিশু। কমাৰে ৰঙা হৈ পৰা লো টুকুৰাৰ পৰাই দা-কটাৰী, কুঠাৰ আদি নানান সামগ্ৰী তৈয়াৰ কৰে। শিক্ষানুষ্ঠানলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক ন ন ৰূপত সজাই সমাজৰ লাগতিয়াল সম্পদ হিচাপে গঢ় দিয়া হয়। শিক্ষকে যি শিকায় ছাত্ৰ-ছাত্ৰীয়ে সেইটোকে সত্য বুলি মানি আৰু তাৰ কচৰৎ আৰম্ভ কৰে। গতিকে পাঠ্যপুথিৰ উপৰিও নৈতিক শিক্ষা মূল্যবোধৰ শিক্ষা প্ৰদান কৰা শিক্ষকৰ অৱশ্যেই কৰ্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱসত ছাত্ৰ-ছাত্ৰী শিক্ষকসকলৰ এক অন্তৰংগ আলাপত কৈছিল-"Teaching is not just another profession. It is a divine responsibility to guide enlighten the young minds. Determination and sincerity of the teacher will shape the destiny of the nation." জাতিৰ ভাগ্য সলনি কৰিব পাৰে মাত্ৰ শিক্ষকসকলৰ অংগীকাৰবদ্ধ একাগ্রতাইহে।
শিক্ষানুষ্ঠান আৰু শিক্ষকৰ
প্ৰভাৱ ছাত্ৰ-ছাত্ৰীৰ জীৱনত চিৰদিনৰ বাবে ৰৈ যায়। ছাত্ৰাৱস্থাতে তেওঁলোকে জানিব লাগিব
বুদ্ধৰ 'অষ্টমাৰ্গ'ৰ কথা, গান্ধীজীৰ 'একাদশ ব্ৰত', নেহৰুৰ 'পঞ্চশীল নীতি'ৰ কথা, পিতৃ-মাতৃৰ
প্ৰতি থকা ৰামচন্দ্ৰ-কৃষ্ণ আৰু শ্ৰৱণ মুণিৰ প্ৰেম আৰু ভক্তি আৰু একলব্যৰ
গুৰুভক্তি আদিৰ কথা। জানিব লাগিব গান্ধীজীৰ সত্যবাদিতাৰ কাহিনী, ফ্লোৰেঞ্চ নাইটিংগেল,
মাদাৰ টেৰেছাৰ মানৱ সেৱাৰ কাহিনী, আকবৰ-অশোকৰ মহানতা, উদাৰতাৰ কথা। বাস্তৱ উদাহৰণেৰে
ল'ৰা-ছোৱালীৰ মনত ৰেখাপাত হোৱাকৈ এই কাহিনীবোৰ শিক্ষকে কৈ তেওঁলোকৰ হৃদয় আলোকিত
কৰিব পাৰিব লাগিব।
স্কাউটিং প্ৰশিক্ষণৰ এটা বিশেষ আৱশ্যকীয় প্ৰণালী হ'ল 'Good turn' । এই প্ৰশিক্ষণেৰে ছাত্ৰ-ছাত্ৰীক নিজ কৰ্মত বিশ্বাস কৰি ভগৱানক স্মৰণ কৰি লোকহিতৰ বাবে কোনো এটা কাম কৰিবলৈ দৃঢ় কৰে। এনে লোকৰ হিতকাৰী কাৰ্যবোৰকে 'গুড টাৰ্ন' বোলা হৈছে। লৰ্ড ৱেডেন পাৱেলে 'Adventuring to Manhood' গ্ৰন্থত লিখিছে যে, প্ৰকৃত মনুষ্যত্ব লভিবলৈ তিনিটা বস্তুৰ আৱশ্যক। সেইকেইটা হৈছে-
১) সুস্থ আৰু সৱল দেহ,
২) এটি তীব্ৰ ডেকা মন আৰু
৩) তেজ শক্তি(Spirit)।
