শ্ৰদ্ধাঞ্জলি
কমল , ঐ কমল উঠ চোন ,কিমান নো শোৱ ?
কিয় মাতিছ , মা দেউতাই দেখোন এতিয়া শুই থাকিব দিয়ে ।
ব'লচোন ব'ল, ঘৰৰ পিচপিনে থকা তামোলৰ তলত ঢকুনা বিচাৰোঁ । আজি
কিন্তু মই আগত উঠিম আৰু তাই টানিব লাগিব ।
হব দে ' ,বহুত ভাল লাগিব ন' খেলি ! এইবোৰ খেল যে আমি আগতে খেলিয়ে পোৱা নাছিলোঁ ।
ঢকুনা আনি দুয়োটাই টানি টানি খেলিব ধৰিলে ।
দেউতাই কিন্তু আমাক এইকেইদিন বহুত খেল শিকালে ন' অমৰ !
অ' অ' চকুত কাপোৰ বান্ধি কলহ ভঙা , এঠেঙীয়া দৌৰ , চামোচ এখনত তামোল লৈ মুখত লৈ দৌৰা, এদিম - চেদিম বা, কুঁকুৰা যুঁজ , জপিওৱা ইত্যাদি কিমান যে খেল আমাক শিকালে , এই কেইদিন বৰ ভাল লাগি আছে । আমি এইবোৰ স্কুলত গৈ সকলোৰে লগত খেলিব পাৰিলে বৰ ভাল হ'ব নহয়নে কমল ।
অ' অ' বৰ ভাল হ'ব । অহা কালি এটা ডাঙৰ কাম কৰিম দিয়া ।
মা-দেউতা হঁতক আচৰিত কৰি দিম । ঐ কমল, তই আমাৰ কাষৰ মীনা, বীণা আৰু ৰীণাকো মাতচোন।
মাস্ক কিন্তু নুখুলিবি দেই ।
সিহঁত আটাইকেইটা আহিল আৰু চোতালত ঢাৰি পাৰি দূৰে দূৰে বহিল ।
আমি আজি এখন সভা পাতি দিওঁ দিয়া । যেনেকৈ আমাৰ বিদ্যালয়ত ছাৰ - বাইদেউ হঁতে পাতে।
হ'ব দে, মোক কিন্তু সভাপতি পাতিব লাগিব ।
হ'ব দে , গামোচা ক'ত পাওঁ ?
হ'ব দে , এটা ফুল দিলেও হ'ব !
বীণাই কমলক সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ দিলে।
ৰীনাই আদৰি আনি ফুল এটা দি বহিব দিলে আৰু অমৰে সভাৰ উদ্দেশ্য
ব্যাখ্যা কৰিলে । সভা শেষ হ'ল ।
আজিৰ সভাত লোৱা সিদ্ধান্ত কেইটা বীণাই লিখি পাঠ কৰিলে -
কালিলৈ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিম , বিদ্যালয় বন্ধ হ'লেও আমি ঘৰত পাতিম । দায়িত্ব সমূহ হ'ল- ৰীনা, বীণা, মীনাই ডাঠ বকলাৰে এখন বিদ্যালয়ৰ আৰ্হিত ঘৰ বনাব, কমলে ফুলৰ ব্যৱস্থা, বন্তি প্ৰজ্বলন আমাৰ দেউতা হ'বনে ?
ৰহ্ ৰহ্ এটা কথা ৰৈ গৈছে কবলৈ অ' । আমাক এখন হোমেন
বৰগোহাঞি ছাৰৰ ফটো লাগিব, নহ'লে মালা ক'ত দিম ?
