header ads

হাড়গিলা বাইদেউ খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ সাক্ষাৎকাৰ

        কামৰূপৰ এটা পিছপৰা অঞ্চলৰ পৰা যাত্ৰা আৰম্ভ কৰি United Kingdom ৰ Green Oscar ৰ ৰঙা দলিচালৈ যোৱাৰ এক বিৰল পৰিক্ৰমাৰ অধিকাৰী-- সকলো নাৰীৰ অনুপ্ৰেৰণা, কামৰূপ তথা অসমবাসীৰ গৌৰৱ, সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ এগৰাকী বিশেষ মহিলা যিগৰাকীয়ে পৰিৱেশ প্ৰেম, চৰাই প্ৰেমৰ এক সুন্দৰ বিৰল নিদৰ্শন দাঙি ধৰিলে সমগ্ৰ বিশ্বৰ সন্মুখত। হয়, এই সংখ্যাত আমাৰ জ্ঞানমৰ সাক্ষাৎকাৰৰ বাকৰিত আমাৰ সকলোৰে পৰিচিত 'হাড়গিলা বাইদেউ' খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনৰ মনৰ কিছু বতৰা লওঁ আহক।

জ্ঞানমৰ প্ৰশ্ন : জানিবলৈ পোৱা মতে আপুনি পি. এইচ. ডি.ৰ গৱেষণা স্থগিত ৰাখি হাড়গিলা চৰাই সংৰক্ষণৰ কামত মগ্ন হৈছিল। আপুনি কিয় আৰু কেনেদৰে হাড়গিলা চৰাইৰ প্ৰতি আকৃষ্ট তথা বৰ্তমান সেই চৰাইৰ সংৰক্ষণ কাৰ্যত সমৰ্পিত হ'ল আমি জানিবলৈ পালে নথৈ আনন্দিত হ'ম।

বৰ্মন বাইদেউ: ২০০৭ চনৰ কথা, মই তেতিয়া এগৰাকী পি.এইচ.ডি.ৰ ছাত্ৰী। মোৰ গৱেষণাৰ বাবে হাড়গিলা চৰাইৰ ওপৰত প্ৰয়োজনীয় তথ্য সংগ্ৰহ তথা অধ্যয়ন কৰিবলৈ তেতিয়া মই প্ৰায়ে দদৰা নামৰ গাঁওখনলৈ যাওঁ। এদিনাখন মই মোৰ গৱেষণাৰ তথ্য সংগ্ৰহ কৰিবলৈ গাঁওখনত উপস্থিত হওঁতে, মই এক ভয়াৱহ দৃশ্যৰ সন্মুখীন হওঁ।এগৰাকী ব্যক্তিয়ে তেখেতৰ নিজ চৌহদত থকা এডাল গছ কাটি আছে, য'ত ৯ টাকৈ হাড়গিলা চৰাইৰ বাহ আছিল আৰু গছডাল কটাৰ ফলত চৰাইবোৰৰ বাহ ভাঙি তলত পৰিছিল। মই হতবাক হৈ পৰিছিলোঁ। মই ব্যক্তিগৰাকীক কাকূতি মিনতি কৰিছিলোঁ গছ কটা বন্ধ কৰিবলৈ। কিন্তু তেখেতে মোৰ কথাত মন নিদিলে। বৰঞ্চ মোৰ প্ৰতিক্ৰিয়াত উপস্থিত সকলোৱে হাঁহিবলৈ, ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে। ব্যক্তিগৰাকীয়ে ক'বলৈ ধৰিলে,"ইমান যদি হাড়গিলা ভাল পা নিজেই মোৰ ঘৰত কামকৰা ছোৱালী হৈ থাক আৰু এই অশুভ চৰাইয়ে মলত্যাগ কৰি লেতেৰা কৰাবোৰ পৰিষ্কাৰ কৰি থাকিবি। এগৰাকী চৰকাৰী এজেণ্ট হৈ ইয়ালৈ আহিছা ,আমাক চৰকাৰে কি দিব”-- ইত্যাদি ইত্যাদি। সকলোৱে ক'বলৈ ধৰিলে মই হেনো চৰাইৰ মাংস খাবলৈহে এইবোৰ কৰিছোঁ। সেইদিনা ঘৰলৈ আহি মই খাব-শুব নোৱাৰিলোঁ।পিছত মই অনুভৱ কৰিলোঁ যে এই সহজ-সৰল গাঁওবাসীক বুজোৱা ইমান সহজ নহয় আৰু এই মানুহবোৰক দোষ দিয়াটোও উচিত নহ'ব কিয়নো এই মানুহবোৰৰ মাজত হয়তো হাড়গিলা চৰাইৰ প্ৰয়োজনীয়তা বা এই চৰাইবিধ কিয় সংৰক্ষণ কৰিব লাগে সেই বিষয়ত সজাগতাৰ অভাৱ। গতিকে মই সিদ্ধান্ত ল'লোঁ যে মই এই মানুহবোৰৰ মাজত চৰাইবিধৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিম। তাৰবাবে পোনপ্ৰথমে মানুহবোৰৰ মনত, তেওঁলোকৰ হৃদয়ত এই চৰাইবিধৰ প্ৰতি প্ৰেমৰ সৃষ্টি কৰিব লাগিব। মই অনুভৱ কৰিলোঁ যে মোৰ শিক্ষা, মোৰ ডিগ্ৰীৰ একো অৰ্থ নাথাকিব যদিহে মই পৰিৱেশৰ সজাগতাৰ প্ৰতি দায়বদ্ধ নহওঁ। তেতিয়াই মই সিদ্ধান্ত ল'লোঁ যে মই মোৰ 

