header ads

তত্বাৱধায়কৰ একলম


শৈক্ষিক গোট, জ্ঞানম, কামৰূপৰ তৰফৰপৰা কোভিড-১৯ অতিমাৰীত আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তি সকলৰ আত্মাৰ চিৰশান্তি আৰু আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ আশু-আৰোগ্য কামনা কৰিলোঁ।

        দুমহীয়া ই- আলোচনী জ্ঞানম'ৰ এবছৰীয়া এক স্মৰণীয় যাত্ৰা ……………..। আমাৰ এই যাত্ৰা পথৰ সংগী, শুভাকাঙ্ক্ষী সকললৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত । আপোনালোক অবিহনে জ্ঞানমৰ যাত্ৰা স্থবিৰ। আহক, এবাৰ উভতি চাওঁ ……… ২০২০ চনৰ ১৬ আগষ্ট তাৰিখটোলৈ । এই বিশেষ দিনটোতে জ্ঞানমে' দিছিল নিজ যাত্ৰাৰ প্ৰথম খোঁজ। কোভিড-১৯ অতিমাৰীৰ সংক্ৰমণৰ এক সংকটপূৰ্ণ পৰিস্থিতিৰ সময়তে কামৰূপ জিলাৰ এচাম উদ্যমী শিক্ষকৰ মাজত বৈদ্যুতিন মাধ্যমত দুপৰীয়া ১২:০০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ অনুষ্ঠিত হৈছিল এখনি আলোচনা সভা । উদ্দেশ্য: কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ সৃষ্টিশীলতা তথা বৌদ্ধিক চিন্তাধাৰাৰ বিকাশ আৰু শৈক্ষিক ক্ষেত্ৰখনত কিছু ধনাত্মক চিন্তাৰ অৰিহণা যোগোৱা । সিদ্ধান্ত হৈছিল- দুমহীয়া ই-আলোচনী এখন প্ৰকাশ কৰাৰ । কথামতে কাম, লগে-লগে শিক্ষক সকলৰ মাজত দায়িত্বসমূহ ভগাই লৈ ৫ ছেপ্তেম্বৰ, ২০২০ তাৰিখে শিক্ষক দিৱসৰ দিনা দুমহীয়া ই- আলোচনী জ্ঞানম্ৰ শুভ উন্মোচনৰ পৰিকল্পনা যুগুত কৰা হয়। আলোচনামৰ্মে নাম ৰখা হল 'জ্ঞানম্' । এক স্বকীয় পৰিচয় দিবলৈ সৰ্বসন্মতিক্ৰমে প্ৰস্তুত কৰা হয় এটি সুন্দৰ অর্থবহ প্ৰতীক। লগে লগে আৰম্ভ হয় লেখা বিচাৰি জাননী/বিজ্ঞাপন প্ৰচাৰ আদি যাৱতীয় প্ৰস্তুতি।


২ ছেপ্তেম্বৰ, ২০২০: শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ পূৰ্ণতাৰ দিন : শ্ৰদ্ধাৰ মুখ্য উপদেষ্টাদ্বয় - শ্ৰীঅপূৰ্ব ঠাকুৰীয়া, ( জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা মিছন সমন্বয়ক, সমগ্ৰ শিক্ষা কামৰূপ ), শ্ৰীমাধৱ চন্দ্ৰ ডেকা, (বিদ্যালয়সমূহৰ পৰিদৰ্শক, কামৰূপ ); শ্ৰদ্ধাৰ উপদেষ্টাত্ৰয়- শ্ৰীপৰেশ বৈশ্য,( অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ); ড° গণেশ্বৰ চহৰীয়া, (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়); শ্ৰীৰজত চন্দ্ৰ ভৰালী, (প্ৰধান শিক্ষক, হাজো বালিকা মজলীয়া বিদ্যালয়) আৰু সন্মানীয় সদস্য সকলৰ লগত আয়োজিত সাধাৰণ সভাত জন্ম লাভ কৰে শৈক্ষিক গোট, জ্ঞানম', কামৰূপে। উক্ত সভাত সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত শৈক্ষিক গোট, জ্ঞানম, কামৰূপে দুমহীয়া ই- আলোচনী জ্ঞানম্ৰ প্ৰকাশৰ সিদ্ধান্ত লয় ।

