header ads

যাদুৰ অন্তৰালত বিজ্ঞান |

যাদুৰ অন্তৰালত বিজ্ঞান    


       যাদু আৰু বিজ্ঞান একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। যাদু ঐতিহাসিক সময়ৰ পৰা পৰম্পৰাগত ভাৱে চলি অহা এক অলৌকিক যেন লগা বিদ্যা। ইতিহাসৰ পাত লুটিয়াই চালে দেখিবলৈ পোৱা যায় যে যাদুবিদ্যা বা যাদুৰ অলৌকিকতা সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত পুৰণি কালৰে পৰাই অতি জনপ্ৰিয় ভাৱে চলি আহিছে।  Magic শব্দটো প্ৰাচীন গ্ৰীচ দেশৰ  পৰা আহিছে। যাদুবিদ্যাক পৃথিৱীত জনপ্ৰিয় কৰা কেইগৰাকী মান বিখ্যাত যাদুকৰ হ'ল - Hary Houdini, Penn jillette & Raymond Teller, David Copperfield, Apollo Robbins, David Devant, Shin Lim, Lance Burton, David Blaine, James Randi, Val Valentino আদি। ভাৰতৰ উল্লেখযোগ্য যাদুকৰ কেইজনমানৰ নাম হ'ল- P. C. Sorcar, O. P. Sharma, Ashok Bhandari, Kantilal Vora, Prahlad Acharya, Gopinath Muthukad আদি।

*** যাদুবিদ্যা আৰু অসম:-

           যাদুবিদ্যাৰ কাৰণে মায়ঙৰ লগতে প্ৰাগজ্যোতিষপুৰৰ (অসমৰ পুৰণি নাম) নাম আমি বিভিন্ন ঐতিহাসিক পুৰাণ, ধৰ্মীয় গ্ৰন্থত পাওঁ। মহাভাৰতত বৰ্ণিত আছে যে কছাৰী ৰজা ঘটৎকোছে হেনো মহাভাৰতৰ যুদ্ধত তেখেতৰ যাদু শক্তিৰ প্ৰয়োগ কৰি অংশগ্ৰহণ কৰিছিল। মায়ঙক আজিও "Land of black magic" বুলি জনা যায়। লোকপ্ৰবাদ অনুসৰি মানুহক বিভিন্ন জন্তুলৈ পৰিবৰ্তন কৰা, জীৱ-জন্তুবোৰ নোহোৱা কৰা, মানুহক অন্তৰ্ধান কৰা আদি যাদুবোৰ হেনো যাদুকৰ সকলে মায়ঙত পুৰণি কালৰে পৰা সংঘটিত কৰিব পাৰিছিল। এতিয়াও মায়ঙত পৰম্পৰাগত ভাৱে যাদুবিদ্যা চৰ্চা কৰা হয়। বৰ্তমান সময়ত অসমত যাদুবিদ্যাক জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰাত সহায় কৰা অন্যতম যাদুকৰ জন হ'ল- যাদুসম্ৰাট বিক্ৰম। গাঁৱে- ভূঁয়ে, নগৰে-চহৰে যাদুবিদ্যাক সকলোৰে মাজত গ্ৰহণযোগ্য কৰাত বিক্ৰমৰ ভূমিকা উল্লেখনীয়। যাদুৰ অন্তৰালত যে বিজ্ঞান নিহিত হৈ থাকে সেয়া যাদু সম্ৰাট বিক্ৰমে দৰ্শকৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰিছে।

*** যাদুবিদ্যাৰ মূল স্তম্ভ:-

            যাদুবিদ্যাৰ অন্তৰালত বিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমি যদি যাদুবিদ্যা পুংখানু-পুংখ ভাৱে অধ্যয়ন কৰোঁ, তেতিয়া হ'লে দেখা পোৱা যায় যে যাদুৰ অলৌকিকতা প্ৰধানত চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। সেইকেইটা হল-------

