সু-স্বাস্থ্য বৰ্তাই ৰখাত যোগাসনৰ গুৰুত্ব
সাম্প্ৰতিক সময়ত চাৰিওফালে বিজ্ঞানৰ অভূতপূৰ্ব সফলতাই এফালে জীৱশ্ৰেষ্ঠ মানুহক যেনেকৈ আগুৱাই লৈ গৈছে, আনফালে ধ্বংস কৰি পেলাইছে প্ৰকৃতি, বাঢ়িছে বিভিন্ন ধৰণৰ প্ৰদূষণ, বিভিন্ন ধৰণৰ ৰোগ । যাৰ ফলত মানুহৰ মানসিক চাপ, দুঃচিন্তা বাঢ়িব ধৰাৰ লগতে এজন মানুহ আন এজনৰপৰা লাহে লাহে আঁতৰি যাবলৈ ধৰিছে । আকৌ কৰ্ম ব্যস্ততাই পৰিয়াল, বন্ধু বা আত্মীয় কাৰো বাবে মানুহৰ সময় নাইকিয়া কৰি পেলাইছে; ফলত সমাজৰ কিছু লোক হৈ পৰিছে সকলোৰে মাজত থাকিও এক বুজাব নোৱাৰাকৈ অকলশৰীয়া । মানসিক আৱেগসমূহ স্থৱিৰ কৰিব নোৱাৰি মানুহে কেতিয়াবা ভাৰসাম্য হেৰুৱাই পেলায় । ফলত বাঢ়িব ধৰিছে আত্মহননৰ দৰে বিভিন্ন কৰুণ কাহিনী ।
এই সকলো সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ আমি যোগাসনক এক উত্তম
মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰো । যোগ হ'ল এনে এক পদ্ধতি যাৰ জৰিয়তে মানুহে নিজৰ অন্তৰাত্মা
জাগ্ৰত কৰি মানসিক আৰু শাৰীৰিক স্বাস্থ্য সুস্থ আৰু সবল কৰি ৰাখিব পাৰে । যোগ অভ্যাস
কৰিলে বহুতো বেমাৰৰপৰা নিৰাময় পাব পাৰি লগতে শৰীৰ আৰু মনৰ-ভাৱনা সবল কৰি ৰাখিব পাৰি
।
যোগ বা যোগাসন শব্দটো সংস্কৃত "যুজ" শব্দৰ পৰা আহিছে
যাৰ অৰ্থ হ'ল সংযোগ বা মিলন । অৰ্থাৎ জীৱাত্মাৰ লগত পৰমাত্মাৰ সংযোগ সাধন । যোগ বিদ্যাৰ
আৰম্ভ হৈছিল হেজাৰ বছৰ পূৰ্বতে, যেতিয়া প্ৰথম ধৰ্মীয় প্ৰথাৰ আৰম্ভণি আৰু বিশ্বাস গঢ়ি
উঠিছিল । শ্ৰুতি পৰম্পৰা অনুসৰি ভগৱান শিৱ যোগবিদ্যাৰ আদিগুৰু ; হেজাৰ হেজাৰ বছৰ আগতে
হিমালয়ৰ পাদদেশত কান্তি সৰোবৰৰ তিৰত আদি যোগী শিৱই যোগৰ জ্ঞান সপ্ত ঋষিক দিছিল । পাছত
এই সপ্ত ঋষিয়ে এই যোগ বিদ্যা বিভিন্ন ঠাইত বিয়পালে ।
সাধাৰণতে যোগৰ প্ৰকাৰ কিমান বুলি ক'লে সঠিককৈ কোৱাটো টান । যোগাসনে
শৰীৰৰ বিভিন্ন স্তৰত কাৰ্য কৰে । যেনে - শৰীৰ, শক্তি, মস্তিস্ক, মনোভাৱ । ইয়াৰ ওপৰত
