header ads

যোগ সাধনা

যোগ সাধনা

        যোগ মানে অতি সাধাৰণ অৰ্থত আমাৰ শৰীৰ সম্পৰ্কে কৰা এক বৈজ্ঞানিক ভিত্তিক সাধনা। যোগ সাধনা সমগ্ৰ ভাৰতবৰ্ষত অতি পুৰণিকালৰ ঋষি-মুনি সকলৰ সময়ৰে পৰা চলি অহা এক গতানুগতিক পৰম্পৰা। এই যোগ-সাধনা বৈদিক যুগৰ পৰাই ভাৰতবৰ্ষত প্ৰচলিত হৈ আহিছে বুলি ক'লেও অত্যুক্তি নহয়। খোৱা-শোৱা, সন্তান জন্ম দিয়া এই সকলো বোৰ কাম আমাৰ শৰীৰটোৰ মাধ্যমেদিয়েই সম্পন্ন হয়। অন্য হাতেদি ভালদৰে অনুধাৱন কৰিলে দেখা যায় যে, পৃথিৱীত জীৱন-ধাৰণ কৰি থকা অন্য জীৱ-জন্তুবোৰেও মানুহৰ দৰেই এনেবোৰ কাৰ্য সম্পন্ন কৰি আহিছে । যিহেতু মানুহ জীৱশ্ৰেষ্ঠ, সকলো  কাৰ্যপ্ৰণালী একে হ'লেও মানুহ আৰু  অন্যান্য জীৱ-জন্তুৰ মাজত আকাশ-পাতাল প্ৰভেদ আছে । ইয়াৰ কাৰণ হ'ল মানুহে নিজক সংযমৰ মাজেদি চলাব পাৰে । সংযম বুলিলে আমি প্ৰধানকৈ তিনিটা বস্তু বুজিব লাগিব । সেইকেইটা হ'ল মানুহৰ শৰীৰ, মন আৰু ইন্দ্ৰিয়। ইয়াৰ ভিতৰত সকলোতকৈ উচ্চ স্থানত আছে আমাৰ মনটো। মনে মানুহৰ শৰীৰ আৰু ইন্দ্ৰিয়ক পৰিচালনা কৰি যথাযথভাৱে ভাল কামৰ কাৰণে প্ৰভাৱিত কৰে । সেয়ে সকলো প্ৰাণীতকৈ মানুহ শ্ৰেষ্ঠ বুলি বিবেচিত হৈছে ।

        যোগ অভ্যাস কৰিলে মানুহৰ শৰীৰ সুস্থ আৰু সবল হয়। সৰুৰেপৰা মানুহে যদি যোগ অভ্যাস কৰে (যাক আমি যোগ-সাধনা বুলি কওঁ) ,মানুহ সকলো পৰিস্থিতিতে সুস্থ আৰু সবল হৈ থাকে। শৰীৰ যদি সুস্থ আৰু সবল হৈ থাকে মানুহ মানসিকভাৱেও সবল হয় । যোগে মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সকলো ফালৰ পৰা ভাৰসাম্যতা ৰাখি জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ প্ৰেৰণা যোগায়।

        ২০২০ চনৰ আৰম্ভণিচোৱাৰে পৰা সমগ্ৰ বিশ্বক ক'ৰ'ণা নামৰ মহামাৰীয়ে ছানি ধৰিছে । যদিও প্ৰথমে চীন দেশৰ উ'হান চহৰত ইয়াৰ উৎপত্তি হৈছিল, লাহে লাহে পাছলৈ বিশ্বৰ প্ৰায় সকলো দেশেই ইয়াৰ চিকাৰ হৈ পৰিছে । ফলস্বৰূপে লাখ লাখ মানুহৰ বহুমূলীয়া জীৱন অকাল মৃত্যুত পৰিল । এনে ঘটনা প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰে বান্ধি দিয়া স্বাস্থ্য সম্বন্ধীয় নীতি-নিয়ম বোৰৰ উপৰিও নিজাববীয়াকৈ যোগাভ্যাস আৰু যৌগিক ব্যায়ামবোৰ যদি নিয়মিতভাবে কৰি যাওঁ, আমাৰ স্বাস্থ্য কাৰ্যক্ষম হৈ থাকিব আৰু ক'ৰ'ণা বা যিকোনো বেমাৰেই শৰীৰটোক আক্ৰমণ কৰিব নোৱাৰিব । ইয়াৰ বাবে মাত্ৰ লাগিব আমাৰ সজাগতা, সচেতনতা আৰু একাগ্ৰতা । আমাৰ মনটোৱে আমাক কেউফালৰ পৰা বান্ধি ৰাখিব পাৰে;  সকলোবোৰ কু-কৰ্মৰ পৰা মুক্তি দিবও পাৰে। যোগে আমাক সৰ্বগুণসম্পন্ন ব্যক্তি হিচাপে গঢ় দি জীৱনৰ উচ্চতম শিখৰলৈ লৈ যাব পাৰে।

