header ads

বৰ্দ্ধিত জনসংখ্যাৰ প্ৰসংগত বিশ্ব জনসংখ্যা দিৱস আৰু ইয়াৰ তাৎপৰ্য | Assamese article by Dr. Deluwar Hoque

বৰ্দ্ধিত জনসংখ্যাৰ প্ৰসংগত বিশ্ব জনসংখ্যা দিৱস আৰু ইয়াৰ তাৎপৰ্য


              প্ৰতি বছৰে ইংৰাজী জুলাই মাহৰ ১১ তাৰিখৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয় । ১৯৮৭ চনৰ ১১ জুলাই তাৰিখৰ দিনটোতে সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যা ৫০০ কোটিৰ সংখ্যা স্পৰ্শ কৰিছিল আৰু সেয়ে এই দিনটোক ৫০০ কোটিৰ দিন বুলিও কোৱা হয় । সেই সময়ত ড° কে. চি. জাচাৰিয়াহ (Dr. K. C. Zachariah) বিশ্ব বেংকত জ্যেষ্ঠ জনসংখ্যা বিশ্লেষক হিচাপে কৰ্মৰত আছিল আৰু তেখেতেই বৰ্দ্ধিত জনসংখ্যাৰ বাবে সৃষ্টি হোৱা বিভিন্ন সমস্যা দূৰীকৰণৰ লগতে জনসংখ্যাৰ দ্ৰুত গতিত হোৱা বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত সমগ্ৰ বিশ্বৰ মানুহৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধিৰ বাবে ১১ জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস ৰূপে পালন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল । জাচাৰিয়াহৰ পৰামৰ্শ মতেই সাধাৰণ জনতা আৰু সমাজৰ কল্যাণ সাধনৰ অৰ্থে সংযুক্ত ৰাষ্ট্ৰসমূহৰ উন্নয়ন কাৰ্যসূচীৰ পৰিচালনা পৰিষদে ১৯৮৯ চনত বিশ্ব জনসংখ্যা দিৱস পালন কৰিছিল । জনসংখ্যা সম্পৰ্কীয় বিভিন্ন বিষয় আৰু সমস্যাসমূহ যেনে - এখন দেশৰ অৰ্থনীতিৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ কুপ্ৰভাৱ, সুস্থ পৰিয়াল পৰিকল্পনা, লিংগ সমতা, দৰিদ্ৰতা, মাতৃত্বৰ স্বাস্থ্য আৰু মানৱ অধিকাৰ, ইত্যাদি সম্পৰ্কে অধিক সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ১৯৮৯ চনৰ পৰা প্ৰতি বছৰে ১১ জুলাই তাৰিখৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰি অহা হৈছে (উৎস: https://en.wikipedia.org/wiki/World_Population_Day)। 

        বিশ্বৰ বিভিন্ন দেশৰ জনসংখ্যা বৃদ্ধিৰ ৰেহৰূপ অধ্যয়ন কৰিলে যথেষ্ট পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায় । বিভিন্ন কাৰক যেনে পুনৰ উৎপাদনক্ষম বয়স, সন্তান উৰ্বৰতাৰ হাৰ, বৰ্দ্ধিত নগৰীকৰণ, দ্ৰুত হাৰৰ প্ৰব্ৰজন ইত্যাদি কাৰকে বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিত প্ৰভাৱ বিস্তাৰ কৰিছে । সমগ্ৰ বিশ্বত দ্ৰুতগতিত নগৰীকৰণ আৰু প্ৰব্ৰজন হৈ আছে । ২০০৯ চনত সমগ্ৰ বিশ্বৰ নগৰ  অঞ্চলত বাস কৰা মানুহৰ সংখ্যাই গ্ৰাম্য অঞ্চলত বাস কৰা মানুহৰ সংখ্যা অতিক্ৰম কৰিছিল । ২০০৯ চনত বিশ্বৰ মুঠ জনসংখ্যাৰ ৩.৪১ বিলিয়ন মানুহ গ্ৰাম্য অঞ্চলত বাস কৰিছিল আৰু ৩.৪২ বিলিয়ন  মানুহ নগৰ  অঞ্চলত বাস কৰিছিল (উৎস: https://en.wikipedia.org/wiki/Urban_area)। অনুমান কৰা হৈছে যে ২০৫০ চনত  বিশ্বৰ ৬৮ শতাংশ মানুহ নগৰ অঞ্চলত বসবাস কৰিব (উৎস: https://www.un.org/development/desa/en/news/population/2018-revision-of-world-urbanization-prospects.html) । বিশ্বৰ বিভিন্ন দেশে অৰ্জন কৰা অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ, জনমূৰী আয় বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি, দুৰ্ভিক্ষ তথা খাদ্য সামগ্ৰীৰ নাটনি দূৰীকৰণ, চিকিৎসা বিজ্ঞানৰ বিকাশ আৰু চিকিৎসাৰ বিভিন্ন আহিলাৰ প্ৰয়োগৰ ফলত বিভিন্ন ধৰণৰ মহামাৰীৰ নিয়ন্ত্ৰণ আৰু বিভিন্ন ধৰণৰ সা-সুবিধাৰ বাবে মৃত্যুৰ হাৰ দ্ৰুত গতিত হ্ৰাস হৈছে । ইয়াৰ বিপৰীতে জন্মৰ হাৰ কমকৈ হ্ৰাস হৈছে । ফলত বিশ্বৰ জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈয়ে আছে । 