ভিত্তি কৰি যোগক ৪ টা প্ৰধান ভাগত ভাগ কৰা হৈছে । (১) জ্ঞানযোগ- য'ত মনৰ প্ৰয়োগ হয়
। (২) কৰ্মযোগ- য'ত শৰীৰ প্ৰয়োগ হয় । (৩) ভক্তিযোগ- য'ত ভাৱনাৰ প্ৰয়োগ হয় । (৪) ক্ৰিয়া
যোগ- য'ত শক্তি, ইচ্ছা আদিৰ প্ৰয়োগ হয় । এই প্ৰধান যোগসমূহৰ উপৰিও এতিয়াৰ দিনত বেলেগ
বেলেগ যোগৰ নাম চলি আছে । যেনে- পতঞ্জলিযোগ, কুণ্ডলীযোগ, হঠযোগ, ধ্যানযোগ, মন্ত্ৰযোগ,
লয়যোগ, জৈনযোগ, বুদ্ধযোগ ইত্যাদি । ব্যাপক ৰূপত প্ৰচলিত যোগ সাধনাসমূহ হ'ল - যম, নিয়ম,
আসন, ধাৰণা, ধ্যান, প্ৰাণায়াম, প্ৰত্যাহাৰ, সমাধি, বন্ধ আৰু মুদ্ৰা, ষটকৰ্ম, যুত্তাহাৰা
মন্ত্ৰ, জপ আদি ।
এই সকলোবোৰৰ ভিতৰত যোগাসনৰ এক উৎকৃষ্ট অভ্যাস বা ভাগ হ'ল প্ৰাণায়াম । সাধাৰণ অৰ্থত প্ৰাণায়াম শ্বাস-প্ৰশ্বাসৰ এক ব্যায়াম হ'লেও প্ৰকৃতাৰ্থত শ্বাস-প্ৰশ্বাসৰ প্ৰণালীৱদ্ধ নিয়ন্ত্ৰণ বা প্ৰাণৰ অয়ামেই হৈছে প্ৰাণায়াম । প্ৰাণায়ামৰ দ্বাৰা হাওঁফাওঁ শক্তিশালী হয়, শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয় । যাৰ ফলত মানুহ নিৰোগী আৰু দীৰ্ঘজীৱী হয় । লগতে প্ৰাণায়ামৰ দ্বাৰা মানুহৰ মন একাগ্ৰ হয়, মানসিক বিকাশ দূৰ হয় আৰু মনৰ মাজত ভুমুকি মৰা অসৎ ভাৱ আঁতৰ হয় ।
প্ৰাণায়াম
কৰাৰ অভ্যাস বিধি সমূহ এনেধৰণৰ:-
যিকোনো ধ্যানাসনত বহিব লাগে । ৰাজহাড় পোন কৰি শৰীৰটো শিথিল
কৰি বুঢ়া আঙুলিৰে সোঁ নাক বন্ধ কৰিব লাগে । প্ৰথমে বাওঁ নাকেৰে উশাহ লৈ তাৰপিছত বাওঁ
নাক বন্ধ কৰি সোঁ নাকেৰে উশাহ এৰিব লাগে । আকৌ সোঁ নাকেৰে উশাহ লৈ বাওঁ নাকেৰে এৰিব
লাগে । এনেদৰে পুনৰ সলনা-সলনিকৈ কৰিব লাগে । উশাহ লাহে লাহে আৰু গভীৰভাৱে ল'ব লাগে
। প্ৰাণায়ামৰ আন এক প্ৰকাৰ হ'ল শীতলী প্ৰাণায়াম । শীতলী মানে ঠাণ্ডা । এই প্ৰাণায়ামে
মন আৰু শৰীৰক শীতলতা প্ৰদান কৰে । লগতে তেজ বিশুদ্ধ কৰে । বদহজম, কফ আৰু পিত্তজনিত
ৰোগ উপশম হয় । এই প্ৰাণায়াম কৰিবলৈ যিকোনো ধৰণৰ ধ্যানাসনত বহিব লাগে । হাত দুখন জ্ঞান
