header ads

ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু দক্ষিণ কামৰূপ

 ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু দক্ষিণ কামৰূপ

        অসহযোগ আন্দোলনৰ প্ৰচাৰৰ উদ্দেশ্যে ১৯২১ চনৰ ১৮ আগষ্টত মহাত্মা গান্ধী অসমলৈ আহিছিল । এই আন্দোলনত ভাগ ল'বলৈ দক্ষিণ কামৰূপৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়জন মণ্ডলে চাকৰিৰ পৰা পদত্যাগ কৰিছিল । লোকপ্ৰবাদ অনুসৰি কেৱল উক্ত মণ্ডলসকলেই নহয় আৰু কিছু সংখ্যক শিক্ষকেও চাকৰিৰ পৰা পদত্যাগ কৰি এই আন্দোলনত ভাগ লৈছিল । উদাহৰণস্বৰূপে ছয়গাঁৱৰ সোণাৰাম দাসে লতাশিল প্ৰাথমিক বিদ্যালয় (গুৱাহাটী)ৰ পৰা শিক্ষকৰ পদ ত্যাগ কৰি এই আন্দোলনত ভাগ লৈছিল আৰু গ্ৰেপ্তাৰ হৈ নগদ ৫০ টকা দণ্ড ভৰিছিল বুলিও জনা যায় ।

        স্বাধীনতা সংগ্ৰাম স্বৰূপে দক্ষিণ কামৰূপৰ পলাশবাৰী, ছয়গাঁও, ৰামপুৰ, লোহাৰঘাট, বামুণীগাঁও, বকো, শিংৰা, নগৰবেৰা আদি ঠাইত প্ৰায়ে হোৱা ৰাজহুৱা সভাবোৰত দেশভক্ত তৰুণৰাম ফুকন, নবীনচন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ আদিয়ে প্ৰায়ে অংশগ্ৰহণ কৰিছিল । অসহযোগ আন্দোলনৰ সঁহাৰি স্বৰূপে ছয়গাঁৱৰ দোকানবোৰত বিক্ৰীৰ বাবে ৰখা চিগাৰেটৰ পেকেটবোৰ জমা কৰি জ্বলাই দিয়া হৈছিল ।

        দক্ষিণ কামৰূপত দেশভক্ত তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত গাঁৱে গাঁৱে স্বেচ্ছাসেৱকসকল গৈ যঁতৰত সূতা কটাৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল । লোহাৰঘাট, ৰাণী অঞ্চলত প্ৰচলিত 'কানি' (আফিং) বৰ্জনৰ বাবে জোৰ দিয়া হৈছিল । সেই অঞ্চলৰে নেতা বংশী দলৈ, মাধা গাঁওবুঢ়া আদিৰ নেতৃত্বত অঞ্চলটোৰ বহু কানীয়াই নিজৰ কানিৰ পাট্টা ফালি পেলাই কানি পৰিত্যাগ কৰিছিল । ডাঃ পোৱালি বৰুৱা আৰু ডাঃ ভুবনেশ্বৰ বৰুৱাই লোহাৰঘাট আৰু ৰামপুৰত কানীয়াসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল । চৰকাৰী হিচাপ অনুসৰি ১৯২১ চনত কানিৰ বিক্ৰী ১৮০০ মোনৰ পৰিৱৰ্তে ১১০০ লৈ কমিছিল । 

