header ads

আন্তৰ্জাতিক যোগ দিৱস

আন্তৰ্জাতিক যোগ দিৱস
 

        যোগবিদ্যা হৈছে এক সামগ্ৰিক বিজ্ঞান । এই বিদ্যাই ব্যক্তিৰ শাৰীৰিক, নৈতিক, মানসিক, বৌদ্ধিক, আবেগিক, আধ্যাত্মিক বিকাশকে ধৰি সামগ্ৰিক বিকাশক সামৰি লয় । যোগবিদ্যা সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান । এই বিদ্যাৰ প্ৰকৃত উদ্দেশ্য হৈছে জীৱাত্মাৰ সৈতে পৰমাত্মাৰ মিলন ।

যোগ শব্দটো সংস্কৃত যুজ শব্দৰপৰা উৎপত্তি হৈছে । যুজ শব্দৰ অৰ্থ হৈছে - একতা অনা । ঋক্‌বেদৰ মতে যুজ্যতে অনেন ইতি যোগত্ব অৰ্থাৎ লগ লগাই একত্ব অনা কামেই হৈছে যোগ । শ্ৰীমদ্ভাগৱত গীতাত উল্লেখ আছে যে কৰ্মত শ্ৰেষ্ঠতা লাভৰ কৌশলেই হৈছে যোগ  

যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য । প্ৰাচীন কালৰেপৰা ভাৰতীয় সভ্যতাত যোগবিদ্যাই এক অনবদ্য স্থান দখল কৰি আহিছে । সুস্থ দেহ আৰু সুস্থ মন লৈ নিৰোগী জীৱন যাপনৰ বাবে আমাৰ দেশৰ ঋষি মুনিসকলে যোগবিদ্যাৰ প্ৰচলন কৰিছিল। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল । আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে । তেওঁ এই বিদ্যাক শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল ।পতঞ্জলিৰ যোগ পদ্ধতিত যম,নিয়ম,আসন,প্ৰাণায়াম, প্ৰত্যাহাৰ,ধাৰণা,ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে । 

মানুহৰ নিত্য জীৱনৰ চৰ্চাৰ অংগ হিচাপে যোগবিদ্যাই এতিয়া সমগ্ৰ বিশ্বত বিশেষ প্ৰসাৰ লাভ কৰা পৰিলক্ষিত হৈছে । যোগ বিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত প্ৰদান কৰা ভাষণত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল । তেখেতে কৈছিল যে যোগ হল বিশ্ববাসীলৈ ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ বহুমুলীয়া উপহাৰ । যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, বৰ্ং যোগ হল মানুহে নিজৰ লগতে বিশ্ব আৰু প্ৰকৃতিক একত্ৰিত কৰাৰ এক প্ৰমাণিত উপায় । যোগভ্যাসে আমাৰ জীৱন ধাৰণৰ পদ্ধতি সলনি কৰি আৰু আমাৰ আত্ম সচেতনতা বৃদ্ধি কৰি আমাৰ জীৱনযাত্ৰা সুগম কৰি তোলে । প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ  সভাই আন্তৰ্জাতিক যোগ দিৱস পালনৰ প্ৰস্তাৱৰ বিষয়ে ২০১৪ চনৰ ১৪ অক্টোবৰ তাৰিখে বিশদভাৱে আলোচনা কৰে । সেইবছৰৰে ১১ ডিচেম্বৰ তাৰিখে ১৭৭ খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয় । তাৰ ঠিক পিছৰ বছৰ অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে ।

আন্তৰ্জাতিক যোগ দিৱসৰ বাবে ২১ জুন তাৰিখটো বাচনি কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে এই দিনটো পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন । তাৎপৰ্যপূৰ্ণভাৱে যিহেতু যোগৰ লগত সূৰ্যৰ কিৰণৰ পোনপটীয়া সম্বন্ধ আছে ,গতিকে সূৰ্যৰ পোহৰ বেছিকৈ পৰা দিনটোৱেই আন্তৰ্জাতিক যোগ দিৱসৰ বাবে উপযুক্ত ।

প্ৰত্যেক বছৰ একোটা বিশেষ বিষয়ক ভিত্তি কৰি আন্তৰ্জাতিক যোগ দিৱসপালন কৰা হয় । ২০১৫ চনৰপৰা ২০২০ চনলৈ এই দিৱসৰ মূল বিষয়বস্তু আছিল এনেধৰণৰ :

                (১) ২০১৫ চন : সামঞ্জস্য আৰু শান্তিৰ বাবে যোগ (Yoga for Harmony and Peace)