পি.এইচ.ডি.ৰ অধ্যয়ন সদ্যহতে স্থগিত ৰাখি এই বিশেষ সংগ্ৰামত মনোনিৱেশ কৰিম আৰু এনেদৰেই মই নামি পৰিলোঁ এই সংগ্ৰামত।পিছদিনাই মই ব্যক্তিগৰাকীৰ ঘৰত উপস্থিত হৈ বাৰীলৈ গৈ হাড়গিলা চৰাইৰ মল-মূত্ৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু সেইয়া দেখি তেখেতসকলেওঁ মোক আঁকোৱালি ল'লে। সেইদিনাৰ পৰাই মোৰ এই যাত্ৰাৰ আৰম্ভণি হ'ল। মই গাঁৱে গাঁৱে, মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ ধৰিলোঁ ৷ আজিও মোৰ এই যাত্ৰা অব্যাহত আছে। আৰু এটা কথা যে এই সমগ্ৰ পৰিক্ৰমাটো সম্পূৰ্ণ অপৰিকল্পিত আছিল। সমস্যা দেখিছিলোঁ আৰু সমস্যা সমাধান কৰি গৈ থাকোঁতে থাকোঁতেই আজিৰ এই পৰ্যায়ত উপস্থিত হৈছোঁ। ইয়াৰ বাবে মই যিবোৰ পন্থা হাতত লৈছিলোঁ তাৰ বাবে কোনো ধৰণৰ গ্ৰন্থ বা আন উৎসৰ সহায় লোৱা নাছিলোঁ ।

● জ্ঞানমৰ প্ৰশ্ন : হাড়গিলা চৰাই-- from the concept of the ugly bird to the most beautiful bird, ২০০৭ চনত আপুনি আৰম্ভ কৰা প্ৰকৃতি সংৰক্ষণ আৰু দুষ্প্ৰাপ্য হাড়গিলা চৰাই ৰক্ষাৰ যি এক নীৰৱ বিপ্লৱ, তাৰ আঁৰৰ দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে কিছু কথা আমাক জনাব নেকি?