৫ ছেপ্তেম্বৰ, ২০২০ : এটি স্মৰণীয় দিন । সেইদিনা কামৰূপ জিলাৰ উপায়ুক্ত সন্মানীয় শ্ৰীযুত কৈলাশ কাৰ্ত্তিক এন মহোদয়ে উন্মোচন কৰে প্ৰথম সংখ্যা 'জ্ঞানম'। এইদৰে শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত প্ৰকাশ কৰা এই 'জ্ঞানম' দুমহীয়া ই-আলোচনীখন হল কামৰূপ জিলাৰ শৈক্ষিক ক্ষেত্ৰৰ পৰা প্ৰকাশ হোৱা প্ৰথমখন বৈদ্যুতিন আলোচনী।

১০ অক্টোবৰ, ২০২০: কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ৰ অনুমোদনমৰ্মে সমগ্ৰ শিক্ষা, কামৰূপৰ উদ্যোগত আৰু জিলা মিছন সমন্বয়ক শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়া মহোদয়ৰ নেতৃত্বত শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ সদস্যসকলে সৃষ্টিশীল চিন্তাৰে উপায়ুক্ত কাৰ্যালয় (পুৰণি কাৰ্যালয়) ৰ বেৰত প্ৰস্তুত কৰা ‘শিকণ কোণ (Learning Corner)উন্মোচন কৰে কামৰূপ জিলাৰ শ্ৰদ্ধাৰ উপায়ুক্ত শ্ৰীযুত কৈলাশ কাৰ্ত্তিক এন মহোদয়ে।

১৪ নৱেম্বৰ ২০২০: শনিবাৰে উত্তৰ-গুৱাহাটীৰ অভয়পুৰস্থিত 'শিশুগ্ৰাম'ৰ অনাথ-আশ্ৰমত শিশু দিৱস উদযাপন কৰা হয়, তথা শৈক্ষিক গোট 'জ্ঞানম', কামৰূপৰ উদ্যোগত আৰু সমগ্র শিক্ষা কামৰূপৰ সহযোগিতাত প্ৰকাশ পোৱা 'জ্ঞানম' ই-আলোচনীখনিৰ প্ৰথম বৰ্ষৰ দ্বিতীয় সংখ্যাটিৰ উন্মোচনৰ বাবে এখনি সভাৰ আয়োজন কৰা হয়। উক্ত সভাত অতিথি হিচাপে উপস্থিত থাকে আউনীআতি সত্ৰৰ বৈষ্ণৱ গুৰু অতুল চন্দ্ৰ ভূঞা ডাঙৰীয়া প্ৰমুখ্যে আই.আই.টি., গুৱাহাটীৰ প্ৰবক্তা তথা 'Help to Help' গ্রুপৰ সদস্য ড° ভূপেন ডেকা ছাৰ; 'শিশুগ্ৰাম'ৰ তত্বাৱধায়িকা পূৰবী বৰঠাকুৰ শৰ্মা বাইদেউ; Help to Help গ্রুপৰ সভাপতি নীলকান্ত নাথ ডাঙৰীয়া ; আই.আই.টি., গুৱাহাটীৰ প্ৰবক্তা ড° শ্ৰীনিবাস কৃষ্ণস্বামী ছাৰ আদি । উক্ত অনুষ্ঠানত কোভিড পৰিস্থিতিত শিশু সকলক বৌদ্ধিক দিশে আগুৱাই লৈ যাবলৈ আগবাঢ়ি অহা শৈক্ষিক গোট 'জ্ঞানম'ৰ প্ৰশংসা কৰি বিভিন্ন সু-পৰামৰ্শৰে আমাক উপকৃত কৰে বিশিষ্ট ব্যক্তিসকলে । সেই অনুষ্ঠানত শিশুসকলৰ মাজত বেগ, কিতাপ, টুপী, মাস্ক আদি বিতৰণ কৰা হয়। মুখ্য উপদেষ্টা অপূৰ্ব ঠাকুৰীয়া মহাশয়ে শিশুসকলৰ শিক্ষা, স্বাস্থ্য, তথা সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ওপৰত দুআষাৰ কয় । শিশুসকলক অভিভাৱকে সময় দিয়াৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে । তেখেতে এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰাৰ ওপৰত জোৰ দিয়ে । এইক্ষেত্ৰত 'জ্ঞানমে' সদায় উদাৰ দৃষ্টিকোণেৰে আগবাঢ়ি যাব বুলি তেওঁ উনুকিয়ায় । তাৰপিছতে ড° গণেশ্বৰ চহৰীয়া মহাশয়ে বৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি কয় যে, "মোক যিখিনি লাগে, তোমাৰ যিখিনি থাকে, সেয়া যদি সীমাৰ ভিতৰত থাকে ; পৃথিৱীত কেতিয়াও অশান্তি নহয়।"

