উৰুখা পঁজাৰ দুঃস্বপ্ন
কেঁচা খৰি ফুৱাই ফুৱাই ভাত ৰান্ধি থকা মাকৰ কাষলৈ আহি ৰাগিণীয়ে ক’লে – “ মা, মোৰ অনলাইন ক্লাছৰ কথাটো কি ভাবিছা? মানে অনলাইন ক্লাছৰ কাৰণে মোক যে এটা স্মাৰ্ট ফোনৰ প্ৰয়োজন ! মা, মোৰ কিন্তু স্মাৰ্ট ফোন নথকা কাৰণে ক্লাছ বহুত ক্ষতি হৈছে।“ নৱম শ্ৰেণীত পঢ়া মেধাৱী ছাত্ৰী ৰাগিণীক কেও কিছু নোহোৱা ধনৰ অভাৱী পৰিয়ালৰ বিধৱা মাকে স্মাৰ্টফোন এটা কিনি দিব নোৱাৰি চকুপানী টুকিলে। তাকে দেখি ৰাগিণীয়ে মাকক ক’লে- " মা, তুমি কান্দিছা ? মোক স্মাৰ্টফোন নালাগে দিয়া, মই ঘৰত থাকিয়ে নিজেই ভালদৰে পঢ়া-শুনা কৰিম। তুমি নাকান্দিবা মা।"
:
নহয় অ’ মাজনী, ক’তনো কন্দা দেখিলা ? চকুত কেঁচা
খৰিৰ ধোঁৱাহে সোমাইছে।
ৰাগিণীয়ে মাকৰ নিচেই কাষলৈ গৈ দুয়ো হাতেৰে মাকৰ চকুপানীখিনি মচি দি ক’লে- “ মা, আমাৰ দৰে ধনৰ দুখীয়া মানুহবোৰে ভগা পঁজাত থাকি সোণালী সপোন ৰচিব নোৱাৰো। ভগা পঁজাৰ তলত আমি কেৱল সোণালী সপোনবোৰৰ সমাধিহে দিব পাৰোঁ। ৰচিব পাৰোঁ আমি কেৱল উৰুখা পঁজাৰ তলত অলেখ-অযুত দু:স্বপ্ন ………………”
ৰাগিণীৰ কথা শুনি মাকে তাইক বুকুৰ মাজত সাৱটি উচুপি উঠিল।
*********************
দীপামণি দৈমাৰী
সহ:
শিক্ষয়িত্ৰী,
বালিঝাৰ
এম, ই, মাদ্ৰাছা
শিক্ষাখণ্ড:
ছমৰীয়া
ভ্ৰাম্যভাষ: ৯৭০৭৮৩৫১৮২
অলংকৰণ-পল্লবী
পাঠক
0 Comments