নৈসৰ্গলৈ চিঠি
প্ৰকৃতি-জগতখন ইমান যে
সুন্দৰ,
সঁচাই বৰ্ণনাতীত
!
বিশ্বব্ৰহ্মাণ্ডৰ আন
ক'ৰবাত ইয়াৰ সমকক্ষ,
বিচাৰি পোৱাও সাধ্যাতীত।
উৰণ বুৰণ জীৱকুলক দিয়ে
ই অক্সিজেন ,
যাতে পাব পাৰি
ক'ৰণাৰপৰা পৰিত্ৰাণ,
ভাল পাওঁ ভাবি সেয়ে
প্ৰকৃতিৰ গছ-লতা তৰু -তৃণ।
সুবাসিত পৰিৱেশে ভৰা এই
সৃষ্টিত,
নানান চৰায়ে সুৰীয়া
গীতেৰে মন কৰে পুলকিত।
সেয়ে গছ-বন কাটি
নকৰিবা প্ৰকৃতিক ৰুষ্ট,
বনানীকৰণেৰে সেউজ কৰি
পৃথিৱীক কৰা তুষ্ট।
বেমাৰৰ বীজাণু হ্ৰাস
হওঁক যাতে,
অংকুৰিত নহ'ওঁক
বেক্টেৰিয়াৰ নৱ প্ৰজন্ম,
প্ৰকৃতিৰ সৈতে সহবাস
কৰি
আমি হ'ব লাগিব একাত্ম।
কৰিবা তুমি প্ৰকৃতিক
সবাতোকৈ বেছি মৰম,
সেয়ে হ'ব সবাৰে প্ৰতি তোমাৰ পৰম ধৰম।
*******************
আয়না কুমাৰী
সপ্তম শ্ৰেণী
মিৰ্জা ছোৱালী হাইস্কুল
ৰামপুৰ শিক্ষাখণ্ড
0 Comments