১) হাতৰ কৌশল:- 

আমি মুকলিকৈ দেখা নাইবা মঞ্চত দেখা যাদুবোৰৰ সৰহ সংখ্যকে যাদুকৰৰ হাতৰ কৌশল। এজন সুদক্ষ যাদুকৰ হ'বলৈ হাতৰ কৌশল নিখুঁত হোৱা প্ৰয়োজন। যাদুকৰ জন যদি হাতৰ কৌশলত পটু নহয়, তেনেহলে যাদু প্ৰদৰ্শন আমোদজনক হৈ নুঠে। দক্ষ যাদুকৰ সকলে দৰ্শকৰ চকুৰ পলকতকৈ দ্ৰুত গতিত হাতৰ সঞ্চালন কৰিব পাৰে। ফলত দৰ্শকসকলৰ যাদুকৰ সকলে দেখুওৱা কিছুমান যাদু অলৌকিক ঘটনা যেন লাগে। হাতৰ কৌশল প্ৰয়োগ কৰি বিভিন্ন যাদু দেখুওৱা হয়। উদাহৰণ স্বৰূপে,  হঠাৎ হাতত আঙুঠি নাইবা মুদ্ৰা উলিওৱা, অকল দিয়াচলাই কাঠিৰে জুই জ্বলোৱা, তাঁচপাতৰ বিভিন্ন খেল আদিত যাদুকৰ সকলে হাতৰ কৌশল নিখুঁত ভাৱে প্ৰয়োগ কৰে ।

২) শাৰীৰিক অৱয়ব আৰু সাজপোছাক:-

            যাদু খেল বা যাদুবিদ্যাৰ দ্বিতীয় মূল স্তম্ভ হ'ল শাৰীৰিক অৱয়ব আৰু সাজ-পোছাক। যাদুকৰ সকলে শাৰীৰিক অৱয়ব বা দেহৰ আকাৰ প্ৰয়োগ কৰি বিভিন্ন যাদু প্ৰদৰ্শন কৰে। উদাহৰণ স্বৰূপে, জীৱিত সাপ মুখত ভৰোৱা, ব্লেড খোৱা আদি কাৰ্যবোৰত যাদুকৰ সকলে শাৰীৰিক সঞ্চালনৰ ব্যৱহাৰ চতুৰভাৱে কৰে। ইয়াৰ উপৰিও যাদুকৰ সকলে যাদু খেল প্ৰদৰ্শনৰ সুবিধাৰ্থে সাজপোছাক বোৰ বিশেষ ভাৱে তৈয়াৰ কৰি লয়। এই বিশেষ ভাৱে তৈয়াৰ কৰা সাজ-পোছাকৰ সহায়ত সহজতে হঠাৎ কোনো বস্তু উলিয়াই লোৱা বা নোহোৱা কৰিব পাৰে  যাদুকৰ সকলে। যাদুকৰ সকলে সাজ-পাৰবোৰ সাধাৰণতে ঢিলাকৈ চিলায়, যাতে কাপোৰৰ ভিতৰত কিছু বস্তু লুকুৱাই ৰাখিব পাৰে নাইবা কিবা লুকুৱাই ৰখা বস্তু সহজতে উলিয়াই ল'ব পাৰে। যাদুকৰ সকলে পিন্ধা কাপোৰবোৰ বিভিন্ন ৰঙৰ হয়, যাতে সেই ৰং-বিৰঙৰ কাৰণে যাদুকৰ সকলে অৱলম্বন কৰা বিভিন্ন কৌশল দৰ্শকসকলে ধৰিব নোৱাৰে। আকৌ বিভিন্ন বস্তুৰ ওপৰত ঢাকি দিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰবোৰ ডাঠ ৰঙৰ বাছনি কৰা হয়।

৩) আঁহিলাৰ বিশেষ গঠন:-

             যাদু খেলৰ আন এক গুৰুত্বপূৰ্ণ স্তম্ভ হ'ল যাদুখেলত ব্যৱহাৰ কৰা বিভিন্ন
আঁহিলা, পাত্ৰ আদিৰ গঠন। আঁহিলা বোৰ বিশেষ কৌশল যুক্ত কৰি সাজি উলিওৱা হয়।এই আঁহিলা প্ৰয়োগ কৰি যাদুখেলক এক অনন্য মাত্ৰা প্ৰদান কৰা হয়। দৰ্শকেও আচৰিত হয় যেতিয়া যাদুকৰ সকলে এডাল দণ্ডৰ ওপৰত মানুহ এজনক শুৱাই থৈ দিয়ে, পাত্ৰৰ ভিতৰত পানী ভৰাই পানী নোহোৱা কৰে, মুখৰ ভিতৰত তৰোৱাল ভৰাই দিয়া, ত্ৰিশূলৰ সহায়ত জিভা ফুটোৱা, বাকচৰ ভিতৰত মানুহক ভৰাই তৰোৱাল সোমাই দিয়া, পাত্ৰৰ ভিতৰত জুই জ্বলাই ফুল তৈয়াৰ কৰা, মোনাৰ ভিতৰত বেলেগ ৰঙৰ ৰুমাল সুমুৱাই বেলেগ ৰঙৰ ৰুমাল উলিওৱা, ফটোফ্ৰেমৰ পৰা পাৰ চৰাই উলিয়াই অনা আদি যাদু খেল বোৰ প্ৰদৰ্শন কৰে। আচলতে এইধৰণৰ যাদুখেলবোৰত ব্যৱহাৰ কৰা সঁজুলিবোৰৰ গঠণৰ বাবে বাস্তৱত অসম্ভৱ যেন লগা কামবোৰ যাদুকৰে সহজে যাদু খেলৰ মাধ্যমেৰে প্ৰদৰ্শন কৰে।

