header ads

সাম্প্ৰতিক সময়ত দেশৰ জনগণে মনত কঢ়িয়াই ফুৰা স্বাধীনতাৰ অনুভৱ

 সাম্প্ৰতিক সময়ত দেশৰ জনগণে মনত কঢ়িয়াই ফুৰা স্বাধীনতাৰ অনুভৱ



         ১৫ আগষ্ট --- ১৯৪৭ চনৰ এই দিনটোতে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰপৰা মুক্ত হৈ এখন স্বাধীন ৰাষ্ট্ৰৰূপে ভাৰতবৰ্ষই নতুন যাত্ৰা আৰম্ভ কৰিছিল ৷ তেতিয়াৰেপৰা প্ৰতি বছৰে ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱসৰূপে পালন কৰি অহা হৈছে ৷ অৱশ্যে ভাৰতৰ এই স্বাধীনতা সহজলভ্য নাছিল ৷ ১৭৫৮ চনৰপৰা ১৯৪৭ চনলৈ সুদীৰ্ঘ প্ৰায় ১৯০ বছৰকাল ব্ৰিটিছৰ দখলত থকা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আঁৰতো আছে বহু ত্যাগ, নিৰ্যাতন আৰু সংগ্ৰামৰ দীঘলীয়া ৰক্তাক্ত ইতিহাস ৷ এক কথাত ক'বলৈ গ'লে, দাসত্বৰপৰা মুক্তিৰ এনে এটা দিন লাভ কৰিবলৈ ভাৰতবৰ্ষৰ জনগণে প্ৰায় এশ বছৰজোৰা সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷


