header ads

মা...অ...মা

মা...অ...মা



(১)


মা...অ...মা...

গেটৰ পৰায়ে চিঞৰি চিঞৰি  চৈধ্য বছৰীয়া ছোৱালীজনীয়ে ঘৰৰ দৰ্জাৰ ওচৰ পায় আৰু তাইৰ মাত শুনিয়ে চাগে মাকে মুখত হাঁহি লৈ ঘৰৰ দৰ্জাখন খুলি দিয়ে। 

সন্মুখৰ ঘৰৰ খিৰিকিৰ পৰা চাই থাকোঁ মাক- জীয়েকৰ মৰমৰ সেই ছবিখন... মোৰ মুখতো হাঁহি বিৰিঙি উঠে। মৰম, বন্ধুত্ব, ঈৰ্ষা, জেদ, হাঁহি, কান্দোন... সকলোবোৰ আৱেগে ঠাহ্ খাই থকা এক অনন্য সম্পৰ্ক। সময়ে সময়ে এইবোৰে পাৰ ভাঙি ওলাই আহে। সকলোৱে কয়, ছোৱালীবোৰ হেনো দেউতাকৰ বেছি আদৰৰ। কথাটো হয়, কিন্তু সেই দেউতাকবোৰেও মাক-জীয়েকৰ এই অদ্ভুত সম্পৰ্কটো বুজিব নোৱাৰে। তিৰোতাজনীয়ে মোক খিৰিকিৰ কাষত থিয় হৈ থকা দেখি সদায়ে মুখত লৈ থকা হাঁহিটোৰে মাত এষাৰ দিয়ে আৰু বিদেশত চাকৰি কৰা মোৰ একমাত্র পুত্রৰ খবৰ লয়।

এনেদৰেই দিনবোৰ গৈ থাকিল। ৰাতিপুৱাই উঠি খিৰিকিখন খুলিলেই তেওঁৰ হাঁহি থকা মুখখন চোৱাতো মোৰ যেন অভ্যাসত পৰিণত হ'ল।  কেতিয়াৱা কিবা প্ৰয়োজনত তেওঁৰ ঘৰলৈ গ'লে মোক চাহ একাপ খাবলৈ জোৰ কৰে। কিন্তু মোৰ কৰ্মব্যস্ততাৰ বাবে ইচ্ছা থাকিলেও  সদায়ে কোৱাৰ দৰে "এদিন চাহ খাবলৈয়ে আহিম 'বুলি কৈ আহোঁ। দিন যোৱাৰ লগে লগে মানুহজনীৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ অনুভৱ কৰিবলৈ ধৰিলোঁ ।আপোন আপোন লাগি আহিব ধৰিলে কেতিয়াৰ পৰা ঠিক ধৰিব নোৱাৰিলোঁ। সদায় সন্ধিয়া তুলসীতলত চাকিগচি জ্বলোৱা মানুহগৰাকীক মোৰ কিবা গোসাঁনী যেন  লাগিব ধৰিলে।

(২)

আজি সেই তুলসীতলতে গোসাঁনীজনীৰ নিথৰ মৃতদেহ পৰি আছে। শুনিছিলোঁ শেষ মুহূৰ্তত তেওঁ হেনো ক'ৰ'ণাক জয় কৰিব পাৰিছিল, কিন্তু তথাপি .......

ছোৱালীজনীয়ে কান্দি কান্দি মাকক মাতি আছে সেই একেই সুৰতে, "মা...অ...মা উঠা ....মা...অ...মা উঠা"....।

**************

নীলাক্ষি নাথ

সহকাৰী শিক্ষয়িত্রী

লাচিত শিশু প্ৰাথমিক বিদ্যালয়

ক্লাষ্টাৰ - লাচিতগঢ়

শিক্ষাখণ্ড-কৰৰা


অলংকৰণ- পূবালী শইকীয়া দাস



Post a Comment

1 Comments