যোগ-ক'ভিডসৃষ্ট সমাজ জীৱনত ইয়াৰ প্ৰভাৱ
সুস্থ সমাজৰ আধাৰ হ’ল সুস্থ মানসিকতা । জন্মসূত্ৰে মানসিকতা অৱধাৰিত যদিও পৰিৱেশ, ইচ্ছাশক্তি, জ্ঞান, অনুশীলন আৰু অভ্যাসে ইয়াৰ যথেষ্ঠ উৎকৰ্ষ সাধন কৰে । সু-স্বাস্থ্যও ইয়াৰ অন্যতম কাৰণ । বৰ্তমান ক'ভিডসৃষ্ট পৰিৱেশত হতাশা, নিৰাশা, অনিশ্চয়তা তথা ধংসাত্মক ঘটনা প্ৰবাহত অস্থিৰ মানসিকতাই সমাজ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । নিয়মীয়া যোগ আৰু প্ৰাণায়াম হ’ল মানসিক শক্তি বৃদ্ধি আৰু পুনৰুদ্ধাৰৰ মূল আধাৰ । সনাতনী ধৰ্ম শাস্ত্ৰই বৈদিক যুগতেই উল্লেখিত বিষয়টো আজিৰ বৈজ্ঞানিক যুগত আৰু বেছি প্ৰাধান্য লাভ কৰিছে--বিশেষকৈ সাম্প্ৰতিক পৰিৱেশত মহৌষধিৰ লেখীয়া । 'যোগ' বিদ্যাৰ প্ৰভাৱ সমাজ জীৱনত কিদৰে প্ৰভাৱান্বিত হৈ আছে--তাৰেই চমু বিশ্লষণ দিবলৈ চেষ্টা কৰিছোঁ ।
যোগ
কি?
সহজ অৰ্থত জীৱাত্মাৰ সৈতে পৰমাত্মাৰ মিলনেই
হৈছে যোগ । ভাৰতবৰ্ষত এই যোগ দুটা ধাৰাত বিভক্ত । ৰাজযোগ আৰু হঠযোগ । ৰাজযোগে বিশেষভাৱে
জোৰ দিয়ে মনঃশুদ্ধিৰ সাধনাৰ ওপৰত । আধ্যাত্মিক শিক্ষানুষ্ঠানবোৰত সততে ইয়াৰ অনুশীলন
দেখা যায় ।
আনহাতে, হঠযোগৰ মূল ভিত্তি হ’ল দেহশুদ্ধি । দেহশুদ্ধিৰ সাধনাত সিদ্ধ নহ’লে মনঃশুদ্ধি সু-সম্পন্ন নহয় । শৰীৰেই হৈছে সাধনাৰ ভিত্তি ভূমি। দেহ আৰু দেহস্থ স্নায়ু, পেশী আৰু গ্ৰন্থিৰ কাৰ্যকাৰিতা স্বাভাৱিক থাকিলে মানসিক অৱস্থা সুস্থ থাকে । এই হঠযোগৰ আকৌ দুটা শাখা আছে--লয়যোগ আৰু স্বৰোদয়া যোগ । মনক একাগ্ৰ কৰাৰ নানাবিধ আনন্দদায়ক সহজপন্থাই হল লয়যোগ । আনহাতে, স্বৰোদয়া যোগ হ'ল, শ্বাস-প্ৰশ্বাসৰ ওপৰত আধিপত্য বিস্তাৰ কৰি দেহক ব্যাধি মুক্ত কৰা । বিদ্যালয়ত এই হঠযোগৰ অনুশীলন কৰোৱা বিশেষ গুৰুত্বপূৰ্ণ । এই যোগৰ অনুশীলনে শৰীৰত নিয়ন্ত্ৰণ অনাৰ লগতে শক্তি আৰু স্থিতিস্থাপকতা গুণৰ উন্নয়ন সাধন আৰু পেশীসমূহৰ মাজত সমন্বয় সাধন কৰে । এই অনুশীলনবোৰ এনেভাৱে সজোৱা থাকে যে নিৰ্দিষ্ট একোটা অনুশীলনে নিৰ্দিষ্ট অংগ-প্ৰত্যংগত ক্ৰিয়া কৰি সুস্থ ৰূপ অথবা দৃঢ়তা প্ৰদান কৰে ।