ব্ৰিটিছ শাসক ( প্ৰথম অৱস্থাত 'ইষ্ট ইণ্ডিয়া কোম্পানী' )ৰ বিৰুদ্ধে ভাৰতীয়ৰ প্ৰথম বিদ্ৰোহ আৰম্ভ হৈছিল ১৮৫৭ চনত মীৰাটত । বুৰঞ্জীত সেই ঘটনাক 'চিপাহী বিদ্ৰোহ' নামেৰে জনা যায় । ১৮৫৭ চনত আৰম্ভ হোৱা সেই ব্ৰিটিছ বিৰোধী জন-জাগৰণ খণ্ডিত ৰূপত চলি আহি ইং ১৮৮৫ চনত গঠিত 'ভাৰতীয় জাতীয় কংগ্ৰেছ' নামৰ সংগঠনটোৰ উদ্যোগত দেশৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰে ।
প্ৰথমাৱস্থাত বৃটিছ শাসকৰ ওচৰত ভাৰতীয় জনসাধাৰণৰ বাবে কিছু মৌলিক অধিকাৰ দাবী কৰা হৈছিল ৷ কিন্তু কুৰি শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ৰাজনৈতিক স্বাধীনতাৰ দাবী উত্থাপন হয় ৷ ভাৰতৰ স্বাধীনতা আন্দোলনক আগবঢ়াই নিয়া জাতীয় কংগ্ৰেছৰ প্ৰথমাৱস্থাৰ নেতাসকলৰ ভিতৰত লালা লাজপট ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ভি চিদাম্বৰম আদিৰ নাম উল্লেখযোগ্য ৷ শেষৰফালে মহাত্মা গান্ধীয়ে জাতীয় কংগ্ৰেছ তথা স্বাধীনতা আন্দোলনৰ মুখ্য নেতৃত্ব আৰু নীতি নিৰ্ধাৰকৰ ভূমিকা পালন কৰে ৷ অহিংসা আৰু অসহযোগ আছিল বৃটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ সংগ্রামৰ মূল নীতি ৷ ইয়াৰ বিপৰীতে সুভাষ চন্দ্ৰ বসু, বীৰ ছাভাৰকাৰ, ভগৎ সিং, সূৰ্য সেন আদি উগ্ৰ জাতীয়তাবাদী একাংশই চৰম পন্থাৰে বৃটিছৰপৰা স্বাধীনতা আজুৰি আনিব বিচাৰিছিল ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ, সুব্ৰমণিয়াম ভাৰতী, বংকিমচন্দ্ৰ চট্টোপাধ্যায়, কাজী নজৰুল আদিয়ে নিজ নিজ লেখাৰে জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ জোঁৱাৰ তুলিছিল ৷ সৰোজিনী নাইডু, প্ৰীতিলতা ৱাডেকাৰ, বেগম ৰুকেয়া আদিৰ সাহসী নেতৃত্বত দেশৰ নাৰীসকলেও স্বাধীনতা সংগ্ৰামত চামিল হৈ পৰিছিল ৷ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ জোঁৱাৰে শেষৰফালে সমগ্ৰ ভাৰতবৰ্ষতে সৰ্বাত্মক আৰু তীব্ৰ ৰূপ ধাৰণ কৰিছিল ৷ হাজাৰ হাজাৰ আন্দোলনকাৰীক ব্ৰিটিছে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল ৷ সহস্ৰজনে বৃটিছ বাহিনীৰ বন্দুকৰ গুলীত প্ৰাণ আঁহুতি দিছিল ৷ কিন্তু ভাৰতীয় জনগণৰ মনৰ স্বাধীনতা-স্পৃহা জাগ্ৰত হৈ যি এক মহাশক্তিৰ ৰূপ ধাৰণ কৰিছিল তাৰ ওচৰত সেও মানি ব্ৰিটিছে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণা কৰে ৷ ১৫ আগষ্টৰ দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱ আৰু আনন্দৰ দিন ৷ ৰজাৰপৰা প্ৰজালৈ, বৃহৎ পুঁজিপতিৰপৰা খৰিভাৰীজনলৈ, ধনী মহাজনৰপৰা পদপথৰ ভিক্ষাৰীজনলৈ প্ৰত্যেকৰে মনত এই দিনটোৱে স্বাধীন দেশৰ নাগৰিক হোৱাৰ গৌৰৱ জগাই তোলে ৷ অৱশ্যে এই গৌৰৱৰ কাৰণ সকলোৰে বাবে একে নহয় ৷ 'স্বাধীনতা দিৱস’ত নেতাসকলে হাজাৰ বিজাৰ জনতাৰ সন্মুখত উদাত্ত কন্ঠেৰে দেশৰ শৌৰ্য-বীৰ্যৰ ভাষণ দি গৌৰৱ অনুভৱ কৰে ; জনতাই নেতাৰ ভাষণ শুনি এদিনৰ বাবে হ’লেও নিজকে স্বাধীন দেশৰ নাগৰিক বুলি ভাবি গৌৰৱ অনুভৱ কৰে ৷ কোনোৱে যদি নিজ সামৰ্থ আৰু পাৰদৰ্শিতাৰ বাবে এই দিনটোত বঁটা-বাহনেৰে সন্মানিত আৰু পুৰস্কৃত হৈ গৌৰৱান্বিত হয়; আন কোনোৱে হয়তো ৰাজ অনুগ্ৰহত এসাজ পেট পূৰাই খাই ভোকৰ যন্ত্ৰণাৰপৰা এদিনৰ বাবে হ’লেও সকাহ পোৱাৰ গৌৰৱ কৰে ৷ তথাপি ১৫ আগষ্ট অৰ্থাৎ 'স্বাধীনতা দিৱস’ৰ দিনটো ভাৰতবাসীৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ ৷ দৰাচলতে , দেশত যদি সুশাসন চলে; সৰ্বসাধাৰণ জনগনৰ ওপৰত যদি শোষণ , নিষ্পেষণ, ভয়-ভাবুকি আদি নচলে সেই দেশৰ নাগৰিকে স্বাধীনতা দিৱসৰ প্ৰকৃত স্বৰূপ আৰু তাৎপৰ্য অনুভৱ কৰিব পাৰে ৷ কিন্তু যদিহে জনতাই শাসকৰ পৰা কাংক্ষিত শাসন নাপায় , তেনেক্ষেত্ৰত স্বাধীনতা দিৱস জনগণৰ বাবে মাথো পঞ্জিকাৰ বন্ধদিন এটাত পৰিণত হয় ৷ শাসক বিদেশীয়েই হওঁক বা স্বদেশীয়েই হওঁক দেশৰ শাসন ব্যৱস্থা যদি জনসাধাৰণৰ বাবে চিন্তা, উদ্বেগ, হতাশা, ভয় বা আতংকৰ কাৰণ হয় তেনে স্বাধীনতা দিৱসৰ কোনো মূল্য নাথাকে ৷ বৃটিছ শাসনৰ পূৰ্বে অসমখন ৰাজনৈতিকভাৱে ভাৰতৰ অংগৰাজ্য নাছিল ৷ কিন্তু বৃটিছ শাসনে একেলগ কৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে স্বাধীনতা আন্দোলনে অসম ভাৰতৰ যোগসূত্ৰ নিকপকপীয়া কৰিলে আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ আনবোৰ প্ৰদেশৰ লগতে অসমো স্বাধীন হ’ল ৷ স্বাধীনতাৰ পৰৱৰ্তী সময়ত অতি কমদিনৰ ভিতৰতে স্বাধীন অসম ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্য ৰূপে কেন্দ্রীয় ৰাজনৈতিক শাসনৰ অধীনলৈ গ’ল ৷ গতিকে ১৫ আগষ্টৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দেশৰ 'স্বাধীনতা দিৱস’ চৰকাৰী উদ্যোগত উলহ-মালহেৰে পালন কৰা হয় ৷ কিন্তু অসমৰ জনসাধাৰণৰ বাবে দেশৰ স্বাধীনতা দিৱসৰ উল্লাস-আনন্দ বিগত বহু বছৰৰপৰাই পৰিস্থিতিসাপেক্ষ হৈ পৰিছে ৷ ইয়াৰ কিছু তাৎপৰ্যপূৰ্ণ কাৰণো নথকা নহয় ৷

