header ads

যোগ দিৱস : কথোপকথন |

যোগ দিৱস :  কথোপকথন



ককা : 

    প্ৰীতম, জোছেফ, ৱাহিদা 

    তোমালোক ক'লৈ যোৱা ?

    পিঠিত তুলি লৈ থৈলা

    ইমান ৰাতিপুৱা  !!

 

নাতিহঁত :

    শুভ ৰাতিপুৱা মুকুট ককা  

    আজি কিমান তাৰিখ কোৱা ?

    জুন মাহৰ একৈছ তাৰিখ

    তুমিও আমাৰ স'তে ব'লা |

 

ককা :

    এৰা, মনত পৰিছে এতিয়াহে 

    আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস, 

    তাৰ বাবেহে ৰাতিপুৱাতে

    লাগিছে তোমালোকৰ চখ ।

 

নাতিহঁত :

    থিক্ কৈছা তুমি ককা

    আজি কৰিম যোগ ব্যায়াম,

    যোগ দিৱস উদযাপন 

    হবগৈ তেহে বৰ ধুমধাম |

 

ককা :

    এদিন কৰিলেই ব্যায়াম জানো

    সুস্থ থাকিব দেহ মন ?

    সদায় কৰিম বুলি আটায়ে

    আজিয়ে নোৱাৰানে কৰিব পণ  !!

 

নাতিহঁত :

    সুন্দৰ উপদেশ দিছা ককা

    সদায়ে কৰিম ব্যায়াম,

    ৰোগ শোকৰ পৰা আঁতৰি 

    আমিও সুস্থ দেহ-মন পাম |

*************************

 

শ্ৰীনৱ দাস

সহকাৰী শিক্ষক

ৰাইপাট চাৰিগাঁও এম.ই. স্কুল

শিক্ষাখণ্ড - কমলপুৰ

 *******************


অলংকৰণ- সুৰভি দাস



Post a Comment

0 Comments