হয়তো, আমি কথাটো ভবাই নাছিলোঁ । তইটো ভাল ছবি আঁক ন
বীণা , পাৰিবিনে আঁকিব - কমলে সুধিলে ।
পাৰিম, কিন্তু মোক এখন তেওঁৰ ফটো লাগিব। হ'ব দে। দেউতাক কৈ
মোবাইলৰ পৰা উলিয়াই আৰ্ট পেপাৰত মই ৰাতি আঁকিম ।
সভা ভংগ হল , সিহঁত গ'ল আৰু নিজৰ কামত লাগি গ'ল ।
নীলাই গধূলি আহি কমলৰ দেউতাকক এখন চিঠি দিলে বন্তি প্ৰজ্বলনৰ
বাবে । পিছদিনা ৰাতিপুৱাই গা-পা ধুই গোটেইকেইটাই সুন্দৰকৈ মাস্ক পিন্ধি কমল হঁতৰ
চোতালত দূৰে দূৰে বহি গ'ল । এখন চকীত এখন বগা কাপোৰ দিলে । তাতে বীণাই আঁকি অনা
হোমেন বৰগোহাঞি চাৰৰ ফটো খন দিলে । চাকি সাজু কৰিলে ৰীণাই , দুডালমান ধূপো আনিছে
লগতে ফুলবোৰো আনিছে । বীণা , ৰীণা আৰু মীনাৰ মাক আহি দূৰৰ পৰাই সকলোবোৰ লক্ষ্য কৰি
আছিল , কমলৰ মাক-দেউতাকো আহিল । তাৰ পিছত অমৰে এখন কাৰ্যসূচী বনালে । সভা
আৰম্ভ হ'ল । বীণাই বিদ্যালয়ৰ আৰ্হিত বনাই অনা ঘৰটো ধুনীয়াকে সজালে । তাতে ৰামদিয়া
আদৰ্শ প্ৰাথমিক বিদ্যালয় বুলি সুন্দৰকৈ লিখিলে । এতিয়া কমলে সভা আৰম্ভ কৰিলে -
আমি আজি ৰামদিয়া আদৰ্শৰ পাঁচ জন ছাত্ৰ-ছাত্ৰীয়ে ল'কডাউনৰ বাবে ঘৰতেই শ্ৰদ্ধাঞ্জলি
অনুষ্ঠান পাতিবলৈ ওলাইছোঁ। সেই সিদিনা প্ৰসিদ্ধ সাহিত্যিক অসমৰ উজ্জ্বল ভোটা
তৰা , আমাৰ মৰমৰ ককা হোমেন বৰগোহাঞি দেৱৰ মৃত্যুত আমি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা
দুখ প্ৰকাশ কৰিছোঁ আৰু প্ৰথমে তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে , তাৰ বাবে
ভগৱানৰ ওচৰত ১ মিনিটৰ মৌন প্ৰাথনা কৰিছোঁ । দ্বিতীয়তে , মাননীয় হৰেশ্বৰ দাস দেৱক
বন্তি প্ৰজ্বলন কৰি ছাৰৰ প্ৰতিকৃতিত মাল্যপৰ্ণ কৰিবলৈ অনুৰোধ কৰিছোঁ ।
তৃতীয়তে, তেওঁৰ চৰণত এপাহ ফুল দি সেৱা এটা কৰিবলৈ সকলোকে
আহ্বান জনালোঁ ।
শেষত তেওঁৰ বিষয়ে সকলোকে দু-আষাৰ ক'বলৈ অনুৰোধ জনালোঁ । সকলোখিনি ঠিক মতে হৈ গ'ল । বীণা হ'তৰ মাক-দেউতাকে দূৰৰ পৰাই সকলো খিনি চাই আছিল ! যিটো কথা আমি ভবা নাই , এই অকণ-অকণ শিশু কেইটাই ভাবিলে আৰু কৰিলে । আমি আজি ইহঁতক লৈ গৰ্ব কৰা উচিত । লকডাউনৰ সময়ত এই ভাল কামটোৱে , ইহঁতৰ প্ৰতিভা প্ৰকাশত বহুত সহায় কৰিলে ।
বীণাৰ মাকে দৌৰা দৌৰিকৈ পাকঘৰত গ'ল আৰু হাতৰ পাকতে ৰুটি , ভাজি , চাহ বনালে আৰু সকলোকে সামাজিক দূৰত্ব মানি বিলাই দিলে । আটাইয়ে অতি ৰং মনেৰে খালে !
কমল আৰু অমলে ক'লে , আমাৰ এই মিছন চলি থাকিব , এটি এটি ভাল
কামৰ ল'কডাউনৰ মিছন !
এতিয়া সভা ভংগ আৰু আজি আমি সংকল্প লওঁ আহা-
"আমি সকলোৱে হোমেন বৰগোহাঞি ককাৰ নিচিনা হ'বলৈ চেষ্টা
কৰিম !
তেওঁৰ আদৰ্শৰে আমি বাট বুলিম !
আজিৰ পৰা আমিও চৰাই ,প্ৰকৃতি ,গছ গছনি ,
নদীক লৈ কবিতা লিখিব
চেষ্টা কৰিম !
আমিও কিতাপ পঢ়াৰ অভ্যাস গঢ়িম !
আমি ল'কডাউন সফল কৰিম ! "
লিখক - সৰস্বতী দত্ত,
প্ৰধান শিক্ষয়ত্ৰী
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো
অলংকৰণ- মনবিনী দাস
0 Comments