header ads

সময়ৰ মূল্যাংকন

সময়ৰ মূল্যাংকন


        বিক্ৰম , ভাস্কৰ, জিন্তু, জেবিন,জেনিফা, নীহা আৰু আয়ান--সিহঁত সকলোৱে এটা কলনিতে বাস কৰে। সিহঁত কেইটাই স্কুলৰ পৰা আহি কলনিৰ ভিতৰৰ ফিল্ডখনতে খেলা- ধূলা কৰে। আটাইয়ে লগ হৈ মাজে মাজে চাইকেল ৰেচ্ ও কৰে। সিহঁতৰ মাজত বেচ্ মিলা-প্ৰীতি আছে। যোৱাটো ব'হাগ বিহুত সিহঁত কেইটাই ঘৰে ঘৰে বিহু মাৰিবলৈ গৈছে আৰু বিহু মাৰি পোৱা টকাৰে আটায়ে লগ হৈ লগ ভাতও খাইছে। সিহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল- বিক্ৰম, সি অষ্টম শ্ৰেণীত পঢ়ে। বিক্ৰম হ'ল সিহঁতৰ দলৰ দলপতি আৰু সকলো কামৰ গুৰি ধৰোঁতা। আনহাতে আটাইতকৈ সৰু হ'ল জিন্তু। সি তৃতীয় শ্ৰেণীত পঢ়ে। বিশ্ব পৰিৱেশ দিৱসৰ আগদিনা বিক্ৰমে ৰাতি হঠাৎ ভাস্কৰক ফোন লগালে,

------ "হেল্ল' ভাস্কৰ, কথা এটা গম পাইছনে ? কাইলৈ ৫ জুন, বিশ্ব পৰিৱেশ দিৱস। যিহেতু ক'ৰ'ণা মহামাৰীৰ কাৰণে আমাৰ স্কুল বন্ধ আমি বাৰু কেনেকৈ বিশ্ব পৰিৱেশ দিৱস‌ পালন কৰিম ,কিবা এটা চিন্তা কৰছোন ।"

         বিক্ৰমৰ কথা শুনি সপ্তম‌ শ্ৰেণীত পঢ়ি থকা ভাস্কৰে ক'লে,

------ "তুমি ঠিকেই কৈছা বিক্ৰম দা, আমি স্কুল নগ'লেওঁ যি কোনো প্ৰকাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবই লাগিব। মই কনফাৰেন্স কল্ কৰি আমাৰ লগৰ সকলোকে কথাটো জনাই দিওঁ ৰ'বা।"

         এইবুলি ভাস্কৰে আটাইলৈকে কনফাৰেন্স কল্ লগালে আৰু সকলোকে বিশ্ব পৰিৱেশ দিৱস পালন কৰা কথাটো ক'লে।

          ঠিক তেতিয়াই জিন্তুৱে মাত লগালে,

------ "বিশ্ব পৰিৱেশ দিৱস মানেনো কি ভাস্কৰ দা? আৰু এই দিৱস কিয় পালন কৰা হয় বাৰু?"


           জিন্তুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভাস্কৰে ক'লে,

------- "বিশ্ব প্ৰকৃতিৰ পৰিৱেশ সুৰক্ষাৰ‌ কাৰণে যি দিৱস পালন কৰা হয় তাকে বিশ্ব পৰিৱেশ দিৱস বোলা হয়। এই দিৱসৰ জৰিয়তে জনসাধাৰণৰ মাজত পৰিৱেশ সুৰক্ষাৰ সজাগতা আৰু সচেতনতা বৃদ্ধি কৰা হয়। বিশ্ব পৰিৱেশ দিৱস প্ৰকৃতিৰ বাবে সময়ৰ এক মূল্যাংকন।"

             এনেতে নীহাই মাত লগালে ,

    ------- "ভাস্কৰ দা, এই বিশ্ব পৰিৱেশ দিৱস কেতিয়াৰ পৰা পালন কৰা হয়?"

