header ads

Covid 19 আৰু মই

 Covid-19 আৰু মই

"হেঁচি হেঁচি সোপাখন সোমে দিব" বুলি কৈ আইতা জনীয়ে মাস্কখন খুলিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে। মই দূৰৰ পৰা দেখা পাই দৌৰি গৈ "আইতা ! কি হ'ল?" বুলি সুধিলোঁ। আইতাজনীৰ মুখত আকৌ একেই কথা । "হেঁচি হেঁচি সোপাখন সোমে দিব", এইবাৰ আইতাই অক্সিজেন মাস্কখন খুলি পেলালে। লগে লগে মই ডাক্তৰক মাতি আনিলোঁ। ডাক্তৰজনে ক'লে,"আইতা! আপোনাৰ অক্সিজেন কমি গৈছে, সেইকাৰণে এইখন দিয়া হৈছে। আপুনি এইখন খুলি নিদিব।" আইতাজনীয়ে কোনো কাৰণতে সেইখন ল'ব নোখোজে আৰু শেষত নিজৰ বিচনালৈ গুচি গল। অৱশ্যে আইতাৰ অক্সিজেন বহুত কমি যোৱা নাছিল। তিনিদিন মান পাছত এজনক সুধি গম পালোঁ যে আইতাজনী সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।

যোৱা ১৮/০৫/২০২১ তাৰিখে দুপৰীয়া হঠাৎ মোৰ জ্বৰ উঠিবলৈ আৰম্ভ কৰিলে। মোৰ চিন্তা হ'ল কি কাৰণত মোৰ জ্বৰ উঠিব পাৰে!! লগে লগে মোৰ সন্দেহ হ'ল আৰু নিজকে পৰিয়ালৰ পৰা isolate কৰি ৰাখিলোঁ।paracetamol খাই সেইদিনা ৰাতিটো থাকি পিছদিনা হাজো P.H.C ত rapid test কৰি গম পালোঁ যে মই covid positive। সকলোফালে positive মন এটা ৰখা মানুহজনী এই ক'ভিডটো positive হ'লোঁ।সকলো ভগৱানৰে ইচ্ছা বুলি ভাবি ললোঁ আৰু পৰিয়ালৰ আটাই কেইজন সদস্যকে টেষ্ট কৰালোঁ। Thank God! পৰিয়ালৰ আটাইকেইজন সদস্যৰে negative আহিল। ডাক্তৰে ক'লে যে মই হেনো ইচ্ছা কৰিলে ঘৰটো থাকিব পাৰো। কিন্তু মোৰ স্বামী যিহেতু মধুমেহ ৰোগী আৰু ল'ৰা-ছোৱালী কেইটাৰ কথা ভাবি মই কলিতাকুছি 'ক'ভিড কেয়াৰ চেণ্টাৰ'লৈ লৈ গুচি গলোঁ। 

তাত গৈ গোটেই ৰাতিটো মই উজাগৰে কটালোঁ। অনবৰতে বিভিন্ন চিন্তা, ভয়, শংকা আদিয়ে মোক আগুৰি ধৰিলে।পৰিয়ালৰ পৰা বিশেষকৈ ল'ৰা- ছোৱালী কেইটাৰ পৰা দূৰত থাকিব লগা হোৱাত নিজকে দোষী দোষী অনুভৱ কৰিলোঁ । তাত যেনে তেনে সাত দিন থাকি গম পালোঁ যে সঁচাই এই ক'ভিড মহামাৰীয়ে মানুহক কিমান যে বিপদত পেলাইছে। সৰু সৰু লৰা-ছোৱালীকে ধৰি ৮০/৯০ বছৰীয়া বৃদ্ধকো সাৰি যাব দিয়া নাই। ডাক্তৰ তথা স্বাস্থ্যকৰ্মী সকলৰো চিকিৎসা কৰিবলৈ অসুবিধা হৈছে। এনেয়ে দূৰত্ব মানি চলিব লাগে তাতে আকৌ মুখত মাস্ক পিন্ধি কথা ক'লে বুজি নাপায়। একেটা কথাকে দুই তিনিবাৰকৈ ক'ব লাগে। তথাপি তেখেতসকলে চিকিৎসা কৰিবলৈ এৰা নাই। যিটো সময়ত আমি গৰমত পাংখা চলায়ো শান্তি নাপাওঁ সেই সময়তো তেখেত সকলে P.P.E kit পিন্ধি ক'ভিড ৰোগীক চিকিৎসা কৰি আছে। এই চেগতে মই ডাক্তৰ তথা স্বাস্থ্যকৰ্মী সকলক আন্তৰিক ধন্যবাদ জনালোঁ। ভগৱানে তেখেতসকলক ভালে ৰাখক আৰু ৰোগীক চিকিৎসা কৰিবলৈ শক্তি দিয়ক।