        বকোৰ পূৰ্ণচন্দ্ৰ দাসে বন বিভাগৰ চাকৰি ইস্তাফা দি গাঁৱে গাঁৱে ঘূৰি দক্ষিণ কামৰূপত এই আন্দোলন শক্তিশালী কৰাত বিশেষ ভূমিকা লৈছিল । বকো, ছমৰীয়া, নগৰবেৰা, হাহিম আদি ঠাইলৈ গৈ তেওঁ ৰাইজক জাগ্ৰত কৰিছিল । হাজাৰ হাজাৰ ৰাভা, গাৰো, বড়ো, কছাৰী আদি জনজাতীয় লোকসকলেও আন্দোলনত ভাগ লৈছিল । জনজাতীয় সমাজতো আন্দোলনৰ তীব্ৰতা দেখি পুলিচ আৰু ব্ৰিটিছ প্ৰশাসনে কঠোৰ শাৰীৰিক শাস্তি বিহিছিল । আনকি পুহ -মাঘ মহীয়া ঠেঁটুৱৈ ধৰা জাৰতো ৰাতি জলজলি নদীৰ পানীত খালী গাৰে ডিঙিলৈকে ডুবাই ছয়- সাত ঘণ্টা পৰ্যন্ত থিয়কৈ ৰাখিছিল । ব্ৰিটিছ চিপাহী চন্তৰিৰ বুট জোতাৰ গচকত, বন্দুকৰ কুন্দাত বহু ডেকা ঘূণীয়া হ'ব লগাত পৰিছিল । আন্দোলন কাৰীৰ ওপৰত অত্যাচাৰ ইমানেই বাঢ়িছিল যে আন্দোলন থমকি ৰোৱাৰ পৰিৱৰ্তে এই অত্যাচাৰৰ বিৰুদ্ধচাৰণ জনমানসত তীব্ৰতৰ হৈছিল । 

        অসহযোগ আন্দোলনৰ চৰম পৰ্যায় স্বৰূপে মহাত্মা গান্ধীয়ে গুজৰাটৰ বৰদলীত যি খাজানা বন্ধৰ আহ্বান জনাইছিল, সেই আহ্বানৰ প্ৰতি সঁহাৰি দক্ষিণ কামৰূপত একমাত্ৰ বকো অঞ্চলৰ কৃষকসকলেহে দিছিল । ফলস্বৰূপে পুলিচৰ অত্যাচাৰ আৰু অকল্পনীয় হৈ উঠিছিল ।

        আহমেদাবাদত বহা কংগ্ৰেছ অধিৱেশনত (১৯২১) অসমৰ প্ৰতিনিধিয়ে অসহযোগ আন্দোলনত অসমৰ বিষয়ে ,বিশেষকৈ বকো অঞ্চলৰ ভূমিকাৰ বিষয়ে বিশদভাবে প্ৰতিবেদন দাখিল কৰিছিল । কংগ্ৰেছে অসম, বিশেষকৈ বকো অঞ্চলৰ চৰজমিন তদন্তৰ কাৰণে ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু পণ্ডিত মদন মোহন মালব্যক অসমলৈ পঠিয়াইছিল । সেই সময়ত বকোলৈ যোৱাৰ বিশেষ ব্যৱস্থা নাছিল বাবে তেওঁলোকে ম'হৰ গাড়ীৰে বকোলৈ গৈ নেতা- পালিনেতা আৰু ব্ৰিটিছ প্ৰশাসনৰ অত্যাচাৰৰ বলি হোৱা ভুক্তভোগী সকলক লগ কৰি সবিশেষ তথ্যৰ প্ৰতিবেদন দাখিল কৰিছিল । ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু পণ্ডিত মদন মোহন মালব্যৰ সেই প্ৰতিবেদনত ব্ৰিটিছে পুলিচৰ উপৰিও সশস্ত্র মিলিটাৰীৰো ব্যৱহাৰ কৰিছিল বুলি প্ৰকাশ পায় ।

        লোণ আইন অমান্য আন্দোলনৰ প্ৰতি দক্ষিণ কামৰূপৰ ৰাইজৰ আছিল ব্যাপক সঁহাৰি । কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে সক্ৰিয় প্ৰতিবাদ কৰি পলাশবাৰী, ছয়গাঁও, বকো, শিংৰা আদি দক্ষিণ কামৰূপৰ হাইস্কুল আৰু মজলীয়া স্কুলৰ ছাত্রসকলে স্কুল বৰ্জন কৰিছিল । প্ৰশাসনৰ হাতত পীড়িত হৈছিল । কিছুসংখ্যক জেললৈ গৈছিল । (এই চাৰ্কুলাৰ অনুসৰি ছাত্রসকলে আন্দোলনত জড়িত হ'ব নোৱাৰিছিল)

