header ads

অসমৰ উজ্জ্বল জ্যোতিষ্ক বিষ্ণু প্ৰসাদ ৰাভা

অসমৰ উজ্জ্বল জ্যোতিষ্ক বিষ্ণু প্ৰসাদ ৰাভা 

        বিষ্ণু প্ৰসাদ ৰাভা চিৰদিনেই অসমৰ ইতিহাসৰ এটি উজ্জ্বল জ্যোতিষ্ক হৈ উজলি থাকিব । আজিও তেখেতৰ জীৱনী আৰু বিশাল কৰ্মৰাজিৰ  সঠিক মূল্যায়ন হ'বলৈ বহুখিনিয়েই বাকী । অসমৰ তথাকথিত বৌদ্ধিক মহলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিভাক তেখেত জীৱিত থকা সময়ত সঠিক ভাৱে স্বীকৃতি প্ৰদান নকৰাৰ অভিযোগ তাহানিৰে । জাতীয় সংগঠন 'অসম সাহিত্য সভা'য়ো বিষ্ণুপ্ৰসাদ ৰাভাক জীৱিত কালত যিমান গুৰুত্ব দিব লাগিছিল সিমান নিদি নিজৰ জাতীয় দায়িত্ব পালনত অপাৰগ হোৱা বুলিও অভিযোগ আছে।

        ২০ জুন, 'কলাগুৰু'জনাৰ মৃত্যু তিথি। সমগ্ৰ অসম জুৰি তেখেতৰ শিল্পী-সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই দিনটো ' বিষ্ণু ৰাভা দিৱস 'ৰূপে পালিত হৈ আহিছে। তেখেতৰ দ্বাৰা সৃষ্ট অনুপম গীত সমূহক এক অন্য ধাৰাৰ গীত ৰূপে 'বিষ্ণু ৰাভা সংগীত' বুলি সময়ে স্বীকৃতি প্ৰদান কৰিছে। তেখেতৰ শিল্পী-সত্তাৰ বিষয়ে অসমীয়াই যিমান জানে, তাতোকৈ বেছি বহল আৰু বহুমুখী ব্যক্তিত্বৰ ব্যক্তি আছিল বিষ্ণু ৰাভা। এই লেখাটোত তেখেতৰ জীৱনৰ ওপৰত এক চমু আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

        ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম লাভ কৰা বিষ্ণু ৰাভা প্ৰকৃততে বড়ো জনগোষ্ঠীৰ । তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী । জন্মসূত্ৰে মুছাহাৰী হ'লেও এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ বাবে তেখেতে ৰাভা উপাধি গ্ৰহণ কৰে । ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল আৰু বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. পৰ্যন্ত পদোন্নতি লাভ কৰিছিল।

        সৈনিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰা বিষ্ণু ৰাভাই পিতৃৰ অকাল বিয়োগত তেজপুৰত আত্মীয়ৰ ঘৰত থাকি  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় । তাতে বাওঁপন্থী মতাদৰ্শৰ দ্বাৰা আকৃষ্ট হৈ কমিউনিষ্ট পাৰ্টিৰ সংস্পৰ্শলৈ আহে আৰু জাৰ্মানীয়ে ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰা বিষয়ত ভাৰতৰ কমিউনিষ্ট সকল দুভাগ হোৱাত তেখেতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিত থকাৰ সিদ্ধান্ত লয় । সেই সময়চোৱাত বৃটিছ চোৰাংচোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ পলাই ফুৰিব লগা হোৱাৰ ফলতে তেখেতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিবলৈ বাধ্য হয় । কিন্তু এগৰাকী স্বাধীনতা যুঁজাৰু হিচাবে বিষ্ণুৰাভাৰ অৰিহণা এতিয়াও ইতিহাসবিদ সকলে মূল্যায়ন কৰিবলৈ বাকী।