        ১৯৭০ ৰ কালছোৱাত গড় হিচাপত প্ৰতিজন মহিলাৰ সন্তান উৰ্বৰতাৰ হাৰ ৪.৫ জন আছিল । এই হাৰ ২০১৫ চনত ২.৫ জনলৈকে হ্ৰাস হয় । ১৯৯০ ৰ কালছোৱাত বিশ্বৰ জনসাধাৰণৰ প্ৰত্যাশিত আয়ুস গড় হিচাপত ৬৪.৬ বছৰ আছিল । ২০১৯ চনত গড় হিচাপত বিশ্বৰ মানুহৰ প্ৰত্যাশিত আয়ুস ৭২.৬ বছৰলৈকে বৃদ্ধি হয় । সমগ্ৰ বিশ্বৰ ভিতৰত নাইজাৰ (Niger) দেশৰ উৰ্বৰতাৰ হাৰ সৰ্বোচ্চ হয় । ২০২১ চনৰ এপ্ৰিল মাহত নাইজাৰ দেশৰ উৰ্বৰতাৰ হাৰ গড় হিচাপত আছিল ৬.৯১ জন । ইয়াৰ বিপৰীতে টাইৱান (Taiwan) ৰ উৰ্বৰতাৰ হাৰ আছিল সৰ্বনিন্ম । ২০২১ চনৰ এপ্ৰিল মাহত টাইৱানৰ উৰ্বৰতাৰ হাৰ আছিল ১.০৭ জন । ২০১৫-২০২০ কালছোৱাত বিশ্বৰ উৰ্বৰতাৰ হাৰ আছিল ২.৪৭ জন । ২০২০ চনত বিশ্বৰ মুঠ জনসংখ্যা ৭৭৯ কোটি আছিল । সমগ্ৰ বিশ্বৰ ভিতৰত চীন দেশৰ মুঠ জনসংখ্যা সৰ্বাধিক হয় । মুঠ জনসংখ্যাৰ ভিত্তিত বিশ্বত চীনৰ স্থান প্ৰথম । চীনৰ  পিছতে দ্বিতীয় স্থানত আছে ভাৰতবৰ্ষ । ২০২০ চনত চীন আৰু ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা ক্ৰমে ১.৪৪ বিলিয়ন আৰু ১.৩৭ বিলিয়ন আছিল । পৃথিৱীৰ ভিতৰত আটাইতকৈ কম জনসংখ্যা থকা দেশখন হ'ল ভেটিকান চিটি (Vatican City) । ২০২০ চনত ভেটিকান চিটিৰ মুঠ জনসংখ্যা আছিল মাত্ৰ ৮০১ জন । অনুমান কৰা হৈছে যে ২০৩০ চনত বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধি হৈ ৮.৫ বিলিয়ন হ'ব । ২০৫০ চনত এই সংখ্যা ৯.৭ বিলিয়ন আৰু ২১০০ চনত ১০.৯ বিলিয়ন হ'ব বুলি অনুমান কৰা হৈছে  (উৎস: worldpopulationreview.com)।

        জনসংখ্যাৰ অধ্যয়নৰ পৰা দেখা গৈছে যে উন্নত আৰু অনুন্নত দুয়ো প্ৰকাৰৰ ৰাষ্ট্ৰসমূহতে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস হৈছে । আনহাতে জন্মৰ হাৰ আপেক্ষিকভাৱে নিম্ন গতিত হ্ৰাস হৈছে আৰু জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হৈ আছে । মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস হোৱাৰ অন্তৰালত থকা কাৰকবোৰ হ'ল - জনমূৰী আয় বৃদ্ধি, দুৰ্ভিক্ষৰ অনুপস্থিতি, সংক্ৰামক ৰোগ নিৰ্মূল, যুদ্ধ বিগ্ৰহৰ অৱসান, দেশত বিভিন্ন সা-সুবিধাৰ উপস্থিতি, কল্যাণকামী ৰাষ্ট্ৰসমূহৰ চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আৰু কল্যাণ বৃদ্ধি, ইত্যাদি । আনহাতে জন্মৰ হাৰ আপেক্ষিকভাৱে অধিক হৈ থকাৰ কাৰণবোৰ হ'ল - অনুন্নত দেশত কৃষি প্ৰাধান্যতা, উন্নয়নশীল দেশসমূহত বিবাহৰ সাৰ্বজনীনতা, কম বয়সত বিবাহ কাৰ্য, বিশেষকৈ অনুন্নত আৰু উন্নয়নশীল দেশসমূহত প্ৰচলিত ধৰ্মীয় আৰু পৰম্পৰাগত সামাজিক অন্ধবিশ্বাস, উপযুক্ত শিক্ষাৰ অভাৱ আৰু নিম্ন সাক্ষৰতাৰ হাৰ, নিবনুৱা, দৰিদ্ৰতাৰ লগতে অনুন্নত দেশত মহিলাৰ নিৰক্ষৰতা আৰু নিম্ন সামাজিক স্থান, ইত্যাদি ।