৪) ৰাসায়নিক বিক্ৰিয়া:-

            ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে যাদুবিদ্যাক  এক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ অবিহনে কিছুমান যাদু খেল দেখুওৱা সম্ভৱ নহয়। ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ ফলত তাপ উৎপাদন, ৰঙৰ পৰিবৰ্তন, সোৱাদৰ সলনি, অধ:ক্ষেপন আদি ঘটনা ঘটে। এই ফলাফল বোৰ ব্যৱহাৰ কৰি যাদুকৰে বিভিন্ন চমৎকাৰ যাদু খেল প্ৰদৰ্শন কৰে। উদাহৰণ স্বৰূপে, দৰ্শকক মিঠাই খুওৱা,নেমুটেঙা কাটি টেঙাটোৰ ভিতৰৰ পৰা তেজ উলিওৱা, যিকোনো পদাৰ্থৰ পৰা ধূপৰ ভস্ম উলিওৱা, পানী ছটিয়াই নাৰিকলত জুই জ্বলাই ভূত-প্ৰেত পোৰা আদি কাৰ্যত প্ৰত্যক্ষভাৱে বা কেতিয়াবা পৰোক্ষভাৱে ৰসায়ন বিজ্ঞানৰ প্ৰয়োগ কৰা হয়। 

             গতিকে আমি ক'ব পাৰোঁ যে বিজ্ঞান অবিহনে সকলো ধৰণৰ যাদু খেল দেখুওৱা সম্ভৱ নহয়।

 *** যাদুকৰ সকলৰ ব্যক্তিত্ব:-

              আমি যদি লক্ষ্য কৰোঁ দেখিবলৈ পাম যে যাদুকৰ সকল বিভিন্ন গুণৰ অধিকাৰী। দৰ্শকক সন্মোহিত কৰি ৰখা অলৌকিক ঘটনা দেখুৱা যাদুকৰ সকল একোজন ভাল বিজ্ঞানী। সাধাৰণ নাগৰিক সকলতকৈ তেখেত সকলৰ বিজ্ঞানৰ জ্ঞান, বিজ্ঞান মানসিকতা বহু ওপৰত। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ভৌতিক বিজ্ঞানৰ সমাহাৰ ঘটাব পাৰে যাদু মঞ্চত যাদুকৰ সকলে। যাদুকৰ সকল একোজন সুন্দৰ বক্তা। কথাৰে তেখেতসকলে দৰ্শকৰ হৃদয় চুব পাৰে। যাদুকৰ সকল একোজন ৰসিক অভিনেতাও। যাদু মঞ্চত তেখেতসকলে অনবদ্য অভিনয় কৰিব পাৰে। অভিনয় যেন যাদু প্ৰদৰ্শনৰ এক চালিকা শক্তি। যাদুকৰ সকলৰ অভিনয়ৰ লালিত্যই যাদু অনুষ্ঠানৰ সাফল্যৰ ধ্বজা বহন কৰে। যাদুকৰ সকল একোজন সুদক্ষ খেলুৱৈ তথা জিমনাষ্টিক। শাৰীৰিক কৌশলৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায় যাদু খেলৰ সময়ত। শেষত, যাদুকৰ সকল একোজন অভিজ্ঞ মনোবিজ্ঞানী। দৰ্শকৰ মানসিকতা তৎক্ষণাৎ অধ্যয়ন কৰিব পাৰে তেখেত সকলে। দৰ্শকৰ ৰুচি অনুসৰি যাদু প্ৰদৰ্শন কৰাত তেখেতসকল পাকৈত।