●বৰ্মন বাইদেউ: হয় ৷ আৰম্ভণিৰ সকলো কথা মই ইতিমধ্যেই ক'লোৱেই। তাৰ পিছতেই আৰম্ভ হ'ল মোৰ এই ব্যতিক্ৰমী যাত্ৰাৰ-- মই মানুহৰ ঘৰে ঘৰে, বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰিবলৈ ধৰিলোঁ। এই যাত্ৰা ইমান সহজ নাছিল। প্ৰায় সকলোৱে আনকি পৰিৱেশ কৰ্মীবোৰেও মোক বহুত ঋণাত্মক মন্তব্য আগবঢ়াইছিল। মোৰ বাবে এই যাত্ৰা এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছিল। তাৰোপৰি মোৰ দুগৰাকী আঢ়ৈ বছৰীয়া ছোৱালী সন্তান আছিল। মোৰ স্বামী কৰ্মসূত্ৰে কাজিৰঙাত থাকে।গতিকে বহু সময়ত মই ছোৱালী দুজনীকো লগত লৈ গৈছিলোঁ এইবোৰ কামত। এই ক্ষেত্ৰত মোৰ মা-দেউতাই যথেষ্ট সহযোগিতা আগবঢ়াইছিল। মই দেখিলোঁ মই গাঁও বা সমাজত সভা পাতিলে কেৱল পুৰুষসকলহে আহে,মহিলা নাহে। অথচ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰীক জড়িত কৰোৱাটো অধিক প্ৰয়োজনীয় আছিল।কিয়নো এগৰাকী নাৰীক সজাগ কৰি তুলিব পৰা মানে এগৰাকী সন্তান, এগৰাকী স্বামী, এটা পৰিয়াল তথা এখন সমাজক সজাগ কৰিব পৰা। গতিকে মই মহিলাসকলক উলিয়াই অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলোঁ যিটো প্ৰথম অৱস্থাত খুবেই কঠিন আছিল। মহিলাবোৰে কৈছিল যে তেওঁলোকৰ ঘৰুৱা বহুত কাম থাকে। গতিকে এইবোৰ কামত জড়িত হ'ব নোৱাৰে। মই তেতিয়া বিভিন্ন ফুড ফেষ্টিভেল, বিভিন্ন ধৰণৰ ৰন্ধন প্ৰতিযোগিতা, লাৰু-পিঠা বনোৱা প্ৰতিযোগিতা আদিৰ আয়োজন কৰিলোঁ।দেখিলোঁ যে মহিলাসকল দলে-বলে ওলাই আহিবলৈ ধৰিলে।মহিলাবোৰক মোৰ এই যাত্ৰাত অংশগ্ৰহণ কৰাবলৈ মই আন এটা কৌশল হাতত লৈছিলোঁ। মই হাড়গিলাৰ 'পঞ্চামৃত' পৰ্ব অনুষ্ঠিত কৰিছিলোঁ। এবাৰ মই এগৰাকী মহিলাৰ পঞ্চামৃত পৰ্বলৈ গৈছিলোঁ।তাত মহিলাগৰাকীক সকলোৱে দিয়া শ্ৰদ্ধা, মৰম-আদৰ দেখি অভিভূত হৈ পৰিছিলোঁ আৰু ভাবিবলৈ ধৰিলোঁ যে হাড়গিলা চৰাইজনীকো যদি মানুহে এনেদৰেই মৰম-আদৰ দিলেহেঁতেন! মই হাড়গিলা চৰাইক এগৰাকী মহিলাৰ লগত তুলনা কৰিছিলোঁ। তাৰ পিছত সম্পূৰ্ণ নিয়ম-নীতিৰে হাড়গিলা চৰাইৰো পঞ্চামৃত পৰ্ব আমি অনুষ্ঠিত কৰিব ল'লোঁ যাৰ জৰিয়তে মোৰ মহিলাসকলক সজাগ কৰোৱাৰ যি এক উদ্দেশ্য সেইয়া বহু পৰিমাণে সফল হ'ল। মই বিদ্যালয়, নামঘৰ আদিত গৈ কেম্পেইন কৰিব ল'লোঁ কিয়নো সভা-সমিতিলৈ মাতিলে মানুহ নাহে। এই সকলোবোৰ খুব কঠিন আছিল। প্ৰায়ে মই মানুহৰ গালি-গালাজৰ সন্মুখীন হৈছিলোঁ। কিন্তু মই সেইবোৰত কোনোদিন গুৰুত্ব দিয়া নাছিলোঁ। মই আচলতে পৰিৱেশৰ ওপৰত কথা কৈ, মানুহক বুজাই খুব ভাল পাওঁ। মই পৰিৱেশৰ ওপৰত কথা কৈয়েই থাকিব পাৰো কৈয়েই থাকিব পাৰো। মই ৩৬৫ দিন,২৪ ঘণ্টাই এই পথত মনোনিৱেশ কৰিব ল'লোঁ। মোৰ এই পৰিক্ৰমাত বহু সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। মই কেতিয়াওঁ ভাগৰি পৰা নাই। পিছলৈ মোৰ এই যাত্ৰাৰ সাহস, মোৰ সহযোগী হৈ পৰিছিল গাঁৱৰ ডেকা-বুঢ়া সকলো তথা নাৰীসমাজ। মোৰ এই যাত্ৰাত মই সম্পূৰ্ণ শ্ৰেয় তেওঁলোকক দিব বিচাৰিম কিয়নো তেওঁলোকে মোক আঁকোৱালি লৈ মোৰ এই কাঁইটীয়া যাত্ৰাৰ সক্ৰিয়ভাৱে অংশীদাৰ হৈ পৰিল।


