বিদ্যাৰ্থীৰ মনৰ বতৰা
নমস্কাৰ,
মই প্ৰিয়মজ্যোতি দাস। মই পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্র। মই বিজ্ঞানৰ বিভিন্ন উদ্ভাৱনীমূলক প্ৰকল্প বনাই ভাল পাওঁ। এতিয়ালৈকে মই পাঁচটা উদ্ভাৱন কৰিছোঁ। ইয়াৰে দুটা প্ৰকল্প বৰ্তমান সময়ত

২০২১ বৰ্ষত অসম ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু গৱেষণা পৰিষদৰ
উদ্যোগত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হোৱা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত মই 'জৈৱ বৈদ্যুতিক কোষ' নিৰ্মাণ শীৰ্ষক বিজ্ঞানৰ আৰ্হি প্ৰকল্পটোৰ বাবে প্ৰথম স্থান অধিকাৰ কৰিছিলোঁ। তদুপৰি ৰঙিয়া মহকুমাৰ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ৭২ তম গণৰাজ্য দিৱসত বিশিষ্ট শিশু বিজ্ঞানী হিচাপে স্বীকৃতি প্ৰদান কৰে।অভাৱে আৱিস্কাৰৰ মূল। মোৰ দেউতা এজন কৃষক । দেউতাৰ কৃষি-কৰ্মত এটা প্ৰধান সমস্যা আছিল ৰাতি খেতিপথাৰত কাম কৰিবলৈ পোহৰৰ প্ৰয়োজনীয়তা । এই সমস্যা সমাধান কৰাৰ বাবে অতি কম খৰচত ব্যৱহাৰ কৰিব পৰাকৈ অপতৃণ উদ্ভিদৰ পৰা জৈৱ বৈদ্যুতিক কোষ বনাইছিলোঁ। এইটোৱেই আছিল মোৰ জীৱনৰ প্ৰথমটো উদ্ভাৱন। আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত
পঢ়িব পাইছিলোঁ এছিডৰ লগত বিক্ৰিয়া ঘটাই তাৰ পৰা বিদ্যুৎ আহৰণ কৰিব পাৰি। এই তথ্য ব্যৱহাৰ কৰি মই মোৰ জীৱনৰ প্ৰথমটো উদ্ভাৱন কৰিছিলোঁ। এনেকৈয়ে মই কৃষকসকলৰ সুবিধাৰ্থে পাঁচটা যন্ত্ৰ উদ্ভাৱন কৰিছোঁ।
---------------///-----------------
প্ৰিয়মজ্যোতি দাস
দ্বিতীয় বৰ্ষ (বিজ্ঞান)
পুঠিমাৰী উ:মা:
বিদ্যালয়
ৰঙিয়া শিক্ষাখণ্ড।
অলংকৰণ:-মনবিনী
দাস।
0 Comments