৯ জানুৱাৰী-২০২১ তাৰিখ, শনিবাৰ: 'জ্ঞানম' ই-আলোচনীৰ তৃতীয় সংখ্যাটি উন্মোচন কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহ ডাঙৰীয়াই। আলোচনী উন্মোচন অনুষ্ঠানৰ প্ৰাক্ মুহূৰ্তত কামৰূপ জিলাৰ শিক্ষকসকলৰ মাজত 'অসমীয়া ভাষাৰ কালিকা' শীৰ্ষক এখন শৈক্ষিক কৰ্মশালা অনুষ্ঠিত কৰা হয়। জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান, কামৰূপৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা মাননীয়া ভাৰতী কলিতা বাইদেৱে অসমীয়া ভাষাৰ বৰ্ণাশুদ্ধিৰ বিষয়ে অনুষ্ঠিত কৰ্মশালাখনি উন্মোচন কৰি অনুষ্ঠানটিৰ সফলতা কামনা কৰে। কৰ্মশালাখনিৰ সমল ব্যক্তি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা, বিশিষ্ট ভাষাবিদ, বিভিন্ন বঁটাৰে বিভূষিত ড° উপেন ৰাভা হাকাচাম ডাঙৰীয়াই খুব ৰসাল আৰম্ভণিৰে 'শিক্ষা' শব্দৰ পৰাই তেওঁ ভাষাৰ আলোচনা আৰম্ভ কৰে। তেওঁ কয় যে ব্ৰিটিছসকলে অসমীয়া ভাষাক কালিকা থকা অৰ্থাৎ এটি স্বতন্ত্ৰ ভাষা ৰূপে স্বীকৃতি দিব বিচৰা নাছিল, অসমীয়া ভাষাক বাংলাৰ অপভ্রংশ বুলিহে ক'ব বিচাৰিছিল। সেইসময়ত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে কেইগৰাকীমান অসমৰ সু-সন্তানে বহুত কষ্টৰ বিনিময়ত ভাষাটোক স্বীকৃতি দিয়াইছিল । অসমীয়া ভাষাৰ বহুত শব্দ সংস্কৃতৰপৰা ধাৰ কৰা । তেওঁ উল্লেখ কৰে যে, আমি অসমীয়াৰ লগত ইংৰাজী শব্দ মিহলাই কোৱাতো যিদৰে ভুল, তেনেদৰে অসমীয়াৰ লগত সংস্কৃত মিহলি কৰাও দোষ। তেওঁ কয় যে এটা অঞ্চলৰ ভাষাৰপৰা আনটো অঞ্চলৰ ভাষা বিভিন্ন কাৰণত ভিন্ন হয় । সেয়ে আমি যি অঞ্চলত বাস কৰোঁ, তাৰ ভাষা বুজি সেই অনুসৰিহে ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগে। যিকোনো এটা শব্দক ভুল বুলি ক'ব গ'লে তাৰ লগত আমি কোৱা অন্য শব্দও ভুল প্ৰমাণিত হ'ব পাৰে । ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ ভাষা ভুল বুলি নকৈ তেওঁলোকৰটোও ৰাখি মান্যভাষাটো শিকাই দিবলৈ চেষ্টা কৰিব লাগে। অনুষ্ঠানত উপস্থিত থকা অভিনেতা চম্পক শৰ্মা ডাঙৰীয়াই কয় যে, শিক্ষকসকলৰ কৰণীয় বহুত আছে, কিয়নো শিক্ষকসকলৰ ওপৰতে দেশৰ ভৱিষ্যত প্ৰজন্ম নিৰ্ভৰ কৰে। শিক্ষক এগৰাকী অকল জ্ঞানী হ'লেই নহ'ব , ছাত্ৰ-ছাত্ৰীসকলক বুজাব পৰা কলাৰো অধিকাৰী হোৱাটো দৰকাৰ।

