header ads

ওভতনি

ওভতনি

ওভতনি

চোতালত কাৰোবাৰ মাত শুনি নগেনে ঘৰৰ পৰা ওলাই আহিল ।


- " কোননো ? "

- "নমস্কাৰ, মোৰ নাম ৰমেশ বৈশ্য , মই আপোনালোকৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ শিক্ষক হিচাপে যোগদান কৰিছোঁ ।"

- "অ ! পিচে আমাৰ কোনেওটো তাত নপঢ়ে !"

- "আচলতে মই অহাৰ কাৰণ সেইটোৱেই , শুনিছোঁ আপোনাৰ ল'ৰা জগতক আপুনি বিদ্যালয়লৈ নপঠিয়াই কামলৈ পঠিয়ায় ?"

- "হয় ছাৰ , আমি দুখীয়া মানুহ , কাম নকৰিলে দুবেলা দুমুঠি খাবলৈ নোজোৰে ; পঢ়া-শুনাৰ খৰচনো কেনেকৈ যোগান ধৰো ?"

-"আপুনি খৰচৰ কথা চিন্তা কৰি কিয় ল'ৰাটোৰ ভবিষ্যৎ নষ্ট কৰিছে ? আজিকালি চৰকাৰে ছয়ৰ পৰা চৈধ্য বছৰলৈ সকলো শিশুৰে শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিছে । লগতে বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনো দিছে । এইবেলি মধ্যাহ্ন ভোজনৰ ধনৰাশি ছাত্ৰ-ছাত্ৰীৰ নিজৰ নিজৰ বেংক একাউণ্টত সুমুৱাই দিব বুলি শুনিছোঁ । আপুনি খৰচৰ কথা বাদ দিয়ক আৰু সোনকালে জগতক বিদ্যালয়লৈ ওভতাই আনক ।"

- "হয় নেকি ? মই বুজিলোঁ ছাৰ , কাইলৈৰ পৰা মই জগতক বিদ্যালয়লৈ পঠিয়াম ছাৰ ।‌"

- "ভাল কথা , তেন্তে এতিয়া মই গৈ থাকোঁ । মনত ৰাখিব শিশুসকল আমাৰ দেশৰ ভৱিষ্যত সম্পদ আৰু শিশুৰ সৰ্বাঙ্গীন বিকাশত আমি তেওঁলোকক সহায় কৰিব লাগে । শিশুশ্ৰমিক আইনী অপৰাধ ।"

-----------------**********-----------------

নাম- অৰবিন্দ ঠাকুৰীয়া

সহঃ -শিক্ষক ,

সৰিকট মিলন প্ৰাথমিক বিদ্যালয় ।
শিক্ষাখণ্ড- কমলপুৰ
মবাইল নং - ৭০০২১২৮৩৬৫
***********

অলংকৰণ-পল্লবী পাঠক



Post a Comment

0 Comments