header ads

ক'ভিড কালত পৰিৱেশ দিৱস উদযাপনৰ প্ৰাসংগিকতা | Assamese article by Dr Ganeswar Saharia


ক'ভিড কালত পৰিৱেশ দিৱস উদযাপনৰ প্ৰাসংগিকতা


        চিৰসেউজ পৃথিৱীখনৰ প্ৰকৃতিৰ বিনন্দীয়া  আৰু আকৰ্ষণীয় ৰূপটোক অনুভৱ কৰিবৰ বাবে আন্তৰ্জাতিকভাৱে এটা নিৰ্দিষ্ট  দিনত বিশ্ব সম্প্ৰদায়ৰ সকলোৱে অনুভৱ কৰাৰ সুবিধাৰ বাবে ১৯৭৪ চনৰ ৫ জুনৰ পৰা United Nationৰ সহযোগত বিশ্ব পৰিৱেশ  দিৱস আনুষ্ঠানিক হিচাপে  পালন কৰাৰ ব্যৱস্থা হ'ল। ব্যক্তিগতভাৱে বিশ্বৰ প্ৰতিগৰাকী নাগৰিকে প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো তথা জীৱকুলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে তেনে উপলব্ধি কৰিব পাৰে, সেইটোৰ ওপৰত নিৰ্ভৰ নকৰি সমূহীয়াভাৱে অনুভৱ  কৰিবলৈ ৫ জুন তাৰিখটো 'বিশ্ব পৰিবেশ দিৱস' হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰিৱেশ দিৱসৰ কাৰ্যসূচী সমূহে যেন লাহে লাহে বিশ্বৰ সকলো প্ৰান্তৰ নাগৰিকৰ ওপৰত প্ৰভাৱ পেলাব পাৰিছে। সমগ্ৰ বিশ্বৰ মানুহ আজি প্ৰাকৃতিকভাৱে একেটা ছাতিৰ তলত বসবাস কৰিবলৈ লৈছে। একেখন আকাশ, একেটা সূৰ্য, একেই বায়ুমণ্ডল । এই বায়ুক সেৱন কৰি জীৱৰ লগতে উদ্ভিদ জগতখনো যেন এই বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে। সেই জ্ঞান লাভ কৰাৰ বাবে আজি মানুহে মানি লৈছে যে গছ থাকিলেহে মানুহ বাচি থাকিব। এই গছ-গছনিবোৰে সকলো জীৱৰ বাবে প্ৰয়োজনীয় জীৱন দায়িনী বতাহ অক্সিজেন দিয়া বাবে সকলো বাচি আছে। সকলো জীৱ আৰু উদ্ভিদৰ বাবে এইখনেই ধৰিত্ৰী। উদ্ভিদ বাছি নাথাকিলে প্ৰাণীসমূহ বাছি নাথাকিব। বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ উদ্দেশ্য এটাই, সেয়া হৈছে সজাগতা সৃষ্টি কৰা।  প্ৰাণীসমূহ জিয়াই থাকিবলৈ সেউজীয়া পৃথিৱীখন সেউজীয়া  হৈ থাকিব লাগিব।  এসাজ খাদ্য নাখালে কোনো প্ৰাণী মৰি নাযায়, কিন্তু খন্তেক সময়ো জীৱই উশাহ-নিশাহ নোলোৱাকৈ থাকিব নোৱাৰে। অক্সিজেন নোপোৱাৰ ফলত মুহুৰ্ততে জীৱৰ মৃত্যু ঘটে। গতিকে প্ৰকৃতিক মানুহে সুৰক্ষিত কৰিবই লাগিব।  

