header ads

বিশ্বত্ৰাস

 বিশ্ব ত্ৰাস

গোটেই বিশ্ব আজি থৰহৰি কম্পমান ,

কালৰূপী কৰ'ণাৰ ত্ৰাসত ।

কোনেও নাজানে কোনেও নেদেখে 

হায় !

কেতিয়া কোনে পৰে কৰ'ণাৰ কবলত !! 

প্ৰতিদিনে প্ৰতিক্ষণে কালৰূপী কৰ'ণাই ,

কতজনৰ প্ৰাণ কাঢ়ি নিয়ে ।

আকৌ বা ই কাৰ বাবে অপেক্ষাৰত ,

কাৰ বা জীৱন বাটত দিয়ে আগভঁটা !!! 

কত মহীৰূহেও আজি নাপালে পৰিত্ৰাণ,

এই কালৰূপী কৰ'ণাৰপৰা ।

কোনেও নাজানে কোনেও নুবুজে হায় !

কেতিয়া এৰিব লাগিব এই ধৰা ?

কোনোজনে হেৰুৱালে পিতৃ, কোনোজনে মাতৃ ,

আৰু কোনোজনে হেৰুৱালে পুত্ৰ ।

জীৱনৰ অন্তিম বেলাটোতো ৰাখিব নিদিয়ে হায়

আত্মীয়ৰে যোগসূত্ৰ !! 

কতজনী বিধৱাই কোলাৰ কেঁচুৱা বুকুত সাৱতি ,

হিয়া ঢাকুৰি কান্দে ।

জীৱনৰ গতিপথ কোন দিশে সলনি হ'ব ধৰিছে ,

তাৰ উত্তৰ হ'লে নাজানে কেও।। 

 

কতজন আজি নিবনুৱা হল ,

জীৱন জীৱিকাৰ পথ হেৰুৱাই 

আশাৰ পদুম সোণালী সপোন পূৰাব নোৱাৰি,

জীৱন বাটত যাব কিদৰে আগুৱাই ?

সেয়ে সকলোৱে আজি সজাগ সচেতন হল , 

কৰিবলৈ কালৰূপী কৰ'ণা নিধন ।

নহ'লে যে ইয়াৰ কৰাল গ্ৰাসৰপৰা ,

কোনেও নাপাব পৰিত্ৰাণ ।।

 ************************

শ্ৰী দৈৱকী নাথ

প্ৰধান শিক্ষয়িত্ৰী

বৰুৱাজানী বাপুজী প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড



অলংকৰণ- সুকন্যা ভৰদ্বাজ



Post a Comment

0 Comments