        যোগৰ ফল প্ৰাপ্তিৰ কাৰণে এক কঠিন জীৱন শৈলীৰ মাজেদি অতিক্ৰমন কৰিব লাগে। বাস্তৱিকতে ই এক কঠিন কাম । তথাপি ইয়াক অসাধ্য বুলিও ভাবিব নালাগে । যদি যোগ অভ্যাস এটা দুৰূহ কাম বুলি ধৰি লওঁ, নিৰ্দিষ্ট নিয়মৰ মাজেদি, নিতৌ অভ্যাস কৰিলে এনে অসাধ্য কামো সহজ হৈ পৰিব। মনটোক যদি সংযত ৰাখি, নিয়ন্ত্ৰিত কৰিব পাৰোঁ, শৰীৰটো সবল হৈ মানসিক স্থিতিত সবল হৈ থাকিব, লগতে আধ্যাত্মিক ভাবেও বহুত উৎকৰ্ষ লাভ কৰিব পাৰিম।

        যোগৰ দ্বাৰা আমি জীৱনৰ চৰম শিখৰ পৰ্যন্ত আৰোহণ কৰিব পাৰো। অৰ্থাৎ দৈনন্দিন কাম-কাজৰ উপৰিও আত্মা আৰু মনৰ বিকাশ সম্ভৱ হ'ব পাৰে যোগৰ নিয়ম আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণ, ধ্যান আৰু সমাধাৰ দ্বাৰা। এই বিলাকৰ ভিতৰত যম, নিয়ম আৰু প্ৰাণায়মৰ গুৰুত্ব আটাইতকৈ অধিক; ধ্যান, ধাৰণা, প্ৰত্যাহাৰ আদিৰ ভূমিকাও যোগত নুই কৰিব নোৱাৰি।

যম: যম মানে হৈছে জীৱনত কেতিয়াও কাকো দুখ নিদিয়া; চোৰ-ডকাইতৰ দৰে ঘটনা সংঘটিত নকৰা; কাৰো লগত চল-কপট নকৰা; যিবিলাক কাৰ্যই সমাজৰ অনিষ্ট সাধন কৰিব পাৰে তেনে কাৰ্য্যৰপৰা বিৰত থকা।

নিয়ম: নিয়ম মানে ব্যক্তিৰ চৰিত্ৰৰ কথাকে বুজাইছে। মানুহ সদায় চৰিত্ৰৱান হ'ব লাগে। চৰিত্ৰৱান মানুহৰ দ্বাৰাহে এখন বিদ্বত সমাজ গঢ় লয়।

প্ৰাণায়াম: 

        যোগত প্ৰাণায়ামৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই প্ৰাণায়ামৰ কেইটামান ভাগ আছে। ইয়াক জনাৰ আগতে আমি কেইটামান কথা পৰিষ্কাৰকৈ জনাতো অতি আৱশ্যকীয়।আমাৰ পাৰ্থিৱ শৰীৰটো জীয়াই থাকিবৰ কাৰণে অক্সিজেনৰ প্ৰয়োজন। অক্সিজেনৰ অবিহনে আমাৰ শৰীৰটো এখন্তেকো জীয়াই নাথাকে । ই শ্বাস-প্ৰশ্বাসৰ দ্বাৰাই প্ৰাণৱন্ত হৈ থাকে। যদি শ্বাস-প্ৰশ্বাস বন্ধ হয়, তেতিয়া শৰীৰৰ পৰা প্ৰাণ-বায়ু ওলাই যায়, মানুহৰ মৃত্যু হয় । শৰীৰৰ লগত প্ৰাণৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সেয়ে যোগত প্ৰাণায়ামৰ এক বিশেষ স্থান আছে। প্ৰাণায়াম মানে আমাৰ  শৰীৰত প্ৰাণৰ সঞ্চাৰ কৰা এক ব্যৱস্থা। প্ৰাণায়ামত আমি দীঘল-দীঘলকৈ উশাহ ল'ব লাগে। ই শৰীৰলৈ দোষমুক্ত বায়ু প্ৰেৰণ কৰি দূষিত বায়ু বাহিৰলৈ উলিয়াই দিয়ে। ইয়েই আমাৰ প্ৰাণশক্তি।