১৩ মাৰ্চ , ২০২১ তাৰিখ শনিবাৰ: ৰাণী শিক্ষা খণ্ডৰ অন্তৰ্গত আওহতীয়া পাহাৰীয়া, দুৰ্গম, অসম মেঘালয় সীমান্তৱৰ্তী গড়ভাঙ্গা অঞ্চল, গুৱাহাটীৰ পৰা মাত্ৰ ১৬ কি.মি. দূৰত্বত অৱস্থিত, অথচ সাধাৰণ যোগাযোগৰ পৰা সম্পূৰ্ণ বিছিন্ন গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত 'সামূহিক উৎসৱ’ পালন উপলক্ষে আয়োজিত এক বাৰে-বৰণীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সন্মানীয় প্ৰধান সচিব তথা সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালক বি.কল্যাণ চক্ৰৱৰ্তী মহোদয়ে 'জ্ঞানম’ৰ ৪ৰ্থ সংখ্যাটো উন্মোচন কৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন. ডাঙৰীয়া । জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়া মহোদয়, সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক আঁচনি বিষয়া ড° চুমি বৰঠাকুৰ, ৰাজ্যিক প্ৰালোচক ৰমেন দাস,ৰাজ্যিক হিচাপ নিৰীক্ষক অশোক দাস, শিক্ষাবিদ পৰেশ বৈশ্য আৰু ড.গণেশ্বৰ চহৰীয়া ,ৰাণী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া লাচিত বসুমতাৰী, সমগ্ৰ শিক্ষা,কামৰূপৰ জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়া কৰ্মচাৰী সকল, শৈক্ষিক গোট, জ্ঞানম কামৰূপৰ সদস্য সকল তথা বিশিষ্ট চলচ্চিত্ৰ পৰিচালক এম.মনিৰমন ডাঙৰীয়া প্ৰমুখ্যে গড়ভাঙ্গা অঞ্চলৰ শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে ।

১০ মে,২০২১, সোমবাৰ: ই-আলোচনী জ্ঞানমৰ ৫ম সংখ্যাটি Virtual Meet যোগে উন্মোচন কৰে কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্যমণ্ডিত বৰুৱা দেৱে । উন্মোচকৰ বক্তব্যত তেখেতে আশা প্ৰকাশ কৰে, জ্ঞানম্ অকল কামৰূপ বা অসমতে সীমাবদ্ধ নাথাকি ভাৰতবৰ্ষ তথা বিশ্বৰ চুকে-কোণে সম্প্ৰসাৰিত হওক।

৫ জুন,২০২১ ৰবিবাৰ: বিশ্ব পৰিবেশ দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী ৫ গৰাকীক ই-প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । সন্ধিয়া ৬.১৫ বজাৰ পৰা 'বনাঞ্চল পৰিস্থিতিতন্ত্ৰত বাঘ সংৰক্ষণৰ আৱশ্যকতা' শীৰ্ষক এখনি ‘অনলাইন কৰ্মশালা’ অনুষ্ঠিত কৰা হয় । সমল ব্যক্তি হিচাপে উপস্থিত থাকে ড° অবিশেক হৰিহৰ , (বিজ্ঞানী, পেন্থেৰা, ইউ.এচ.এ. )আৰু ড° দীপাংকৰ লহকৰ,(পৰিচালক, বাঘ অধ্যয়ন আৰু সংৰক্ষণ বিভাগ, আৰণ্যক) ।

১৪,১৫ আৰু ১৬ জুন,২০২১ : বৰ্তমান কোভিড-১৯ সৃষ্ট পৰিৱেশৰ মাজত বিদ্যালয়বোৰ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ - ছাত্ৰীসকলৰ মনৰ বতৰা লোৱাৰ সমান্তৰালকৈ কিবা এটা শিকোৱাৰ উদ্দেশ্যে শৈক্ষিক গোট, জ্ঞানম কামৰূপৰ উদ্যোগত তথা সমগ্র শিক্ষা কামৰূপৰ সহযোগত গ্ৰীষ্মকালীন তিনিদিনীয়া অনলাইন কৰ্মশালা অনুষ্ঠিত কৰা হয় । বিষয়: হস্তকলা,ধেমালিৰ মাজেৰে বিজ্ঞান আৰু ভাষাত উচ্চাৰণৰ শুদ্ধতা।

১ম দিন - ১৪ জুন,২০২১: বিষয় : হস্তকলা। গধূলি ৫ বজাত Google meet ৰ জৰিয়তে অনুষ্ঠিত কৰ্মশালাত সমল ব্যক্তি হিচাবে আমন্ত্ৰণ জনোৱা হৈছিল ৰাণুমা ৰাভা,( সহ-শিক্ষয়িত্ৰী, উপৰদানী উচ্চ মাধ্যমিক বিদ্যালয় ,ৰাণী), সুৰভি দাস,(শিক্ষয়িত্ৰী,কস্তুৰবা গান্ধী বালিকা বিদ্যালয়,গৰৈমাৰী, ছয়গাঁও) আৰু সংগীতা কাকতি, (মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, কমলপুৰ) । এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাখন উদ্ধোধন কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা মিছন সমন্বয়ক শ্ৰীঅপূৰ্ব ঠাকুৰীয়া দেৱে এই কৰ্মশালাবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ কিবা এটা শিকাৰ সুন্দৰ মঞ্চ বুলি অভিহিত কৰি তেখেতৰ উদ্বোধনী ভাষণেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে । কৰ্মশালাৰ সমল ব্যক্তি ৰাণুমা ৰাভাই বৰ্তমান সময়ত যে মানুহৰ আটাইতকৈ জৰুৰী সামগ্ৰী মাস্ক , তাক সুন্দৰকৈ কোৱাৰ লগতে অতি সহজ পদ্ধতিত বিভিন্ন মাস্ক কেনেকৈ বনাব পাৰি শিকাই অংশগ্ৰহণকাৰী সকলৰ মন আকৰ্ষণ কৰে । সুৰভি দাস আৰু সংগীতা কাকতিয়ে পেলনীয়া সামগ্ৰীৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী বিভিন্ন লাগতিয়াল বস্তু তৈয়াৰ কৰিবলৈ শিকায় ।

