header ads

বিশ্ব চাইকেল দিৱস আৰু আমি

বিশ্ব চাইকেল দিৱস আৰু আমি

        
        ইউৰোপ, আমেৰিকা মহাদেশৰ ধনী দেশবোৰৰ মানুহে বেছিভাগ সময় চাইকেল চলাই ইফালৰপৰা সিফাললৈ যায় বা প্রয়োজনীয় কামবোৰ কৰে | ইয়াৰ  প্রধান কাৰণটো হৈছে চাইকেল চলাই নিজৰ স্বাস্থ্য অটুট ৰখা আৰু দ্বিতীয়টো কাৰণ হৈছে চাইকেল চলাবলৈ কোনো ইন্ধনৰ প্রয়োজন নোহোৱা | ইয়াৰ জৰিয়তে তেওঁলোকে থকা ঠাইখিনি বা চহৰখনক প্রদূষণৰপৰা মুক্ত কৰি ৰাখে ৷ তেওঁলোকৰ বহুতৰে ঘৰত নামীদামী গাড়ী আছে যদিও নিজৰ স্বাস্থ্য আৰু পৰিৱেশটো সুস্থ কৰি ৰাখিবলৈকে তেওঁলোকে এনে কৰে ৷

        আমি যদি বিশ্বৰ কেইখনমান উন্নত দেশৰ নাগৰিকে চাইকেল ব্যৱহাৰ কৰাৰ সংখ্যা চাওঁ, তেনেহলে শতকৰা হিচাপত এনেধৰণে দেখা পাওঁ :-

(১) বেলজিয়াম            = ৪৮ শতাংশ

(২) ছুইজাৰলেণ্ড           = ৪৮.৮ শতাংশ,

(৩) জাপান                   = ৫৬.৯ শতাংশ,

(৪) ফিনলেণ্ড                = ৬০.৪ শতাংশ,

(৫) নৰ'ৱে                      = ৬০.৭ শতাংশ,

(৬) ছুইডেন                   = ৬৩.৭ শতাংশ,

(৭) জার্মানী                   = ৭৫.৮ শতাংশ,

(৮) ডেনমার্ক                  = ৮০.১ শতাংশ আৰু

(৯) হ'লেণ্ড (নেডাৰলেণ্ড) = ৯৯.১ শতাংশ ৷

        আনহাতে আমাৰ ভাৰতবর্ষত এই শতকৰা হাৰ হৈছে ৯.০ শতাংশ মাত্র ৷ অৱশ্যে শেহতীয়াকৈ আজি কিছু বছৰৰপৰা চাইকেল ব্যৱহাৰৰ সংখ্যা লাহে লাহে বৃদ্ধি হবলৈ ধৰিছে ৷ এনে কেইখনমান চহৰ হ'ল -- দিল্লী, বাংগালুৰু, চেন্নাই, ক'লকাতা, মুম্বাই, কচী আদি।তাত আজিকালি বহুতো চাকৰিয়াল, শিক্ষক, যুৱক-যুৱতী, স্কুল-কলেজৰ ছাত্র-ছাত্রী আদিয়ে চাইকেল একোখন চলাই নিজৰ স্বাস্থ্য অটুট ৰখাৰ লগতে চহৰ বা মহানগৰখনক প্রদূষণৰপৰা মুক্ত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । অসমতো গুৱাহাটী মহানগৰকে ধৰি যোৰহাট, ডিব্রুগড়, তেজপুৰ, শিলচৰ আদি চহৰত বহুকেইটা ক্লাব, এনজিঅ' , চাইক্লিং গ্রুপ আদিয়ে দৈনিক পুৱা-গধূলি সকলো ধৰণৰ ব্যক্তিয়ে যাতে মাজে-সময়ে চাইকেল একোখন চলায়, তাৰ এক অভ্যাস গঢ়ি তুলিবলৈ যত্নপৰ হোৱা দেখা গৈছে।

        আনহাতে সমগ্র বিশ্বতে যাতে অধিক মানুহে চাইকেল ব্যৱহাৰ কৰি নিজৰ সু-স্বাস্থ্য অটুট ৰখাৰ লগতে নিজৰ দেশখনকো প্রদূষণৰপৰা যিমান পাৰি মুক্ত কৰি ৰাখিব পাৰে তাৰ সজাগতা বৃদ্ধিৰ বাবে প্রতি বছৰে জুন মাহৰ ৩ তাৰিখে বিশ্ব চাইকেল দিৱস যোৱা ২০১৮ চনৰপৰা পালন কৰি অহা হৈছে । 

        এই দিৱস পালন কৰিবলৈ আমেৰিকাত কৰ্মৰত অধ্যাপক লেছজেক ছিবিলস্কীয়ে Professor Leszek Sibilski ) বিশেষভাৱে চেষ্টা কৰাৰ মূৰত The United Nations General Assembly য়ে ২০১৮ চনৰ এপ্রিল মাহত এই সিদ্ধান্ত সমজুৱাভাৱে অর্থাৎ সমগ্র বিশ্বতে পালন কৰিবলৈ সকলো দেশকে আহ্বান জনায় । ইয়াৰ মূল উদ্দেশ্য হৈছে প্রত্যেকে দেশখনক প্রদুষণমুক্ত কৰি ৰখাৰ চেষ্টা কৰা। আহক , তেনেহলে আমিও সকলোৱে একোখন চাইকেলকে যাতায়াতৰ মূল সাধনৰূপে ব্যৱহাৰ কৰোঁহঁক । 

 **********************

প্ৰসেনজিৎ ডেকা

অষ্টম শ্ৰেণী

ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড


অলংকৰণ:-পল্লবী পাঠক




Post a Comment

0 Comments