         বৰ্তমান ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ ওপৰত ক'ৰ'ণাৰ প্ৰভাৱ এনেদৰে পৰিছে যে, অক্সিজেনৰ অভাৱত সেই দেশবিলাকত বহু লোকৰ অকাল মৃত্যু ঘটিছে। সেয়ে শৰীৰৰ সন্তুলন বৰ্তাই ৰাখিবলৈ শৰীৰৰ ওপৰত প্ৰাণ সঞ্চাৰ সঠিকভাবে ৰক্ষা কৰিবৰ কাৰণে যোগাসন অতি  জৰুৰী বুলি বিবেচিত হৈছে । প্ৰাণায়াম যোগৰ এক অংশ বিশেষ। যোগৰ পৰিভাষাৰ মতে প্ৰাণায়মৰ মুখ্য ভাগ কেইটা হ'ল -পূৰক, কুম্ভক আৰু ৰেচক।

  • পূৰক মানে শৰীৰত প্ৰাণক ভৰোৱা কাৰ্য ।
  • কুম্ভক মানে প্ৰাণক শৰীৰত ৰখা কাৰ্য ।
  • ৰেচক মানে প্ৰাণক শৰীৰত ৰখাৰ পিছত বাহিৰ ওলোৱা কাৰ্য ৷

        দীঘলকৈ উশাহ লোৱা কাৰণে শৰীৰটোৱে দোষমুক্ত বায়ু আহৰণ কৰে আৰু তেনেদৰে দূষিত বায়ু শৰীৰৰ পৰা নিষ্কাষণ কৰে । এই প্ৰক্ৰিয়াৰ দ্বাৰা মানুহ লাভৱান হয় আৰু যিসকল লোকে প্ৰাণায়ম নকৰে তেওঁলোকতকৈ তুলনামূলকভাবে দীৰ্ঘায়ু হয়। আমাৰ ভাৰতবৰ্ষখন ঐতিহ্যৰে ভৰা দেশ । অতি প্ৰবাহমান কালৰ পৰাই আমাৰ দেশৰ ঋষি-মুনি সকলে কঠোৰ যোগাভ্যাসৰ দ্বাৰা দীৰ্ঘায়ু আৰু কোনোৱে অমৰত্ব লাভ কৰিছিল । আনকি অসুৰ সকলেও কঠোৰ যোগাসন কৰি , ধ্যান কৰি দেৱতাসকলৰ পৰা বৰ লাভ কৰিছিল । তেনেদৰে অসুৰ সকলেও প্ৰৱল-প্ৰতাপী হৈ দীৰ্ঘ জীৱন জীয়াই আছিল । থূল-মূল ভাবে আমি ইয়াকে ক'ব পাৰো যে প্ৰাণায়াম যুগ-যুগান্তৰৰ পৰা চলি আহিছে, ইয়াৰ চানেকি পূৰ্বপুৰুষ সকলে দেখুৱাই গৈছে । ইয়াৰ শক্তি অসীম।এই প্ৰাণায়াম নিয়ন্ত্ৰিত ভাৱে সঠিক ৰূপত কৰিলে আমাৰ লগত উঠি অহা প্ৰজন্মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থ-সবল শৰীৰৰ সৈতে জীৱন যাপন কৰিব পাৰিব ৷

        প্ৰাণায়ামৰ উপৰিও আমি সংক্ষিপ্তভাৱে আৰু অন্য যোগাসনৰ কথাও ক'ব পাৰো , যিবিলাক মানুহৰ শৰীৰৰ কাৰণে অতি আৱশ্যকীয় । সেই বিলাকৰ ভিতৰত অন্যতম সূৰ্য নমস্কাৰ । এই সূৰ্য নমস্কাৰ যোগাসন শৰীৰৰ ওপৰত ইমানেই প্ৰভাৱশালী যে গোটেই শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। বছৰৰ বাৰ মাহৰ দৰে সূৰ্যৰ বাৰটা স্থিতি আছে।সেয়েহে সূৰ্য নমস্কাৰ আসন যিসকলে কৰে, বাৰ্ধক্যই কেতিয়াও তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে।