        আইন অমান্য আন্দোলনৰ পিছত গান্ধীজীৰ নিৰ্দেশ মৰ্মে বহুঠাইত স্বাধীনতা সংগ্ৰামীসকলে বিভিন্ন গঠনমূলক কামত অংশগ্ৰহণ কৰিছিল । সেই অনুসৰি দক্ষিণ কামৰূপৰ বকোত 'মৌমান সেৱাশ্ৰম ' প্ৰতিষ্ঠা কৰা হৈছিল । একে সময়তে গুৱাহাটীৰ গান্ধীবস্তীটো ' কস্তুৰবা আশ্ৰমে ' প্ৰতিষ্ঠা হৈছিল ।

        ১৯৩৪ চনৰ এপ্ৰিল মাহত মহাত্মা গান্ধী পুনৰবাৰ গুৱাহাটীলৈ আহিছিল আৰু 'অসম সেৱাশ্ৰম 'উদ্বোধন কৰিছিল । এই আশ্ৰমত দক্ষিণ কামৰূপৰ উপৰহালি খাদী কেন্দ্ৰৰ শিপিনীসকল আহিছিল আৰু নতুন ছোৱালীসকলক প্ৰশিক্ষণ দিছিল । উপৰহালি খাদী কেন্দ্ৰত উৎপাদিত এড়ী, মুগা, পাটৰ কাপোৰৰ প্ৰদৰ্শনী এখনো সেই সময়ত ফাঁচীবজাৰৰ 'ৱাহিদ মাৰ্কেটত 'অনুষ্ঠিত কৰি গুৱাহাটীবাসীৰ পৰা প্ৰশংসা বুলিছিল দক্ষিণ কামৰূপৰ স্বাধীনতা সংগ্ৰামী শিপিনীসকলে ।

        ১৯৩৯ চনৰ দ্বিতীয় মহাসমৰৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ চৰকাৰে ভাৰতীয় জনসাধাৰণৰ পৰা ধন -সোণ সহায় ভিক্ষা কৰিছিল । মহাত্মা গান্ধীয়ে প্ৰথমে ক্ষমতা হস্তান্তৰ কৰিবলৈ দাবী জনাই সত্যাগ্ৰহ ঘোষণা কৰিছিল | অসমৰ কাছাৰীত গোপীনাথ বৰদলৈয়ে সত্যাগ্ৰহ কৰাৰ দৰে দক্ষিণ কামৰূপৰ বেলিৰাম দাসে পলাশবাৰীত আৰু হৰেশ্বৰ গোস্বামী, নবীন কলিতা, জনাৰ্দ্দন দাসে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সত্যাগ্ৰহ কৰি গ্ৰেপ্তাৰ বৰণ কৰিছিল ।

        মহাত্মা গান্ধীৰ "কৰিম কিম্বা মৰিম" ৰ প্ৰতি সঁহাৰি জনাই দক্ষিণ কামৰূপৰ পলাশবাৰী, উপৰহালি, ৰামপুৰ, কুকুৰমাৰা, ছয়গাঁও, বামুণীগাঁও, বকো, শিংৰা, ছমৰীয়া, নগৰবেৰা আদি বিভিন্ন ঠাইত গণ আন্দোলনৰ সূত্ৰপাত ঘটিছিল | বহু সংগ্ৰামী নিপীড়িত হৈছিল আৰু জেললৈ গৈছিল ।

        ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত দক্ষিণ কামৰূপৰ সংগ্ৰামেও নিঃসন্দেহে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ আত্মজীৱনীতো সেয়েহে তাৰ উল্লেখ আছে ।

----------------///-------------------

ৰূপম দাস 

গৱেষক ছাত্র,

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় |

স্থায়ী ঠিকনাঃ জামবাৰী (ছয়গাঁও) 

কামৰূপ, অসম,

ফোন নং ৯৬১৩০৫৪৬৮৭


অলংকৰণ:-সুৰভি দাস




Post a Comment

0 Comments