যোগৰ
উপকাৰিতা:
বৰ্তমান সামাজিক মাধ্যম, টেলিভিছনৰ বাতৰি, সাময়িক ঘটনা প্ৰবাহ আদিয়ে সততে মন অস্থিৰ কৰি তোলে । ফলস্বৰূপে অভোক, অনিচ্ছা, অনিদ্ৰা, বদহজম আদিয়ে জুৰুলা কৰে । এইবোৰ নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হ’ল যোগ । নিয়মীয়া আৰু সঠিক যোগ অভ্যাসে শৰীৰটোক স্থিতিস্থাপক কৰি তোলে । বয়স উপযোগী নিত্য যোগে মাংসপেশীসমূহৰ সু-সমন্বয় ঘটাই সৰ্বাংগতে শক্তি বৃদ্ধি কৰে । দীঘল আৰু গভীৰ শ্বাস-প্ৰশ্বাসৰ যোগ অভ্যাসে হাওঁফাওঁৰ সম্প্ৰসাৰণ ক্ষমতা বৃদ্ধি আৰু সহন ক্ষমতাৰ উন্নয়ন সাধে, যিটো সাম্প্ৰতিক সময়ৰ বাবে অতি গুৰুত্বপূৰ্ণ । প্ৰাতঃযোগে শৰীৰ আৰু মনৰ উদ্দীপনা অনাৰ উপৰিও মুক্ত অক্সিজেনে মগজুক জগাই তোলে আৰু দিনটোৰ বাবে উদ্যমী কৰি তোলে । ৰাতিপুৱা সোনকালে শুই উঠাৰ অভ্যাস গঢ়ি উঠে । অবাঞ্ছিত ঘটনা প্ৰবাহৰ মুখামুখি হ’বলৈ মানসিকভাৱে প্ৰস্তুত কৰে আৰু শান্তিৰ অনুভৱে সকলো কৰ্মতে সুস্থিৰতা আনে । শৰীৰ আটিল, পাতল আৰু উজ্জ্বল কৰি তোলে । আন্তৰিক সুস্থতাই বাহ্যিক ক্ষেত্ৰটো সদায় সতেজ আৰু বয়সৰ তুলনাত কমবয়সীয়া কৰি তোলে । হজম শক্তি বৃদ্ধি, বৰ্জনীয় পদাৰ্থৰ সঠিক নিষ্কাষণৰ লগতে ঘৰ্মগ্ৰন্থী সতেজ কৰে । টোপনি গভীৰ হোৱাৰ ফলত অস্থিৰ মনক সুস্থিৰ কৰি তোলে ।
শিশুৰ
বাবে যোগাভ্যাস উপযোগী নে ?
বিজ্ঞানসন্মত, বয়সোপযোগী শাৰিৰীক ক্ৰিয়াকলাপ আৰু নিৰ্দিষ্ট
কিছুমান ব্যায়ামে শিশুৰ শাৰিৰীক-মানসিক উৎকৰ্ষ সাধনৰ অৱকাশ আছে যদিও যধে-মধে
যোগ অভ্যাস কৰোৱাটো শিশুৰ বাবে নিৰাপদ নহয় । আমেৰিকান যোগা এচোছিয়েচনৰ মতে(AYA),
১৬ বছৰৰ তলৰ শিশুৰ বাবে যোগ সঠিক নহয়, কিয়নো শিশুৰ স্নায়ু আৰু গ্লেনুনাৰ প্ৰক্ৰিয়াত
ক্ৰিয়া কৰে যিটো স্বাভাৱিক বৃদ্ধিত হেঙাৰ হয় । বিভিন্ন গ্লেণ্ডত চাপ দিয়াৰ ফলত
শৰীৰৰ মেটাবলিজীম আৰু গঠনৰ প্ৰাকৃতিক বৃদ্ধি আৰু বিকাশত পৰিৱৰ্তন আনে ।
নিতু
কলিতা
প্ৰধান
শিক্ষক
বংশৰ
কন্দলপাৰা প্ৰাথমিক বিদ্যালয়
ছয়গাওঁ
শিক্ষাখণ্ড
ভ্ৰাম্যভাষ-৯১০১৩২৪৭০৩
অলংকৰণ:-সংগীতা
কাকতি
0 Comments