          প্ৰতি বছৰে একোটা নিৰ্দিষ্ট বাণী( Theme) লৈ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্বৰ সকলো ৰাষ্ট্ৰৰ সহযোগত প্ৰতি বছৰে উমৈহতীয়া ভাৱে কোনো এখন ৰাষ্ট্ৰত ইয়াৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইতিমধ্যে  বিশ্বৰ সকলো দেশৰ চৰকাৰ, শিক্ষানুষ্ঠান তথা ৰাইজৰ উদ্যোগত প্ৰতি বছৰে ৫ জুন তাৰিখটো 'বিশ্ব পৰিবেশ দিৱস' হিচাপে  উদযাপন কৰা হৈ আহিছে। এই বছৰ (২০২১) পাকিস্তানত এই দিৱস আন্তৰ্জাতিক হিচাপে পালন কৰা হয়। এইবাৰ এই দিৱসৰ বাণী হৈছে পৰিৱেশ পুনৰোদ্ধাৰ (Eco System Resturation)। হাবি-বননি , গছ-গছনি সুৰক্ষাৰ পৰা একেবাৰে খাল-বিল, পিন্ধি, জলাশয়, নৈ নিজৰা , পাহাৰ পৰ্বত আদিক সুৰক্ষা আৰু সংৰক্ষণ কৰা। ইয়াৰ বাবে সকলো পৰ্যায়ৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰা, কল কাৰখানাৰ পৰা নিৰ্গত ক'লা ধোৱা বিলুপ্ত কৰা , সকলো প্ৰকাৰৰ জীৱক জীয়াই কথাত অশান্তি ৰ সৃষ্টি কৰা সকলো ধৰণৰ উচ্চস্বৰ , মাটিৰ উৰ্বৰা নাইকীয়া কৰা, কৃত্ৰিম জাৱৰ-জোঠৰ নোহোৱা কৰা বা তাৰ পুণৰ ব্যৱহাৰ  কৰা আদি সাধাৰণ কথাবোৰ বাবে সকলো ধৰণৰ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা আদি হৈছে এই দিৱস উদযাপনৰ কিছুমান সাধাৰণ কাৰ্যসূচী। খাল-বিল, পিটনি, নদী-নৈ, পৰ্বত-পাহাৰ , হাবি-জংঘলৰ বিলুপ্তি ঘটাই আজিকালি মানুহে আকাশলংঘী অট্টালিকা সাজিছে। উদ্যোগৰ পেলনীয়া সামগ্ৰী বা পদাৰ্থসমূহে প্ৰাণীকুলক জীয়াই থকাৰ সমস্যাৰ সৃষ্টি কৰিছে। বহুত প্ৰজাতিৰ ইতিমধ্যে বিলুপ্তি হৈছে। 

         পৰিৱেশ শব্দৰ অৰ্থ যদি সকলোৱে হৃদয়াংগম কৰিব পাৰিলেহেঁতেন তেনেহ'লে নিৰোগী স্বাস্থ্যলৈ মানুহ বহুত দিন জীয়াই থাকিব পাৰিলেহেঁতেন। আগৰ দিনত ঋষি মুনিসকল হাবি জংঘল বা পৰ্বত পাহাৰৰ গুহা আদিত বাস কৰিছিল।  প্ৰকৃতিৰ বুকুত পোৱা ফল-মূল খোৱাৰ লগতে চিৰসেউজ পৰিৱেশৰ জীৱৰ বাবে অমৃত অক্সিজেন গেছ সেৱন কৰিব পাৰিছিল। সেইবাবে তেওঁলোকে বহুত বছৰ নিৰোগী দেহাৰে জীয়াই থাকিব পাৰিছিল। আজিও পৃথিৱীত এনে ঠাই আছে যাৰ বাসিন্দা সকলৰ ৮০/৯০ বছৰ বয়সতো ২৫/৩০ বছৰ বয়সৰ ডেকা হৈ আছে, আৰু তেওঁ লোকৰ গঢ় আয়ুস ১০০ বছৰৰ অধিক। সুস্থ প্ৰাকৃতিক পৰিবেশত বাস কৰিব পৰা লোকৰ বাবেহে এই স্বাস্থ্য আৰু গঢ় আয়ুস পাব পাৰে। ইয়াকে কোৱা হয় সুস্থ দেহা মনৰ অধিকাৰী হৈ জীয়াই থাকিবলৈ সুস্থ পৰিৱেশৰ দৰকাৰ ( Healthy eco system for good health)