● জ্ঞানমৰ প্ৰশ্ন : 
হাড়গিলা সংৰক্ষণৰ প্ৰতি মানুহবোৰক আকৃষ্ট কৰি তুলিবলৈ আপুনি বিভিন্ন গীত-মাত, বিয়া নাম, দিহা নাম আদিৰ সহায় লোৱা এক সুন্দৰ পদক্ষেপ আমি দেখিবলৈ পাইছোঁ। এই বিষয়ে অলপ জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ ।

●বৰ্মন বাইদেউ: মহিলাবোৰক ঘৰুৱা কামৰ উপৰিওঁ তেওঁলোকৰ নিজৰ যে এটা অস্তিত্ব আছে সেইয়া উপলব্ধি কৰাবলৈ মই উঠি পৰি লাগিছিলোঁ। তাৰ বাবে তেওঁলোকক নাম, বিয়াগীত আদিৰ মাজেৰেই আকৰ্ষিত কৰিবলৈ ধৰিলোঁ। মই ৰীতি-নীতি,ধৰ্মীয় অনুষ্ঠানৰ লগত সজাগতামূলক কাৰ্যক জড়িত কৰিলোঁ।কাৰণ মহিলাসকল এইবোৰৰ লগত প্ৰায়ে জড়িত হৈ থাকে ।মহিলাসকলৰ নামঘৰৰ সোমবৰীয়া, বৃহস্পতিবৰীয়া নাম-প্ৰসংগত, বিবাহ আদি উৎসৱত মই নিজে ভাগ লোৱা কৰিলোঁ ৷ হাড়গিলাক লৈ নাম, বিয়াগীত আদি গাবলৈ আৰম্ভ কৰিলোঁ।এতিয়া এনেকুৱা হৈ পৰিল যে মহিলাসকলে হাড়গিলাকলৈ বহু নাম, বিয়াগীত নিজেই ৰচনা কৰি ল'লে আৰু সেইবোৰ ইতিহাস হৈ ৰৈ গ'ল ভৱিষ্যত প্ৰজন্মৰ বাবে।এতিয়া যিকোনো উৎসৱ-পাৰ্বন হাড়গিলাক লৈ উদ্যাপন কৰা হয়।মহিলাসকলেই হাড়গিলাৰ মুখা পিন্ধি, প্ৰতিচ্ছবি লৈ নিজকে হাড়গিলা বুলি কল্পনা কৰি লয়।এইবোৰ দেখি মই বহুত সুখী।

● জ্ঞানমৰ প্ৰশ্ন : আপোনাৰ এই মহান তথা ব্যতিক্ৰমী যাত্ৰাৰ আন এক অভিনৱ পদক্ষেপ 'হাড়গিলা আৰ্মী' য'ত আপুনি গাঁৱৰ সহজ-সৰল মহিলাবোৰক জড়িত 



কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই অন্যতম পদক্ষেপটোৰ বিষয়ে জানিবলৈ আমি উৎসুক ।

●বৰ্মন বাইদেউ :'হাড়গিলা আৰ্মী' মহিলা সৱলীকৰণৰ এটা পদক্ষেপ। পৰিৱেশৰ যে মহিলাসকলো এটা অংশ, পৰিৱেশ সজাগতাৰ ক্ষেত্ৰত মহিলাৰ যি অৱদান সেইয়া নুই কৰিব নোৱাৰি।মহিলা এগৰাকী যদি সবল হয়, আমি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বহুদূৰ সফল হ'ব পাৰিম। আমাৰ সকলোৰে ঘৰে ঘৰে, বাৰীয়ে বাৰীয়ে যিবোৰ জৈৱ-বৈচিত্ৰ্য আছে প্ৰথমতে সেইবোৰ সংৰক্ষণ কৰিব লাগিব আৰু মহিলাসকল সেই পৰিৱেশৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ থাকে।গতিকে মহিলাসকলক পৰিৱেশৰ প্ৰতি সজাগ তথা আকৃষ্ট কৰাটো অত্যন্তই জৰুৰী। সেই উদ্দেশ্যতে 'হাড়গিলা আৰ্মী'ৰ জন্ম হৈছিল।বৰ্তমান ইয়াৰ লগত প্ৰায় ৪০০ গৰাকী কৰ্ণধাৰ নেত্ৰী ( core front leaders) আছে যিয়ে গাঁৱে গাঁৱে গৈ হাড়গিলা সংৰক্ষণ, পৰিৱেশ সংৰক্ষণৰ বাবে কেম্পেইন কৰে, শপত গ্ৰহণ কৰে। এই ৪০০ গৰাকী মহিলা হ'ল সক্ৰিয় কৰ্মী। ইয়াৰ উপৰিও আৰু ১০০০০( দহ হাজাৰ) মহিলা বৰ্তমানলৈ 'হাড়গিলা আৰ্মী'ত যোগদান কৰিছে। বহুসংখ্যক বৈজ্ঞানিকে কোৱা হিচাপে এইয়া সমগ্ৰ বিশ্বত পৰিৱেশৰ লগত জড়িত সৰ্ববৃহৎ মহিলা সংগঠন। এই মহিলাসকলৰ সৱলীকৰণৰ বাবে সূতা, চিলাই মেচিন আদিৰ ব্যৱস্থা কৰি দিয়া হৈছিল। তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াত জড়িত সমূহ ১০০০০ মহিলায়ে এই প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল।মহিলাসকলে হাড়গিলা চৰাইৰ চিত্ৰৰ বহুসংখ্যক গামোচা, ষ্ট'ল, কুচন ক'ভাৰ আদি প্ৰস্তুত কৰি উলিয়াইছে যিবোৰে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। 'pasupakshi.com' নামৰ এটা ৱেবচাইটৰ জৰিয়তে তেওঁলোকে এইবোৰৰ ব্যৱসায়ো চলাই আছে যাৰ জৰিয়তে মহিলাসকল আর্থিকভাৱেওঁ সবল হ'বলৈ সক্ষম হৈছে।