        প্ৰাণায়ামৰ অন্য এটা ভাগ আছে, তাক কপালভাতি বুলি কয় । কপালভাতি আসনতো উশাহ শৰীৰৰ ভিতৰলৈ টনা আৰু শৰীৰৰ পৰা উশাহ উলিয়াই দিয়া সম্বন্ধিত।এই প্ৰক্ৰিয়াত উশাহ গ্ৰহণ কৰাতকৈ এৰি দিয়াত বেছি গুৰুত্ব দিয়া হয় । এনেদৰে কপালভাতি আসন কৰাৰ ফলত শৰীৰৰ সকলো ৰোগৰ বীজাণু বাহিৰ ওলাই যায়, যাৰ ফলত স্বাস্থ্য সবল হোৱাত সহায়ক হয় ।কপালভাতি যোগাসন কৰিলে শৰীৰৰ লিভাৰ, কিডনী, পেংকাইটিচকে ধৰি তলপেটৰ সকলো যন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে । ইয়াৰ ফলত বহুমূত্ৰ ৰোগ ভাল হয়, লিভাৰ কাৰ্যক্ষম হয় । মূৰৰ বিষ আৰু বাত বিষৰ বেমাৰো নিৰাময় হোৱাত কপালভাতিয়ে সহায় কৰে।

অনুলোম বিলোম:

        অনুলোম বিলোম প্ৰাণায়ামত উশাহ লোৱা আৰু উশাহ এৰি দিয়া কাৰ্য্য নাকৰ দ্বাৰাই কৰা হয় । সোঁ নাকেৰে শ্বাস লৈ বাওঁ নাকেৰে শ্বাস এৰি দিয়া হয়। ইয়াক অনুলোম বিলোম বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ স্নায়ুবোৰে সঠিক ৰূপে কাম কৰিবলৈ শক্তি পায়। এই আসন কৰিবলৈ হ'লে কোনো এক সমতল ঠাইত ধ্যানমুদ্ৰাত বহি ৰাজহাড় পোনকৈ ৰাখি সোঁ নাকৰ নাসিকা  বন্ধ কৰি বাওঁ নাকেদি শ্বাস ভিতৰলৈ টানিব লাগে। তাৰ পাছত সোঁ নাকেৰে শ্বাস এৰি দিব লাগে । তেনেদৰে বাওঁ নাসিকা বন্ধ কৰি সোঁ নাকেৰে শ্বাস ভিতৰলৈ টানিব লাগে, পাছত সোঁ নাকেৰে শ্বাস  বাহিৰলৈ এৰি দিব লাগে । সংক্ষেপতে এই প্ৰক্ৰিয়াক অনুলোম -বিলোম প্ৰাণায়াম বুলি কোৱা হয় । এই প্ৰাণায়ামৰ ফলত হৃদযন্ত্ৰৰ স্পন্দন স্বাভাৱিক থাকে । এই প্ৰাণায়াম উচ্চ ৰক্তচাপ নিৰাময় কৰাত সহায়ক হয় ।

        ইয়াৰ উপৰিও যোগ অভ্যাসৰ কাৰণে অন্যান্য বহুতো আসন আছে । সেই বিলাকৰ ভিতৰত পদ্মাসন, সুখাসন, সিদ্ধাসন, গুপ্তাসন, হলভাসন, হলাসন, ভজাংগাসন, বজ্ৰাসন, সুপ্ত বজ্ৰাসন, সৰ্বাংগাসন, শীৰ্ষাসন, ধনুৰাসন, সেঁতুবদ্ধাসন, বিপৰীত কৰণীমুদ্ৰা আসন, বীৰাসন, বক্ৰাসন, শৱাসন ইত্যাদি ।