মুদ্ৰাত ৰাখিব লাগে । জিভাখন গোলাকাৰ আকৃতিত অলপমান বাহিৰলৈ উলিয়াই লাহে লাহে উশাহ
ল'ব । এতিয়া মুখ বন্ধ কৰি দি নাকেৰে লাহে লাহে উশাহ এৰিব লাগে ।
আন এক ধৰণৰ প্ৰাণায়াম হৈছে ভ্ৰামৰি প্ৰাণায়াম । ভ্ৰামৰি
শব্দৰ অৰ্থ হ'ল 'ভোমোৰা' । এই প্ৰাণায়াম কৰিবলৈ যিকোনো ধৰণৰ ধ্যানাসনত চকু বন্ধ কৰি
বহিব লাগে । নাকেৰে গভীৰভাৱে উশাহ ল'ব লাগে । উশাহ লাহে লাহে এৰি ভোমোৰাৰ দৰে গুণগুণনি
শব্দ কৰিব লাগে । উশাহ এৰোতে দুয়োখন হাতৰ বুঢ়া আঙুলি কাণত, তৰ্জনী আঙুলি কপালত আৰু
বাকী আঙুলি চকুত থ'ব লাগে ।
যোগাসন বা প্ৰাণায়াম কৰোঁতে আমি কিছুমান নীতি নিয়মৰ ওপৰত বিশেষভাৱে
গুৰুত্ব দিব লাগে । যেনে -
১)
যোগ অভ্যাস খালী পেটত, মল-মূত্ৰ ত্যাগ কৰি কৰিব লাগে । যোগ কৰোঁতে শান্ত পৰিৱেশত আৰামদায়ক
কাপোৰ পিন্ধি কৰিব লাগে । যিকোনো ধৰণৰ বেমাৰ বা শাৰীৰিক দূৰ্বলতা অনুভৱ কৰিলে যোগ কৰিব
নালাগে ।
২)
যোগ অভ্যাস কৰাৰ সময়ত আৰম্ভণিতে প্ৰাৰ্থনা বা স্তুতিৰ পৰা আৰম্ভ কৰিব লাগে । কিয়নো
প্ৰাৰ্থনা বা স্তুতিয়ে মন-মস্তিস্কক শান্তি প্ৰদানৰ বাবে শান্ত বাতাৱৰণ আনি দিয়ে ।
৩)
যোগৰ আৰম্ভণি লঘু ব্যায়ামেৰে কৰিব লাগে ।
৪)
যোগৰ শেষত আকৌ প্ৰাৰ্থনা বা ধ্যান কৰি ১৫ বা ২০ মিনিটৰ পাছতহে পানী খাব বা গা ধুব লাগে
।
আমি সকলো বৰ্তমান ক'ভিড পৰিস্থিতিৰ বিষয়ে জ্ঞাত । কৰ'ণা ভাইৰাচে আমাৰ শৰীৰত প্ৰৱেশ কৰি উশাহ-নিশাহত সমস্যাৰ সৃষ্টি কৰি বহু মানুহৰ মৃত্যু ঘটাইছে । সেয়ে আমি শৰীৰৰ ভিতৰৰ বিভিন্ন অংগ, যেনে - হাওঁফাওঁ, যকৃৎ আদি সক্ৰিয় আৰু সুস্থ ৰাখিবলৈ নিতৌ যোগাসন কৰা উচিত ।
-----------------///-------------------
দিপাশ্ৰী দত্ত
সহকাৰী
শিক্ষয়িত্ৰী,
বঙৰা
তালুকদাৰপাৰা বালিকা প্ৰাথমিক বিদ্যালয়,
শিক্ষাখণ্ডঃ
ৰামপুৰ
জিলাঃ
কামৰূপ (গ্ৰাম্য)
দূৰভাষঃ ৯৬১৩৬-৭০৫৬৯
******************
অলংকৰণ:-সুকন্যা ভৰদ্বাজ
0 Comments