header ads

ছয়গঞা উপভাষাৰ চমু আলোচনা (দ্বিতীয় খণ্ড)

ছয়গঞা উপভাষাৰ চমু আলোচনা (দ্বিতীয় খণ্ড) 

    'Assamese, its Formation and Development' গ্ৰন্থত ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে অভিমত আগবঢ়াই কৈছে যে, "ঔপভাষিকভাৱে অসমীয়াক পূব অসমীয়া আৰু পশ্চিম অসমীয়া এই দুই ভাগত ভগাব পাৰি ।" শদিয়াৰপৰা গুৱাহাটীলৈ প্ৰচলিত ভাষাটোক পূব অসমৰ আৰু কামৰূপ, গোৱালপাৰাত প্ৰচলিত ভাষাটোক পশ্চিম অসমৰ ভাষা বুলি আখ্যা দিছে। কামৰূপী উপভাষাটো উজনি অসমৰ ভাষা (যিটো মান্যৰূপ) আৰু গোৱালপাৰাৰ (মিশ্ৰিত) উপভাষাৰ মাজত প্ৰচলিত বুলি তেওঁ মন্তব্য দিছে। তেওঁ পূব অসমৰ ভাষা আৰু পশ্চিম অসমৰ আঞ্চলিক উপভাষাসমূহৰ একোটা ৰূপৰ চানেকি ডাঙি ধৰিছে। এই অঞ্চলসমূহ হ'ল- শিৱসাগৰ (standard colloquial), পাতি দৰং(east Kamrup), ধৰ্মপুৰ (northern Kamrup), বজালী (north western Kamrup), পলাশবাৰী (south kamrup), বৰপেটা (western Kamrup), শালকোছা (western Goalpara) (Kakati, pp-18, 24-31)

        উপেন্দ্ৰনাথ গোস্বামীৰ মত, "উপভাষাৰ দৃষ্টিৰে চালে অসমীয়া ভাষাটোক দুটা ভাগত ভগাব পাৰি- পূব অঞ্চলৰ অসমীয়া বা উজনি অঞ্চলৰ ভাষা আৰু পশ্চিম অঞ্চলৰ অসমীয়া বা নামনি অঞ্চলৰ ভাষা।" ( অসমীয়া ভাষা আৰু উপভাষা, পৃ-৫৭) তেওঁ কামৰূপী উপভাষাক তিনিটা ভাগত ভাগ কৰি দেখুৱাইছে-

    ক) বৰপেটা আৰু ইয়াৰ ওচৰ-পাজৰক লৈ পশ্চিম অঞ্চল,

    খ) নলবাৰী আৰু ইয়াৰ ওচৰ-পাজৰক লৈ মধ্য অঞ্চল,

    গ) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ছয়গাঁও, বকো অঞ্চল বা দক্ষিণ অঞ্চল।

    তদুপৰি কামৰূপী ঔপভাষিক ক্ষেত্ৰৰ শুৱালকুছি- ৰামদিয়া অঞ্চলৰ ভাষাক সুকীয়াকৈ আলোচনা কৰিছে ।

        গোলকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ তিনিটা ঔপভাষিক ৰূপৰ কথা উল্লেখ কৰিছে। উজনি আৰু নামনি অসমৰ উপভাষাৰ মাজত মধ্য অসমত প্ৰচলিত উপভাষাটো এটা সুকীয়া উপভাষা কোৱা ভৌগোলিক ক্ষেত্ৰ ৰূপে বিবেচনা কৰিছে। (ভাষা-ভাষনিকা, পৃ-৮০)

    দীপাংকৰ মৰলে অসমীয়া ভাষাৰ উপভাষাক পূব অসমৰ উপভাষা, পশ্চিম অসমৰ কামৰূপী আৰু গোৱালপৰীয়া হিচাপে তিনিটা ঔপভাষিক অঞ্চলত ভাগ কৰিছে। (উপভাষা বিজ্ঞান, পৃ-৮৪)

        ৰমেশ পাঠকেও অসমীয়া ভাষাৰ উপভাষাক প্ৰধানভাৱে তিনিটা ভাগত ভগাইছে- উজনি, কামৰূপী আৰু গোৱালপৰীয়া । এই তিনিটা ভাগৰ আকৌ আঞ্চলিক ক্ষুদ্ৰ ৰূপ কিছুমান আছে। ৰেখাচিত্ৰৰ সহায়ত অসমীয়া ভাষাৰ উপভাষা আৰু উপভাষাৰ খণ্ড ৰূপ (sub-dialect) বোৰ এনেদৰে দেখুৱাইছে। (অসমীয়া ভাষাৰ ইতিহাস, পৃ-১৩১)

    অসমীয়া ভাষাৰ উপভাষা আৰু উপভাষাৰ খণ্ডৰূপ সৃষ্টিত ঘাইকৈ ৰাজনৈতিক কাৰণে মুখ্য ভূমিকা লৈছিল বুলি ৰমেশ পাঠকে মন্তব্য প্ৰদান কৰিছে ।

    অবিভক্ত কামৰূপ জিলাত প্ৰচলিত কথিত ৰূপটোৱে কামৰূপী উপভাষা । সোতৰ শতিকালৈ সাহিত্যিক আৰু কথিত দুয়োটা ভাষাৰে স্থান অধিকাৰ কৰা কামৰূপী উপভাষাই পাছলৈ কথিত উপভাষা হিচাপে বৃহত্তৰ কামৰূপ অঞ্চলত ৰক্ষিত হয় । 

