header ads

পৰিৱেশ

পৰিৱেশ


"হাজৰিকা কি কৰিছেনো?"

"নাই,এনেই অলপ।"--হাজৰিকাই জাবৰ জোঁথৰবোৰ গোটাই গোটাই উত্তৰটো দিলে।

"আপুনি  পিছে ক'লৈ যায় তালুকদাৰ ?"

"কিয় আজি ৫জুন বিশ্ব পৰিৱেশ দিৱস নহয় জানো ?গান্ধী ময়দানত পৰিৱেশ সজাগতাক লৈ এখন ডাঙৰ মিটিং আছে নহয় ।নাযায় আপুনি?"

"নাই নাযাওঁ ;পৰিৱেশ সজাগতাৰ মিটিং গাই ফুৰিলেনো কি হ'ব ;আচল সজাগতা হাতে-কামেহে ।

"ঠিক আছে বাৰু ,মই আহোঁ।"--তালুকদাৰ গ'লগৈ ।

হাজৰিকাৰ মনত কেইদিনমান ধৰি এটা কথাই বৰকৈ কিলবিলাই আছে ।এই  তালুকদাৰ উপাধিৰ মানুহজনে নিজৰ চৌহদৰ ভিতৰখন খুব আটোম-টোকাৰিকৈ ৰাখে । কিন্তু পুৱাই উঠি ইফাল সিফাল চকু ফুৰাই হাজৰিকাৰ ঘৰৰ ওচৰতে থকা খালী ঠাইটুকুৰাতে তেওঁৰ ঘৰৰ আৱৰ্জনাবোৰ পেলাই দিয়ে।

ঠাইখিনি একেবাৰেই কদৰ্যময় হৈ পৰিছে।ৰ'দ দিলেই দুৰ্গন্ধত মানুহে নাকত সোপা দি যাবলগীয়া অৱস্থা হয়।হাজৰিকাৰ ঘৰৰ অৱস্থাটো দুৰ্গন্ধত একেবাৰে কাহিলেই হয় । মানুহেও ভুৰি ভুৰি গালি পাৰি যায়।তথাপিও তালুকদাৰৰ লৰচৰ নাই ,যেন তেওঁ একো নাজানেই।

হাজৰিকাই ভাবিলে ,"আজিয়েই কিবা এটা হেস্ত-নেস্ত হ'ব লাগিব ।"

এইবুলি তেওঁ সেই ঠাইখিনিৰ সকলো আৱৰ্জনা দুখন ডাঙৰ বস্তাত ভৰাই তালুকদাৰৰ ঘৰৰ  গেটৰ ঠিক সন্মুখতে টানি টানি নি পেলাই থলে আৰু লগতে কাগজ এখনত লিখি দিলে 'বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ"--- ভগৱান হাজৰিকা ।

   তালুকদাৰ মিটিঙৰ পৰা ঘূৰি আহি বস্তা দুটা তেওঁৰ গেটৰ সন্মুখত দুটা দেখি ভালকৈ লিৰিকি বিদাৰি চাই বুজিবলৈ বাকী নাথাকিল।হাজৰিকাৰ নামটো দেখি তেওঁৰ খং এখোপ বেছিকৈহে চৰিল। তেওঁ ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি হাজৰিকাক চিঞৰি চিঞৰি মাতিব ধৰিলে।

হাজৰিকাই ওলাই গৈ দেখে যে বাহিৰত তালুকদাৰৰ ৰুদ্ৰ মূৰ্তি।

"অ' তালুকদাৰ দেখোন ,আহিল মিটিং কৰি "-হাজৰিকাই সুধিলে। 

"কি কৰিছে এইবোৰ ,মোৰ গেটৰ সন্মুখত আৱৰ্জনাৰ বস্তাবোৰ থৈ কিহৰ নাটক কৰিছে ।"

"বেছিকৈ নিচিঞৰিব তালুকদাৰ ,কিমান ক'লো আপোনাক আৱৰ্জনাবোৰ তাত নেপেলাবলৈ ,কিন্তু কোনোপধ্যেই আপোনাৰ গা নলৰিল ।আজি বিশ্ব পৰিৱেশ দিৱসৰ পৰিৱেশ সজাগতাৰ মিটিঙত ন'গৈ মই পৰিৱেশটো একেবাৰে চাফা কৰিয়েই দিলো।"-- হাজৰিকাই ক'লে ।

"আপুনি সদায় উচ্চ ভলিউমত গোটেই চুবুৰিৰ কাণ কলা হোৱাকৈ যে গান শুনে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে ,সেইটো একা ?মোৰ ল'ৰাৰ মেট্ৰিক পৰীক্ষাৰ সময়ত কম দিগদাৰী পাইছিল নে" ---এইবুলি কৈ তালুকদাৰ পোনচাতেই গুচি গ'ল।

দুসপ্তাহমান ধৰি হাজৰিকা আৰু তালুকদাৰৰ মাত বোল নাই ।

এদিন তালুকদাৰ হাজৰিকাৰ ঘৰলৈ আহি মাতিবলৈ ধৰিলে ।ঘৰৰ ভিতৰৰ পৰা হাজৰিকাই ওলাই আহি দেখে যে তালুকদাৰৰ আগমন হাতত দুটা নিমপুলি লৈ।

"হাজৰিকা মোৰ নিজৰ ভুলতো বুজি পালোঁ আৰু আৱৰ্জনাবোৰ পেলোৱাৰ বাবে এইবাৰ নিজৰ চৌহদৰ ভিতৰতে ব্যৱস্থা কৰি ল'লোঁ ।দুটা ডাষ্টবিন বনাই ল'লোঁ ।এটাত শুকান আৱৰ্জনা যেনে প্লাষ্টিক জাতীয় আৱৰ্জনা  পেলাবৰ বাবে আৰু আনটো জুলীয়া আৱৰ্জনা যেনে শাক -পাচলিৰ বাকলি আদি পচনশীল আৱৰ্জনা পেলাবৰ বাবে ।জুলীয়া আৱৰ্জনাবোৰ পাছত জৈৱিক সাৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব ।আপুনি কিন্তু মোৰ চকু খুলি দিলে বুজিছে । আপোনাৰ বাবে দুটা নিম গছৰ পুলি  আনিলোঁ ।ঘৰৰ আগফালে ৰুই দিব ।নিমৰ ছাঁ খুব শীতল আৰু বায়ু বিশুদ্ধ কৰে ।মইও ৰুলো দুডাল ।অ' আৰু এটা কথা পৰিৱেশটো পৰিষ্কাৰ  কৰিলোঁ হয় , কিন্তু মনৰ পৰিৱেশটো গোমা হৈ থাকিলে হ'ব জানো ?সেয়ে মনটোও ফৰকাল কৰিলোঁ ।আজিকালি মইও গান শুনা কৰিলোঁ ,কিন্তু কম ভলিউমত বুজিছে ?" এই বুলি দুয়ো উচ্চ স্বৰত হাঁহিব ধৰিলে---

হাঁ  হাঁ  হাঁ হাঁ ....................

"চাহ খাওঁক তালুকদাৰ" ।

--------***---------

অঞ্জু ৰয় বৈশ্য

সহ-শিক্ষয়িত্ৰী

ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়,

ছমৰীয়া শিক্ষাখণ্ড

মোবাইল নং : ৮৬৩৮০৬৫৯১৪


অলংকৰণ- পূবালী শইকীয়া দাস



Post a Comment

0 Comments