        ১৯৩৯ চনত বিষ্ণু প্ৰসাদ ৰাভাদেৱে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত নৃত্য প্ৰদৰ্শনৰ বাবে আমন্ত্রণ লাভ কৰিছিল। তাতে তেওঁ শিৱৰ 'তাণ্ডৱ' নৃত্য প্ৰদৰ্শন কৰিছিল। সেয়া চোৱাৰ পাছতে তেওঁৰ বহুমুখী শিল্পী-প্ৰতিভাক স্বীকৃতি দি বিশ্ববিদ্যালয়খনৰ তদানীন্তন উপাচার্য সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে ৰাভাদেৱক 'কলাগুৰু' উপাধি প্ৰদান কৰিছিল।

        অসমীয়া বৌদ্ধিক মহলে মাত্ৰ এক শিল্পী সত্তাৰ চিনাকিৰ মাজতে বিষ্ণু ৰাভাক বান্ধি ৰাখিবলৈ চেষ্টা কৰিলে বুলিও অভিযোগ উঠে। এগৰাকী বহল হৃদয়ৰ ব্যক্তি আছিল বিষ্ণু প্ৰসাদ ৰাভা। তেখেতে যি বিপ্লৱী ধাৰণা পোষণ কৰিছিল, সেই  ধাৰণাত মু্ক্তি বা স্বাধীনতা কেৱল বগা চাহাবৰ কবলৰ পৰা মুক্তি পোৱাটোৱেই নাছিল। তেওঁৰ মতে শোষণ, নিস্পেষণৰ দাসত্বৰ পৰা শ্ৰমিক ৰাইজে পাব লাগিব স্বাধীনতা।

        সেই চিন্তা কেৱল অসমৰ জনগণৰ বাবে বা অঞ্চলভিত্তিক নাছিল, সি আছিল এক বিশ্বজনীন মানৱীয় চিন্তা । এই স্বাধীনতা নোপোৱালৈ বগা চাহাবৰ হাতৰ পৰা ক'লা চাহাবলৈ হস্তান্তৰিত হোৱা ১৯৪৭ৰ স্বাধীনতাক আচল স্বাধীনতা নহয় বুলিও তেখেতে ঘোষণা কৰিছিল।

        তেখেতে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতো শোষিতজনৰ স্বাধীনতাৰ বাবে নিজৰ যুদ্ধ অব্যাহত ৰাখিছিল। এহাতে বন্দুক আৰু আনফালে কলম লৈ আগবঢ়া বিষ্ণু ৰাভাক সতীৰ্থ সকলে 'সব্যসাচী বিষ্ণুৰাভা' নামেৰেও আখ্যা দিছিল। "হাল যাৰ মাটি তাৰ" শ্লোগানেৰে খেত-মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলোৱা আদি বিষয়ত বিষ্ণু ৰাভাৰ চিন্তা তথা আদৰ্শক গৱেষণামূলক দৃষ্টিৰে নৱ-প্ৰজন্মৰ মাজলৈ অনাৰ নিশ্চয়কৈ প্ৰয়োজন আছে।

        বিপ্লৱী আৰু শিল্পী সত্তাৰ বাহিৰেও গৱেষণাৰ দিশতো অগ্ৰণী আছিল বিষ্ণু ৰাভা । তেখেতক অসমৰ প্ৰথমজনা নৃতত্ববিদ বুলি আখ্যা দিব পাৰি। তেখেতে অসমৰ জনজাতীয় জাতি-গোষ্ঠী সমূহক লৈ কৰা ক্ষেত্ৰ-ভিত্তিক সৱল গৱেষণা পত্ৰ 'বানো কোবাঙ'ত জনজাতীয় জীৱনৰ উপাদানসমূহ পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা হৈছে। তেওঁৰ গৱেষণালব্ধ গ্ৰন্থৰ বহুল জনপ্ৰিয়কৰণৰ কাম এতিয়াও সংগঠিত বৌদ্ধিকমহলে কৰা চকুত পৰা নাই। বিষ্ণুৰাভাক প্ৰথমজনা অসমীয়া নৃতত্ব গৱেষক বুলিও কোনো প্ৰচাৰ বা স্বীকৃতিৰ আনুষ্ঠানিকতা সম্পন্ন হোৱা নাই।