            যান্ত্ৰিক যুগৰ বাসিন্দা হৈ মানুহে আজি এই পৰিৱেশ সুৰক্ষাৰ কথা একেবাৰে পাহৰি গ'ল। আকাশলংঘী অট্টালিকাৰ সৃষ্টিয়ে চহৰাঞ্চলত সকলো সময়তে বতাহ গৰম কৰি ৰাখে। বিভিন্ন ধৰণৰ উদ্যোগৰ বাবে জনবসতি থকা অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি হৈছে। কোনো ধৰণৰ পৰিৱেশ নিয়ন্ত্ৰণ বিভাগৰ প্ৰমাণ পত্ৰ অবিহনে সেই ধৰণৰ উদ্যোগ সমূহৰ সৃষ্টিয়ে মানুহৰ দেহত ভিন্ন ৰোগৰ সৃষ্টি কৰিছে। যক্ষ্মা বা কেন্সাৰ ৰোগৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে এই উদ্যোগবোৰ। বিভাগীয় বিষয়া সকলে টকাৰ বিনিময়ত এই উদ্যোগবোৰ চলাৰ অনুমতি দিয়ে। প্লাষ্টিক বা পলিথিন জাতীয় পদাৰ্থৰ উৎপাদনবোৰ যিমান সহজে মানুহে গ্ৰহণ কৰিলে। সেই অনুপাতে মানুহে ইয়াৰ ব্যৱহাৰ নাজানিলে। প্ৰতি বছৰে আমাৰ দেশত ৪. ৭ মিলিয়ন হেক্টৰ বনভূমি মানুহে ধ্বংস কৰি আহিছে । যিমান পতিত মাটি আছে তাৰ আধাখিনি যোৱা শতিকাটোত নাইকিয়া হৈ গৈছে । জনসংখ্যা যিমানে বাঢ়িছে বন-ধ্বংস বা পতিত মাটিত আগ্ৰসন সিমানে হৈছে । মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ্য সামগ্ৰীৰ বাবে প্ৰতিদিনে কিমান বন-ধ্বংস কৰে তাৰ উদাহৰণ দিব পাৰি । মানুহৰ দৈনন্দিন জীৱনত কাগজৰ ব্যৱহাৰ কিমান অপৰিহাৰ্য সেইকথা সকলোৱে জানে ।  কিন্তু একোটা মাহ বা একোটা বছৰত কিমান গছ ইয়াৰ বাবে ধ্বংস কৰিব লগা হয় সেইটো জানিলেহে চকু কপালত উঠে । দেশত প্ৰায় ৩৫% কাগজ উৎপাদন কৰা গছৰ পৰা অকল লেখা  পঢ়া কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও হাতমচা টিছু কাগজৰ ব্যৱহাৰৰ বাবেও অনেক গছ লাগে । গোটেই পৃথিৱীত এই কাগজ উৎপাদনৰ বাবে এদিনত ২৭০০০ জোপা গছ কাটিব লাগে । এবছৰত ইয়াৰ পৰিমাণ ২৭০০০× ৩৬৫ =প্ৰায়  এককোটি জোপা গছ কাটিব লাগে । মাত্ৰ টিছু পেপাৰ উৎপাদনৰ বাবে ইমান গছৰ প্ৰয়োজন হ'লে বাকী কাম কাজ কৰিবলৈ কিমান বন ধ্বংস কৰা হৈ আছে প্ৰতিদিনে । প্ৰতিজোপা গছে আমাক যে অক্সিজেন উশাহত ল'বলৈ দিয়ে সেইকথা সকলোৱে জানে । কিন্তু এই হাৰত বন ধ্বংস হ'লে অক্সিজেন  ক'ৰ পৰা উৎপাদন হ'ব । প্ৰাকৃতিক কাৰণত ধ্বংস হোৱাৰ উপৰিও যদি মানুহে  এনেদৰে কামকাজ কৰে তেন্তে আমি কেনেকৈ সুস্থ শৰীৰ লৈ জীয়াই থাকিব পাৰিম!

