header ads

মাতৃদুগ্ধ সবিশেষ

 -মাতৃদুগ্ধ সবিশেষ-


নৱজাতক শিশুৰ বাবে প্ৰাথমিক পুষ্টিৰ একমাত্ৰ উৎস হৈছে মাতৃদুগ্ধ । মাতৃদুগ্ধ প্ৰʼটিন,ভিটামিন,ফেট,শৰ্কৰা,খনিজ পদাৰ্থ আদি উপাদানসমূহৰ সঠিক সংমিশ্ৰণ । মাতৃদুগ্ধত থকা এই উপাদানসমূহে নৱজাতক শিশুক সঠিকভাৱে শাৰীৰিক তথা মানসিক বিকাশ আৰু বৃদ্ধিত সহায় কৰে । মাতৃদুগ্ধই নৱজাতক শিশুটিক প্ৰয়োজনীয় সকলো পুষ্টি প্ৰদান কৰে । মাতৃদুগ্ধত থকা এণ্টিব’ডিয়ে নৱজাতক শিশুটিক ভাইৰাছ আৰু বেক্টেৰিয়াৰ সৈতে যুঁজাৰ শক্তি প্ৰদান কৰে ।


নৱজাতক শিশুটি জন্ম হোৱাৰ লগে লগে প্ৰথম মাতৃদুগ্ধখিনি হৈছে ' কল'ষ্ট্ৰম ’। কল'ষ্ট্ৰম ডাঠ আৰু ঈষৎ হালধীয়া ৰঙৰ হয় । মাতৃদুগ্ধত উপলব্ধ কল'ষ্ট্ৰমক 'পনীয়া সোণ ’ বুলিও কোৱা হয়। কল'ষ্ট্ৰমক প্ৰাকৃতিক টীকাকৰণ বুলিও কোৱা হয় , কাৰণ কল'ষ্ট্ৰমত বহুত বেছি শ্বেতৰক্ত কণিকা আৰু এণ্টিবডি থাকে যিয়ে নৱজাতক শিশুটিৰ ৰোগপ্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । কল'ষ্ট্ৰম অতি সহজে হজম হয় আৰু ই নৱজাতক শিশুটিৰ পাচনক্ৰিয়া সবল কৰে। সেয়েহে শিশুটি জন্ম হোৱাৰ লগে লগে মাতৃদুগ্ধ পান কৰাব লাগে আৰু ছয়মাহলৈ মাকৰ গাখীৰৰ বাহিৰে একো খুৱাব নালাগে , আনকি পানীও খুৱাব নালাগে । শিশুটিক ছয়মাহৰ পিছত গোটা আহাৰ খুওৱাৰ লগতে মাকৰ গাখীৰো খুৱাই থাকিব লাগে ।

World Health Organization (WHO),United Nations International Children's Emergency Fund (UNICEF), আৰু World Alliance for Breastfeeding Action(WABA)য়ে পৰামৰ্শ প্ৰদান কৰিছে যে নৱজাতক শিশুটিক জন্মৰ এঘণ্টাৰ ভিতৰত মাকৰ গাখীৰ খুৱাব লাগে আৰু শিশুটিৰ ছমাহ বয়সলৈ কেৱল মাত্ৰ মাকৰ গাখীৰহে খুৱাব লাগে। ছয়মাহৰ পিছত গোটা আহাৰ খুওৱাৰ লগতে মাকৰ গাখীৰো খুৱাই থাকিব লাগে । লগতে দুবছৰ বা ততোধিক বেছি বয়সলৈ মাকৰ গাখীৰ খুওৱাটোতো গুৰুত্ব আৰোপ কৰিছে ।