বিগত সময়ৰ ইতিহাস মেলি চালে দেখা যায় যে ১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে যদিও বৃহৎ দেশখন দুভাগ হৈ ভাৰত আৰু পাকিস্তান নামেৰে দুখন ৰাষ্ট্ৰৰ সৃষ্টি হ’ল ৷ দেশ বিভাজনৰ সময়ৰেপৰা দুয়োখন প্ৰতিৱেশী ৰাষ্ট্ৰৰ মাজত গঢ় লৈ উঠা শত্ৰুতা, আক্ৰমণ-প্ৰত্যাক্ৰমণ, অনুপ্ৰৱেশ, সন্ত্ৰাসবাদীৰ কাৰ্য -কলাপ, এখন পৰোক্ষ আৰু দুখন প্ৰত্যক্ষ যুদ্ধ আদিৰে ভাৰাক্ৰান্ত আৰু ৰক্তৰঞ্জিত সময় পাৰ কৰিবলগা হোৱা জনগনৰ বাবে সময়ে সময়ে স্বাধীনতা দিৱসৰ উল্লাসো ম্লান হৈ পৰিছে ৷ তদুপৰি দেশৰ ভিতৰতে বিভিন্ন অঞ্চলত গা কৰি উঠা বিচ্ছিন্নতাবাদ, উগ্ৰবাদ আদি কাৰকেও সময়ে সময়ে জনগনৰ মনত স্বাধীনতা দিৱসৰ উৎসাহ-উদ্দীপনা স্তিমিত কৰি ৰাখিছে ৷ কিয়নো বিদেশী বা দেশী শত্ৰুতা , আক্ৰমণ , আতংক আদিবোৰ বেছিকৈ সংঘটিত হৈ আহিছে মূলতঃ স্বাধীনতা দিৱসৰ সময়ত ৷ ফলত , চৰকাৰীভাৱে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পালন কৰিবলগীয়া হোৱা স্বাধীনতা দিৱসৰ সময়খিনিত আনন্দতকৈ আশংকা আৰু আতংকইহে জনগনক প্ৰভাৱিত কৰি আহিছে ৷