        সমগ্ৰ পৃথিৱীত কাল বিভিষিকা স্বৰূপ ক'ৰণা মহামাৰীয়ে অতিমাৰী ৰূপ লোৱাৰ সময়ত ৰোগীসকলে  'হা অক্সিজেন হা7 অক্সিজেন ' বুলি কাপ কাপ কৈ থাকি মৃত্যুক সাবটিব লগাত পৰিছে । শ্বাস-প্ৰশ্বাসত অক্সিজেন নাপায় । ফলস্বৰূপে অকালতে মহামূল্যৱান জীৱনৰ মৃত্যু ঘটিছে । পৰিস্থিতি ইমানেই ভয়াৱহ যে অক্সিজেন ভৰ্তি চিলিণ্ডাৰ কান্ধত লৈ ৰোগীয়ে ৰিক্সা ঠেলাত উঠি হস্পিটেললৈ যাব লগা হৈ পৰিছে । এইখিনি সময়তো আমি মনত নেপেলাওঁ আমাৰ পূৰ্বপুৰুষসকলে কিয় ৰাজহুৱা স্থানবোৰত বটগছ, আহত গছ অৰ্জুন গছ, বকুল গছ আদি ৰোপন কৰিছিল। আজি-কালি সভা -সমিতি, উৎসৱ-পাৰ্বন আদিতো বৃক্ষ ৰোপনৰ কাৰ্যসূচী ধূমধামেৰে ৰূপায়ন কৰা  হয়। অনুষ্ঠান শেষ কৰাৰ পাছত সকলো ঘৰা-ঘৰি যায়গৈ । আৰু পিছদিনা গৰু ছাগলীয়ে সেইবোৰ খাই শেষ কৰি পেলায় । উদ্যোগতাসকল ইমানে কাণ্ডজ্ঞানহীন যে গছপুলিটো ৰুই তাৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ বেৰ দিয়া বা সংৰক্ষণৰ কথা নাভাবে । গছপুলিটো সুৰক্ষা কৰিবলৈ যিখিনি ধনৰ প্ৰয়োজন তাতোতকৈ বহুত বেছি পইছা খৰছ কৰে মিটিংৰ চাহ-পানীৰ খোৱাৰ নামত, ভি.আই. পি.  আপ্যায়নৰ নামত। আয়োজকৰ এইখিনি জ্ঞানো নাথাকিলে গছপুলি কেইটা হত্যা কৰা উচিত নহয় ।

      এইবছৰ বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য 'পৰিৱেশ পুনৰোদ্ধাৰ'ৰ অৰ্থ বুজি পতিত মাটি পুনৰোদ্ধাৰ তথা বননি সুৰক্ষাৰ বাবে প্ৰত্যেকগৰাকী নাগৰিকে কাম কৰি যাব লাগিব। সকলো পৰ্যায়ৰ লোকে পৰিৱেশ পুনৰোদ্ধাৰৰ বাবে ভাবিব লাগিব । শেষত এখন চিত্ৰ সকলোৰে আগত দাঁঙি ধৰিব পাৰি যে আমি বন ধ্বংস কৰি ৰেলৰ ডবাত হেজাৰ হেজাৰ গছৰ কুণ্ডা বাহিৰৰ কৰবালৈ পঠাই ধন ঘটিছোঁ আৰু ক'ভিড অতিমাৰীৰ এই দুৰ্যোগৰ সময়ত পৃথিৱীৰ অন্য দেশৰ পৰা উৰাজাহাজত অক্সিজেনৰ টেংকি কিনি আনিছোঁ। ক'ভিড মহামাৰীয়ে এই শিক্ষা দিছে যে জীয়াই থাকিবলৈ হ'লে মানুহে প্ৰকৃতি সংৰক্ষণ কৰিবই লাগিব, প্ৰকৃতিক পালন কৰিবই লাগিব। অন্যথা প্ৰত্যেক ব্যক্তিৰ নিজৰ নাকৰ আগত মৃত্যুদূত থিয় হৈ থাকিব ।

*********************


ড৹ 
গণেশ্বৰ চহৰীয়া

প্ৰাক্তন অধ্যক্ষ,

হেকেৰা উ: মা: বিদ্যালয়



অলংকৰণ-পল্লবী পাঠক




Post a Comment

0 Comments