পৰিৱেশ
"আইমণি,অ' আইমণি,ক'ত যে থাকে ঐ এই ছোৱালীজনী ? দুপৰ নাই মধ্যম নাই,ক'ত যে কি কৰি থাকে !!"আইতাক জাহ্নৱীয়ে আইমণিক বিচাৰি বাৰীৰ পিছফালে আমৰ তল পালেগৈ ।
গোবৰৰ দমৰ পৰা তাইৰ সৰু খাদটোত শুকান গোবৰ ভৰাই কেঁকো- জেঁকোকৈ মাটিৰ দমটোৰ ওচৰলৈ লৈ আহিল ।পাণৰ গুৰিত দিবৰ বাবে দেউতাকে মাটিবোৰ আনি আমগছডালৰ তলতে দমাই থৈছে ।গোবৰৰ মখাবোৰ এডাল সৰু মাৰিৰে কোবাই-কোবাই মিহি কৰিলে, মাটিৰ ল'দা কিছু হাতেৰে মোহাৰি ল'লে, গোবৰ মাটি মিহলাই দেউতাকে আনিথোৱা ক'লা সৰু সৰু পেকেট বোৰত হাতেৰে অলপ অলপকৈ মাটি ভৰালে । ৰাতিপুৱা দেউতাকে কাটি পেলোৱা ফুলৰ ডাল কিছুমান বুটলি আনিলে ,সৰু -সৰুকৈ কাটি কাটি এটা এটা ডাল প্ৰতিটো পেকেটত গুজি দিলে ।পেকেটবোৰ হিচাপ কৰিবলৈ ধৰিলে ।
আটাইবোৰ পুলি যদি লহপহীয়া হয় ! !ভাবিয়েই মুখত হাঁহি বিৰিঙিল ।
“আইমণি”,
আইতাকৰ মাতত তাই উচপ্ খাই উঠিল ।
বুদ্ধিমতী আইমণিয়ে আইতাকৰ মুখৰফালে চাই নম্ৰভাবে ক'লে,-“বিশ্বপৰিৱেশ দিৱস উপলক্ষে এয়া মোৰ আইতালৈ বিশেষ উপহাৰ
।"
“আই ঐ মোৰ নাতিনীজনী" বুলি আইতাকে আইমণিক গালে মুখে চুমা আঁকি দিলে ।
"আইতা"--আইমণিয়েও দুইহাত মেলি আইতাকৰ বুকুৰ
মাজলৈ সোমাই গ’ল।
---------------*********----------------
শ্ৰী অৱলা বৈশ্য
সহ-শিক্ষয়িত্ৰী
বৰুৱা
ছমৰীয়া শিক্ষাখণ্ড
অলংকৰণ- পূবালী শইকীয়া দাস
0 Comments