মাতৃদুগ্ধৰ উপকাৰিতা----------

মাতৃদুগ্ধ নৱজাতক শিশুৰ বাবে এক ৰক্ষাকৱচস্বৰূপ । জন্মৰ পিছৰ পৰা ছমাহ বয়সলৈ কেৱল মাতৃদুগ্ধপান কৰা নৱজাতক শিশুটিয়ে জীৱনব্যাপি ইয়াৰ সুফল পায় । শিশুটিক যিমানখিনি খাদ্য বা পুষ্টি আৰু উত্তাপৰ প্ৰয়োজন , মাতৃদুগ্ধত সিমান পৰিমাণৰে পুষ্টি আৰু উত্তাপ থাকে । মাতৃদুগ্ধ পান কৰা শিশু এটি বিভিন্ন ৰোগৰপৰা হাত সাৰি থাকে । লগতে এলাৰ্জি,ডায়েৰিয়া, ভাইৰেল জ্বৰ,কোষ্ঠকাঠিন্য আদি ৰোগৰপৰাও ৰক্ষা পৰে। শিশুৰ মৃত্যুৰ হাৰ কমায়, মাকৰ গাখীৰত থকা উপাদানে শিশুৰ শৰীৰৰ হাড়ৰ গঠন আৰু বৃদ্ধিত সহায় কৰে; লগতে মগজুৰ বিকাশতো সহায়ক হয় ।মাতৃদুগ্ধপান কৰা শিশুৰ ক্ষেত্ৰত মেদবহুলতাৰ সমস্যাই দেখা নিদিয়ে । শিশুৰ কাণৰ ৰোগ,শ্বাস-প্ৰশ্বাসজনিত ৰোগ,দাঁত ক্ষয় যোৱা আদি মাতৃদুগ্ধপান কৰা শিশুৰ কম পৰিমাণে হোৱা দেখা যায় । মাতৃদুগ্ধ ১০০% নিৰাপদ আৰু ই নৱজাতক শিশুটিক নিৰাপত্তা প্ৰদান কৰে । শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক বিকাশত মাতৃদুগ্ধই সহায় কৰে । আনহাতে মাতৃদুগ্ধপান কৰা শিশুৰ ক্ষেত্ৰত Sudden Infant Death Syndrome (SIDS) ৰ হাৰ কম । নৱজাতক শিশুটিৰ সঠিক ওজন বৃদ্ধিতো সহায় কৰে মাতৃদুগ্ধই । মাকগৰাকীয়ে শিশুটিক কোলাত লৈ দুগ্ধপান কৰোৱাৰ সময়ৰ স্পৰ্শই মাক আৰু শিশুটিৰ মাজত এক আৱেগিক সম্পৰ্ক স্থাপন কৰাৰ লগতে মাক আৰু সন্তানৰ মাজৰ সম্পৰ্কও সুদৃঢ় কৰে।

মাতৃদুগ্ধ পান কৰোৱাৰ ফলত মাতৃগৰাকীয়ে লাভ কৰা সুফল----------

মাতৃদুগ্ধ পান কৰা নৱজাতক শিশুৰ লগতে মাকগৰাকীয়েও কিছু সুফল লাভ কৰে ।মাতৃদুগ্ধপান কৰোৱা মাকগৰাকীৰ শৰীৰৰ অৱস্থা গৰ্ভাৱস্থাৰ আগৰ অৱস্থালৈ অতি সোনকালে ঘূৰি আহে । প্ৰসৱৰ পিছত হোৱা ৰক্তক্ষৰণৰ মাত্ৰাও বহুত পৰিমাণে কমি যায় । মাতৃৰ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনা কম হয় । দুগ্ধপান কৰোৱা সময়ছোৱাত মাকগৰাকীৰ গৰ্ভধাৰণৰ সম্ভাৱনা কম হয় । মাতৃগৰাকীৰ ক্ষেত্ৰত মেদবহুলতাৰ সমস্যাও দেখা নাযায় । মাতৃদুগ্ধ পান কৰাৰ সময়ছোৱাত মাকৰ দেহত যি হৰ'ম’ন উৎপাদন হয় ,সেই হৰ'ম’নে মাকগৰাকীৰ মানসিক চাপ হ্ৰাস কৰাৰ লগতে মনলৈ প্ৰশান্তি আনে।

কৃত্ৰিম দুগ্ধৰ প্ৰয়োজনীয়তা----------

মাতৃদুগ্ধ অমৃতৰ সমান । ইয়াৰ কোনো বিকল্প নাই । কিন্তু কিছুমান বিশেষ পৰিস্থিতিত আৰু মাকগৰাকীৰ কিছুমান ৰোগৰ কাৰণে নৱজাতক শিশুটিক দুগ্ধপান কৰোৱাৰ পৰা কেতিয়াবা বিৰত থাকিবলগীয়া হয় ।