        বৰ্দ্ধিত জনসংখ্যাই অৰ্থনৈতিক উন্নয়ন, নিয়োগ, আয় বিতৰণ, দৰিদ্ৰতা আৰু সামাজিক সুৰক্ষা ইত্যাদিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে । এখন দেশৰ অৰ্থনৈতিক উন্নয়নত জনসংখ্যাৰ ভূমিকা অনন্য । জনসংখ্যাৰ আকাৰ, গঠন আৰু বিতৰণ প্ৰকৃতিয়ে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ গতিবিধি নিৰ্ণয় কৰে । উন্নত দেশত বৰ্দ্ধিত জনসংখ্যা অৰ্থনৈতিক উন্নয়নৰ বাবে আশীৰ্বাদ স্বৰূপ হয় । কিন্তু ইয়াৰ বিপৰীতে অনুন্নত দেশত বৰ্দ্ধিত জনসংখ্যা অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বান তথা হেঙাৰ হিচাপে হে গণ্য কৰা হয় । অৰ্থাৎ অৰ্থনৈতিক উন্নয়নত জনসংখ্যাই ইতিবাচক আৰু নেতিবাচক দুয়োপ্ৰকাৰে ভূমিকা পালন কৰিব পাৰে ।

        বিশ্বৰ যিবোৰ ৰাষ্ট্ৰই জনসংখ্যাক উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে মানৱ মূলধনলৈকে ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে সেই ৰাষ্ট্ৰবোৰৰ বাবে জনসংখ্যা এক বোজা হোৱাৰ পৰিৱৰ্তে আশীৰ্বাদ স্বৰূপে পৰিগণিত হৈছে । কাৰণ দেশৰ দ্ৰুত অৰ্থনৈতিক বিকাশত মানৱ মূলধনে এক উল্লেখযোগ্য ভূমিকা পালন কৰে । অৰ্থনৈতিক উন্নয়নৰ কাৰক হিচাপে বৰ্দ্ধিত জনসংখ্যাই উৎপাদন কাৰ্যত উপযুক্ত আৰু দক্ষ্ শ্ৰমিকৰ যোগান অব্যাহত ৰখাৰ উপৰিও উপভোক্তা ৰূপে উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰে । উপযুক্ত মানৱ মূলধনে সম্পদ আহৰণ, ইয়াৰ বৃদ্ধিৰ লগতে উপযুক্ত আৰু কাম্য ব্যৱহাৰত যথেষ্ট সহায় কৰে । বৰ্দ্ধিত জনসংখ্যাই উৎপাদন কাৰ্যত শ্ৰম বিভাজন আৰু মাত্ৰাৰ সম্প্ৰসাৰণতো সহায় কৰে । বৰ্দ্ধিত জনসংখ্যাই গৱেষণা আৰু অধ্যয়নৰ জৰিয়তে নতুন জ্ঞান আহৰণত সহায় কৰে । এই জ্ঞানে অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া তৰাম্বিত কৰে । উন্নত ৰাষ্ট্ৰবোৰে জনসংখ্যাক মানৱ মূলধনৰূপে ৰূপান্তৰ কৰি নিজ দেশৰ বিকাশত ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে আৰু তেনে অভিজ্ঞতাৰ পৰা বহুতো অৰ্থনীতিবিদে জনসংখ্যাক অৰ্থনৈতিক উন্নয়নৰ প্ৰতিবন্ধক বুলি গণ্য নকৰে, বৰঞ্চ আন কাৰককহে ইয়াৰ বাবে জগৰীয়া কৰিছে ।