*** যাদু এক মনোৰম কলা:-

          যাদুকৰ সকলে সৃষ্টি কৰা যাদুৰ মায়াজালে আমাৰ মনত অনাবিল আনন্দ


প্ৰদান কৰে। যাদু এক অন্যতম সুকুমাৰ শিল্প। যুগে যুগে ই মানুহক আকৰ্ষিত কৰি আহিছে। হাতৰ বিদ্যা, সন্মোহিনী বিদ্যা, বিজ্ঞান যিয়ে লুকাই নাথাকক কিয় যাদু প্ৰদৰ্শনৰ চমৎকাৰিতাই দৰ্শকক ভীতিগ্ৰস্ত,শিহৰিত, অটুটসাহী, নাইবা, চিন্তাক্লিষ্ট বা হাস্যৰস আদি সৃষ্টিত অৰিহণা যোগাই আহিছে। যাদু এটাত নিহিত হৈ থকা কৌশল উদঘাটন কৰিবলৈ গৈ দৰ্শকে নিজৰ চিন্তাশক্তিৰ বৃদ্ধি ঘটাব পাৰিছে। মানুহৰ নতুন নতুন চিন্তাৰ পথ মুকলি কৰাত যাদু বিদ্যাৰ ভূমিকা অপৰিসীম। এইয়া যাদুবিদ্যাৰ কলাত্মক দিশ। সাজ-সজ্জা, পোহৰ, আৱহ সংগীত, মঞ্চসজ্জা আদি সকলোতে সুকুমাৰ কলাৰ সুন্দৰ পৰশ দেখা যায়। এইবোৰে  দৰ্শকৰ মন-মগজুক প্ৰফুল্লিত কৰাৰ লগতে এক ধনাত্মক ধ্যান ধাৰণাৰ প্ৰতি উৎসাহিত কৰে।

*** যাদু এক সামাজিক সমস্যা:-

           নান্দনিক যাদুবিদ্যাৰো আছে এক ক'লা অধ্যায়। যাদুৰ অপপ্ৰয়োগে এই সুকুমাৰ কলাবিধক যুগে যুগে কলংকিত কৰি আহিছে।যাদুৰ অলৌকিকতা প্ৰদৰ্শন কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ভক্ত সকলৰ পৰা কল্পনাতীত ভাৱে দান বৰঙণি হিচাপে মুনাফা আদায় কৰা দেখা যায়। কিছুমান ঠগ-প্ৰবঞ্চকে যাদুবিদ্যা প্ৰয়োগ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। কিছুমান দুষ্ট প্ৰকৃতিৰ কবিৰাজ চিকিৎসকে যাদুবিদ্যাৰ দ্বাৰা সন্মোহিত কৰি ৰোগীক সৰ্বস্বান্ত কৰি মৃত্যুৰ মুখলৈ পৰ্যন্ত ঠেলি দিয়ে। কিছুমানে আকৌ যাদুৰ কৌশল প্ৰয়োগ কৰি দুৰ্বলীসকলক ভীতি প্ৰদৰ্শন কৰে।  এই ধৰণৰ ক'লা যাদুৰে বিভিন্ন অসৎ প্ৰকৃতিৰ লোকে নিজৰ ব্যৱসায় চলাই গৈছে আৰু সমাজত যাদুৰ‌ কলাত্মক গুণৰাজিক ধ্বংস কৰাৰ লগতে সমাজৰ খনত এক সামাজিক ব্যাধিৰ সৃষ্টি কৰিছে।