• বিশেষকৈ HIV পজিটিভ মাতৃয়ে শিশুটিক দুগ্ধপান কৰাব নালাগে , কাৰণ মাকৰ গাখীৰৰপৰা এই ৰোগ সন্তানলৈও বিয়পিব পাৰে ।
• স্তনৰ অস্ত্ৰোপচাৰ কৰা মাতৃয়ে নৱজাতক শিশুক দুগ্ধপান কৰাব নালাগে ।
• কৰ্কট ৰোগৰ বাবে কেম'থেৰাপি লৈ থাকিলে আৰু কিছুমান সংক্ৰামক ৰোগ থকা মাতৃয়ে দুগ্ধপান কৰাব নোৱাৰে বা নালাগে‌ ।
• ড্ৰাগছ আসক্ত মাতৃয়ে শিশুক দুগ্ধপান কৰাব নালাগে।
এনেকুৱা কিছুমান বিশেষ কাৰণত নৱজাতক শিশুটি মাতৃৰ দুগ্ধপানৰপৰা বঞ্চিত হ’বলগীয়া হয়।তেতিয়াই নৱজাতক শিশুটিক কৃত্ৰিম দুগ্ধপান কৰোৱাৰ প্ৰয়োজনীয়তা আহি পৰে ।
কৃত্ৰিম দুগ্ধৰ কিছু সুবিধাও নোহোৱা নহয়।

• মাতৃদুগ্ধত নথকা ভিটামিন ডি , কৃত্ৰিম দুগ্ধত পোৱা যায়।
• ৰাজহুৱা স্থানত দুগ্ধপান কৰাবলৈ অসহজ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয় কৃত্ৰিম দুগ্ধপানত ।
• মাকগৰাকীৰ স্বাস্থ্যতো কোনো প্ৰভাৱ নপৰে আৰু বাহিৰত কৰ্মৰত মাকসকলৰ বাবেও ই সুবিধাজনক।
কিন্তু কিছুমান মাতৃয়ে নিজৰ শাৰীৰিক সৌন্দৰ্য লাঘব হোৱাৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈও দুগ্ধপান নকৰায় ; যিটো মাক-কেঁচুৱা দুয়োজনৰ বাবেই ক্ষতিকাৰক।

কৃত্ৰিম দুগ্ধপানৰ অপকাৰিতা-----------

কৃত্ৰিম দুগ্ধপানৰ উপকাৰিতাতকৈ অপকাৰিতা বহুত বেছি ।
• মাতৃদুগ্ধপান কৰা নৱজাতক শিশুৰ তুলনাত কৃত্ৰিম দুগ্ধপান কৰা নৱজাতক শিশুৰ হাওঁফাওঁৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক ।
• এনে শিশুৰ কাণৰ বেমাৰ,এলাৰ্জি,এজমা,হৃদৰোগ,মেদ-বহুলতা , ডায়েৰিয়া আদি ৰোগ হোৱাৰ সম্ভাৱনাও থাকে ।
• কৃত্ৰিম দুগ্ধপান কৰা নৱজাতক শিশুৰ মগজুৰ বিকাশৰ গতি কিছু মন্থৰ হয় ।
• কৃত্ৰিম দুগ্ধত শিশুৰ বাবে প্ৰয়োজনীয় উপদানসমূহ প্ৰাকৃতিকভাৱে নোপোৱাৰ বাবে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হয়।
• কৃত্ৰিম দুগ্ধপান কৰা শিশু পুষ্টিহীনতাত ভোগা দেখা যায় ।
• কৃত্ৰিম দুগ্ধপানৰ কৰা নৱজাতক শিশু গেছ,কোষ্ঠকাঠিন্য আদি সমস্যাত ভোগে ।


IMS Act ১৯৯২ ----------

Infant Milk Substitute Feeding Bottles and Infant Food (IMS) --এই আইনখন ইং১৯৯২ চনত গ্ৰহণ কৰা হয় । এই আইনমতে নৱজাতক শিশুৰ খাদ্য প্ৰস্তুত কৰা কোনো প্ৰতিষ্ঠানে মাতৃদুগ্ধৰ লগত তুলনা কৰি বা মাতৃদুগ্ধৰ বিকল্প হিচাপে কোনো শিশু খাদ্যৰ বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব । কৃত্ৰিমদুগ্ধ বা শিশুৰ খাদ্যৰ পেকেটত ইংৰাজী আৰু স্থানীয় ভাষাত ডাঙৰকৈ লিখা থাকিব লাগিব ' Breast Feeding is the Best for Your Baby ’। লগতে এই আইনখনৰ মূল উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীৰ গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাক মাতৃদুগ্ধপানৰ বিষয়ে শিক্ষা প্ৰদান আৰু সজাগ কৰা । এই আইন ভংগকাৰী সকলে জৰিমণা ভৰিবলগীয়া হোৱাৰ লগতে ছমাহৰ পৰা তিনিবছৰলৈ কাৰাবাসো খাটিবলগীয়া হ’ব পাৰে ।