'হাড়গিলা আৰ্মী'ৰ এটা মূল মন্ত্ৰ আছিল , 'গছ কটাৰ আগত আমাক আঘাত কৰিব লাগিব'। 'হাড়গিলা আৰ্মী'ৰ মহিলাসকলে কেতিয়াও গছ কাটিব নিদিয়ে। তাৰোপৰি ওচৰ-পাজৰৰ গাঁওবোৰত বা নিজৰ গাঁৱত ক'ৰবাত যদি হাড়গিলা বা অন্য চৰাই অসুস্থ বা অঘৰী হয়, ধুমুহা দিলে যেতিয়া পোৱালীবোৰ তলত পৰে তেতিয়া তেওঁলোকে পৰ্যবেক্ষণ কৰে, মোৰ লগতে আৰক্ষী প্ৰশাসনকো খবৰ দিয়ে আৰু আমি গৈ চৰাইবোৰ আনি সংৰক্ষণৰ ব্যৱস্থা কৰোঁ। লগতে মই জনাব বিচাৰিম যে আমাৰ এই পদক্ষেপত কামৰূপ জিলা প্ৰশাসন, কামৰূপ আৰক্ষী প্ৰশাসন তথা বন বিভাগ আমাৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আমাক প্ৰতিটো খোজতে সম্পূৰ্ণ সমৰ্থন তথা সহযোগিতা আগবঢ়াই আহিছে। এই সুযোগতে মই তেখেতসকললৈকে মোৰ কৃতজ্ঞতা যাচিলোঁ।


● জ্ঞানমৰ প্ৰশ্ন : : কামৰূপৰ এটা পিছপৰা অঞ্চলত ডাঙৰ-দীঘল হৈ ভাৰত চৰকাৰৰ মহিলাৰ বাবে সংৰক্ষিত সৰ্ব্বোচ্চ সন্মান 'নাৰীশক্তি পুৰস্কাৰ' ,২০১৭ ; Princess Royal, United Kingdom ৰ 'Whitley Award' বা 'Green Oscar' ৰ ৰঙা দলিচা -- এই বিৰল পৰিক্ৰমাৰ প্ৰতিটো খোজত আপুনি পোৱা সাহস, অনুপ্ৰেৰণা বা প্ৰত্যাহ্বানবোৰৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ।লগতে আপুনি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু বহুতো সন্মানেৰে সন্মানিত হৈছে আৰু ইয়াৰ বাবে আমি আপোনাক লৈ গৌৰোৱান্বিত, আপোনাৰ এই অভিজ্ঞতাৰ বিষয়ে জানিবলৈ অতিকৈ আগ্ৰহী।

