header ads

সকলোবোৰ নতুন নতুন | Translated by Rantumoni Deka


অনুবাদ সাহিত্য
সকলোবোৰ নতুন নতুন

(শিশু কাহিনী)




      আজি বসন্ত পঞ্চমী। মোৰ মা-দেউতাই কৈছে আজি বসন্তৰ প্ৰথম দিন । গ্ৰীষ্ম আৰু শীত ঋতুৰ মাজৰ কালটোক বসন্ত ঋতু বুলি কোৱা হয় । সংস্কৃতত ইয়াক বসন্ত ঋতু বুলি কোৱা হয় ।

       ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মানুহে কলা-সঙ্গীত আৰু জ্ঞানৰ অধিষ্ঠাত্রী দেৱীক পূজা কৰে । আমাৰ ঘৰৰ ওচৰত থকা ডাঙৰ জোপোহা গছজোপাত চৰাইবোৰে গীত গাই আছে , সিহঁতে যেন মোৰ বাবেই গীত গাইছে ।

                নতুনকৈ ওপজা গছৰ পাতবোৰ ধুনীয়া চিকমিকাই আছে মোৰ নতুন ফ্ৰকটোৰ দৰে। মোৰ মায়ে হালধীয়া ৰঙৰ শাৰী এখন পিন্ধিছে। ইমান সুন্দৰ বসন্তৰ ৰং আৰু নামটোও  ধুনীয়া ।         

ককাদেউতাই মোক এটা গছপুলি ৰুবলৈ কৈছে ।

মই সুধিলো..."কিয় ?"

ককাই  ক'লে ,"গছপুলিটো যাতে তোমাৰ লগত একেলগে ডাঙৰ দীঘল হৈ তোমাৰ এজন বন্ধু হৈ লগত থাকিব পাৰে আৰু বসন্ত ঋতু নতুন এটা কাম আৰম্ভ কৰিবৰ বাবে শুভ সময়"।      

মই আৰু ককাদেউতা বাগিচাত গৈ গাত খান্দি এটা গছ পুলি ৰোপণ কৰিলোঁ।

ককাক মই সুধিলো , "এই গছপুলিটো কিমান ডাঙৰ হ'ব?"

ককাই ক'লে, "ধৈৰ্য ধৰা নিজেই গম পাবা মৰমৰ মীনা।"

      টিংকু নামৰ মেকুৰীটোৱে কেৰ্কেটুৱা এটাক ধৰিবলৈ পিছে পিছে খেদি ফুৰিছে আৰু মইও টিংকুৰ পিছে পিছে দৌৰিব বিচাৰোঁ ।     

        বাগিচা খন ফুলেৰে ভৰি আছে ।হালধীয়া গোলাপ ফুল মই সকলো ফুলতকৈ বহুত বেছি ভাল পাওঁ । ককাই খৰিকাজাঁই ফুল ভাল পায়। বাগিচাখনৰ গছৰ তলত সৰি যোৱা গছপাত জমা হৈ দলিচা পৰাৰ দৰে হৈ আছে ।      

         বহুতো গছত ফুল ফুলি আছে । বসন্ত ঋতুত চাৰিওফালে সকলোবোৰ বহুত ধুনীয়া হৈ পৰে । সেইবাবে মই বসন্ত বহুত ভাল পাওঁ ।      

        কাইলৈ ফাকুৱা! দুদিনৰ বাবে বিদ্যালয় বন্ধ । গছৰ ঠাল-ঠেঙুলী আৰু খেৰেৰে আমি এটা মেজি সাজিলোঁ । আকৌ আমাৰ লগৰ কেইজনমানে জংঘলত গৈ পুইশাকৰ গুটি আনি এটা ডাঙৰ পানীৰ ড্ৰামত থলে।পানীখিনি একেবাৰে উজ্জ্বল কমলা ৰঙৰ হৈ পৰিল।
কাইলৈ আমি কমলা ৰঙৰ পানীৰে ফাকু খেলিম আৰু লুচি আলুভাজিও খাম।

      ৰং ধেমালিৰ ঋতু এই বসন্ত । য
ত ঠাণ্ডাও নাই ,গৰমো নাই, আৰু লেতেৰাও' লগতে বতৰ সেমেকাও নহয় । আমি সকলো সময়তে খেলি থাকিব পাৰোঁ 

******************************

অনুবাদ: ৰণ্টুমণি ডেকা

Original story :

Everything looks new! by Manisha Chaudhry and Mala Kumar

Illustrated by: Priya Kuriyan






অলংকৰণ :- সুকন্যা ভৰদ্বাজ


Post a Comment

0 Comments