২য় দিন- ১৫ জুন,২০২১  -বিষয়- 'ধেমালিৰ মাজেৰে বিজ্ঞান' । ড° বিভূতি ৰঞ্জন ভট্টাচাৰ্য, (গৱেষক, দিল্লী বিশ্ববিদ্যালয় ),পল্লৱী পাঠক, (বিজ্ঞান শিক্ষয়িত্ৰী, শিঙিমাৰী পুখুৰীপাৰ,মধ্য ইংৰাজী বিদ্যালয়, ছয়গাওঁ) ; তীৰ্থ মণি ডেকা,( সহঃ শিক্ষক, পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়, কমলপুৰ) আদি সমল ব্যক্তিসকলে দৈনন্দিন জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ মাহাত্ম্য সম্বন্ধে বিভিন্ন আমোদজনক কথাৰে ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে । 

৩য় দিন-১৬ জুন,২০২১ : ভাষাৰ উচ্চাৰণত শুদ্ধতা:

উক্ত দিনা সমল ব্যক্তি পূবালী শইকীয়া দাস, (খোপনিকুছি প্ৰাথমিক বিদ্যালয়, হাজো); নয়নমণি দাস,( ১২৯৩ নং কাৰিগাওঁ প্ৰাথমিক বিদ্যালয়, চমৰীয়া); সুকন্যা ভৰদ্বাজ, (উপৰদানী হাইস্কুল, ৰাণী); কৃষ্ণা সোণোৱাল, (তাঁতিবামা আঞ্চলিক হাইস্কুল, ৰাণী); ৰূপাঞ্জলী দাস, (কালিপ্ৰসাদ দাস হাইস্কুল, ৰামপুৰ); মনবিনী দাস, (ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়, ছয়গাঁও) আদি সমল ব্যক্তি সকলে ক্ৰমে অসমীয়া, ইংৰাজী, হিন্দী ভাষাৰ শুদ্ধ উচ্চাৰণ তথা সততে হৈ থকা কিছু ভুল ছাত্ৰ-ছাত্ৰীসকলৰ লগত আলোচনা কৰে । কৰ্মশালাখনৰ যোগেদি সকলো ছাত্ৰ-ছাত্ৰী উপকৃত হোৱা বুলি জানিব পৰা যায়।

২০ জুন, ২০২১ : বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু তিথি উপলক্ষে অনলাইনযোগে ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰথম তিনি গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক ই-চাৰ্টিফিকেট প্ৰদান কৰা হয়।

জ্ঞানম্‌ৰ ১ম বৰ্ষৰ শেষ সংখ্যা ৬ষ্ঠ সংখ্যা প্ৰকাশৰ পথত। অহা ১০ জুলাই,২০২১ ত বৈদ্যুতিন মাধ্যমেৰে শুভ উন্মোচনৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে । অনলাইন যোগে সম্পাদনা কৰা, অলংকৰণ, প্ৰকাশৰ বাবে লেখা সমূহ নিৰ্বাচন, ৱেবছাইটত উপলব্ধকৰণ , পিডিএফ সংস্কৰণ আদি কাৰ্যসমূহ সমাপন কৰাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰা সমূহ সন্মানীয় সদস্য আৰু শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টামণ্ডলীৰ সু-দিহা-পৰামৰ্শেৰে যথা সময়ত প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ ।

 

আমাৰ এই যাত্ৰা নতুন দিগন্তলৈ……..। আপোনালোকৰ গঠনমূলক দিহা-পৰামৰ্শ আমাৰ কাম্য।


ফুলপাহি নাথ,

তত্বাৱধায়ক,

দুমহীয়া ই-আলোচনী,'জ্ঞানম্' ।

 






Post a Comment

0 Comments