header ads

সময় |

 সময় 


শব্দবোৰ আকাশত ওপঙি আছে 

কলমটো আগুৱাই কবিতাৰ পথেৰে 

প্ৰসৰ ৰ'দত বৰফবোৰ গলিছে 

গভীৰ নিদ্ৰাত শব্দৰ অবুজ সমদল 

সপোনৰ বোকোচাত উঠি

কিমান বাট আগুৱাম প্ৰশ্ন হয়....??

 

নতুন আশাৰে সন্ধ্যা জীপাল হয়

সপোনবোৰ থৰথৰকৈ কপে 

চকুলোবোৰ নদী হয় 

মাতবোৰ থুনুক থানাককৈ ছাঁটোত অদৃশ্য হয়

ভোঁকৰ তাড়নাত অদ্ভুত নৃত্য

দৰিদ্ৰ দেশত উন্মাদৰ হাহাকাৰ

মিছাৰ উত্তেজিত কথাত বিভ্ৰান্ত।

 *****************


মইনুল হক চৌধুৰী

বিদ্যালয় সহ: পৰিদৰ্শক(ৰঙিয়া)

ৰঙিয়া শিক্ষাখণ্ড।

***********

অলংকৰণ- সুকন্যা ভৰদ্বাজ




Post a Comment

0 Comments