        ভাস্কৰে উত্তৰ দিলে,

---- ‌‌ "১৯৭২ চনত এই দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয় যদিও, ১৯৭৪ চনৰ ৫ জুন তাৰিখৰ পৰাহে প্ৰতি বছৰে এই দিৱস পালন কৰা হয়।"

          এইবাৰ বিক্ৰমে ক'লে,

------- "বাৰু যিয়েই নহওঁক আমি কালিলৈ প্ৰত্যেকে নিজৰ নিজৰ পদূলিমুখত একোডালকৈ গছ পুলি ৰুই বিশ্ব পৰিৱেশ দিৱস পালন কৰিব লাগিব ।"

           তেনেতে চতুৰ্থ শ্ৰেণীত পঢ়ি থকা জেনিফাই মাত লগালে,

----- "গছে আমাৰ পৰিৱেশ কেনেকৈ সুৰক্ষিত কৰি ৰাখে বিক্ৰম দা ?"

 ‌ বিক্ৰমে ক'লে, 

----- "তোমালোক সকলোৱে জানা যে আমি উশাহত অক্সিজেন লওঁ আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড্ গেছ এৰি দিওঁ। আমি নিশাহত এৰি দিয়া কাৰ্বন-ডাই -অক্সাইড্ গেছ উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে সালোক-সংশ্লেষণত ব্যৱহাৰ কৰে আৰু প্ৰাণী জগতৰ শ্বসনৰ কাৰণে অক্সিজেন গেছ এৰি দিয়ে। এইদৰে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ সমতা ৰক্ষা কৰি পৰিৱেশ প্ৰদূষণমুক্ত কৰে। প্ৰাকৃতিক সম্পদৰ‌ ভিতৰত নিঃসন্দেহে গছেই একমাত্ৰ সহায়ক যিয়ে আমাৰ পৰিৱেশ অনুকূল আৰু সুৰক্ষিত কৰি ৰাখে।"

        এইবাৰ ষষ্ঠ শ্ৰেণীত পঢ়ি থকা জেবিণে মাত দিলে,

------- "সেয়ে আমি গছ কটাতকৈ গছ ৰোৱাতহে গুৰুত্ব দিব লাগে নহয়নে বিক্ৰম দা?"

         বিক্ৰমে ক'লে,

----- "ওঁ ওঁ তুমি ঠিক কথাই কৈছা। বাৰু যিয়েই নহওঁক আমি প্ৰত্যেকে কাইলৈ পদূলিমুখত একোডালকৈ গছ পুলি ৰুম।"

          এইবাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা আয়ানে ক'লে, 

------- "আমি বাৰু গছপুলি ৰুম, কিন্তু ইজনে সিজনক নেদেখিলে ভাল লাগিব জানো?"

   ভাস্কৰে ক'লে,

------" কিয় নেদেখিম ? আমি ভিডিঅ' কনফাৰেন্স কৰি আটায়ে লগ হ'ম আৰু প্ৰত্যেকৰে গছ পুলি ৰোৱা দৃশ্য উপভোগ কৰিম। নে কি কোৱা বিক্ৰম দা ?"

 ‌ বিক্ৰমে ক'লে,

--------" ওঁ সেয়াই হ'ব।"

          পিছদিনা খন ৰাতিপুৱাই ভিডিঅ' কনফাৰেন্স কৰি প্ৰত্যেকে নিজৰ নিজৰ পদূলি মুখত একোডালকৈ গছপুলি ৰুলে ।

        সিহঁতৰ এনেকুৱা প্ৰচেষ্টা দেখি কলনিৰ সকলোৱে বিক্ৰম আৰু ভাস্কৰৰ বুদ্ধিক বাঃ বাঃ দিলে।

---------------------*********------------------
       

চন্দনা হীৰা
সহ: শিক্ষয়িত্ৰী 
বঙৰা পাছনীয়া পাৰা‌‌ মজলীয়া বিদ্যালয়
ৰামপুৰ শিক্ষাখণ্ড
Phone no.-7002785923

 


অলংকৰণ- পূবালী শইকীয়া দাস




Post a Comment

0 Comments