        কিন্তু কাৰিকৰী কৌশল আৰু মূলধনৰ দিশৰ পৰা পিছপৰা অনুন্নত ৰাষ্ট্ৰসমূহত বৰ্দ্ধিত জনসংখ্যাই অৰ্থনৈতিক উন্নয়নত এক বৃহৎ প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকৰূপে পৰিগণিত হৈছে । অনুন্নত দেশত বৰ্দ্ধিত জনসংখ্যাই খাদ্য সামগ্ৰীৰ নাটনি, নিবনুৱা, দৰিদ্ৰতা, নিম্ন জীৱন ধাৰণৰ মানদণ্ড, নিম্ন জনমূৰী আয় আৰু সঞ্চয়, অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ডত বিনিয়োগৰ বাবে প্ৰয়োজনীয় মূলধনৰ অভাৱ, প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যহীনতা, ইত্যাদি বহুতো সমস্যা সৃষ্টি কৰিছে । অনুন্নত ৰাষ্ট্ৰবোৰত বৰ্দ্ধিত জনসংখ্যাৰ ফলত অধিক পৰিমাণে ভোগ্য সামগ্ৰী উৎপাদন, সকলো জনসাধাৰণৰ স্বাস্থ্য ৰক্ষা, শিক্ষা, বাসস্থান, সামাজিক নিৰাপত্তা, আৰ্থিক নিৰাপত্তা ইত্যাদিৰ বাবে দেশত প্ৰাপ্ত সম্পদসমূহ খৰছ কৰিবলগীয়া হয় । বিনিয়োগ পুঁজিৰ এক বৃহৎ অংশ চৰকাৰী আৰু বেচৰকাৰীভাৱে জনাধিক্যতা প্ৰসূত সমস্যা সমাধানৰ বাবে প্ৰয়োগ কৰিবলগীয়া হোৱা বাবে উন্নয়নমূলক কাৰ্যত পুঁজিৰ আবণ্টন কম হয় । সেয়ে অনুন্নত ৰাষ্ট্ৰবোৰত উন্নয়নমূলক কাৰ্য্যকলাপ আশানুপাতত বৃদ্ধি পোৱা নাই ।ইয়াৰ ফলস্বৰূপে অৰ্থনৈতিক উন্নয়নৰ হাৰ নিম্ন স্তৰতে আছে । সেয়েহে বৰ্দ্ধিত জনসংখ্যা অনুন্নত ৰাষ্ট্ৰবোৰৰ বাবে এক বোজা হৈ পৰিছে ।

        বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে নিজ দেশৰ প্ৰয়োজন সাপেক্ষে নিজ নিজ জনসংখ্যা নীতি প্ৰস্তুত আৰু ৰূপায়ণ কৰিছে । বৰ্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যা নিৰ্মূল কৰাৰ বাবে দ্ৰুত হাৰত হোৱা জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ বহুতো ৰাষ্ট্ৰই কঠোৰ জনসংখ্যা নীতি গ্ৰহণ কৰিছে । চীন দেশে এক সন্তান নীতি কঠোৰ ভাৱে ৰূপায়ণ কৰি দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰে দুটা সন্তান নীতি ৰূপায়ণ কৰিছে যদিও ই ১০০ শতাংশ সফলতাৰে ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে কিছুমান ৰাষ্ট্ৰৰ চৰকাৰে দেশৰ প্ৰয়োজনৰ বাবে অধিক সন্তান নীতি ৰূপায়ণৰ লগতে উৎসাহিত কৰাও দেখা যায় । কাৰণ পৰ্যাপ্ত পৰিমাণৰ শ্ৰমিকৰ অভাৱৰ ফলত উৎপাদন কাৰ্যত সমস্যাৰ সন্মুখীন হয় । 

        যদিও উন্নত ৰাষ্ট্ৰবোৰে জনসংখ্যাক মানৱ সম্পদ তথা মূলধনলৈ ৰূপান্তৰ কৰি অৰ্থনৈতিক উন্নয়নত লাভবান হৈছে তথাপিও বিশ্বৰ অধিকাংশ ৰাষ্ট্ৰৰ বাবে, বিশেষকৈ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰৰ বাবে বৰ্দ্ধিত জনসংখ্যা ৰাষ্ট্ৰৰ উন্নয়নৰ পথত এতিয়াও এক প্ৰতিবন্ধক হৈয়ে আছে । সেয়েহে বৰ্দ্ধিত জনসংখ্যাৰ পৰা সৃষ্টি হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে মানুহৰ মাজত অধিক সজাগতা আৰু সচেতনতা বৃদ্ধিৰ স্বাৰ্থত সমগ্ৰ বিশ্বত আজিও বিশ্ব জনসংখ্যা দিৱস পালন কৰাটো প্ৰাসংগিক হৈ আছে ।

*********************


ড° দিলোৱাৰ হক 

সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ 

ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় 

গুৱাহাটী-৭৮১০৩৫, অসম 


ম'বাইল নম্বৰ:৭০০২৮৪২৮৮৪/৯৯৫৪৩৩৬৮৮৩

ই-মেইল: diluwar@gmail.com

 

অলংকৰণ- সংগীতা কাকতি



Post a Comment

0 Comments