অৱশেষত মই সাত দিনৰ দিনা আকৌ টেষ্ট কৰিলোঁ। মোৰ নিগেটিভ আহিল। ভগৱানক সহস্ৰ বাৰ ধন্যবাদ জনালোঁ। মোৰ জ্বৰ দুদিন পিছতে কমি গৈছিল। জ্বৰ হোৱাৰ লগে লগে টেষ্ট কৰি ডাক্তৰৰ পৰামৰ্শমতে ঔষধ সেৱন কৰাৰ কাৰণে হয়তো মই বিশেষ একো অসুবিধা নোপোৱাকৈয়ে আৰোগ্য লাভ কৰিলোঁ। 

মোৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে যিকোনো মানুহৰে কিবা বেমাৰৰ লক্ষণ দেখা পোৱা মাত্ৰকে টেষ্ট কৰি লগে লগে চিকিৎসা কৰিলে ক'ভিডৰ পৰা আৰোগ্য হ'ব পাৰি;ই কোনো ডাঙৰ বেমাৰ নহয়। অৱশ্যে আগতেই যদি মানুহজন কিবা বেমাৰত ভুগি থাকে তেতিয়াৰ কথা বেলেগ। এই ক্ষেত্ৰত ৰোগীজনৰ মানসিক অৱস্থাৰ ওপৰতো নিৰ্ভৰ কৰে। ৰোগীজনৰ সাহস, মনোবল অটুট থাকিলে ঔষধবোৰেও হয়তো বেছিকৈ কাম দিয়ে। তাৰোপৰি খাবলৈ ইচ্ছা নাথাকিলেও ঘন ঘন কৈ ভিটামিন জাতীয় বস্তু খাব লাগে যাতে ৰোগী জন দুৰ্বল হৈ নপৰে।

মই মনৰ পৰা সাহস এৰি দিয়া নাছিলোঁ। ৰাতিপুৱা-গধূলি প্ৰাৰ্থনা, ব্যায়াম আদিৰ উপৰিও আন ৰোগী সকলৰ লগত হাঁহি-ধেমালি কৰি, কিতাপ পঢ়ি, facebook, whats-app আদিত নিজকে ব্যস্ত ৰাখিছিলোঁ ;যাতে নকাৰাত্মক চিন্তাবোৰ মনলৈ নাহে। তাৰোপৰি মোৰ আত্মীয়স্বজন, বন্ধু-বান্ধৱী, মোৰ চিনাকি সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে ফোন, মেচেজৰদ্বাৰা দিয়া মনোবল,উৎসাহ-উদ্দীপনাই মোক আৰোগ্য লাভ কৰাত যথেষ্ট সহায় কৰিছে। তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞ ।

শেষত সকলোৱে ঘৰতে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ। অ' ৰ'ব!!! আৰু এটা কথা ক'বলৈ থাকি গ'ল। আজি তিনিদিন মানৰ পৰা মোৰ গাটো আকৌ বেয়া লাগি থাকে , Post Covid ৰ সময় খিনিও যিহেতু বিপদজনক বুলি শুনিছোঁ, সেয়েহে মই আকৌ ডাক্তৰৰ ওচৰলৈ দৌৰ মাৰিলোঁ।তাত ডাক্তৰে যি ক'লে তাকে শুনি মোৰ চকু কপালত উঠিল l ক'ভিডত দুর্বল হ'ম বুলি ভাবি ভাল বস্তু খাওঁতে খাওঁতে এইবাৰ মোৰ দেহত প্ৰ'টিন আৰু প্ৰেচাৰ বাঢ়ি গল। এইবাৰ মই প্ৰেচাৰৰ ঔষধ খাই আছোঁ । বাৰু যিয়েই নহওঁক সকলোৰে আশীৰ্বাদত মই ক'ভিড যুদ্ধত জয়ী হলোঁ। ধন্যবাদ।

------------*******------------

ৰীতামণি কলিতা,

সহ-শিক্ষয়িত্ৰী

ৰৌমাৰী কিছমত প্ৰাথমিক বিদ্যালয়

হাজো ব্লক,কামৰূপ

ফোন-৮৮৭৬৮৫৩৮০০


অলংকৰণ- পূবালী শইকীয়া দাস




Post a Comment

0 Comments