header ads

গণিতৰ যাদু | Math's magic tricks by Girin Das

দুটা অংকবিশিষ্ট যিকোনো সংখ্যাক ১১ ৰে পূৰণ কৰাৰ কৌশলঃ

 

উদাহৰণ ১:

৪৩×১১=৪৭৩

এইক্ষেত্ৰত

প্ৰথমে দুয়োটা সংখ্যাৰ এককৰ স্থানৰ অংকদুটা পূৰণ কৰি পোৱা পূৰণফলটো সোঁফালে বহুৱাই লম ৷

অৰ্থাৎ,৩×১=৩ সোঁফালে বহুৱাম ৷

দ্বিতীয়তে দহকৰ স্থানৰ অংকদুটাৰ পূৰণফলটো  প্ৰথমে পোৱা পূৰণফলটোৰ বাওঁফালে কিছু ঠাই এৰি বহুৱাই লম৷

অৰ্থাৎ ৪×১=৪ ,প্ৰথমে পোৱা 3ৰ বাওঁফালে বহুৱাম কিছু নিলগত৷

তৃতীয়তে ১১ৰে পূৰণ কৰিবলগীয়া সংখ্যাটোৰ অংকদুটাৰ যোগফল প্ৰথমতে আৰু দ্বিতীয়তে পোৱা পূৰণফলৰ মাজত বহুৱাই দিব৷

অৰ্থাৎ ৪+৩=৭, মাজত বহুৱাই আমি পাম ৪৭৩ । 

একেদৰে,

৩৪x১১=৩৭৪

৪৫x১১=৪৯৫


উদাহৰণ ২: ৫৬x১১=৬১৬

প্ৰথমতে আমি পাম ৬x১=৬

দ্বিতীয়তে আমি পাম ৫x১=৫

৫৬ সংখ্যাটোৰ অংকদুটাৰ যোগফল পাম ১১ ৷গতিকে যোগফলটো দুই অংকবিশিষ্ট হোৱা বাবে দহকৰ স্থানৰ অংকটো বাওঁফালে  থকা অংকটোৰ লগত যোগ কৰিব লাগে৷

অৰ্থাৎ যোগফল ১১ ৰ দহকৰ অংক ১ক বাওঁফালে বহুওঁৱা অংকটোৰ লগত যোগ কৰিলে আমি পাম ৬ ৷অৰ্থাৎ ,৫+১=৬

এতেকে ৫৬x১১=৬১৬

একেদৰে,

৭৬x১১=৮৩৬

প্ৰথমতে আমি পাম ৬x১=৬

দ্বিতীয়তে আমি পাম ৭x১=৭ ।

৭৬ ৰ অংকদুটাৰ যোগফল হল ১৩ ৷ গতিকে ১৩ৰ দহকৰ স্থানৰ অংক ১ক বাওঁফালে পোৱা অংকটোৰ লগত যোগ কৰিলে আমি পাম ৮ ,অৰ্থাৎ ৭+১=৮

এতেকে ৭৬x১১=৮৩৬

৮৯x১১=৯৭৯

৯৯x১১=১০৮৯

 

 *******************

গিৰিন দাস

সহঃ শিক্ষক

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষা খণ্ড৷

 


Post a Comment

0 Comments