*** যাদুবিদ্যাৰ প্ৰয়োজনীয়তা:-

            যাদুবিদ্যাৰ আকৰ্ষণ, যাদুবিদ্যাৰ ধনাত্মক দিশটোৰ প্ৰাসংগিকতা মানৱ জাতিৰ মাজত সদায় থাকিব। যাদু খেল আজি এক অন্যতম পেছা। বহুতেই ইয়াক জীৱন নিৰ্বাহৰ পথ হিচাপে বাচি লৈছে। এই যাদু খেলৰ জৰিয়তে অকল যে যাদুকৰ সকলহে লাভান্বিত হৈছে তেনে নহয়, যাদুকৰ সকলৰ সহযোগী হিচাপে থকা লোকসকলেও ইয়াৰ জৰিয়তে নিজৰ ভাত মুঠি মুকলি কৰিছে। ইয়াৰ উপৰিও যাদুবিদ্যাৰ লগত বিভিন্ন উদ্যোগ জড়িত। যেনে সাজ-সজ্জাৰ বাবে বস্ত্ৰ উদ্যোগ, বিভিন্ন কাঁচ আৰু লোৰ উদ্যোগ, ৰাসায়নিক উদ্যোগ,ইলেক্টট্ৰিছিটি উদ্যোগ, শব্দযন্ত্ৰ সামগ্ৰী লগতে সংগীত শিল্পী, বাদ্য- যন্ত্ৰ বজোৱা শিল্পী সকলো ইয়াৰ লগত জড়িত। গতিকে যাদুবিদ্যাৰ লগত বিভিন্ন কৰ্ম ক্ষেত্ৰৰ লোক জড়িত হৈ থকা দেখা যায়। আনহাতে যাদু খেল প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা দল- সংগঠন, সমিতিবোৰে উপাৰ্জিত ধন ব্যৱহাৰ কৰি নিজ নিজ অঞ্চলৰ ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠান,সংঘ, পুথিভঁৰাল তথা বিভিন্ন ৰাজহুৱা কাম-কাজ কৰা দেখা যায়। আজি ব্যস্ততাৰ কাৰণে নাগৰিক সকলে অনবৰতে মানসিক চাপ, হতাশাগ্ৰস্ত হৈ থাকিব লাগে। যাদু খেল উপভোগে মানুহৰ কিছু পৰিমাণে হতাশা, চাপ দূৰ কৰাত সহায় কৰে। গতিকে যাদু বিদ্যাৰ বেয়া দিশ সমূহ বাদ দি সৰহখিনিয়ে আমাৰ সমাজত বৰ প্ৰয়োজন।

*** যাদুবিদ্যা আৰু আমাৰ দায়িত্ব:-

             যাদুবিদ্যা যুগ-যুগান্তৰলৈ চলি থাকক, এইয়া সভ্য সমাজৰ কাম্য। এই ঐতিহাসিক বিদ্যাবিধৰ কু-প্ৰয়োগৰ পয়োভৰে যেন সমাজত বিৰূপ প্ৰভাৱ নেপেলায় আৰু যাদুবিদ্যাই নিজৰ স্বকীয়তা হেৰুৱাই বিলুপ্ত নহয় তাৰ প্ৰতি সমাজৰ দায়িত্ব আছে। আমি শিক্ষিত সকলে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মাজত যাদু বিদ্যাৰ সজাগতা সৃষ্টি কৰিব লাগে। আমাৰ সজাগতা দুই ধৰণৰ হোৱা উচিত। প্ৰথমে যাদু বিদ্যাৰ নান্দনিক দিশটোৰ প্ৰতি যুৱক-যুৱতী সকলক আকৰ্ষিত কৰি ইয়াক কৰ্মক্ষেত্ৰলৈ ৰূপান্তৰ কৰিবলৈ যত্ন ল'ব লাগে। দ্বিতীয়তে, আমি শিক্ষিত সকলে যাদুৰ অপপ্ৰয়োগৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰি মানুহক বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। আমাৰ দায়িত্ব যাদুকৰ সকলৰ পেটৰ ভাতমুঠি কাঢ়ি নিয়াৰ নহয়, আমাৰ দায়িত্ব যাদুবিদ্যাৰ ভাল দিশটো বিকশিত হ'বলৈ দি যাদুৰ বেয়া দিশটো মষিমূৰ কৰি সমাজখনক সুস্হ কৰি ৰখা।

*** উপসংহাৰ:- 

           পৃথিৱীত মানৱ সভ্যতা জীয়াই থকালৈকে প্ৰবাহমান হৈ থাকক যাদুবিদ্যা। যাদুবিদ্যাৰ ভাল দিশটোৰ প্ৰয়োগে সমাজখনক বিভিন্ন ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাত প্ৰভূত পৰিমাণে সহায় কৰিব। যাদুবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰত চৰকাৰী পৃষ্ঠপোষকতা অতি প্ৰয়োজন। চৰকাৰী প্ৰশিক্ষণ, সাহায্য, ঋণ-প্ৰদান আদিৰ ব্যৱস্থা কৰিলে নিশ্চয় শিক্ষিত নিবনুৱা সকলে এই কৰ্মক্ষেত্ৰ খনত মনোনিবেশ কৰিব। ফলত যাদুবিদ্যাৰ উন্নতি সাধন হোৱাৰ উপৰিও নিবনুৱা সমস্যা সমাধানৰ পথো কিছু প্ৰশস্ত হ'ব।

------------;;;;-------


তীৰ্থমণি ডেকা

সহ: শিক্ষক (বিজ্ঞান)

পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়

মোবাইল নম্বৰ:৮৮১১৯৬১৮৭৯

কমলপুৰ শিক্ষাখণ্ড।



অলংকৰণ:-মনবিনী দাস



Post a Comment

0 Comments