●বৰ্মন বাইদেউ : এই ক্ষেত্ৰত ক'বলৈ গ'লে আচলতে সকলো ৰাইজৰ মৰম আৰু আশীৰ্বাদ।দৰাচলতে মই মাত্ৰ কামটোক লৈ সুখী। হাড়গিলা সংৰক্ষণৰ এই কামটো মোৰ জীৱনৰ সকলো, মোৰ আত্মা, মোৰ জীয়াই থকাৰ উদ্দেশ্য। যেনেদৰে অৰ্জুনে কেৱল মাছৰ চকুটোহে দেখিছিল, মোৰো জীৱনৰ এটাই উদ্দেশ্য হৈ পৰিছিল যে মই হাড়গিলা চৰাই সংৰক্ষণ কৰিব লাগে আৰু হাড়গিলাৰ প্ৰতি মানুহৰ মনত প্ৰেম জন্মাব লাগে । তাৰ বাহিৰে মই একো ভবাই নাছিলোঁ। কিন্তু বহু ঘাট-প্ৰতিঘাট, বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কেতিয়াবা ক'ৰবাত এনেকুৱা লাগিছিল যেন আৰু আগনাবাঢ়িম, সকলো স্তব্ধ কৰি দিম। কিন্তু যেতিয়াই মই মোৰ লক্ষ্যটোৰ কথা ভাবোঁ তেতিয়াই মই মনত সাহস পাওঁ। মোৰ মাত্ৰ এটাই স্বাৰ্থ যে মানুহৰ মাজত হাড়গিলাক লৈ যি এক বিৰূপ মনোভাৱ আছিল এই চৰাইবিধ অশুভ, গেলা-পচা বস্তু খোৱা সেইবোৰ দূৰ কৰি হাড়গিলাক মানুহে আঁকোৱালি লওঁক। মোৰ এই লক্ষ্যই মোক শুব নিদিয়ে। ই মোৰ জীৱনৰ এৰিব নোৱাৰা মিছন হৈ পৰিছে। আমি লক্ষ্যত দৃঢ় হৈ থাকিলে সকলোতে সফলতা পাব পাৰোঁ। ড° এ. পি.জে. আব্দুল কালাম ছাৰৰ এশাৰী বাক্যই মোক বাৰুকৈ প্ৰভাৱিত কৰি আহিছে _ " A dream in sleep is not a dream; a dream is a dream that doesn't let you sleep"মোৰ এই লক্ষ্যটোওঁ মোৰ জীৱনৰ সৰ্বোচ্চ প্ৰয়োজনীয় অংশ হৈ পৰিল। ইয়াৰ বাবে মই যি কৰিব লাগে কৰিবলৈ সদাপ্ৰস্তুত।মোৰ জীৱনৰ মিছন হাড়গিলা প্ৰজাতিটোক সংৰক্ষণ কৰা। মোৰ জীৱনৰ অন্তিমটো দিনলৈ মই মোৰ এই লক্ষ্যত অটল থাকিম আৰু ইয়াৰ হকে কাম কৰি যাম। আৰু এই যিবোৰ সৰ্বোচ্চ সন্মান, আদৰ, স্বীকৃতি মোলৈ যাঁচিছে এই সকলোবোৰ কেৱল ৰাইজৰ আশীৰ্বাদ আৰু তাৰ বাবে মই সকলোৰে ওচৰত সদাকৃতজ্ঞ। এই স্বীকৃতিৰ জৰিয়তে আচলতে হাড়গিলা চৰাইয়ে স্বীকৃতি পাইছে, ন্যায় পাইছে। এইখিনিতে মই এটা কথা মনত পেলাবলৈ বিচাৰিম যে 'Whitley Award' ৰ দিনা বক্তৃতা দিয়াৰ সময়ত মই স্বতঃস্ফূৰ্তভাৱে আৱেগিকভাৱে প্রথম বাক্যশাৰী কৈ পেলাইছিলোঁ, 'Who says my bird can't win a beauty contest, my bird has won the biggest contest today through this Whitley Award'_ অৰ্থাৎ মোৰ মন-মগজুত কেৱল হাড়গিলাৰ প্ৰতি থকা মৰমেহে চলা-ফুৰা কৰি থাকে।

● জ্ঞানমৰ প্ৰশ্ন : অশুভ চৰাই বা ugly bird, য'ত গাঁৱৰ সাধাৰণ মানুহে এই চৰাইবিধে বাহ নল'বলৈ ওখ- ডাঙৰ গছবিলাক কাটি পেলাইছিল ৷ এই ধাৰণাৰ পৰা গাঁওবাসীক মোকলাই আনি আপুনি ৰাইজৰ মাজত 'হাড়গিলা বাইদেউ' নামেৰে পৰিচিত হয়। সহজ-সৰল চহা সমাজক প্ৰভাৱান্বিত কৰিবলৈ আপুনি কি মন্ত্ৰ প্ৰয়োগ কৰিছিল ?