এইবেলি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হৈছে ৷ অসমৰ প্ৰেক্ষাপটত ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে, বিগত ৭৫ টা বছৰৰ ভিতৰত আধাতকৈ বেছিদিন সময় অসমৰ জনগনে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আন্দোলন , প্ৰতিবাদ , সংগ্ৰামৰ মাজেৰেই পাৰ কৰি আহিছে ৷ প্ৰথমে চলিল ১৯৬০ চনৰ ভাষা আন্দোলন ; ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ চলিল বিদেশী বহিষ্কাৰ আন্দোলন ; ১৯৭৯ চনতে গঠন হৈ স্বাধীন অসমৰ দাবীত বিভিন্ন সশস্ত্ৰ কাৰ্যকলাপেৰে বৰ্তমানলৈ অসমৰ জাতীয় জীৱন প্ৰভাৱিত কৰি ৰখা আলফা সমস্যা আদিৰ কাৰণে অসমৰ জনগনে বিগত দিনৰ বেছিখিনি সময়তে স্বাধীনতা দিৱসৰ প্ৰকৃত তাৎপৰ্য আৰু উল্লাস অনুভৱ কৰিব পৰা নাই ৷ কোনো কোনো সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অসম তথা অসমীয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰা হঠকাৰী নীতি , গা এৰা মনোভাৱ , জাতীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্তৰ প্ৰতিবাদকল্পে অসমৰ জনগনে ভাৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰতিও আকৰ্ষণ হেৰুৱাইছে ৷ আন কোনো সময়ত হয়তো সশস্ত্ৰ বিচ্ছিন্নতাবাদী গোট কিছুমানৰ হকা-বাধাৰ বাবেও সৰ্বসাধাৰণ জনতাই স্বাধীনতা দিৱস উদ্‌যাপনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷ বিশেষকৈ বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগঠনবোৰে ভাৰতৰ স্বাধীনতা দিৱস সুদীৰ্ঘ কালৰপৰা বৰ্জন কৰি অহাৰ ফলত তেনে সংগঠনৰ প্ৰভাৱ থকা অঞ্চলবোৰৰ জনগনে শংকা- ভয়- আতংকগ্ৰস্ত হৈ স্বাধীনতা দিৱস পালনৰপৰা নিজকে আঁতৰাই ৰাখিবলৈ বাধ্য হৈছে ৷ সৰ্বোপৰি দেশত সু-শাসনৰ অভাৱ , ৰাজনৈতিক নেতাসকলৰ উপযুক্ত নীতি-নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত দক্ষতাৰ অভাৱ , দুৰ্নীতি-ভ্ৰষ্টাচাৰ , স্বজন-তোষণ আদিৰ ফলত জনগণ চৰকাৰী ব্যৱস্থাটোৰ প্ৰতিয়ে বীতশ্ৰদ্ধ হৈ পৰা পৰিলক্ষিত হয় ৷ তেনে পৰিস্থিতিত যেতিয়া বিভিন্ন অভিযোগত অভিযুক্ত দাগী-অপৰাধী , জেইল-ফেৰৎ কয়দী , লুণ্ঠনকাৰী ৰাজনৈতিক নেতাসকলেই উলহ-মালহেৰে উৎসৱ পাতি দেশৰ স্বাধীনতা দিৱস পালন কৰে তেতিয়া সেই উৎসৱ মেলাৰ প্ৰতি জনগনৰ আস্থা কমি আহে ৷ এনে কিছু কাৰণতে ভাৰতবৰ্ষক লৈ মহাত্মা গান্ধীয়ে দেখা ৰামৰাজ্যৰ সপোন স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিও বহু দূৰত ৷ অৱশ্যে দেশ আৰু জনতাক ভালপোৱা এচাম দক্ষ নেতাৰ অহোপুৰুষাৰ্থৰ যোগেদি বিভিন্ন সময়ত শাসকীয় চৰকাৰবোৰে গ্ৰহণ কৰি অহা পৰিকল্পনা আৰু তাৰ কাৰ্যকৰীকৰণৰ ফলত ৰাজ্যখনৰ বহুখিনি উন্নতিও সাধন হৈছে ৷ কিন্তু সমান্তৰালভাৱে আন এচাম ধুৰন্ধৰ , ক্ষমতালোভী , দুৰ্নীতিপৰায়ণ , সুবিধাবাদী ৰাজনীতিকৰ বাবেই দেশ তথা ৰাজ্যই আজিও বাঞ্ছিত লক্ষ্যত উপনীত হ’ব পৰা নাই ৷ তাৰেই প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ পৰি আহিছে দেশৰ সৰ্বসাধাৰণ জনগনৰ ওপৰত ৷ সৰ্বতোপ্ৰকাৰে শোষিত , নিষ্পেষিত এইসকল নাগৰিকৰ জীৱনত দেশৰ স্বাধীনতা বা পৰাধীনতাৰ কোনো মৌলিক পাৰ্থক্যৰ অনুভৱ নহয় ৷ পেটৰ ক্ষুধা নিবাৰণৰ বাবে আজীৱন সংগ্ৰাম কৰিবলগীয়া হোৱা এনেচাম জনতাই এমুঠি আহাৰ , এডোখৰ বস্ত্ৰ অথবা ৰ’দে-বৰষুণে মূৰ গুজিবলৈ এখন চালিৰ বাবেও লোকৰ ওচৰত হাত পাতিব লাগে ৷ তেওঁলোকৰ ওচৰত দেশৰ স্বাধীনতা দিৱসৰ অৰ্থই বা কি!!
শেষত কওঁ-----
স্বাধীনতা এটা মাথোঁ শব্দ নহয়
নহয় কাগজত লিখি দিয়া
অথবা কোনো নেতাই
ৰঙ্গমঞ্চত কৰা উদাত্ত ঘোষণা ৷

মানুহৰ মন-প্ৰাণত স্বতঃস্ফূৰ্তভাৱে
অনুভৱ হয় স্বাধীনতা
চৌপাশৰ মুক্ত পৰিৱেশে
দিয়ে তাৰ মাদকতা
ভাষিক-সাংস্কৃতিক আৰ্থিক স্বতন্ত্ৰতাত
বাজে স্বাধীনতাৰ ছন্দ
চিন্তাৰ মুক্ততাই দিয়ে
উদ্‌যাপনৰ আনন্দ ৷
'স্বাধীনতা দিৱস’ সকলোৰে বাবে এনে এক মুকলি উদ্‌যাপনৰ উৎসৱ হওঁক ৷


ড° তাৰিণী কান্ত হালৈ,
মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ
উত্তৰ গুৱাহাটী মহাবিদ্যালয়
কামৰূপ
অলংকৰণ:--

Post a Comment

0 Comments