মাতৃদুগ্ধপান বিষয়ক কিছুমান তথ্য----------

ইং ২০১৫ পৰা ইং ২০২০ চনৰ ভিতৰত জন্মৰ পৰা ছমাহ বয়সলৈ সমগ্ৰ বিশ্বত মাত্ৰ ৪৪ শতাংশ নৱজাতক শিশুৱেহে মাতৃদুগ্ধপান কৰিছে ।

৪৫ শতাংশ নৱজাতক শিশুৱে পুষ্টিহীনতাত মৃত্যুবৰণ কৰিছে ।

মাত্ৰ ৪৪ শতাংশ নৱজাতক শিশুৱেহে জন্মৰ এঘণ্টাৰ ভিতৰত মাতৃদুগ্ধপান কৰে ।

সমীক্ষামতে চুইডেনৰ প্ৰায় ৯৮ শতাংশ মহিলাই নৱজাতক শিশুক মাতৃদুগ্ধপান কৰায়।

গ্ৰামাঞ্চলত মাতৃদুগ্ধপান কৰোৱা মাকৰ সংখ্যা নগৰ অঞ্চলতকৈ বেছি ।

৭৫ শতাংশতকৈ বেছি মহিলাৰ সোঁফালৰ স্তনত বেছি গাখীৰ উৎপাদন হয় ।

মাকৰ গাখীৰৰ ৰং কেৱল বগাই নহয় । ঈষৎ হালধীয়া,সেউজীয়া,নীলা,গুলপীয়া বা সাধাৰণ ৰঙা ৰঙৰো হয় । মাকগৰাকীৰ খোৱা খাদ্যৰ বাবে গাখীৰৰ ৰঙৰ তাৰতম্য হয় ।

বিশ্ব মাতৃদুগ্ধপান সপ্তাহ--------

ইং১৯৯২ চনৰপৰা প্ৰত্যেক বছৰে আগষ্ট মাহৰ ১ৰ পৰা ৭ তাৰিখলৈ ' বিশ্ব মাতৃদুগ্ধপান সপ্তাহ ’ উদ্‌যাপন কৰা হয় । পোনপ্ৰথমে World Alliance for Breastfeeding Action (WABA) নামৰ সংস্থাটোৱে এই ' বিশ্ব মাতৃদুগ্ধপান সপ্তাহ ’ উদ্‌যাপন কৰিছিল । পিছলৈ সংস্থাটোৰ লগত World Health Organization (WHO)আৰু United Nations International Children's Emergency Fund (UNICEF)য়েও সহযোগ কৰে । বৰ্তমান ভাৰতকে ধৰি ১২০ খন দেশে এই ' বিশ্ব মাতৃদুগ্ধপান সপ্তাহ ’ উদ্‌যাপন কৰে । ইয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে মাতৃদুগ্ধপানৰ সংস্কৃতি পুনৰ প্ৰতিষ্ঠা কৰাৰ লগতে তাৰবাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা । প্ৰত্যেক বছৰে এটা বিষয়বস্তু বাছি লোৱা হয় আৰু দুগ্ধপানৰ সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্যসূচী হাতত লোৱা হয় । এই কাৰ্য্যসূচীসমূহত চৰকাৰী-বেচৰকাৰী, স্বেচ্ছাসেৱী সংগঠন আদি সকলোৱে আগভাগ লৈ সমাজৰ সকলো মহিলাক মাতৃদুগ্ধপানৰ সুফলসমূহৰ বিষয়ে অৱগত কৰায়। ' বিশ্ব মাতৃদুগ্ধপান সপ্তাহ’ৰ এইবাৰৰ বিষয়বস্তু হৈছে 'Protect Breastfeeding : A Shared Responsibility'


পূৰৱী তালুকদাৰ
সহকাৰী শিক্ষয়িত্ৰী
বাখালাপাৰা বাটাবাৰী মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড: ৰাণী 


Attachments area

Post a Comment

0 Comments