        বিষ্ণু ৰাভা কেতিয়াও ক্ষুদ্ৰ ৰাজনৈতিক আদৰ্শৰ মাজত সীমাবদ্ধ হোৱা সত্তা নাছিল। ৰাজনৈতিক ক্ষেত্ৰখনতো তেখেত জাতিগত বৈষম্যৰ সন্মুখীন হৈছিল বুলি জনা যায়। ৰাভাৰ তেজস্বী বক্তব্য, আবৃত্তি কৰা গুণ আদিৰ সমুখত সেই সময়ৰ দুজন সহকৰ্মীৰ ব্যক্তিত্বহে তুলনা কৰিব পৰা ধৰণৰ আছিল। তেওঁলোক হ'ল শংকৰ বৰুৱা আৰু জ্যোতি প্ৰসাদ আগৰৱালা।

        ১৯৫১ চনত ৰাভাদেৱ ভাৰতীয় 'গণনাট্য সংঘৰ' ৰাজ্যিক সভাপতি হয়। কিন্তু একাধাৰে অভিনেতা, গীতিকাৰ, গায়ক, চিনেমা পৰিচালক আদি ভূমিকা পালন কৰা বহুমুখী প্ৰতিভাধৰজনে এই সংগঠনৰ যোগে কলিকতা আৰু মু্ম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সান্নিধ্যলৈ অহা সত্বেও কলাক কেতিয়াও পেছা বা ধন আহৰণৰ এটা অৱলম্বন হ'বলৈ নিদিলে। ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত ৰাজ্য এৰি মঞ্চ বিচাৰি নগ'ল।

        তেখেতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত সমূহ আয়ত্ত কৰি গাবলৈ শিকে। বিষ্ণু ৰাভায়েই পোন প্ৰথমবাৰৰ বাবে নিজস্ব কল্পনাৰে শ্ৰীমন্ত শংকৰদেৱৰ ছবি অংকন কৰিছিল। এতিয়া ব্যৱসায়িক ভাৱে বহুল ভাৱে প্ৰচাৰিত ছবিখনৰ প্ৰকৃত সৃষ্টিকৰ্তা যে 'কলাগুৰু' আছিল সেয়াও সাধাৰণ জনতাৰ অগোচৰ হৈয়ে আছে। তেখেতৰ আচল সৃষ্টিকৰ্মৰ কিছু অংশ এতিয়াও পৰিয়ালৰ হাতত থকা বুলিও জনা যায়। 

        বিষ্ণু ৰাভাই জনজাতীয় সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যক লৈ খুবেই সচেতন আছিল। তেখেতে কেইবাখনো অভিৱৰ্তনত অংশগ্ৰহণ কৰি দিয়া বক্তৃতাৰ প্ৰতিটোতেই অতি সাৰুৱা কথা লুকাই থকা বুলি জনা যায়। অসমীয়া ভাষা আৰু সংস্কৃতিক আৰ্যমূলীয় বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ডঃ বাণীকান্ত কাকতি, ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা, ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মতৰ সৈতে বিষ্ণু ৰাভাৰ স্থিতি বিপৰীত আছিল। তেখেতৰ যুক্তিত অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিৰ গুৰি জনজাতীয়হে।

