header ads

সুখানুভূতি

সুখানুভূতি


         জেঠ মহীয়া বেলিটোৰ উত্তাপ আজি দুগুণে বাঢ়িছে। ৰক্তিমে পিঠিত বেগটো লৈ খোজকাঢ়িব লওঁতেই ৰিক্সাৱালা এজনে মাত লগালে......"দাদা ক'লৈ যাব.. উঠক।" 

ৰক্তিমে যেন বৰ সকাহ পালে।

"থানাৰ চ'ক ব'লা"।
"দাদা ইয়াৰ পৰা থানাৰ চ'কলৈ বিশ টকা হ'ব কিন্তু!"

ৰক্তিমে ক'লে,"হ'ব ব'লা"।

          ফটাচিটা, মলিয়ন পলিয়েষ্টাৰৰ চোলা এটা আৰু চাৰিওফালে চিলাই মৰা ..নামতহে লংপেন্ট পৰিহিত ৰিক্সা চলোৱা ল'ৰাটোৰ টপ্ টপ্ কৈ ঘাম পৰিছে
.....ভাগৰতে সি ঘন ঘনকৈ উশাহ লৈছে ...

ৰক্তিমক সকাহ দিয়া ৰিক্সাৱালা জনে বেলিটো যেন তাৰ মূৰতে পাতি লৈছে....

"দাদা পাই গ'লো থানাৰ চ'ক"। আত্মবিভোৰ হৈ থকা ৰক্তিমে খকমক্ কৈ নামি লৈ দুশ টকা এটা আগবঢ়াই় দিলে ৰিক্সাৱালালৈ। 

"দাদা , বিশ টকাৰ কথাহে কৈছিলো।"

"এটা হাফপেন্ট আৰু এটা গেঞ্জী পাবা ..লৈ যোৱা।"

টকা টো পাৰেমানে সেৱা কৰি কৃতজ্ঞতাত গদগদ্ হৈ ল'ৰাটোৱে কলে  ,"দাদা আৰু ক'ৰবাত দেখিলে মাত লগাম।"
        ৰ'দ বৰষুণ নেওঁচি কৰ্মসূত্ৰে প্ৰতিদিনে ফিল্ড ৱৰ্কত ব্যস্ত থকা ৰক্তিমৰ গালে মুখে যেন এচাটি শীতল বতাহে চুই থৈ গ'ল।।।।

**********************

লেখিকা:

মৌচুমী ৰায়চৌধুৰী

সহ: শিক্ষয়িত্ৰী,

শনিয়াদী কাছুমাৰা প্ৰাথমিক বিদ্যালয়। 
হাজো শিক্ষাখণ্ড                        


অলংকৰণ- পূবালী শইকীয়া দাস



Post a Comment

1 Comments

  1. সুন্দৰ অণুগল্প। আৰু এনে গল্প পঢ়িবলৈ পাম বুলি আশা কৰিছোঁ।

    ReplyDelete