header ads

শিশু শ্ৰমিক, শিক্ষা আৰু কিছু চিন্তা | Assamese article by Apurba Thakuria

 শিশু শ্ৰমিক, শিক্ষা আৰু কিছু চিন্তা



'There is no Reason, there is no Excuse, Child Labour is Child Abuse'

        'শিশু শ্ৰমিক' এক আইনগত দোষণীয় কামেই নহয়, ই এক সামাজিক ব্যাধিও। তথাকথিত সভ্য সমাজে এক উদ্দেশ্য প্ৰণোদিতভাৱে যেন জীয়াই ৰাখিছে এই 'শিশু শ্ৰমিক' সমস্যাক ! অৱশ্যে এই সমস্যা স্থানীয় নহয়, এক আন্তঃৰাষ্ট্ৰীয় সমস্যা ; আৰু সেয়ে এই সমস্যাৰ বিস্তৃতিত বিভিন্ন কাৰকে ইন্ধন যোগাইছে।

       সাম্প্ৰতিক সময়ত 'শিশু শ্ৰমিক' সমস্যাৰ সমাধান হোৱাৰ বিপৰীতে জটিল হোৱাৰ সম্ভাৱনাহে প্ৰকট হৈ পৰিছে। অতিমাৰীৰ প্ৰকোপ, আৰ্থিক অনাটন, ভগ্ন স্বাস্থ্য, পৰিয়ালৰ সংঘাত, ভোগবাদী চিন্তা, দেশীয় সংঘাত আদিয়ে 'শিশু শ্ৰমিক' সমস্যাক কঠিন কৰি তুলিছে। তাৰোপৰি, সমস্যাৰ সমাধানৰ বাবে উপযুক্ত পৰিকল্পনা আৰু সমন্বয়ৰ অভাৱ আন এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে চিহ্নিত হৈছে। কোৱা বাহুল্য যে 'শিশু শ্ৰমিক' সমস্যা মানৱ সভ্যতাৰ বাবে এক চুড়ান্ত উপহাসে নহয় ব্যৰ্থতাৰো দলিল।

        প্ৰশ্ন হয়, এই সমস্যাৰ সমাধান নাইনে? বুজন হোৱাৰ দিন ধৰি এই সমস্যাৰ ছবি খন দেখি আহিছোঁ। অথচ সমস্যা সমাধানৰ ছবিখন পৰিস্ফূট নহয়। পিতৃ শ্ৰমিক বাবে পুত্ৰও যেন শ্ৰমিক হ'বলৈ বাধ্য হৈছে। দুই-এক ব্যতিক্ৰমক বাদ দিলে এয়া যেন সচৰাচৰ দেখা এক সহজ ঘটনা। এক Vicious Cycle ৰ মাজত যেন এওঁলোক আবদ্ধ হৈ আছে। এই বন্দীত্বৰ পৰা এওঁলোকক মুকলি কৰিব নোৱাৰিনে?

     আমাৰ বোধেৰে এনে বন্দীত্বৰ পৰা এওঁলোকক মুক্ত কৰিবলৈ শিক্ষাই একমাত্ৰ অস্ত্ৰ। শিক্ষাৰ পোহৰেৰে আলোকিত কৰিব পাৰিলেহে এওঁলোকৰ জীৱনো সময়ান্তৰত মধুময় হৈ পৰিব। অৱশ্যে এনে শিক্ষা হ'ব লাগিব এক ফলপ্ৰসূ ব্যৱস্থাৰ মাজেৰে।

      যি কোনো ফলপ্ৰসূ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ এক সুনিৰ্দিষ্ট নীতি আৰু পৰিকল্পনা থাকিব লাগে। এনে নীতি বা পৰিকল্পনা প্ৰস্তুত হয় প্ৰয়োজন ভিত্তিক অধ্যয়ন আৰু এক কল্পদৃষ্টিৰ আধাৰত। Bottom up Approach ক গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰা সময় নিৰ্ধাৰিত পৰিকল্পনা আৰু এদল নিষ্ঠাবান কৰ্মীৰ দ্বাৰা ইয়াৰ ৰূপায়নে সমস্যা সমাধানৰ বাট বহুলাংশে মুকলি কৰে। অৱশ্যে, এনে ধৰণৰ পৰিকল্পনাৰ চিন্তা বা ৰূপায়নৰ দিহা কৰা হোৱা নাই বুলি আমি ক'ব খোজা নাই। কিন্তু পৰিকল্পনাবোৰ প্ৰয়োজন ভিত্তিক ; micro level, contextual তথা সমস্যাটোৰ লগত জড়িত আনুসাংগিক সকলো দিশ সামৰি আঁচনি প্ৰস্তুত আৰু সঁচা অৰ্থত ৰূপায়নৰ বাবে Dedicated Team এটি আছেনে তাক মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। এক কথাত, সমস্যাৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বত্ৰতে এনে বিষয়ৰ ওপৰত অকল আলোচনা হোৱাই নহয়, হাতে-কামে লাগি যোৱাৰ সময় সমাগত বুলি আমাৰ মনে ধৰে।

     সকলো সমস্যাৰে সমাধান আছে। শিশু শ্ৰমিকৰ সমস্যাৰ সমাধান নোলাবনে? 'International Day Against Child Labour'-  উদযাপনৰ মাজতে এই সমস্যাৰ সমাধানৰ চিন্তা-চেতনা, পৰিকল্পনা, কাম সীমাবদ্ধ হৈ ৰ'ব নে? আমাৰ চিন্তাৰে 'দিৱসবোৰ' আচলতে প্ৰাসংগিক বিষয়টোৰ ক্ষেত্ৰত কিবা এটা কৰাৰ বাবে প্ৰতিজ্ঞা লোৱাৰ দিন আৰু বিগত বছৰৰ এই দিনটোত লোৱা প্ৰতিজ্ঞাক কিমান সাকাৰ ৰূপ দিব পৰা গ'ল তাক মূল্যায়ন কৰাৰ হে দিন।। আহক, এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় শিশু শ্ৰমিক বিৰোধী দিৱসৰ এই দিনটোত তেনে এক চিন্তাৰ পাতনি মেলো।।

Not to wait further, to take action forward...

------------------------------------------------

অপূৰ্ব ঠাকুৰীয়া

জিলা মিছন সমন্বয়ক তথা 

জিলা প্ৰাথমিক শিক্ষা বিষয়া, কামৰূপ জিলা।

 





অলংকৰণ:-মনবিনী দাস




Post a Comment

1 Comments