header ads

সংকল্পৰ বিশ্ব পৰিৱেশ দিৱস |

 সংকল্পৰ বিশ্ব পৰিৱেশ দিৱস


বিনন্দীয়া পৃথিৱীৰ বুকুত আজি

চলিছে পৰিৱেশ ধ্বংসযজ্ঞৰ আয়োজন 

গণনাই ঢুকি নোপোৱা এচাম

মানৱেই ৰক্ষক  

মানৱেই ভক্ষক। 

 

নদ-নদী,পৰ্বত-পাহাৰত ঘটাইছে ব্যাঘাত

বিয়পাইছে প্ৰদূষণ চৌদিশে.. 

প্ৰতিক্ৰিয়াত দুৰ্ভোগ্য যাতনাও ভুগিছে মানৱে

 

আজিৰ এই পৃথিৱীত তুষাৰপাত,বজ্ৰপাত,উষ্ণতা,

কৰ'ণা ভাইৰাছৰ বাঢ়িছে প্ৰকোপ 

নৈতিকতা,বৌদ্ধিকতা,মানৱীয়তাৰো ঘটিছে স্খলন

তথাপিও এই ধৰা মানৱৰ হাতত। 


চৌপাশে সেউজী ৰহণ চৰাই 

তাক নকৈ গঢ়াৰ সংকল্পেৰে 

গছ পুলি ৰুই যতনেৰে

পাতোঁ আমি বিশ্ব পৰিৱেশ দিৱস ।।

 ********************


মুনমী নাথ

মুনমী নাথ

অষ্টম শ্ৰেণী

ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড

***************


অলংকৰণ- পল্লবী পাঠক




Post a Comment

0 Comments