        কামৰূপী উপভাষাটোৱে সুকীয়াভাৱে গঢ় লৈ উঠাৰ আঁৰত পুৰণি কামৰূপৰ শাসন, ৰাজনৈতিক ব্যৱস্থা, বিদেশীৰ আক্ৰমণ, যোগাযোগৰ বিচ্ছিন্নতা, ভিন্ন ভাষিক সম্প্ৰদায়ৰ লগত থলুৱা ভাষা- সম্প্ৰদায়ৰ সংমিশ্ৰণ, ভৌগোলিক দূৰত্ব, ধৰ্ম বা বিশ্বাসৰ ভিন্নতা আদি কাৰণবোৰ বিশেষভাৱে জড়িত । ছয়গাঁও অঞ্চলৰ কথিত উপভাষাটো কামৰূপী উপভাষাৰ এটা স্থানীয় ৰূপ। উপেন্দ্ৰনাথ গোস্বামীয়ে তেওঁৰ গৱেষণা পুথি 'Kamrupi Dialect' ত কৈছে- " পলাশবাৰী, ছয়গাঁও, বকো অঞ্চলৰ কথিত ভাষাটো হ'ল দক্ষিণ কামৰূপীয়া।" এই দক্ষিণ কামৰূপীয়া কথিত ভাষাটোৰ আকৌ আঞ্চলিক পার্থক্য যথেষ্ট আছে।

        ছয়গাঁও অঞ্চলটোৰ ভাষাৰ বিভিন্ন আঞ্চলিক কথিত ৰূপ পোৱা যায়। আঞ্চলিক কথিত ৰূপসমূহত ধ্বনিগত আৰু শব্দগত বৈসাদৃশ্য স্পষ্ট ৰূপত ধৰা পৰে, তদুপৰি শব্দভঁৰাল, কথন ভঙ্গীমা, কথা পতাৰ ঠাৰ-চিয়াৰ আদিৰ ক্ষেত্ৰত এই উমান পোৱা যায়।

        ছয়গাঁও অঞ্চলৰ কথিত উপভাষাৰ এনে আঞ্চলিক ৰূপৰ ভিন্নতাৰ মূল কাৰণ হ'ল, অঞ্চলসমূহৰ মাজত পূৰ্বতে থকা সঘন যোগাযোগৰ অসুবিধা, ভৌগোলিক অৱস্থিতি আৰু কোনো কোনো ক্ষেত্ৰত প্ৰব্ৰজন । ছয়গাঁওৰ ভৌগোলিক ব্যাপ্তিৰ মধ্য অংশ বা ছয়গাঁও নগৰৰ উত্তৰ দিশত মন কৰিলে ভাষাটোত ধ্বনিগত পার্থক্যৰ লগতে শব্দগত পাৰ্থক্যও ধৰা পৰে । আনহাতে, দক্ষিণৰ মেঘালয় পাহাৰৰ সীমান্তলৈ মন কৰিলে বুজা যায় যে ইয়াত ভাষাটোৱে অসমীয়া ভাষাৰ লগত ৰাভা, বড়ো আৰু গাৰোসকলে নিজ নিজ ভাষাটো হেৰুৱাই পেলাইছে আৰু নতুন ভাষাটোত অভ্যস্ত হৈছে। (এই সম্পৰ্কে বিতং আলোচনা কৰা হ'ব)

         বৃহত্তৰ ছয়গাঁও অঞ্চলৰ ভৌগোলিক পৰিব্যাপ্তি অনুসৰি তথা তাৰ আশ-পাশৰ কিছু আঞ্চলিক নামকৰণ কৰিব পৰা যায়।

    ১) মূল ছয়গঁঞা ভাষা বা কেন্দ্ৰীয় ভাষা :- ৰাজহ গাঁও বালাসিদ্ধি, নোৱাপাৰা, আমতলা, জিয়াকুৰ, কটহী, বালাগাঁও, সাপৰটাৰি আদি অঞ্চলক লৈ মূল ছয়গঁঞা ভাষা। ই সকলো আঞ্চলিক ৰূপৰে প্ৰধান। ইয়াৰ মাজতে কিন্তু দ-গাঁও কালাৰদিয়া অঞ্চলৰ ভাষাটো কিছু সুকীয়া আছিল, বৰ্তমান বুঢ়া-মেথাৰ মুখত ৰোৱা দুই এটা শব্দোচ্চাৰণৰ বাদে পুৰণি আঁহডাল বিচাৰিবলৈ কঠিন ।

    ২) উত্তৰাঞ্চলৰ ভাষা :- ছয়গাঁওৰ উত্তৰ অঞ্চল ব্ৰহ্মপুত্ৰ নদৰ চৰ- চাপৰিসমূহলৈ বিস্তৃত। কিন্তু চৰাঞ্চল আৰু নৈ পাৰৰ গৰৈমাৰী ৰাজহচক্ৰৰ অন্তৰ্গত পমুৱা মুছলমানৰ গাঁওকেইখনৰ ভাষাক আন এটা সুকীয়া ভাগ হিচাপে বিভক্ত কৰা হৈছে। কাৰণ ই সম্পূৰ্ণৰূপে সুকীয়া কথিত ভাষা। কিন্তু বৈষ্ণৱ পৰম্পৰাৰ গৰৈমাৰীৰ ঐতিহাসিক গাঁওসমূহৰ ভাষাটো উত্তৰাঞ্চলৰ ভাষাৰ অন্তৰ্ভুক্ত কৰা হৈছে।


আগলৈ...

    ***************************

দীপাংকৰ ঠাকুৰীয়া

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

গৱেষণাৰ বিষয়- লোকসংস্কৃতি


অলংকৰণ:-পূবালী শইকীয়া দাস 



Post a Comment

0 Comments