এই 'গুড টাৰ্ন' বোৰ সামান্য ধৰণৰ হ'লেও হ'ব- যেনে- নিজৰ ঘৰতেই মাক-দেউতাক, ককাই-ভাই, বাই-ভনী, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱীক সহায় কৰা, জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা, অন্ধ, খোৰা, দিব্যাংগ লোকক ৰাস্তা পাৰ হোৱাত সহায় কৰা ইত্যাদি। নিশা শোৱাৰ সময়ত দিনটোত কাক কি কামত সহায় কৰিছিল মনত পেলাই তেওঁলোকে আত্ম তুষ্টি লাভ কৰিব লাগে (জুনু ৰাজখোৱাৰ 'স্কাউটিং আৰু গাইডিং' গ্ৰন্থ দ্ৰষ্টব্য) । বিদ্যালয়সমূহত স্কাউটিং,এন চি চি আদি ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক হ'ব লাগে। ইয়াৰ মাজেৰে অনুশাসন আৰু অন্যান্য বহু কথা শিকিব পাৰি।
মূল্যবোধৰ শিক্ষাৰ কথা অকল পাঠ্যপুথিতে সীমাৱদ্ধ বুলি ধৰিলে ভুল কৰা
হ'ব। আমাৰ লেখক সকলে নিজৰ লেখাত বিভিন্ন চৰিত্ৰৰ মাজেৰে আমাক মূল্যবোধৰ শিক্ষা প্ৰদান
কৰে। উপন্যাস বা গল্পৰ এটা চৰিত্ৰৰ আৰু নাট্যকাৰ সকলে অভিনেতা বা অভিনেত্ৰীৰ
এটা সংলাপৰ মাজেৰে নীতি, অনীতি, কৰণীয় কৰ্তব্য, বিবেকৰ আহ্বান, সম্পৰ্কত নিজৰ অভিমত
প্ৰকাশ কৰে । এনে কাহিনীবোৰে আমাৰ হৃদয় স্পৰ্শ কৰে আৰু আমাক জীৱনৰ লাগতিয়াল শিক্ষা প্ৰদান
কৰে ।সেয়েহে ছাত্ৰ- ছাত্ৰীক নিজৰ পাঠ্য- পুথিৰ ওপৰি বাহিৰা কিতাপ - গল্প, উপন্যাস আৰু নাটক
আদি পঢ়িবলৈ শিক্ষাগুৰুসকলে অনুপ্ৰাণিত কৰিব লাগে আৰু উপাদেয় কিতাপৰ
বাচনি কৰি দিব লাগে। শিক্ষানুষ্ঠানেই আমাৰ জীৱনৰ কঠীয়াতলী । ঘৰ এটাৰ 'ফাউণ্ডেচনৰ'
দৰে শিক্ষানুষ্ঠানেই আমাৰ জীৱনৰ আৰম্ভণি ।গতিকে ছাত্ৰ- ছাত্ৰীক 'ভাল নাগৰিক' কৰি
গঢ়ি তুলিবলৈ শিক্ষানুষ্ঠানখনে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব ।
শিক্ষা এক
অবিৰত যাত্ৰা।গান্ধীজীয়ে শিক্ষাৰ সম্পৰ্কে কৈছিল --
"Education
for life,
Education
through life,
Education
through out life. "
সমাজ আৰু দেশৰ
স্বাৰ্থত আমাৰ সন্তানক আমি মূল্যবোধৰ শিক্ষা দিব লাগিব । নিজৰ দেশখনক আৰু সমাজখনক
ভাল পাবলৈ, সমাজৰ দীন-হীন, দুখী-তাপীসকলক স্নেহ কৰিবলৈ শিকাব লাগিব, দায়িত্বশীল নাগৰিক
হিচাপে গঢ় দিবলৈ চেষ্টা কৰিব লাগে । তেহে আমি এখন উন্নত দেশ, সুস্থ পৰিৱেশ আৰু শান্তিৰ
এখন ঘৰ পাম। হৃদয় আলোকিত কৰিব নোৱাৰা শিক্ষা হ'ব কঢ়িয়াব নোৱাৰা বোজা, ভালুকৰ
সাঙী । এনে শিক্ষাই মানৱৰ সলনি সৃষ্টি কৰিব 'ৰৱট', যিটো আমাৰ কাৰোৱেই কাম্য নহয়
।
প্ৰাক্তন
আয়ুক্ত সচিব
অসম
চৰকাৰ
যোগাযোগৰ
নম্বৰ -৯৪৩৫০-৫৪৩৮৪
অলংকৰণ :- মনবীনী দাস
0 Comments