        আঞ্চলিকতাবাদী শক্তি আৰু স্বাধীনতাকামী শক্তিয়ে বিষ্ণু ৰাভাক নিজৰ উদ্দেশ্যগত কাৰণত  যোৱা তিনিটা দশকত সমাজৰ চকুত 'আঞ্চলিকতাবাদী, স্বাধীনতাকামী বিপ্লৱীৰ প্ৰতিভূ'ৰ ৰূপ তুলি ধৰিবলৈ চেষ্টা কৰাৰো অভিযোগ  উঠিছে। একালত গুৰুত্বহীন কৰিবলৈ চেষ্টা কৰা সকলেও এতিয়া 'কলাগুৰু'ৰ সত্তাক ব্যৱহাৰ কৰিব বিচৰা বুলিও সচেতন মহলে উদ্বেগ প্ৰকাশ কৰে । বিষ্ণু ৰাভা কোনো এটা জাতি বা জনগোষ্ঠীয় পৰিচয়ৰে সামৰিব পৰা সত্তা কেতিয়াও নহয়, সেইকথা আমি সকলোৱে উপলব্ধি কৰিব লাগিব। আঞ্চলিকতাবাদৰ গণ্ডীয়েও কোনো পধ্যেই বান্ধিব নোৱাৰা সত্তা আছিল বিষ্ণু ৰাভা।  প্ৰকৃততে  এই সত্তা বিশ্বজনীন আৰু মানৱতাবাদীহে, আৰু সেই কথাৰ বহুল প্ৰচাৰ তথা আলোচনা এই মুহূৰ্তত অন্যতম প্ৰয়োজনীয় কথা হৈ উঠিছে।

        ২০০৯ চনত তেখেতৰ জন্ম-শতবাৰ্ষিকীত ভাৰত চৰকাৰে এটি ডাকটিকটো উন্মোচন কৰে।  তেওঁৰ পুত্ৰই আৰম্ভ কৰা তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি উদ্যানৰো দায়িত্ব অসম চৰকাৰে  কান্ধ পাতি লয়। উদ্যানখনত 'কলাগুৰু'ৰ সমাধি থকাৰ লগতে দেৱাল সমূহত তেখেতৰ বিভিন্ন কৰ্মৰাজিও খোদিত হৈ আছে। অসম চৰকাৰে ১৯৮১চনৰ পৰা শিল্পী-সাহিত্যিক সকলৰ বাবে 'বিষ্ণু প্ৰসাদ ৰাভা বঁটা'ৰো প্ৰৱৰ্তন কৰিছে। ৰাজ্যিক সাংস্কৃতিক বিভাগে আগতে ৰবীন্দ্ৰ ভৱনত কেন্দ্ৰীয়ভাৱে পতা ৰাভা দিৱসৰ অনুষ্ঠান এতিয়া তেজপুৰত অনুষ্ঠিত কৰিছে। অসম সাহিত্য সভায়ো কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপনৰ দিহা কৰাৰ লগতে এই দিৱসৰ লগত সংগতি ৰাখি এলানিমান কলা-সাহিত্য বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে আৰু বঁটাও প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে।

        অসমৰ সৰু-বৰ সামাজিক অনুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় আদিত বিষ্ণু ৰাভা দিৱসৰ আয়োজন, কৰ্মৰাজিৰ আলোচনা, আদৰ্শ প্ৰচাৰ কৰাৰ প্ৰচেষ্টা অবিৰত হওক। বিষ্ণু প্ৰসাদৰ গীত সমূহৰ গীতিময়তা, আদৰ্শ, বক্তব্য আদিক লৈ গৱেষণা হওঁক, ৰাভা দেৱে আৰম্ভ কৰা পথেৰে লোক-সংস্কৃতিৰ গৱেষণা হওঁক।  জীৱনী আৰু কৰ্মক বিশ্লেষণাত্মক ৰূপত সামৰা দ্ৰুতপাঠ্য প্ৰৱৰ্তন হওঁক ।  তাৰো-উৰ্ধত এইজনা বহুমুখী প্ৰতিভাধৰক 'বিশ্বজনীন মানৱতাবাদী  সত্তা' ৰূপে প্ৰতিষ্ঠা কৰাৰ  চিন্তা-চৰ্চা নৱ-প্ৰজন্মই আৰম্ভ কৰক । তেখেতৰ সত্তাক প্ৰকৃত ৰূপত চিৰদিনলৈ অমৰ কৰি ৰখাৰ চেষ্টা কৰাটোৱেই  হ'ব তেখেতৰ প্ৰতি জনোৱা প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

 ***********************

লেখক: বিনীতা নাথ

সহ: শিক্ষয়িত্ৰী

ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়

ছয়গাঁও শিক্ষাখণ্ড


অলংকৰণ:-পূবালী শইকীয়া দাস

Post a Comment

0 Comments