●বৰ্মন বাইদেউ: এই ক্ষেত্ৰত মোৰ মূলমন্ত্ৰ বুলি ক'বলৈ গ'লে মই সকলোকে এটা কথাই কওঁ যে আমি হাড়গিলা চৰাই বা পশু-পক্ষীবোৰক নিজৰ সন্তানৰ দৰে ভাৱিব লাগে। যেনেদৰে আমি নিজৰ সন্তানটোৱে শৌচ-প্ৰস্বাৱ কৰিলে নিজে চাফ-চিকুণ কৰি লওঁ, ঠিক তেনেদৰে পশু-পক্ষীক কিয় ল'ব নোৱাৰো ? পশু-পক্ষীকো আমি নিজৰ সন্তানৰ দৰে ভাৱিব পাৰিলে এইবোৰ সংৰক্ষণ কৰিবলৈ সমৰ্থ হ'ম। তাৰোপৰি গাঁৱৰ ৰীতি-নীতি, ধৰ্মীয় অনুষ্ঠান আদিৰ লগত হাড়গিলা সংৰক্ষণৰ ধাৰণাক জড়িত কৰিছিলোঁ যাৰ জৰিয়তে সমাজৰ মানুহসকলক ওলাই আনিবলৈ সফল হৈছিলোঁ।

● জ্ঞানমৰ প্ৰশ্ন: আপোনাৰ এই বিশেষ যাত্ৰাত নিশ্চয় সুন্দৰ সুন্দৰ অভিজ্ঞতাৰ সন্মুখীন হৈছে আপুনি। তেনে কোনো এক বিশেষ স্মৰণীয় ঘটনাৰ বিষয়ে জানিব পাৰিলে নথৈ আনন্দিত হ'ম ।

●বৰ্মন বাইদেউ: হয়, ভাল কথা এটি সুধিলে। মোৰ এই যাত্ৰাপথত বহু সময়ত বহু ভাল লগা বহু ঘটনাৰ সন্মুখীন হৈছো, যিবোৰ পাহৰিব নোৱাৰি। তেনে এক ঘটনা মই ক'ব বিচাৰিম। তেতিয়া মোৰ যাত্ৰাৰ একেবাৰে আৰম্ভণিৰ সময়। দ'দৰাৰ এখন বিদ্যালয়ত এখন সভাৰ আয়োজন কৰিছিলোঁ, য'ত মাত্ৰ ৩০ গৰাকীমান মহিলাক নিমন্ত্ৰণ জনোৱা হৈছিল। হঠাৎ দেখিলোঁ সভাখনলৈ বহুসংখ্যক মহিলাৰ আগমন হ'ল। প্ৰায় ৬০০ মহিলা আহি উপস্থিত হ'ল। আমি হতঃভম্ব হৈ পৰিলোঁ। মই আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে কিছু ভয়ো খালোঁ। কিয় আহিছে ইমান মহিলা, কিবা জগৰ লগালোঁ নেকি বাৰু ! গোটেই সভাগৃহ নধৰা হৈ পৰিল। প্ৰধান শিক্ষকগৰাকীয়ে ক'লে, “পূৰ্ণিমা, কিবাকৈ সোনকালে তুমি তোমাৰ ক'বলগীয়াখিনি কৈ সভা ভংগ দিয়া”। মইয়ো ভিতৰে ভিতৰে অলপ নাৰ্ভাচ হ'লোঁ ইমান মানুহৰ আগত বক্তৃতা ৰাখিবলৈ। কাৰণ মই এই যাত্ৰাৰ আগত অলপ অন্তৰ্মুখী(introvert) স্বভাৱৰ আছিলোঁ। যা হওঁক, মই বক্তৃতা দিবলৈ আৰম্ভ কৰিলোঁ।নিজৰ অন্তৰৰ পৰা হাড়গিলা প্ৰজাতিটো সংৰক্ষণৰ বাবে যিমান সজাগতামূলক কথা ক'ব পাৰি কৈ গ'লোঁ। শেষত দেখিলোঁ মহিলাসকলে ইমান বেছি ভাল পালে মোৰ কথাবোৰ যে তেওঁলোকে আহি মোক ঘেৰি ধৰিলে যিটো মোৰ কল্পনাৰ বাহিৰত আছিল। মোৰ চকুপানী বৈ আহিছিল। মহিলাসকল মোৰ কথাৰপৰা খুব প্ৰভাৱিত হৈছিল। পিছত গম পালোঁ যে মহিলাসকল মোৰ সভালৈ অহা নাছিল আচলতে।সেই অঞ্চলতে আন এখন বিদ্যালয়ত কোনো ৰাজনৈতিক সভা এখনলৈহে আহিছিল আৰু ভুলঃক্ৰমে মোৰ সভাত উপস্থিত হ'লগৈ। কিন্তু সেইটো সকলোৱে পাছত ভালহে পালে আৰু সেয়াই আৰম্ভণি। সেইদিনাৰ পৰাই মই মহিলাসকলৰ মাজত জনাজাত হৈ পৰিলোঁ আৰু তেওঁলোকে লাহে লাহে মোৰ যাত্ৰাৰ সমভাগী হৈ পৰিল। এই ঘটনাটো মোৰ যাত্ৰাপথৰ এক সৌভাগ্যৰ জখলাৰ দৰে আছিল। এই বিশেষ দিনটো মোৰ মানস পটত সদায় স্মৰণীয়।