        যোগ আসন আৰু যৌগিক ব্যায়াম মানুহৰ স্বাস্থ্যৰ কাৰণে অতি আৱশ্যকীয় । এই যোগ সাধনা প্ৰকৃত পক্ষে অতি কঠিন । ইয়াৰ কাৰণে কঠিন  অনুশীলনৰ আৱশ্যক । কিন্তু আমাৰ ব্যক্তিগত প্ৰচেষ্টা আৰু একাগ্ৰতা থাকিলে অৱশ্যেই কোনো কাম অসাধ্য নহয় । যোগ অভ্যাস আৰু যোগ সাধনা, পুৰুষ- মহিলা , যুৱক-যুৱতী , কণমাণি ল'ৰা-ছোৱালী সকলোৱে কৰিব পাৰে । অৱশ্যে নিৰ্দিষ্ট  নিয়ম অনুযায়ীহে এই অভ্যাস কৰিব লাগে । ইয়াত জাতি-ধৰ্মৰ কোনো ভেদাভেদ নাই, সকলোৱে কৰিব পাৰে ।

        বৰ্তমান 'যোগ' আন্তৰ্জাতিকভাৱে অতি জনপ্ৰিয় হৈছে । ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ  সাধাৰণ সভাই আন্তৰ্জাতিক যোগ দিৱস পালনত অনুমোদন জনায় । সেই মৰ্মে ২০১৫ চনৰ ২১ জুন তাৰিখৰ পৰা প্ৰতি বছৰে যোগ দিৱস সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় । উদ্দেশ্য মানুহক বিশ্বজুৰি শাৰিৰীক, মানসিক আৰু আধ্যাত্মিকভাৱে উৎকৰ্ষ সাধন কৰা । এই বছৰৰ যোগৰ বাণী এনেধৰণৰ 'Happy International Yoga Day 2021. Make Yoga a daily part of Life and your life to the fullest.'

        এই খিনিতে মই আগ্ৰহেৰে পাঠক সকলক জনাবলৈ পাই সুখী হৈছোঁ যে - যোগৰ ওপৰত লিখা মোৰ এখন গ্ৰন্থ 'যোগ সাধনা আৰু ইয়াৰ তাৎপৰ্য' শীৰ্ষক যোৱা এপ্ৰিল মাহৰ ২৮ তাৰিখে উন্মোচন হৈছে।  যোগৰ প্ৰতিটো আসন ,ইয়াৰ নিয়ম-প্ৰণালী আৰু ইয়াৰ দ্বাৰা লাভালাভ ছবিৰে সৈতে দিয়া আছে । গ্ৰন্থখন যোগ অভ্যাসৰ কাৰণে বহু উপকাৰী ।

        বৰ্তমান এই বিশ্বজনীন ক'ৰ'ণা পৰিস্থিতিৰ কাৰণে আমি সকলোৱেই চিন্তান্বিত । এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আমি সকলোৱে একজোট হৈ থাকিব লাগিব । আমি আমাৰ নতুন প্ৰজন্মৰ বাবে দায়বদ্ধ । সেইকাৰণে আমি চৰকাৰে বান্ধি দিয়া স্বাস্থ্য সম্বন্ধীয় নিয়মবোৰ, যেনে ঘনাই হাত ধোৱা, চেনিটাইজ কৰা, মাক্স পিন্ধা প্ৰতিজন মানুহৰ মাজত দুৰত্ব বজাই ৰখা, বেছি মানুহৰ সমাগমৰ পৰা  নিজকে বচাই ৰখা আদি নিয়মবোৰ মানি চলিব লাগে । ইয়াৰোপৰি আমাৰ প্ৰতিজন লোকেই  নিজৰ দৈনিক কামৰ উপৰিও কম পক্ষেও এক ঘণ্টা নিজৰ বাবে আছুতীয়াকৈ ৰাখি যোগাভ্যাস যৌগিক ব্যায়ামবোৰ কৰি থাকিব লাগে । মহিলাসকল, যুৱক -যুৱতীসকল, কণ-কণ ল'ৰা-ছোৱালীসকলেও যোগাভ্যাস কৰিব  লাগে । তেতিয়াহে আমি একোটা সুস্থ সবল শৰীৰ পাম আৰু তেতিয়াহে কোনো বেমাৰেই আমাক আক্ৰমণ কৰিব নোৱাৰিব ।

        এনেদৰে আমি ক'ৰ'ণা মহামাৰীক জয় কৰিব পাৰিম। আমাৰ জয়  হ'ব আৰু ক'ৰ'ণা হাৰিব ।


*********************


দিলীপ লেখাৰু

দূৰভাস ৮৪৭২৮ ৩৯৪৫১

 




অলংকৰণ:-পূবালী শইকীয়া দাস 



Post a Comment

0 Comments