                 (২) ২০১৬ চন : যুৱপ্ৰজন্মক সংযুক্ত কৰা (Connect the Youth)

                 (৩) ২০১৭ চন : স্বাস্থ্যৰ বাবে যোগ (Yoga for Health)

                 (৪) ২০১৮ চন : শান্তিৰ বাবে যোগ (Yoga for Peace)

                 (৫) ২০১৯ চন : হৃদয়ৰ বাবে যোগ (Yoga for Heart)

                (৬) ২০২০ চন : ঘৰতে যোগ আৰু পৰিয়ালৰ সৈতে যোগ (Yoga at Home and Yoga with Family)

                যোৱা বছৰ সমগ্ৰ বিশ্বতে কভিড -১৯ মহামাৰীৰ সংক্ৰমণৰ বাবে ২১ জুন তাৰিখে সকলো লোককে ঘৰতে পৰিয়ালৰ লোকৰ লগত মিলি যোগ আৰু ব্যায়াম কৰি আন্তৰ্জাতিক যোগ দিৱসপালন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । বৰ্তমানো এই মহামাৰীৰ সংক্ৰমণ আমাৰ দেশত হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই ,যাৰ ফলত মানুহে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকি চিন্তা আৰু অৱসাদগ্ৰস্ত হৈ পৰিছে । সেয়েহে নিজকে সুখী আৰু চিন্তামুক্ত কৰি ৰাখিবৰ বাবে নিয়মিত যোগভ্যাসে বৰ্তমান উত্তম আৰু সময়োচিত চিকিৎসাজনিত মাধ্যম হিচাপে প্ৰতিপন্ন হৈছে । ইয়াৰ নিয়মিত অভ্যাসে নিশ্চিতভাৱে আমাৰ মনক অনাৱশ্যক চিন্তা তথা অৱসাদৰপৰা মুক্ত কৰি ৰাখিবৰ সহায়ক হব । 

আমাৰ জীৱন,আমাৰ স্বাস্থ্য আৰু আমাৰ জীৱনৰ মাপকাঠী শ্বাস-প্ৰশ্বাসৰ ওপৰতে নিৰ্ভৰ কৰে। যোগাভ্যাসে আমাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰাত আমাক সহায় কৰে । যোগাভ্যাসে আমাৰ শৰীৰৰ মস্তিষ্ক,হৃদয়,হাওঁফাওঁ আৰু বিভিন্ন পাচনাংগবোৰলৈ তেজৰ প্ৰবাহ বৃদ্ধি কৰে। তেনে বৰ্ধিত প্ৰবাহে ইয়াৰ কাৰ্যক্ষমতা সক্ৰিয় আৰু উন্নত কৰি ৰাখিব পাৰে।

যোগ হল আমাৰ গৌৰৱ,বিশ্ব একতাৰ এনাজৰী আৰু জীৱনৰ এক নতুন গতিপথ। এখন সুস্থ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব অপৰিসীম । যোগাভ্যাসে মানৱ শৰীৰত যোগাত্মক চিন্তাৰে উৎকৰ্ষ সাধন কৰি দৈনন্দিন জীৱন সুচল কৰাত সহায় কৰে। যোগাভ্যাসৰ অন্তৰ্নিহিত উপকাৰসমূহ সাধাৰণ মানুহৰ বোধগম্য কৰি মানুহক যোগাসনৰ বাবে অনুপ্ৰাণিত কৰাতেই আন্তৰ্জাতিক যোগ দিৱসৰ সফলতা নিৰ্ভৰ কৰিছে । সেয়েহে আমি সকলোৱে বিশ্বশান্তি,ভ্ৰাতৃত্ববোধ আৰু সুস্বাস্থ্যৰ বাবে যোগাভ্যাস কৰাটো অত্যন্ত আৱশ্যক ।

__________________



শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
তৃতীয় বৰ্গৰ কৰ্মচাৰী

বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়

কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও


মোবাইল নম্বৰ : ৮৬৩৮৮৭৪৯৭৮


উৎসসমূহ :

(১) সমাজ বিজ্ঞান (ইতিহাস খণ্ড) : দশম শ্ৰেণী ।

(২) যোগশিক্ষা (তত্ত্বগত) : প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম ।

(৩) যোগ :অতীত,বৰ্তমান আৰু ভৱিষ্যত : ৰাহুল ডেকা ।

(৪)সং বাদ পত্ৰ : নিয়মীয়া বাৰ্তা আৰু দৈনিক অসম ।

 

অলংকৰণ:-সুৰভি দাস



Post a Comment

0 Comments