● জ্ঞানমৰ প্ৰশ্ন : এগৰাকী অকুণ্ঠ প্ৰকৃতি প্ৰেমী হিচাপে নৱ প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি সচেতন কৰিবলৈ আপুনি কি পন্থা আগবঢ়াব? শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক এইক্ষেত্ৰত আকৰ্ষিত কৰিবলৈ শিক্ষকসকলৰ বাবে কিছু কৌশল আগবঢ়াব নেকি?

●বৰ্মন বাইদেউ: মই প্ৰথমতে শিক্ষকসকললৈকে এটা অনুৰোধ জনাব বিচাৰিম যে ছাত্ৰ-ছাত্ৰীক পৰিৱেশ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হিচাপে পৰিগণিত কৰাবলৈ চেষ্টা কৰে যেন। এই ক্ষেত্ৰত আমি এটা মূলমন্ত্ৰ ল'ব পাৰো যে যেনেদৰে A B C/ অ/আ, ক/খ আমাৰ বাবে অপৰিহাৰ্য ঠিক তেনেদৰে পৰিৱেশ শিক্ষাকো আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে ধাৰণা দিব লাগিব। তাৰোপৰি ছাত্ৰ-ছাত্ৰীক নিজৰ স্থানীয় সম্পদ, জাতীয় সম্পদবোৰৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। তেওঁলোকক ব্যৱহাৰিক স্তৰত জৈৱ-বৈচিত্ৰ্যৰ শিক্ষা প্ৰদান কৰিব লাগে।আটাইতকৈ দৰকাৰী কথাটো হ'ল এই পৰিৱেশ শিক্ষাৰ ভেঁটি ঘৰৰ পৰা, পৰিয়ালৰ পৰাহে গঢ় লয়।গতিকে ঘৰখনৰ পৰাই পৰিৱেশৰ প্ৰতি সজাগ, সম্পদ সংৰক্ষণৰ প্ৰতি সচেতন কৰি তুলিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি এটা অনুৰোধ যে তোমালোকে চৰাই পৰ্যৱেক্ষণ কৰা, তাৰ পিছত সেইবোৰ টোকাবহীত টুকি যোৱা; এটা সময়ত এইয়া তোমালোকৰ বাবে বহু প্ৰয়োজনীয় নথি হ'ব পাৰে। প্ৰতিগৰাকী শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ প্ৰতি মোৰ এটাই আহ্বান সকলোৱে পশু-পক্ষীৰ প্ৰতি মৰমীয়াল হওঁক, সেউজী ধৰণী সৃষ্টিৰ প্ৰতি নিজেও আকৰ্ষিত হওঁক, আনকো আকৰ্ষিত কৰক।

        সদৌশেষত 'জ্ঞানম শৈক্ষিক গোট,কামৰূপ'ৰ ইমান সুন্দৰ এক পদক্ষেপ 'জ্ঞানম' ই-আলোচনীখনলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জ্ঞানমৰ আন বহুতো শৈক্ষিক কাৰ্যসূচীৰ কথা জানিবলৈ পাই ভাল লাগিছে।ইয়াৰ লগত জড়িত প্ৰতিগৰাকী বিষয়বৱীয়াৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ শলাগ লৈছোঁ।আপোনালোকলৈ মোৰ ফালৰপৰা অভিনন্দন জনাইছোঁ।


জ্ঞানম: আপোনালৈ অশেষ ধন্যবাদ জনালোঁ শৈক্ষিক গোট জ্ঞানম, কামৰূপৰ তৰফৰপৰা । আপোনাৰ এই যাত্ৰাত সফলতা সদায় শীৰ্ষত থকাটো কামনা কৰিলোঁ 

*****************************


সাক্ষাৎকাৰ গ্ৰহণ : সংগীতা কাকতি








অলংকৰণ-পূবালী শইকীয়া দাস, সংগীতা কাকতি

Post a Comment

1 Comments