বিষ্ণুপ্ৰসাদ ৰাভাৰ অম্লান আভা
চিৰকাললৈ
গুচি গ’লাগৈ,
কোনোবা অজান দেশলৈ
আৰু কোনো দিনে উভতি
নহাৰ প্ৰতিশ্ৰুতিলৈ।
আহিছিলা কবিতাৰ এসাগৰ
জোনাক হৈ,
পোহৰাই তুলিছিলা
কাব্যজগত
দীপাৱলীৰ সমস্ত
আলোকসজ্জাৰে ।
ৰচিছিলা সাম্য-মৈত্ৰীৰ
হেঙুল হাইতাল
বুলোৱা এখনি সেঁতু
অসমীয়া জাতিৰ ধ্বজাবাহক
হৈ।
সংহতিৰ জয়ঢোল বায়,
ধৰ্ম-বৰ্ণ বিভেদৰ
প্ৰাচীৰ ভাঙি
সৃষ্টিৰ পথাৰত ৰোপন
কৰিছিলা একতাৰ বীজ
নিৰ্বাপিত কৰি বিদ্ৰোহ
অনল।
বিষ্ণুৰাভা--
জগত প্ৰতিভাত তোমাৰ অমৰ
আভা,
প্ৰতিটো শব্দ
প্ৰতিটো কথাতেই নিগৰে
অযুত ভাৱৰ সমাহাৰ,
আছে এখনি বিশাল হৃদয়
স্বপ্ন দ্ৰষ্টা উত্তৰণৰ
প্ৰজ্বোলিত হৈ আদৰ্শৰ
প্ৰদীপ।
জীৱনজোৰা সাধনাৰে
প্ৰজ্ঞাৰ লেচেৰি বুটলি
জোনাক বিহীন অসমৰ আকাশত
উজ্জ্বল ভোটা তৰাটিহৈ
নব্য প্ৰভাতৰ সূচনা
কৰিলা।
হে কলাগুৰু,
সংহতিৰ মহাসাগৰ মথি
অমৃত সুধাৰে জীপাল কৰি
ৰাখা
বৃহত্তৰ অসমীয়া জাতি।
***********************
লোহিত কুমাৰ দাস।
অৱসৰ প্ৰাপ্ত শিক্ষক,পি কে চি উচ্চ মাধ্যমিক
বিদ্যালয়,
বৰুৱা, কামৰূপ ।
*****************
অলংকৰণ-সুৰভি
দাস
0 Comments